এই বিশেষ কৰ্মশালাত উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰে বিশিষ্ট নীতি নিৰ্ধাৰক, উচ্চপদস্থ চৰকাৰী বিষয়া আৰু বিভিন্ন অংশীদাৰসকলে অংশগ্ৰহণ কৰে
মেঘালয়ৰ শ্বিলঙত অনুষ্ঠিত ‘উত্তৰ-পূব বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্প’ (Externally Aided Projects – EAP) সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ কৰ্মশালাত অসম চৰকাৰৰ ৰাজহুৱা বিত্তীয় ব্যৱস্থাপনাৰ সফল সংস্কাৰসমূহ বিশেষভাৱে প্ৰদৰ্শন কৰা হয় । কৰ্মশালাখনৰ ‘বিত্তীয় ব্যৱস্থাপনা আৰু জবাবদিহিতা’ শীৰ্ষক সত্ৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অংশগ্ৰহণ কৰে ।
উত্তৰ-পূবৰ বাবে সৰ্বোত্তম আৰ্হি হিচাপে স্বীকৃত ASPIRe প্ৰকল্প
এই আঞ্চলিক কৰ্মশালাত ‘অসম ৰাজ্যিক ৰাজহুৱা বিত্তীয় প্ৰতিষ্ঠানিক সংস্কাৰ’ প্ৰকল্পৰ অধীনত অসমে হাতত লোৱা অগ্ৰগামী বিত্তীয় সংস্কাৰ আৰু প্ৰস্তাৱিত ‘অসম সেউজ আৰু বহনক্ষম উন্নয়ন প্ৰকল্প’ক সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ বাবে সৰ্বোত্তম অনুশীলন বা এক অনুকৰণীয় আৰ্হি হিচাপে উপস্থাপন কৰা হয় ।
ৰাজ্যখনৰ অভিনৱ বিত্তীয় ব্যৱস্থাপনাৰ এই পদক্ষেপসমূহে আঞ্চলিক পৰ্যায়ত বিশেষ স্বীকৃতি লাভ কৰাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গভীৰ সন্তোষ প্ৰকাশ কৰে । তেওঁ উল্লেখ কৰে যে এই সংস্কাৰসমূহে অসমৰ শাসন ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লগতে চৰকাৰী বিভাগসমূহৰ স্বচ্ছতা বৃদ্ধি আৰু বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ ফলপ্ৰসূ ৰূপায়ণৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে ।
স্বচ্ছ আৰু নাগৰিক-কেন্দ্ৰিক শাসন ব্যৱস্থাত গুৰুত্ব
মন্ত্ৰী বৰুৱাই নিজৰ ভাষণত স্পষ্ট কৰি দিয়ে যে এটা শক্তিশালী বিত্তীয় প্ৰণালী গঢ়ি তোলা, প্ৰশাসনত অধিক জবাবদিহিতা নিশ্চিত কৰা আৰু যিকোনো প্ৰকল্প নিৰ্ধাৰিত সময়ত আৰু নিখুঁতভাৱে ৰূপায়ণ কৰাটোৱেই হৈছে অসম চৰকাৰৰ মূল লক্ষ্য । এখন স্বচ্ছ আৰু সৰ্বসাধাৰণ নাগৰিক-কেন্দ্ৰিক শাসন ব্যৱস্থা উপহাৰ দিবলৈ চৰকাৰ দায়বদ্ধ বুলিও তেওঁ দোহাৰে ।
উল্লেখ্য যে এই বিশেষ কৰ্মশালাত উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰে বিশিষ্ট নীতি নিৰ্ধাৰক, উচ্চপদস্থ চৰকাৰী বিষয়া আৰু বিভিন্ন অংশীদাৰসকলে অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক : অচিৰেই অসমৰ পৰিচয় বহন কৰিব ৪ কিলোমিটাৰ দীঘল ‘সাংস্কৃতিক কৰিডৰ’-এ









