অভেদ্য দুৰ্গত পৰিণত হ’ব পূৱ ভাৰতৰ আকাশ, শত্ৰুক ৰোধিবলৈ সাজু বায়ুসেনা

অভেদ্য দুৰ্গত পৰিণত হ’ব পূৱ ভাৰতৰ আকাশ, শত্ৰুক ৰোধিবলৈ সাজু বায়ুসেনা

চৰকাৰৰ এই সিদ্ধান্তই কৌশলগতভাৱে স্পৰ্শকাতৰ চীন সীমান্তৰ ওচৰত ভাৰতীয় বায়ুসেনাৰ শক্তি বহুগুণে বৃদ্ধি কৰিব । পূব ভাৰতৰ আকাশী সুৰক্ষাক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ পশ্চিমবংগ চৰকাৰে এক অত্যন্ত গুৰুত্বপূৰ্ণ তথা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে । ৰাজ্য চৰকাৰে ভাৰতীয় বায়ুসেনাৰ সামৰিক প্ৰস্তুতি আৰু ভৱিষ্যতৰ প্ৰয়োজনসমূহৰ প্ৰতি

চৰকাৰৰ এই সিদ্ধান্তই কৌশলগতভাৱে স্পৰ্শকাতৰ চীন সীমান্তৰ ওচৰত ভাৰতীয় বায়ুসেনাৰ শক্তি বহুগুণে বৃদ্ধি কৰিব ।

পূব ভাৰতৰ আকাশী সুৰক্ষাক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ পশ্চিমবংগ চৰকাৰে এক অত্যন্ত গুৰুত্বপূৰ্ণ তথা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে । ৰাজ্য চৰকাৰে ভাৰতীয় বায়ুসেনাৰ সামৰিক প্ৰস্তুতি আৰু ভৱিষ্যতৰ প্ৰয়োজনসমূহৰ প্ৰতি লক্ষ্য ৰাখি দুটাকৈ গুৰুত্বপূৰ্ণ বিমান ঘাটিৰ সম্প্ৰসাৰণৰ বাবে ভূমি আৱণ্টন কৰাৰ কথা ঘোষণা কৰিছে ।

চৰকাৰী সিদ্ধান্ত অনুসৰি, ৰাজ্যৰ বিখ্যাত হাছিমাৰা এয়াৰ ফৰ্চ ষ্টেচনৰ বাবে ২৫ একৰ আৰু কলাইকুণ্ডা এয়াৰ ফৰ্চ ষ্টেচনৰ বাবে ৩৭ একৰ ভূমি আৱণ্টন কৰা হৈছে । এই অতিৰিক্ত ভূমিয়ে কৌশলগতভাৱে স্পৰ্শকাতৰ চীন সীমান্তৰ ওচৰত ভাৰতীয় বায়ুসেনাৰ শক্তি বহুগুণে বৃদ্ধি কৰিব ।

হাছিমাৰা এয়াৰবেচ: ৰাফেল আৰু S-400 ৰ শক্তিশালী দুৰ্গ

পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাত, ভূটান সীমান্তৰ তেনেই কাষত অৱস্থিত হাছিমাৰা এয়াৰবেচ ভাৰতীয় বায়ুসেনাৰ এক অন্যতম ফৰৱাৰ্ড বেচ । এই বিমান ঘাটিৰ গুৰুত্ব অতি বিশেষ । এই ঘাটিতেই মোতায়েন আছে ভাৰতীয় বায়ুসেনাৰ আটাইতকৈ আধুনিক ৰাফেল ফাইটাৰ এয়াৰক্ৰাফ্টৰ দ্বিতীয়টো স্কোৱাড্ৰন । যিকোনো বতৰতে শত্ৰুৰ ৰাডাৰক ধূলি দি আক্ৰমণ কৰিব পৰা ৰাফেলৰ উপস্থিতিয়ে ভাৰত-চীন সীমান্তত বৰ্তমান ভাৰতক এক সুকীয়া শক্তি প্ৰদান কৰিছে ।

ইফালে এই বিমান ঘাটিত বিশ্বৰ অন্যতম শ্ৰেষ্ঠ এয়াৰ ডিফেন্স চিষ্টেম S-400 ট্ৰায়াম্ফ নিয়োগ কৰা হৈছে, যিয়ে ৪০০ কিলোমিটাৰ দূৰত্বৰ পৰাই শত্ৰুৰ বিমান, মিছাইল বা ড্ৰোন ধূলিস্যাৎ কৰিব পাৰে । উল্লেখ্য যে, ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ পিছত ১৯৬৩ চনত সক্ৰিয় কৰা এই বিমান ঘাটিটোৱে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক সংযোগ কৰা অন্যতম স্পৰ্শকাতৰ অংশ শিলিগুড়ি কৰিডৰ আৰু পূব হিমালয় অঞ্চলৰ নিৰাপত্তা নিশ্চিত কৰে ।

কি লাভ হ’ব অতিৰিক্ত ২৫ একৰ ভূমিৰ পৰা ?

চৰকাৰে প্ৰদান কৰা এই ভূমিৰ জৰিয়তে হাছিমাৰাত নতুন ৰানৱেৰ সুবিধা, আধুনিক হেংগাৰ, মেৰামতি কাৰ্যশালা আৰু সৈনিকসকলৰ বাবে উচ্চমানৰ আৱাসিক ব্যৱস্থা গঢ়ি তোলা হ’ব ।

কলাইকুণ্ডা এয়াৰবেচ : প্ৰশিক্ষণ আৰু অপাৰেচনৰ মূল কেন্দ্ৰ

পশ্চিম মেদিনীপুৰ জিলাত অৱস্থিত কলাইকুণ্ডা এয়াৰবেচ হৈছে ভাৰতীয় বায়ুসেনাৰ পূব এয়াৰ কমাণ্ডৰ এক অন্যতম বৃহৎ ফাইটাৰ আৰু প্ৰশিক্ষণ হাব । ইয়াত মূলতঃ Su-30 MKI আৰু হক ট্ৰেইনাৰ এয়াৰক্ৰাফ্টসমূহ মোতায়েন হৈ থাকে ।

এই বিমান ঘাটিটো আন্তঃৰাষ্ট্ৰীয় বিমান যুদ্ধাভ্যাসৰ বাবে বিখ্যাত । ছিংগাপুৰ এয়াৰ ফৰ্চৰ দৰে বিদেশী শক্তিৰ সৈতেও ইয়াত কেইবাটাও গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক সামৰিক অনুশীলন সম্পন্ন হৈছে । ইফালে কলাইকুণ্ডাৰ ৰানৱে প্ৰায় ১০,০০০ ফুট দীঘল, যিয়ে গধুৰ পৰিবহন বিমান আৰু যুঁজাৰু বিমান- দুয়োটাকে একেলগে চম্ভালিব পাৰে ।

নতুনকৈ লাভ কৰা ৩৭ একৰ ভূমিৰ ফলত ইয়াত লজিষ্টিক ছাপৰ্ট, আৱাসিক আৰু ডাঙৰ মেৰামতিৰ সা-সুবিধাসমূহ বৃদ্ধি কৰা হ’ব, যিয়ে শান্তিকালীন আৰু যুদ্ধকালীন— দুয়োটা সময়তে এক ‘গেম চেঞ্জাৰ’ হিচাপে কাম কৰিব ।

চীনৰ প্ৰত্যাহ্বান আৰু পূব কমাণ্ডৰ ৰণনীতি

পূব ভাৰতৰ ভৌগোলিক অৱস্থিতি অত্যন্ত স্পৰ্শকাতৰ । এই অঞ্চল ভূটান, নেপাল, বাংলাদেশ আৰু চীনৰ সীমান্ত জুৰি আছে । শেহতীয়াকৈ চীনৰ ক্ৰমবৰ্ধমান কাৰ্যকলাপৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় বায়ুসেনাই সমগ্ৰ পূব ক্ষেত্ৰতে নিজৰ উপস্থিতি সক্ৰিয় কৰি তুলিছে ।

কেৱল বিমান ঘাটিৰ সম্প্ৰসাৰণেই নহয়, বৰঞ্চ সমগ্ৰ অঞ্চলটোত নতুন ৰাডাৰ, উন্নত যোগাযোগ প্ৰণালী আৰু লজিষ্টিক নেটৱৰ্ক শক্তিশালী কৰা হৈছে । আধুনিক যুদ্ধক্ষেত্ৰত এয়াৰবেচসমূহ কেৱল বিমান উৰুওৱা স্থান হৈ থকা নাই, বৰঞ্চ এইবোৰ কমাণ্ড চেন্টাৰ, ড্ৰোন বেচ আৰু চোৰাংচোৱা গোট হিচাপে গঢ়ি তোলা হৈছে ।

উল্লেখ্য যে, ৰাফেল আৰু S-400 ৰ দৰে শক্তিশালী সামৰিক প্ৰণালীৰে সুসজ্জিত হাছিমাৰা আৰু কলাইকুণ্ডা বিমান ঘাটিৰ এই সম্প্ৰসাৰণে আঞ্চলিক প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈ ভাৰতক এক নতুন উচ্চতালৈ লৈ যাব । পশ্চিমবংগ চৰকাৰৰ এই পদক্ষেপে স্থলসেনা, নৌসেনা আৰু বায়ুসেনাৰ মাজত এক শক্তিশালী সমন্বয় ৰক্ষাতো বিশেষ সহায় কৰিব ।

লগতে পঢ়ক : শত্ৰুৰ বুকু কঁপাই দীৰ্ঘ দূৰত্বৰ ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ ভাৰতৰ