পুনৰ হৰমুজ প্ৰণালী বন্ধৰ ঘোষণা : ইৰাণ-আমেৰিকা চুক্তিলৈ সংকট

পুনৰ বন্ধ হ’ল হৰমুজ! ইৰাণ-আমেৰিকাৰ চুক্তিলৈ সংকট

ইৰাণৰ অভিযোগ যে যুদ্ধ সমাপ্তিৰ বাবে হোৱা বুজাবুজি চুক্তি আমেৰিকাই উলংঘা কৰিছে, দক্ষিণ লেবাননৰ পৰা সেনা প্ৰত্যাহাৰ হোৱা নাই ইৰাণৰ যুটীয়া সামৰিক কমাণ্ডে ষ্ট্ৰেইট অৱ হৰমুজৰ মাজেৰে জাহাজ চলাচল বন্ধ কৰাৰ ঘোষণা কৰাৰ পাছতে পশ্চিম এছিয়াৰ কূটনৈতিক পৰিস্থিতি পুনৰ জটিল হৈ পৰিছে । ইৰাণে অভিযোগ

ইৰাণৰ অভিযোগ যে যুদ্ধ সমাপ্তিৰ বাবে হোৱা বুজাবুজি চুক্তি আমেৰিকাই উলংঘা কৰিছে, দক্ষিণ লেবাননৰ পৰা সেনা প্ৰত্যাহাৰ হোৱা নাই

ইৰাণৰ যুটীয়া সামৰিক কমাণ্ডে ষ্ট্ৰেইট অৱ হৰমুজৰ মাজেৰে জাহাজ চলাচল বন্ধ কৰাৰ ঘোষণা কৰাৰ পাছতে পশ্চিম এছিয়াৰ কূটনৈতিক পৰিস্থিতি পুনৰ জটিল হৈ পৰিছে । ইৰাণে অভিযোগ কৰিছে যে যুদ্ধ সমাপ্তিৰ বাবে হোৱা বুজাবুজি চুক্তি আমেৰিকাই উলংঘা কৰিছে, দক্ষিণ লেবাননৰ পৰা সেনা প্ৰত্যাহাৰ হোৱা নাই, আৰু ইজৰাইলে ধাৰাবাহিকভাৱে যুদ্ধবিৰতি ভংগ কৰি আহিছে ।

ইৰাণী সেনাৰ ভাষ্য অনুসৰি এই সিদ্ধান্তক “প্ৰথম পদক্ষেপ” হিচাপে লোৱা হৈছে । লগতে সতৰ্ক কৰি দিয়া হৈছে যে যদি চুক্তিৰ উলংঘা অব্যাহত থাকে, তেন্তে আগন্তুক দিনত অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব পাৰে ।

উল্লেখ্য যে এই সপ্তাহতে আমেৰিকা আৰু ইৰাণৰ মাজত এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱা বুলি খবৰ ওলাইছিল । সেই চুক্তিৰ পাছতেই ষ্ট্ৰেইট অৱ হৰমুজ পুনৰ মুকলি কৰাৰ কথাও ঘোষণা কৰা হৈছিল । কিন্তু তাৰ কিছু সময়ৰ ভিতৰতে ইৰাণৰ সামৰিক ঘোষণাই নতুন অনিশ্চয়তা সৃষ্টি কৰিছে ।

আমেৰিকাৰ প্ৰতিক্ৰিয়া

এই খবৰৰ মাজতে ফক্স নিউজৰ তথ্য অনুসৰি, আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জেডি ভেঞ্চে আশাবাদ ব্যক্ত কৰি কৈছে যে ৱাশ্বিংটন আৰু তেহৰাণৰ মাজত স্থিৰ কৰা যুদ্ধবিৰতি অব্যাহত থাকিব । তেওঁ লগতে কয় যে হৰমুজ সামুদ্ৰিক যাতায়াতৰ বাবে বন্ধ কৰা হৈছে বুলি আমেৰিকাই এতিয়ালৈ কোনো নিশ্চিত প্ৰমাণ পোৱা নাই ।

ইফালে, যুদ্ধবিৰতি চুক্তিৰ খবৰ ওলোৱাৰ কেইঘণ্টামান পাছতে দক্ষিণ লেবাননত ইজৰাইলৰ আক্ৰমণত দুগৰাকী শিশুকে ধৰি অন্ততঃ সাতজন লোক নিহত হোৱা বুলি খবৰ প্ৰকাশ পাইছে । এই ঘটনাই অঞ্চলটোত উত্তেজনা আৰু বাঢ়ি যোৱাৰ আশংকা সৃষ্টি কৰিছে ।

চুক্তিৰ ওপৰত নতুন চাপ

ইৰাণে পুনৰ হৰমুজ প্ৰণালী সম্পৰ্কে কঠোৰ স্থিতি লোৱাৰ পাছত যুদ্ধবিৰতি চুক্তিখন এতিয়া অধিক সংকটত পৰিছে । বিশেষজ্ঞসকলৰ মতে কৰিছে যে এই সিদ্ধান্তে কেৱল ইৰাণ-আমেৰিকা সম্পৰ্কতেই নহয়, সমগ্ৰ অঞ্চলৰ সামুদ্ৰিক বাণিজ্য আৰু নিৰাপত্তাৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে ।

ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে এই বিষয়ত কয় যে তেহৰাণে নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছে, আৰু এতিয়া আমেৰিকাৰ দায়িত্ব হৈছে ইজৰাইলক লেবাননৰ ওপৰত আক্ৰমণ বন্ধ কৰিবলৈ বাধ্য কৰোৱা ।

লগতে পঢ়ক : ৪৮ ঘণ্টাৰ ভিতৰতে চুক্তিত বাধা! আমেৰিকা-ইৰাণৰ প্ৰথম পাৰমাণৱিক আলোচনা বাতিল

শেহতীয়া প্ৰৱন্ধসমূহ