আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ মিছাইল-ড্ৰোণ আক্ৰমণ

আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ মিছাইল-ড্ৰোণ আক্ৰমণ

আমেৰিকাই ইৰানৰ ভূমিত চলোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ দি ইৰানে কুৱেইট আৰু বাহৰেইনত থকা মাৰ্কিন সামৰিক ঘাটিসমূহ লক্ষ্য কৰি ব্যাপক মিছাইল আৰু ড্ৰোণ আক্ৰমণ চলোৱাৰ দাবী কৰিছে মধ্য প্ৰাচ্যক পুনৰ যুদ্ধৰ কলীয়া ডাৱৰে আৱৰি ধৰিছে । আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজৰ তীব্ৰ উত্তেজনা এতিয়া এক মুকলি সামৰিক

আমেৰিকাই ইৰানৰ ভূমিত চলোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ দি ইৰানে কুৱেইট আৰু বাহৰেইনত থকা মাৰ্কিন সামৰিক ঘাটিসমূহ লক্ষ্য কৰি ব্যাপক মিছাইল আৰু ড্ৰোণ আক্ৰমণ চলোৱাৰ দাবী কৰিছে

মধ্য প্ৰাচ্যক পুনৰ যুদ্ধৰ কলীয়া ডাৱৰে আৱৰি ধৰিছে । আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজৰ তীব্ৰ উত্তেজনা এতিয়া এক মুকলি সামৰিক সংঘাতৰ দিশে অগ্ৰসৰ হৈছে । একেৰাহে দ্বিতীয় দিনাও আমেৰিকাই ইৰানৰ ভূমিত চলোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ দি ইৰানে কুৱেইট আৰু বাহৰেইনত থকা মাৰ্কিন সামৰিক ঘাটিসমূহ লক্ষ্য কৰি ব্যাপক মিছাইল আৰু ড্ৰোণ আক্ৰমণ চলোৱাৰ দাবী কৰিছে । এই ভয়াৱহ পৰিস্থিতিৰ পিছতে সমগ্ৰ উপসাগৰীয় অঞ্চলত ‘হাই এলাৰ্ট’ জাৰি কৰা হৈছে ।

আমেৰিকাৰ সামৰিক ঘাটিত IRGC-ৰ যৌথ অভিযান

ইৰানৰ সামৰিক বাহিনী ‘ইছলামিক ৰিভলিউচনেৰী গাৰ্ড কৰ্পছ’ (IRGC)-এ এটা চৰকাৰী বিবৃতি জাৰি কৰি এই আক্ৰমণৰ কথা স্বীকাৰ কৰিছে । আইআৰজিচিয়ে জনোৱা মতে, তেওঁলোকৰ নৌসেনা আৰু এৰ’স্পেচ ফ’ৰ্চে যৌথভাৱে এক বিশেষ অভিযান চলাইছিল ।

এই আক্ৰমণত কুৱেইটৰ আৰিফজান আৰু আলী আল চালেম এয়াৰ বেচ, তথা বাহৰেইনৰ জুফৈৰ আৰু শ্বেখ ইছাস্থিত আমেৰিকাৰ গুৰুত্বপূৰ্ণ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি লোৱা হৈছিল । ইৰানে ইয়াক আমেৰিকাৰ “আক্ৰমণাত্মক কাৰ্যকলাপ”ৰ বিৰুদ্ধে প্ৰথম শাস্তিমূলক প্ৰত্যুত্তৰ বুলি অভিহিত কৰিছে ।

আইআৰজিচিৰ হুংকাৰ: “যদিহে আমেৰিকাই আগলৈও সামৰিক কাৰ্যকলাপ অব্যাহত ৰাখে, তেন্তে সমগ্ৰ পশ্চিম এছিয়াত থকা আমেৰিকাৰ অন্যান্য সামৰিক ঘাটিসমূহকো একেধৰণে ধূলিস্যাৎ কৰা হ’ব ।”

আমেৰিকাই ক’ত ক’ত চলাইছিল আক্ৰমণ?

উল্লেখ্য যে, ইয়াৰ পূৰ্বে আমেৰিকাই একেৰাহে দ্বিতীয় দিনাও ইৰানৰ কেইবাটাও কৌশলগত স্থানত তীব্ৰ বিমান আক্ৰমণ চলাইছিল । ইয়াৰ ভিতৰত আছিল বন্দৰ আব্বাছ, চাবাহাৰ, জাস্ক, আবু মুছা দ্বীপ ।

আমেৰিকাৰ দাবী অনুসৰি, গোলকীয় বাণিজ্যৰ অন্যতম প্ৰধান পথ হৰমুজ প্ৰণালীৰে পাৰ হৈ যোৱা ব্যৱসায়িক জাহাজসমূহৰ ওপৰত হোৱা ধাৰাবাহিক আক্ৰমণৰ প্ৰত্যুত্তৰতহে তেওঁলোকে ইৰানৰ এই স্থানসমূহত সামৰিক কাৰ্যবাহী ব্যৱস্থা গ্ৰহণ কৰিছিল ।

বাহৰেইন-কাটাৰত এয়াৰ ৰেইড এলাৰ্ট, সতৰ্ক কুৱেইট

ইৰানৰ এই প্ৰত্যাক্ৰমণৰ পিছতে বাহৰেইন, কুৱেইট আৰু কাটাৰৰ নিৰাপত্তা সংস্থাসমূহৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । বাহৰেইন আৰু কাটাৰত জৰুৰীভাৱে ‘এয়াৰ ৰেইড এলাৰ্ট’ অৰ্থাৎ বিমান আক্ৰমণৰ সতৰ্কবাণী জাৰি কৰা হয় । সাধাৰণ ৰাইজক নিজৰ নিজৰ ঘৰৰ ভিতৰতে আবদ্ধ থাকিবলৈ আৰু খিৰিকীৰ পৰা আঁতৰত থাকিবলৈ প্ৰশাসনে আহ্বান জনায় ।

অৱশ্যে কিছু সময় পিছত কাটাৰে বিপদ দূৰ হোৱা বুলি ঘোষণা কৰে । আনহাতে, কুৱেইটৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰিছে যে তেওঁলোকৰ শক্তিশালী এয়াৰ ডিফেন্স চিষ্টেমে শত্ৰুপক্ষৰ কেইবাটাও ড্ৰোণ আৰু মিছাইল মাজপথতে ধ্বংস কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : ইৰানত আমেৰিকাৰ বিধ্বংসী আক্ৰমণ: ট্ৰাম্পৰ সকীয়নিৰ পিছতে কঁপি উঠিল চাবহাৰ আৰু বন্দৰ আব্বাছ

শেহতীয়া প্ৰৱন্ধসমূহ