অসমত ৩.১৪ লাখ হেক্টৰ বনভূমি বেদখলৰ কৱলত! বিধানসভাত তথ্য দাঙি ধৰিলে বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই

ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্ৰাণী অভয়াৰণ্য আৰু সংৰক্ষিত বনাঞ্চলকে ধৰি বৰ্তমান ৩.১৪ লাখ হেক্টৰতকৈও অধিক বনভূমি বেদখলকাৰীৰ কৱলত আছে

অসমৰ বনাঞ্চলসমূহ দীৰ্ঘদিন ধৰি তীব্ৰ বেদখলৰ সন্মুখীন হৈ আহিছে । ৰাজ্যখনৰ ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্ৰাণী অভয়াৰণ্য আৰু সংৰক্ষিত বনাঞ্চলকে ধৰি বৰ্তমান ৩.১৪ লাখ হেক্টৰতকৈও অধিক বনভূমি বেদখলকাৰীৰ কৱলত আছে । আজি (মঙলবাৰে) বিধানসভাৰ মজিয়াত এই উদ্বেগজনক তথ্য সদৰী কৰে ৰাজ্যৰ বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

অসম গণ পৰিষদৰ বিধায়িকা দীপ্তিময়ী চৌধুৰীৰ এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে সদনত এই চৰকাৰী পৰিসংখ্যা দাঙি ধৰে ।

অসমত বনভূমি বেদখলৰ শেহতীয়া তথ্য-

বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই জনোৱা অনুসৰি, অসমৰ ৮ খন ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্যৰ লগতে ২৮১ খন সংৰক্ষিত বনাঞ্চলৰ মুঠ ৩,১৪,১৩৯.৪৩৫ হেক্টৰ ভূমি বৰ্তমান অবৈধ দখলত আছে ।

সদনত দাখিল কৰা তথ্যৰ বিভাজন এনেধৰণৰ:

ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য: ১৭,৪২১.৫ হেক্টৰ ভূমি বেদখলৰ অধীনত ।

সংৰক্ষিত বনাঞ্চল: ২,৯৬,৭১৭.৯৩৫ হেক্টৰ ভূমি অবৈধভাৱে দখল হৈ আছে ।

চৰকাৰী উচ্ছেদ অভিযান: বিগত ৫ বছৰত কিমান ভূমি উদ্ধাৰ হ’ল?

অৱশ্যে বনাঞ্চল সুৰক্ষিত কৰাৰ স্বাৰ্থত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ কথাও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । ২০২১-২২ বৰ্ষৰ পৰা ২০২৫-২৬ বৰ্ষৰ ভিতৰত চৰকাৰী উচ্ছেদ অভিযানৰ জৰিয়তে এক বৃহৎ পৰিমাণৰ ভূমি বেদখলমুক্ত কৰা হৈছে ।

-বিগত ৫ বছৰত ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আৰু সংৰক্ষিত বনাঞ্চলৰ পৰা মুঠ ১৬,৯৩৭.২৪৬৬ হেক্টৰ (১,২৬,৬০৫.৯২ বিঘা) ভূমি উদ্ধাৰ কৰা হৈছে ।

-কেৱল শেহতীয়া ২০২৫-২৬ বৰ্ষত, চৰকাৰে সংৰক্ষিত বনাঞ্চলৰ পৰা ৪,৬৮৮.৩৪ হেক্টৰ ভূমি মুক্ত কৰিবলৈ সক্ষম হৈছে ।

-ইয়াৰ উপৰি, ৫ বছৰীয়া সময়ছোৱাত ৮ খন ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা ৫,৯১৮.১৪ হেক্টৰ ভূমি বেদখলকাৰীৰ পৰা উদ্ধাৰ কৰা হৈছে ।

পৰিৱেশ পুনৰুদ্ধাৰ আৰু ‘জন্মদিন সেউজ শপত উদ্যান’ আঁচনি

কেৱল ভূমিয়েই উদ্ধাৰ কৰা নহয়, বৰঞ্চ প্ৰকৃতিৰ ভাৰসাম্য ঘূৰাই আনিবলৈ চৰকাৰে বিশেষ ব্যৱস্থা হাতত লৈছে । মন্ত্ৰীগৰাকীয়ে জনায় যে উদ্ধাৰ কৰা বনভূমিসমূহত ইতিমধ্যে ব্যাপক হাৰত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ।

‘জন্মদিন সেউজ শপত উদ্যান’: পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগে ৰাজ্যত বনানীকৰণ বৃদ্ধিৰ বাবে এই অভিনৱ আঁচনিখন ৰূপায়ণ কৰিছে । এই কাৰ্যসূচীৰ অধীনত অসমৰ প্ৰতিগৰাকী নাগৰিকক নিজৰ জন্মদিনত এটাকৈ গছপুলি ৰোপণ কৰিবলৈ উৎসাহিত কৰা হৈছে, যাতে পৰিৱেশ সংৰক্ষণৰ এই যুঁজখনত জনসাধাৰণেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে ।

লগতে পঢ়ক : ‘সংবিধান সংশোধন কৰি হলেও অসমীয়া ভাষাক ৰক্ষা কৰা হ’ব’; মুখ্যমন্ত্ৰীৰ স্পষ্ট হুংকাৰ

জিএছটি সংগ্ৰহত দেশৰ ভিতৰতে চমক অসমৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই উল্লেখ কৰে যে এই উল্লেখনীয় প্ৰদৰ্শনে অসমক দেশৰ শীৰ্ষ প্ৰদৰ্শনকাৰী প্ৰধান ৰাজ্যসমূহৰ শাৰীলৈ লৈ গৈছে

পণ্য আৰু সেৱা কৰ (GST) সংগ্ৰহৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত এক ডাঙৰ সফলতা অৰ্জন কৰিছে অসমে । চলিত ২০২৬ বৰ্ষৰ জুন মাহত ৰাজ্যখনে যোৱা বছৰৰ তুলনাত ১৫ শতাংশ অভিলেখ বৃদ্ধি পঞ্জীয়ন কৰিছে । এই বৃদ্ধি ৰাষ্ট্ৰীয় গড় বৃদ্ধিৰ হাৰ (৯ শতাংশ)তকৈ বহু বেছি ।

শনিবাৰে সামাজিক মাধ্যম এক্স (X)-ত এই গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰিছে ৰাজ্যৰ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । তেওঁ উল্লেখ কৰে যে এই উল্লেখনীয় প্ৰদৰ্শনে অসমক দেশৰ শীৰ্ষ প্ৰদৰ্শনকাৰী প্ৰধান ৰাজ্যসমূহৰ শাৰীলৈ লৈ গৈছে ।

১,৪৩৭ কোটি টকাৰ অভিলেখ জিএছটি সংগ্ৰহ

বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২৬ চনৰ জুন মাহত অসমে মুঠ ১,৪৩৭ কোটি টকাৰ জিএছটি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । আনহাতে, যোৱা ২০১৫ বৰ্ষৰ জুন মাহত এই সংগ্ৰহৰ পৰিমাণ আছিল ১,২৫৫ কোটি টকা ।

কেৱল জুন মাহেই নহয়, চলিত বিত্তীয় বৰ্ষৰ প্ৰথমটো তিনিমাহিকতো (এপ্ৰিল-জুন) অসমে ৰাজহ সংগ্ৰহত বৃহৎ জাঁপ মাৰিছে । এই ৩ মাহত মুঠ ৪,৪৬৭ কোটি টকা সংগ্ৰহ হৈছে, যাৰ বিপৰীতে যোৱা বছৰৰ এই একে সময়ছোৱাত সংগ্ৰহ হৈছিল ৩,০২৬ কোটি টকা ।

কিদৰে সম্ভৱ হ’ল এই বৃহৎ সফলতা?

ৰাজহ সংগ্ৰহৰ এই অভূতপূৰ্ব বৃদ্ধিৰ আঁৰত চৰকাৰে গ্ৰহণ কৰা কেইবাটাও কঠোৰ আৰু আধুনিক পদক্ষেপ থকা বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই জানিবলৈ দিয়ে । তেওঁ ইয়াৰ মুখ্য কাৰণসমূহ এনেদৰে উল্লেখ কৰে :

কৰ মান্যতা বৃদ্ধি (Tax Compliance): ব্যৱসায়ী আৰু কৰদাতাসকলক সময়মতে কৰ দিবলৈ উৎসাহিত কৰা ।

ৰাজহ ফাদিল ৰোধ: টেক্স ফ্ৰড বা কৰ ফান্দ ফাদিল কৰাৰ বাবে কঢ়া নজৰ ।

ডিজিটেল কৰ প্ৰশাসন: কৰ ব্যৱস্থা সম্পূৰ্ণৰূপে ডিজিটেল কৰি অধিক স্বচ্ছ কৰি তোলা ।

কৰৰ পৰিসৰ সম্প্ৰসাৰণ: নতুন নতুন ব্যৱসায়ীক কৰৰ আওতালৈ অনা ।

মহাৰাষ্ট্ৰ-পশ্চিম বংগকো পিছ পেলালে অসমে

প্ৰাপ্ত খবৰ অনুসৰি, জুন মাহৰ জিএছটি বৃদ্ধিৰ হাৰৰ ক্ষেত্ৰত অসমে দেশৰ কেইবাখনো ডাঙৰ আৰু ঔদ্যোগিকভাৱে উন্নত ৰাজ্যক চেৰ পেলাইছে । এই তালিকাত মহাৰাষ্ট্ৰ, কৰ্ণাটক, দিল্লী, হাৰিয়ানা আৰু পশ্চিম বংগৰ দৰে ডাঙৰ ৰাজ্যও অন্তৰ্ভুক্ত আছে ।

বিত্তমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে অসম চৰকাৰ স্বচ্ছ শাসন, শক্তিশালী ৰাজহ সংগ্ৰহ আৰু ৰাজ্যৰ বিত্তীয় স্থিতি সুদৃঢ় কৰাৰ বাবে সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ । ইয়াৰ লগতে তেওঁ অসমৰ বিত্তীয় ভেটি শক্তিশালী কৰাৰ সমগ্ৰ কৃতিত্ব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বক প্ৰদান কৰে ।

লগতে পঢ়ক : ভাৰতৰ ভিতৰতে প্ৰথম: অসমত আৰম্ভ হ’ল বিশ্ববিখ্যাত ‘মাচ্চা চাহ’ৰ বাণিজ্যিক উৎপাদন

অসমত মেগা বৃক্ষৰোপণৰ প্ৰস্তুতি: ১৪ আগষ্টৰ ভিতৰত ১ কোটি পুলি ৰোপণ কৰিব বন বিভাগে

অসম চৰকাৰৰ বন বিভাগে সমগ্ৰ ৰাজ্যজুৰি এক ঐতিহাসিক মেগা বৃক্ষৰোপণ অভিযান ৰোপণৰ ব্যাপক প্ৰস্তুতি চলাইছে

স্বাধীনতা দিৱস উদযাপনৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ বন বিভাগে সমগ্ৰ ৰাজ্যজুৰি এক ঐতিহাসিক মেগা বৃক্ষৰোপণ অভিযান ৰোপণৰ ব্যাপক প্ৰস্তুতি চলাইছে । অহা ১৪ আগষ্টৰ ভিতৰত ৰাজ্যৰ চুকে-কোণে ১ কোটি পুলি ৰোপণৰ এক বিশাল লক্ষ্য নিৰ্ধাৰণ কৰিছে বিভাগটোৱে ।

বৃহস্পতিবাৰে মৰিগাঁও জিলাৰ পবিতৰা আয়োজিত ‘বন মহোৎসৱ’ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই কথা ঘোষণা কৰে ৰাজ্যৰ বন আৰু বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

১০ লাখ শিক্ষাৰ্থী হ’ব অংশীদাৰ

এই বৃহৎ সেউজ অভিযানত যুৱ প্ৰজন্মক সক্ৰিয়ভাৱে জড়িত কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে । মন্ত্ৰী মল্লবৰুৱাই সদৰী কৰা মতে, নৱম আৰু তাৰ ওপৰৰ শ্ৰেণীৰ প্ৰায় ১০ লাখ শিক্ষাৰ্থীক এই কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হ’ব । তেওঁ কয়-

“আমি আমাৰ শিক্ষাৰ্থীসকলক এই মেগা বৃক্ষৰোপণ অভিযানত জড়িত কৰিব বিচাৰো । পঞ্জীয়নৰ সময়ত শিক্ষাৰ্থীসকলে VB-G RAM-G আঁচনিৰ অধীনত এজন জব কাৰ্ড (Job Card) ধাৰকৰ নাম প্ৰদান কৰিব লাগিব ।”

অহা বছৰৰ পৰা সলনি হ’ব সময়সূচী, গুৰুত্ব লাভ কৰিব থলুৱা ফলে

চলিত বৰ্ষৰ অভিজ্ঞতাৰ ভিত্তিত পৰৱৰ্তী বৰ্ষৰ বাবেও এক বিশেষ পৰিকল্পনা হাতত লৈছে বন বিভাগে । মন্ত্ৰীগৰাকীয়ে জনায় যে অহা বছৰৰ পৰা এই বাৰ্ষিক অভিযান আগষ্টৰ পৰিৱৰ্তে এপ্ৰিল মাহত আৰম্ভ কৰা হ’ব । লগতে অহা বছৰ থলুৱা ফল-মূলৰ ১ কোটি পুলি ৰোপণৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব ।

চৰ-চাপৰিত ড্ৰোণ/আকাশমাৰ্গৰ পৰা সিঁচা হ’ব বীজ

পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য ৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে এইবাৰ আধুনিক প্ৰযুক্তিৰ সহায় ল’ব । নদীদ্বীপ আৰু চৰ-চাপৰি অঞ্চলসমূহত বনাঞ্চল বৃদ্ধিৰ বাবে পৰীক্ষামূলকভাৱে আকাশমাৰ্গৰ পৰা বীজ সিঁচাৰ পাইলট প্ৰকল্প হাতত লোৱা হৈছে । এই প্ৰকল্প সফল হ’লে পৰৱৰ্তী সময়ত ৰাজ্যৰ অন্যান্য প্ৰান্তলৈও ইয়াক সম্প্ৰসাৰণ কৰা হ’ব ।

জনসাধাৰণৰ অনুকূল হ’ব আগন্তুক বাজেট

পৰিৱেশৰ উপৰিও বিত্ত দপ্তৰৰ দায়িত্বত থকা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অসম বিধানসভাৰ আগন্তুক বাজেট অধিৱেশনৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ ইংগিত দিয়ে । বিত্ত মন্ত্ৰী হিচাপে এয়া তেওঁৰ প্ৰথমখন ৰাজ্যিক বাজেট হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে আগন্তুক বিত্তীয় ৰেখাচিত্ৰখন সম্পূৰ্ণৰূপে “জনসাধাৰণৰ অনুকূল” হ’ব ।

বেদখলকাৰীৰ বিৰুদ্ধে অব্যাহত থাকিব উচ্ছেদ

ৰাজ্যৰ শেহতীয়া জনসংখ্যাৰ পৰিৱৰ্তন আৰু প্ৰশাসনিক পদক্ষেপ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ কঠোৰ স্থিতি স্পষ্ট কৰে । তেওঁ কয়-

“আমাৰ চৰকাৰে উচ্ছেদ অভিযান অব্যাহত ৰাখিব আৰু আমাৰ চৰকাৰ খিলঞ্জীয়া লোকসকলক সুৰক্ষা দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।”

অবৈধ বেদখল আৰু জনসংখ্যাৰ দ্ৰুত পৰিৱৰ্তন, বিশেষকৈ “মিঞা মুছলমান সম্পৰ্কীয়” বিষয়সমূহ বৰ্তমান প্ৰশাসনৰ বাবে এক ডাঙৰ উদ্বেগৰ বিষয় বুলিও তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক : দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

সৰবৰাহকাৰীৰ কৱলৰ পৰা মুক্ত হৈ ছিখনা জহলাওত নতুন জীৱন পালে ৭টা সোণালী বান্দৰে

বন্যপ্ৰাণী সৰবৰাহকাৰী চক্ৰৰ কৱলৰ পৰা সফলতাৰে উদ্ধাৰ কৰাৰ পিছত সাতটাকৈ বিপন্ন প্ৰজাতিৰ সোণালী বান্দৰক পুনৰ বন্য পৰিৱেশলৈ এৰি দিয়া হৈছে

অসমৰ বন্যপ্ৰাণী সংৰক্ষণৰ ইতিহাসত আন এক বৃহৎ সফলতা । এটা আন্তঃৰাষ্ট্ৰীয় বন্যপ্ৰাণী সৰবৰাহকাৰী চক্ৰৰ কৱলৰ পৰা সফলতাৰে উদ্ধাৰ কৰাৰ পিছত সাতটাকৈ বিপন্ন প্ৰজাতিৰ সোণালী বান্দৰক পুনৰ বন্য পৰিৱেশলৈ এৰি দিয়া হৈছে । বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই জানিবলৈ দিয়া মতে, প্ৰয়োজনীয় চিকিৎসা, পুনৰ্সংস্থাপন আৰু বৈজ্ঞানিক পৰ্যবেক্ষণৰ অন্তত বান্দৰকেইটাক ছিখনা জহলাও ৰাষ্ট্ৰীয় উদ্যানত মুক্ত কৰি দিয়া হয় ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স (X)-ত এক পোষ্টৰ জৰিয়তে সুখবৰটো ভগাই লৈ বনমন্ত্ৰীগৰাকীয়ে লিখে :

“মই অত্যন্ত আনন্দৰে জনাইছোঁ যে উদ্ধাৰ, পুনৰ্সংস্থাপন আৰু সাৱধানী বৈজ্ঞানিক পৰ্যবেক্ষণৰ অন্তত সাতটা সোণালী বান্দৰক এতিয়া শিখনা জহলাও ৰাষ্ট্ৰীয় উদ্যানত তেওঁলোকৰ প্ৰাকৃতিক বাসস্থানলৈ সফলতাৰে পুনৰ মুকলি কৰি দিয়া হৈছে ।”

তেওঁ এই কাৰ্যক অসমৰ বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰচেষ্টাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে অভিহিত কৰে । ইয়াৰ লগতে তেওঁ বন বিষয়া, বন্যপ্ৰাণী বিশেষজ্ঞ, সুৰক্ষা সংস্থা আৰু স্থানীয় ৰাইজৰ নিষ্ঠাপূৰ্ণ সমন্বিত প্ৰচেষ্টাক ধন্যবাদ জ্ঞাপন কৰে ।

চোৰাং চিকাৰী আৰু সৰবৰাহকাৰীলৈ তীব্ৰ হুংকাৰ

বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই স্পষ্ট কৰি দিয়ে যে অসম চৰকাৰে বন্যপ্ৰাণী অপৰাধৰ বিৰুদ্ধে সদায় কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে । তেওঁ কয় :

“তেওঁলোকৰ বন্য পৰিৱেশলৈ প্ৰত্যাৱৰ্তন হৈছে সকলোৰে একত্ৰিত প্ৰচেষ্টাৰ ফচল । ইয়াৰ জৰিয়তে বন্যপ্ৰাণী অপৰাধীসকললৈও এই স্পষ্ট বাৰ্তা প্ৰেৰণ কৰা হৈছে যে অসমত চোৰাং চিকাৰ আৰু বন্যপ্ৰাণী সৰবৰাহৰ বিৰুদ্ধে কোনো ধৰণৰ আপোচ কৰা নহয় বা ‘জিৰ’ টলাৰেঞ্চ’ নীতি গ্ৰহণ কৰা হৈছে ।”

উল্লেখযোগ্য যে, অলপতে চিৰাং জিলাত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে চলোৱা এক বৃহৎ সৰবৰাহ বিৰোধী অভিযানৰ সময়ত আঠটা বিপন্ন সোণালী বান্দৰ উদ্ধাৰ কৰা হৈছিল । উদ্ধাৰ হোৱা আঠটা বান্দৰৰ ভিতৰত সাতটা বৰ্তমান সম্পূৰ্ণ সুস্থ হৈ উঠিছে যদিও দুৰ্ভাগ্যবশতঃ এটা বান্দৰে প্ৰাণ হেৰুৱায় ।

বন্যপ্ৰাণী (সুৰক্ষা) আইনৰ সূচী-১ৰ অধীনত সুৰক্ষিত সোণালী বান্দৰ হৈছে বিশ্বৰ আটাইতকৈ বিপন্ন প্ৰাইমেটসমূহৰ ভিতৰত অন্যতম । ৰাজ্যখনৰ এই আপুৰুগীয়া সম্পদসমূহক সুৰক্ষা দিবলৈ চৰকাৰ সংকল্পবদ্ধ বুলি দোহাৰি মন্ত্ৰীগৰাকীয়ে কয়- “আমি সকলোৱে মিলি অসমৰ প্ৰাকৃতিক ঐতিহ্য সুৰক্ষিত কৰিবলৈ আৰু ভৱিষ্যত প্ৰজন্মই যাতে এক সমৃদ্ধিশালী পৰিৱেশ তন্ত্ৰ লাভ কৰে, তাক নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।”

লগতে পঢ়ক : বন বিভাগত ধনৰ বিনিময়ত নচলিব বদলি-পোষ্টিং! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সাৱধানবাণী

বন বিভাগত ধনৰ বিনিময়ত নচলিব বদলি-পোষ্টিং! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সাৱধানবাণী

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বন বিভাগৰ এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অংশ লৈ একাংশ বিষয়া-কৰ্মচাৰীক কঠোৰ সতৰ্কবাণী শুনাই । একে ঠাইতে তিনি বছৰ থকা সকল আন ঠাইলৈ যাবলৈ সাজু হবৰ হ’ল বুলিও কয় তেওঁ ।

অসমৰ বন বিভাগৰ কাম-কাজত এতিয়াৰে পৰা সততা, স্বচ্ছতা আৰু কৰ্মদক্ষতাই হ’ব লাগিব মূল মন্ত্ৰ । সোমবাৰে ৰাজ্যৰ বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বন বিভাগৰ এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অংশ লৈ বিভাগটোৰ বাবে এক নতুন আৰু কঠোৰ দৃষ্টিভংগীৰ ৰেখাপাত কৰে ।

গুৱাহাটীৰ খনাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এই বৈঠকত ৰাজ্যৰ সকলো আঞ্চলিক বন সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে । বৈঠকত মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ বন ভূমি সুৰক্ষা আৰু উচ্ছেদ অভিযানত বন বিভাগে লোৱা ভূমিকাৰ প্ৰশংসা কৰে । ইয়াৰ বাবে তেওঁ ফ্ৰণ্টলাইন কৰ্মচাৰী আৰু বিষয়াসকলক কৃতিত্ব দি ভৱিষ্যতেও নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনায় ।

দুৰ্নীতিৰ বিৰুদ্ধে বন মন্ত্ৰীৰ কঠোৰ সকীয়নি

বৈঠকত আটাইতকৈ ডাঙৰ আৰু স্পষ্ট বাৰ্তা দি বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ঘোষণা কৰে যে বিভাগটোত বদলি আৰু নিযুক্তি বা পোষ্টিঙৰ নামত কোনো ধৰণৰ আৰ্থিক লেনদেন বা দুৰ্নীতি সহ্য কৰা নহ’ব ।

বিষয়া-কৰ্মচাৰীক সকীয়াই মন্ত্ৰীগৰাকীয়ে কয় যে, তিনি বছৰ ধৰি একে ঠাইতে থকা সকলক বদলি কৰা হ’ব । ‘নিজৰ পছন্দ অনুসৰি ৰেঞ্জ, বীট বা ডিভিজনৰ অফিচত বছৰ বছৰ ধৰি বহি থকা চিষ্টেম নচলিব’ বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।  

তেওঁ চোকা শব্দৰে সকীয়াই দি কয় যে কোনো ৰাজনৈতিক নেতা বা জ্যেষ্ঠ বিষয়াৰ নাম লৈ যদি কোনো বিষয়া, কৰ্মচাৰী বা মধ্যভোগীয়ে ধন ল’বলৈ বা দিবলৈ চেষ্টা কৰে, তেন্তে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে আটাইতকৈ কঠোৰ আইনী পদক্ষেপ গ্ৰহণ কৰিব ।

বনজ সম্পদৰ জৰিয়তে ৰাজহ বৃদ্ধিৰ লক্ষ্য

এই দিনজোৰা বৈঠকত কেৱল দুৰ্নীতি প্ৰতিৰোধেই নহয়, বৰঞ্চ বন বিভাগৰ পৰা কেনেকৈ ৰাজহ বৃদ্ধি কৰিব পাৰি, সেই সন্দৰ্ভতো বিশদ আলোচনা কৰা হয় । বিভাগীয় কাম-কাজৰ প্ৰণালীবদ্ধ সমস্যাসমূহ আঁতৰাই ৰাজহ ফাদিল বন্ধ কৰাৰ ওপৰত গুৰুত্ব দিয়া হয় ।

মন্ত্ৰী বৰুৱাই উল্লেখ কৰে যে, “পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি থকা দায়বদ্ধতা অলপো ভংগ নকৰাকৈ বিভাগে অসমৰ বনজ সম্পদৰ সম্পূৰ্ণ সম্ভাৱনা ব্যৱহাৰ কৰি ৰাজহ বহুগুণ বৃদ্ধি কৰিব লাগিব ।”

তেওঁ লগতে কয় যে বন বিভাগৰ পৰা অহা অতিৰিক্ত ৰাজহে ৰাজ্যৰ উন্নয়নমূলক কাম-কাজ যেনে নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দৰে গুৰুত্বপূৰ্ণ প্ৰকল্পত ব্যৱহাৰ কৰা হ’ব । এই ৰণনীতি অধিক ফলপ্ৰসূ কৰিবলৈ বৈঠকখনত কৰ আৰু পৰিবহন বিভাগৰ বিষয়াসকলো উপস্থিত থাকে ।

বিভাগটোৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিবলৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৰ্মচাৰীসকলক কেইটামান বিশেষ নীতি মানি চলিবলৈ নিৰ্দেশ দিয়ে :

-যিকোনো স্থানতে পোষ্টিং নহওক কিয়, কৰ্মচাৰীসকলে সদায় সততাৰে নিজৰ দায়িত্ব পালন কৰিব লাগিব ।

-বদলিক চাকৰিৰ এটা অপৰিহাৰ্য অংশ আৰু অনুশাসন হিচাপে গ্ৰহণ কৰিব লাগিব । ইয়াৰ বাবে কোনো লবী কৰিব নোৱাৰিব ।

-কোনো ঠাইত দুৰ্নীতি হ’লে কোনো সংকোচ নকৰাকৈ উচ্চ পদস্থ বিষয়াৰ ওচৰত ৰিপ’ৰ্ট কৰিব লাগিব ।

-নিজৰ দক্ষতা আৰু জনসেৱাৰ জৰিয়তে অসম বন বিভাগৰ নাম উজলাই তুলিব লাগিব ।

লগতে পঢ়ক : ৩ টা সন্তান হ’লেই বন্ধ হ’ব বিনামূলীয়া স্বাস্থ্যসেৱা! ভৰিব লাগিব মাচুল

উত্তৰ-পূব EAP কৰ্মশালাত অসমৰ বিত্তীয় ব্যৱস্থাপনা আৰু ASPIRe প্ৰকল্পৰ ভূয়সী প্ৰশংসা

এই বিশেষ কৰ্মশালাত উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰে বিশিষ্ট নীতি নিৰ্ধাৰক, উচ্চপদস্থ চৰকাৰী বিষয়া আৰু বিভিন্ন অংশীদাৰসকলে অংশগ্ৰহণ কৰে

মেঘালয়ৰ শ্বিলঙত অনুষ্ঠিত ‘উত্তৰ-পূব বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্প’ (Externally Aided Projects – EAP) সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ কৰ্মশালাত অসম চৰকাৰৰ ৰাজহুৱা বিত্তীয় ব্যৱস্থাপনাৰ সফল সংস্কাৰসমূহ বিশেষভাৱে প্ৰদৰ্শন কৰা হয় । কৰ্মশালাখনৰ ‘বিত্তীয় ব্যৱস্থাপনা আৰু জবাবদিহিতা’ শীৰ্ষক সত্ৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অংশগ্ৰহণ কৰে ।

উত্তৰ-পূবৰ বাবে সৰ্বোত্তম আৰ্হি হিচাপে স্বীকৃত ASPIRe প্ৰকল্প

এই আঞ্চলিক কৰ্মশালাত ‘অসম ৰাজ্যিক ৰাজহুৱা বিত্তীয় প্ৰতিষ্ঠানিক সংস্কাৰ’ প্ৰকল্পৰ অধীনত অসমে হাতত লোৱা অগ্ৰগামী বিত্তীয় সংস্কাৰ আৰু প্ৰস্তাৱিত ‘অসম সেউজ আৰু বহনক্ষম উন্নয়ন প্ৰকল্প’ক সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ বাবে সৰ্বোত্তম অনুশীলন বা এক অনুকৰণীয় আৰ্হি হিচাপে উপস্থাপন কৰা হয় ।

ৰাজ্যখনৰ অভিনৱ বিত্তীয় ব্যৱস্থাপনাৰ এই পদক্ষেপসমূহে আঞ্চলিক পৰ্যায়ত বিশেষ স্বীকৃতি লাভ কৰাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গভীৰ সন্তোষ প্ৰকাশ কৰে । তেওঁ উল্লেখ কৰে যে এই সংস্কাৰসমূহে অসমৰ শাসন ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লগতে চৰকাৰী বিভাগসমূহৰ স্বচ্ছতা বৃদ্ধি আৰু বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ ফলপ্ৰসূ ৰূপায়ণৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে ।

স্বচ্ছ আৰু নাগৰিক-কেন্দ্ৰিক শাসন ব্যৱস্থাত গুৰুত্ব

মন্ত্ৰী বৰুৱাই নিজৰ ভাষণত স্পষ্ট কৰি দিয়ে যে এটা শক্তিশালী বিত্তীয় প্ৰণালী গঢ়ি তোলা, প্ৰশাসনত অধিক জবাবদিহিতা নিশ্চিত কৰা আৰু যিকোনো প্ৰকল্প নিৰ্ধাৰিত সময়ত আৰু নিখুঁতভাৱে ৰূপায়ণ কৰাটোৱেই হৈছে অসম চৰকাৰৰ মূল লক্ষ্য । এখন স্বচ্ছ আৰু সৰ্বসাধাৰণ নাগৰিক-কেন্দ্ৰিক শাসন ব্যৱস্থা উপহাৰ দিবলৈ চৰকাৰ দায়বদ্ধ বুলিও তেওঁ দোহাৰে ।

উল্লেখ্য যে এই বিশেষ কৰ্মশালাত উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰে বিশিষ্ট নীতি নিৰ্ধাৰক, উচ্চপদস্থ চৰকাৰী বিষয়া আৰু বিভিন্ন অংশীদাৰসকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : অচিৰেই অসমৰ পৰিচয় বহন কৰিব ৪ কিলোমিটাৰ দীঘল ‘সাংস্কৃতিক কৰিডৰ’-এ

মহানগৰীত ধাৰাষাৰ বৰষুণ-কৃত্ৰিম বান, জনসাধাৰণলৈ বিশেষ আহ্বান মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা কেইদিনমান ধৰি সমগ্ৰ অসমতে ধাৰাসাৰ বৰষুণ অব্যাহত থকাৰ আগজাননী দিছে

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই গুৱাহাটীত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণক সজাগ হ’বলৈ আৰু সহযোগ কৰিবলৈ আহ্বান জনাইছে ।

সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এটা পোষ্টত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সন্ধিয়াৰ পৰা গভীৰ নিশালৈ হোৱা “অভূতপূৰ্ব বৰষুণৰ” ফলত চহৰখনৰ বহু ঠাই জলমগ্ন হৈ পৰিছে, যাৰ ফলত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈছে । তেওঁ লগতে কয় যে সংশ্লিষ্ট কৰ্তৃপক্ষই পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ দিনে-ৰাতিয়ে কাম কৰি আছে আৰু নাগৰিকসকলক সতৰ্ক তথা সহযোগিতামূলক হৈ থাকিবলৈ অনুৰোধ জনাইছে ।

আনহাতে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা কেইদিনমান ধৰি সমগ্ৰ অসমতে ধাৰাসাৰ বৰষুণ অব্যাহত থকাৰ আগজাননী দিছে, যাৰ লগতে কেইবাখনো জিলাত বিজুলী-ঢেৰেকণি আৰু ধুমুহা বতাহৰ সম্ভাৱনা আছে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই সতৰ্ক কৰি দিছে যে চলিত এই বৰষুণৰ ফলত কৃত্ৰিম বান, যাতায়তত ব্যাঘাত আৰু স্পৰ্শকাতৰ অঞ্চলসমূহত ভূমিস্খলন হ’ব পাৰে ।

ইফালে বিগত ২৪ ঘণ্টাত গুৱাহাটীৰ কেইবাটাও অঞ্চলত প্ৰবল বৰষুণ হোৱা পৰিলক্ষিত হৈছে । এই ভয়াৱহ পৰিস্থিতিৰ মাজতে ১৯ এপ্ৰিলৰ নিশা প্ৰবল কৃত্ৰিম বানৰ ফলত এটি পথৰ দাঁতিৰ মুকলি নলাত পৰি পায়েল নাথ নামৰ এগৰাকী মহিলাৰ মৃত্যু হয় । গুৱাহাটী মহানগৰ আৰক্ষী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ উদ্ধাৰকাৰী দলে এক তালাচী অভিযান চলায় আৰু পাছত ঘটনাস্থলীৰ পৰা প্ৰায় ১৫০ মিটাৰ দূৰত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয় ।

অহা কেইদিনমানলৈ প্ৰতিকূল বতৰ অব্যাহত থকাৰ সম্ভাৱনা থকাৰ বাবে কৰ্তৃপক্ষই সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক : পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

গুৱাহাটীত বিনা পইচাই যাব পাৰিব পাৰ্কলৈঃ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঘোষণা

গুৱাহাটীৰ পাৰ্কক লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঘোষণা

এতিয়াৰে পৰা গুৱাহাটী মহানগৰীৰ পাৰ্কত বিনামূলীয়াকৈ প্ৰৱেশ কৰিব পাৰিব আপুনি । গুৱাহাটীৰ পাৰ্কত প্ৰৱেশ কৰিবলৈ আপুনি ভৰিব নালাগে কোনোধৰণৰ মাচুল । আনকি বাহন পাৰ্কিঙৰ বাবেও মাচুল দিব নালাগে আপুনি । শনিবাৰে এই ঘোষণা কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । গুৱাহাটীৰ সকলো পাৰ্ক তথা উদ্যানৰ বাবে প্ৰজোয্য হ’ব এই ঘোষণা ।

শনিবাৰে মাছখোৱাৰ আই টি এ অডিটৰিয়ামত অনুষ্ঠিত হোৱা স্বচ্ছ গুৱাহাটী অভিযান ২.০ উন্মোচন আৰু ২০২৫ বৰ্ষৰ স্বচ্ছ দুৰ্গা পূজা মণ্ডপ প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ অনুষ্ঠানত এই ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ।

এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, ‘পৰিচালনা প্ৰক্ৰিয়াৰ অংশ হিচাপে দৰ্শকে এণ্ট্ৰি পাছ সংগ্ৰহ কৰিব লাগিব, কিন্তু ইয়াৰ বাবে কোনো মাচুল লোৱা নহ’ব । দৰ্শকে কেৱল নিজৰ নাম আৰু ফোন নম্বৰ দিব লাগিব ।’ অৱশ্যে এই সুবিধা চলিত বৰ্ষৰ ১ ডিচেম্বৰৰ পৰা অহা বছৰ বহাগ বিহুলৈহে প্ৰযোজ্য হ’ব বুলি কয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

আজিৰ এই অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, জি এম চিৰ অধ্যক্ষ ভূপেন বৰুৱা, উপাধ্যক্ষ ৰত্না সিং আৰু জি এম চি আয়ুক্ত চিন্ময় ফুকন উপস্থিত থাকে ।

লগতে পঢ়ক : মিঞাৰ বিৰুদ্ধে উচ্ছেদ চলোৱাত কংগ্ৰেছৰ আপত্তি কিয় ? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন

মন্ত্ৰী সভাৰ নতুন দপ্তৰ বিতৰণ, কোনে পালে কি বিভাগ ?

বহু জল্পনা কল্পানৰ অন্তত নতুন চাৰি মন্ত্ৰীক দিয়া হ’ল দপ্তৰ। প্ৰশান্ত ফুকনক দিয়া হ’ল শক্তি,নিয়োগ-দক্ষতা বিকাশ,মেডিকেল শিক্ষা।

কৃষ্ণেন্দু পালক দিয়া হ’ল পশুপালন,মীন,PWD, ৰূপেশ গোৱালাক শ্ৰমিক কল্যান বিভাগ ,গৃহ (কাৰাগাৰ,হোমগাৰ্ড) আৰু কৌশিক ৰায়ক বৰাক উপত্যকা উন্নয়ণ বিভাগ, খাদ্য আৰু ৰাহুৱা বিতৰণ বিভাগৰ দায়িত্ব দিয়া হৈছে।

আনহাতে  জয়ন্ত মল্ল বৰুৱাৰ পৰিৱৰ্তে ৰঞ্জিত দাসক পৰ্যটনৰ দায়িত্ব , অশোক সিংঘালক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ , ৰঞ্জিত দাসক পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়নৰ দায়িত্ব ,

অতুল বৰাৰ হাততে আছে কৃষি আৰু আবকাৰী বিভাগৰ দায়িত্ব। কেশৱ মহন্ত ৰাজ্যৰ নতুন ৰাজহ আৰু দুৰ্যোগ বিভাগৰ দায়িত্ব দিয়া হৈছে।