কাইলৈ ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল

কাইলৈ ঘোষণা হ’ব মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল

পুৱা ১১ বজাত ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল । জানক কেনেদৰে ফলাফল চাব আৰু ডাউনলোড কৰিব ডিজিটেল মাৰ্কশ্বীট ? হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (HSLC) কম্পাৰ্টমেণ্টেল পৰীক্ষা দিয়া শিক্ষাৰ্থীসকলৰ বাবে এটা ডাঙৰ খবৰ । অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ড (ASSEB), প্ৰথম সংমণ্ডল-এ ২০২৬ বৰ্ষৰ কম্পাৰ্টমেণ্টেল

পুৱা ১১ বজাত ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল । জানক কেনেদৰে ফলাফল চাব আৰু ডাউনলোড কৰিব ডিজিটেল মাৰ্কশ্বীট ?

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (HSLC) কম্পাৰ্টমেণ্টেল পৰীক্ষা দিয়া শিক্ষাৰ্থীসকলৰ বাবে এটা ডাঙৰ খবৰ । অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ড (ASSEB), প্ৰথম সংমণ্ডল-এ ২০২৬ বৰ্ষৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিন প্ৰকাশ কৰিলে । বোৰ্ডৰ চৰকাৰী জাননী অনুসৰি, অহা ২৩ জুনৰ পুৱা ১১ বজাত এই ফলাফলসমূহ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব ।

২০২৬ বৰ্ষৰ মে’ আৰু জুন মাহত অনুষ্ঠিত হোৱা এই কম্পাৰ্টমেণ্টেল পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে অনলাইনযোগে ডিজিটেল ফলাফল গেজেট আৰু মাৰ্কশ্বীট লাভ কৰিব পাৰিব ।

অনলাইনত কেনেকৈ পৰীক্ষা কৰিব ফলাফল ?

পৰীক্ষাৰ্থীসকলে ঘৰতে বহি মোবাইল বা কম্পিউটাৰৰ জৰিয়তে তলত দিয়া পদক্ষেপসমূহ অনুসৰণ কৰি নিজৰ ফলাফল পৰীক্ষা কৰিব পাৰিব :

-প্ৰথমে বোৰ্ডৰ অফিচিয়েল ৱেবছাইটলৈ যাওক ।

-হোমপেজত থকা ‘HSLC Compartmental Result 2026’ লিংকত ক্লিক কৰক ।

-এতিয়া আপোনাৰ ৰ’ল নম্বৰ আৰু জন্মৰ তাৰিখ এন্ট্ৰি কৰক ।

-‘Submit’ বুটামত বুটাম টিপাৰ লগে লগে আপোনাৰ স্ক্ৰীণত ডিজিটেল মাৰ্কশ্বীটখন ওলাই পৰিব ।

-ভৱিষ্যতৰ প্ৰয়োজনৰ বাবে মাৰ্কশ্বীটখন ডাউনলোড কৰি এটা প্ৰিণ্টআউট ৰাখি থওক ।

ৱেবছাইটৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলে গুগল প্লে’ ষ্ট’ৰত উপলব্ধ ‘ASSEB Results’ ম’বাইল এপ্লিকেশ্বন ডাউনলোড কৰিও অতি সহজে নিজৰ ফলাফল লাভ কৰিব পাৰিব ।

ডিজিটেল মাৰ্কশ্বীটৰ ভিত্তিতেই হ’ব একাদশ শ্ৰেণীৰ নামভৰ্তি

বোৰ্ডে স্পষ্ট কৰি দিছে যে ২০২০ চনৰ ১১ মে’ৰ চৰকাৰী জাননী অনুসৰি, এই অনলাইন বা ডিজিটেল নম্বৰপত্ৰৰ ভিত্তিতেই শিক্ষাৰ্থীসকলে একাদশ শ্ৰেণীত নামভৰ্তি কৰিব পাৰিব । চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানসমূহক অফিচিয়েল ৱেবছাইট আৰু ডিজিটেল ফলাফল গেজেটৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ ফলাফলসমূহ পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

স্কুললৈ পঠিওৱা নহয় হাৰ্ড কপি

ASSEB-এ জনোৱা মতে, এইবাৰ বিদ্যালয়সমূহলৈ ফলাফল গেজেটৰ কোনো হাৰ্ড কপি (প্ৰিণ্ট কৰা কপি) ডাকযোগে বা অন্য উপায়েৰে বিতৰণ কৰা নহয় । অৱশ্যে, পৰীক্ষাত উত্তীৰ্ণ হোৱা সফল পৰীক্ষাৰ্থীসকলক পৰৱৰ্তী সময়ত বোৰ্ডৰ তৰফৰ পৰা আচল প্ৰমাণপত্ৰ-সহ-নম্বৰপত্ৰ প্ৰদান কৰা হ’ব ।

লগতে পঢ়ক : অসমৰ ৪০ হাজাৰ স্কুলত আৰম্ভ হ’ব ‘অলিম্পিক মূল্যবোধ শিক্ষা’: মুখ্যমন্ত্ৰীৰ ঘোষণা