১ জুলাইৰ পৰা চতুৰ্থ বা ততোধিক সন্তান প্ৰসৱ কৰা গৰ্ভৱতী মহিলাসকলে কোনো ধৰণৰ চৰকাৰী বিনামূলীয়া স্বাস্থ্যসেৱা লাভ নকৰিব
অসম চৰকাৰৰ পৰিয়াল পৰিকল্পনা কাৰ্যসূচীক অধিক ফলপ্ৰসূ কৰাৰ লক্ষ্যৰে বৰপেটা ৰোড এফ আৰ ইউ (FRU) চিকিৎসালয় পৰিচালনা সমিতিয়ে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । অহা ১ জুলাইৰ পৰা চিকিৎসালয়খনত চতুৰ্থ বা ততোধিক সন্তান প্ৰসৱ কৰা গৰ্ভৱতী মহিলাসকলে কোনো ধৰণৰ চৰকাৰী বিনামূলীয়া স্বাস্থ্যসেৱা লাভ নকৰিব ।
২১ জুন দেওবাৰে চিকিৎসালয়খনত এক অত্যাধুনিক আলট্ৰাচন’গ্ৰাফী সুবিধাৰ উদ্বোধন কৰি অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এই কথা ঘোষণা কৰে ।
তিনিটাতকৈ অধিক সন্তান থাকিলে ভৰিব লাগিব মাচুল
নতুন নিয়ম অনুসৰি, যিসকল মহিলাৰ তিনিটাতকৈ অধিক সন্তান হ’ব, তেওঁলোকে চিকিৎসালয়ত প্ৰসৱ সেৱা লাভৰ বাবে চিকিৎসা মহাবিদ্যালয় বা অন্যান্য চৰকাৰী হাস্পতালৰ সমপৰ্যায়ৰ মাচুল পৰিশোধ কৰিব লাগিব । ভৱানীপুৰ-সৰভোগ সমষ্টিৰ বিধায়ক তথা চিকিৎসালয় পৰিচালনা সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ পৌৰোহিত্যত অলপতে অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত এই ঐতিহাসিক সিদ্ধান্ত লোৱা হয় ।
সমগ্ৰ অসমতে এই নীতি প্ৰয়োগ কৰাৰ আহ্বান
উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি অধ্যক্ষ দাসে ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালক এই নীতি সমগ্ৰ অসমৰ সকলো চৰকাৰী চিকিৎসালয়তে পৰ্যায়ক্ৰমে ৰূপায়ণ কৰিবলৈ আহ্বান জনায় । তেওঁ কয়, “যিহেতু চৰকাৰে ইতিমধ্যে জনসংখ্যা নিয়ন্ত্ৰণ আৰু পৰিয়াল পৰিকল্পনাৰ ওপৰত জোৰ দিছে, সেয়েহে এনে কঠোৰ নিয়মে চৰকাৰী আঁচনিসমূহ সফল কৰাত সহায় কৰিব ।”
কৰ্তব্যত গাফিলতি কৰা চিকিৎসকক সকীয়নি
কেৱল পৰিয়াল পৰিকল্পনাই নহয়, চিকিৎসালয়খনৰ স্বাস্থ্যসেৱাৰ মান উন্নত কৰাৰ বাবেও কঠোৰ স্থিতি গ্ৰহণ কৰিছে অধ্যক্ষগৰাকীয়ে । তেওঁ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলক দায়িত্বসহকাৰে কৰ্তব্য পালন কৰিবলৈ নিৰ্দেশ দিয়ে ।
যিসকল চিকিৎসকে চৰকাৰী কৰ্তব্যত অনুপস্থিত থাকি ব্যক্তিগত ক্লিনিকত ব্যস্ত থাকে, তেওঁলোকৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায় । এনে অভিযোগসমূহ পৌৰসভাৰ সদস্য বা গাঁও পঞ্চায়তৰ প্ৰতিনিধিৰ জৰিয়তে পোনপটীয়াকৈ তেওঁৰ ওচৰলৈ প্ৰেৰণ কৰিব পৰা যাব আৰু ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে ।
লগতে পঢ়ক : ধৰ্ম প্ৰধান নহয়, মানৱতাহে শ্ৰেষ্ঠ প্ৰমাণ কৰিলে মুছলমান ৰাইজে









