ইৰাণৰ সৈতে যুদ্ধৰ অৱসান : ঐতিহাসিক বুজাবুজিৰ চুক্তিত ড’নাল্ড ট্ৰাম্পৰ স্বাক্ষৰ

ইৰাণৰ সৈতে যুদ্ধৰ অৱসান : ঐতিহাসিক বুজাবুজিৰ চুক্তিত ড’নাল্ড ট্ৰাম্পৰ স্বাক্ষৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইৰাণ চৰকাৰৰ মাজত এক গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে । কি কি আছে এই চুক্তি পত্ৰত ? আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত চলি থকা দীৰ্ঘদিনীয়া সামৰিক উত্তেজনা আৰু যুদ্ধৰ অৱসান ঘটোৱাৰ লক্ষ্যৰে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰা হৈছে । আমেৰিকাৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইৰাণ চৰকাৰৰ মাজত এক গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে । কি কি আছে এই চুক্তি পত্ৰত ?

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত চলি থকা দীৰ্ঘদিনীয়া সামৰিক উত্তেজনা আৰু যুদ্ধৰ অৱসান ঘটোৱাৰ লক্ষ্যৰে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰা হৈছে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইৰাণ চৰকাৰৰ মাজত এক গুৰুত্বপূৰ্ণ “বুজাবুজিৰ চুক্তিপত্ৰ” স্বাক্ষৰিত হৈছে । বুধবাৰে নিশা হোৱাইট হাউছে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে । ইফালে, ইৰাণৰ বৈদেশিক মন্ত্ৰীয়েও তেওঁলোকৰ পক্ষই এই নথিপত্ৰত স্বাক্ষৰ কৰাৰ কথা নিশ্চিত কৰিছে ।

বৰ্তমান জি-৭ সন্মিলনৰ বাবে ফ্ৰান্সত থকা ৰাষ্ট্ৰপতি ট্ৰাম্পে তাৰ পৰাই দূৰৱৰ্তীভাৱে এই চুক্তিত স্বাক্ষৰ প্ৰদান কৰে । অৱশ্যে, অহা শুকুৰবাৰে চুইজাৰলেণ্ডত পূৰ্বৰে পৰা পৰিকল্পিত হৈ থকা মূল স্বাক্ষৰ গ্ৰহণ অনুষ্ঠানটো অনুষ্ঠিত হ’ব নে নাই, সেইয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই ।

চুক্তিৰ ১৪ টা মূল দফাত কি কি আছে ?

দুয়োখন দেশৰ মাজত সন্মতি প্ৰকাশ পোৱা এই ঐতিহাসিক বুজাবুজি চুক্তিৰ ১৪ টা মূল বিষয়সমূহ হ’ল :

সামৰিক অভিযানৰ সমাপ্তি : লেবাননকে ধৰি সকলো মৰ্চাতে সামৰিক অভিযান তাৎক্ষণিক আৰু স্থায়ীভাৱে বন্ধ কৰা হ’ব । উল্লেখ্য যে ইৰাণ সমৰ্থিত হিজবুল্লাহৰ বিৰুদ্ধে ইজৰায়েলে বৰ্তমান লেবাননত আক্ৰমণ অব্যাহত ৰাখিছে ।

সাৰ্বভৌমত্বৰ প্ৰতি সন্মান : আমেৰিকা আৰু ইৰাণে ইজনে সিজনৰ সাৰ্বভৌমত্ব তথা আঞ্চলিক অখণ্ডতাক সন্মান জনাব আৰু আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকিব ।

চূড়ান্ত চুক্তিৰ সময়সীমা : দুয়োখন দেশে পাৰস্পৰিক সন্মতিৰ ভিত্তিত সৰ্বাধিক ৬০ দিনৰ ভিতৰত চূড়ান্ত চুক্তিৰ বাবে আলোচনা মৰ্মে এক সমাধানত উপনীত হ’বলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে ।

নৌসেনাৰ অৱৰোধ প্ৰত্যাহাৰ : চুক্তি স্বাক্ষৰৰ ৩০ দিনৰ ভিতৰত আমেৰিকাই হৰমুজ প্ৰণালীৰ পৰা নিজৰ নৌসেনাৰ অৱৰোধ সম্পূৰ্ণৰূপে আঁতৰাব। লগতে চূড়ান্ত চুক্তিৰ ৩০ দিনৰ ভিতৰত ইৰাণৰ ওচৰ-পাজৰৰ পৰা আমেৰিকান সৈন্য প্ৰত্যাহাৰ কৰা হ’ব আৰু অঞ্চলটোত সামৰিক স্থিতি যুদ্ধৰ পূৰ্বৰ অৱস্থালৈ ঘূৰাই অনা হ’ব।

মুক্ত জাহাজ চলাচল : ইৰাণে হৰমুজ প্ৰণালীৰ মাজেৰে কোনো ধৰণৰ মাচুল নোলোৱাকৈ জাহাজসমূহৰ সুৰক্ষিত যাতায়ত নিশ্চিত কৰিব । ইয়াৰ বাবে সাগৰীয় মাইনসমূহ আঁতৰোৱা হ’ব ।

পুনৰ্নিৰ্মাণৰ বাবে অৰ্থনৈতিক আঁচনি : ইৰাণৰ পুনৰ্নিৰ্মাণ আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে অন্ততঃ ৩০০ বিলিয়ন ডলাৰৰ এক আঁচনি প্ৰস্তুত কৰা হ’ব, যদিও ইয়াত কোনো আমেৰিকান ধন পোনপটীয়াভাৱে ব্যৱহাৰ কৰা নহয় ।

নিষেধাজ্ঞা প্ৰত্যাহাৰ : চূড়ান্ত চুক্তি সম্পন্ন হ’লে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱকে ধৰি ইৰাণৰ ওপৰত থকা সকলো নিষেধাজ্ঞা আমেৰিকাই প্ৰত্যাহাৰ কৰিব ।

পাৰমাণৱিক অস্ত্ৰ বৰ্জন : ইৰাণে পাৰমাণৱিক অস্ত্ৰ বিকশিত নকৰাৰ কথা পুনৰ দোহাৰিছে । লগতে আন্তঃৰাষ্ট্ৰীয় পৰমাণু শক্তি সংস্থা-ৰ তত্ত্বাৱধানত নিজৰ সমৃদ্ধ ইউৰেনিয়ামৰ মজুত ভাণ্ডাৰ ধ্বংস কৰিবলৈ সন্মত হৈছে । আমেৰিকাই ইয়াক এক “অতি বৃহৎ বিজয়” বুলি অভিহিত কৰিছে ।

স্থিতি বাহাল : চূড়ান্ত চুক্তি নোহোৱালৈকে দুয়োখন দেশে নিজ নিজ স্থিতি বাহাল ৰাখিব আৰু আমেৰিকাই অঞ্চলটোত নতুন সামৰিক সম্পদ মোতায়েন নকৰে ।

তেল ৰপ্তানিত ৰেহাই : ইৰাণৰ খাৰুৱা তেল, পেট্ৰ’লিয়ামজাত সামগ্ৰী ৰপ্তানি আৰু ইয়াৰ সৈতে জড়িত বেংকিং লেনদেন, বীমা তথা পৰিবহণ সেৱাৰ ওপৰত আমেৰিকাই ৰেহাই জাৰী কৰিব ।

স্থগিত ধন মুকলি : এই MOU সফলতাৰে ৰূপায়ণ হোৱাৰ পিছত আমেৰিকাত থকা ইৰাণৰ কিছু স্থাৱৰ-অস্থাৱৰ সম্পত্তি আৰু ধন মুকলি কৰি দিয়া হ’ব ।

নিৰীক্ষণ ব্যৱস্থা : চুক্তিৰ সফল ৰূপায়ণ আৰু ভৱিষ্যতৰ নিয়ম পালন নিৰীক্ষণ কৰিবলৈ দুয়োখন দেশে এটা যুটীয়া ব্যৱস্থা প্ৰতিষ্ঠা কৰিব ।

চূড়ান্ত আলোচনা : MOU স্বাক্ষৰৰ পিছত দুয়োখন দেশে বাকী থকা দফাসমূহৰ ওপৰত একচেটিয়াভাৱে চূড়ান্ত আলোচনা আৰম্ভ কৰিব ।

ৰাষ্ট্ৰসংঘৰ সমৰ্থন : এই সমগ্ৰ চূড়ান্ত চুক্তিখনক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এটা বাধ্যতামূলক প্ৰস্তাৱৰ দ্বাৰা আইনীভাৱে সমৰ্থন কৰা হ’ব ।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি যুদ্ধৰ কৰাল গ্ৰাসত পৰা মধ্য-প্ৰাচ্যত শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত এই বুজাবুজিৰ চুক্তিখনক এক যুগান্তকাৰী পদক্ষেপ হিচাপে গণ্য কৰা হৈছে । অৱশ্যে আগন্তুক ৬০ দিনৰ ভিতৰত হ’বলগীয়া চূড়ান্ত আলোচনাইহে এই চুক্তিৰ প্ৰকৃত ভৱিষ্যত নিৰ্ধাৰণ কৰিব ।

লগতে পঢ়ক : ঐতিহাসিক ভাৰ্চাই প্ৰাসাদত স্বাক্ষৰিত হ’ল যুগান্তকাৰী আমেৰিকা-ইৰান চুক্তি!

শেহতীয়া প্ৰৱন্ধসমূহ