'দেশদ্ৰোহীক টিকট দিয়াটো ভুল আছিল, জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰিছো'; উদ্ধৱ ঠাকৰে

‘দেশদ্ৰোহীক টিকট দিয়াটো ভুল আছিল’; বিজেপিক তীক্ষ্ণ সমালোচনা উদ্ধৱ ঠাকৰেৰ

মুম্বাইৰ ভাণ্ডুপত এক সমাৱেশত উদ্ধৱ ঠাকৰে বিদ্ৰোহী সাংসদ, বিজেপি, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়। মুম্বাইৰ ভাণ্ডুপত বিদ্ৰোহী সাংসদ সঞ্জয় দিনা পাটিলৰ গড়ত আয়োজিত এক সমাৱেশক সম্বোধন কৰি শিৱসেনা (ইউবিটি) প্ৰধান উদ্ধৱ ঠাকৰেই বিদ্ৰোহী নেতা আৰু বিজেপিৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়। তেওঁ সমাৱেশত

মুম্বাইৰ ভাণ্ডুপত এক সমাৱেশত উদ্ধৱ ঠাকৰে বিদ্ৰোহী সাংসদ, বিজেপি, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়।

মুম্বাইৰ ভাণ্ডুপত বিদ্ৰোহী সাংসদ সঞ্জয় দিনা পাটিলৰ গড়ত আয়োজিত এক সমাৱেশক সম্বোধন কৰি শিৱসেনা (ইউবিটি) প্ৰধান উদ্ধৱ ঠাকৰেই বিদ্ৰোহী নেতা আৰু বিজেপিৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়। তেওঁ সমাৱেশত সমবেত হোৱা ৰাইজক   কয়, ‘মোৰ সন্মুখত কেৱল শিৱসৈনিকসকল থিয় হৈ থকা নাই, বৰঞ্চ জ্বলি থকা জোৰবোৰহে থিয় হৈ আছে।’

উদ্ধৱ ঠাকৰেই কয়, ‘মই বিশ্বাসঘাতকসকল আৰু তেওঁলোকৰ প্ৰভুসকলক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে এই জোৰবোৰ পুনৰ জ্বলাই দিলে। মই দলৰ প্ৰতিষ্ঠা দিৱসত যি প্ৰতিশ্ৰুতি দিছিলোঁ, এতিয়া সেই অনুসৰি কাম কৰিবলৈ আৰম্ভ কৰিছোঁ। য’ত য’ত বিশ্বাসঘাটকতা হৈছে, মই নিজে সেইবোৰ ঠাইলৈ গৈ ভোটাৰসকলৰ ওচৰত ক্ষমা খুজিছোঁ।’

তেওঁ কয় যে দল সলনি কৰা সাংসদসকলক জনসাধাৰণে শিৱসেনা আৰু জোৰ নিৰ্বাচনী প্ৰতীকটো দেখিয়েই নিৰ্বাচিত কৰিছিল। তেওঁলোকক প্ৰাৰ্থী কৰাটো আমাৰ ভুল আছিল আৰু তাৰ বাবে মই আপোনালোক সকলোৰে ওচৰত ক্ষমা খুজিছোঁ। উদ্ধৱ ঠাকৰেই কয় যে শিৱসেনাক বহুবাৰ ভাঙিবলৈ আৰু দুৰ্বল কৰিবলৈ চেষ্টা কৰা হৈছিল। তেওঁ অভিযোগ কৰে যে বিজেপিয়ে সদায় শিৱসেনাক ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰি আহিছে, আনহাতে কংগ্ৰেছে কেতিয়াও তেনে চেষ্টা কৰা নাই।

তেওঁ কয়, ‘আমি ৩০ বছৰ ধৰি কংগ্ৰেছৰ বিৰুদ্ধে যুঁজ দিলোঁ, কিন্তু তেওঁলোকে কেতিয়াও আমাৰ নেতাসকলক চুৰি কৰিবলৈ বা শিৱসেনাক তেনেদৰে ধ্বংস কৰিবলৈ চেষ্টা কৰা নাছিল, যেনেকৈ বিজেপিয়ে কৰিলে। যেতিয়া বিজেপিক ৰাজপথত কোনেও সোধা নাছিল, তেতিয়া আমি তেওঁলোকৰ হাত ধৰি ডাঙৰ-দীঘল কৰিছিলোঁ। সেই সময়ত সমগ্ৰ দেশতে তেওঁলোকৰ মাত্ৰ দুজনহে সাংসদ আছিল। বিজেপিৰ নিজা একো নাই। এইটো আনৰ সন্তান চুৰি কৰি ডাঙৰ হোৱা এটা দল।’

উদ্ধৱ ঠাকৰেই কয় যে যিসকলে যুঁজিব খোজে, তেওঁলোকে মুকলি পথাৰলৈ আহি যুঁজক। তেওঁ নাম নোলোৱাকৈয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক লক্ষ্য কৰি কয়, ‘কালি এজন বাহিৰৰ লোক কোলহাপুৰলৈ আহিছিল। মই তেওঁক ক’ব বিচাৰোঁ যে শিৱসেনা এটাই আৰু সেয়া মোৰ, আমাৰ আৰু বালাসাহেবৰ। বিজেপিত যিকোনো লোকেই নেতা হ’ব পাৰে। কিন্তু বাহিৰৰ মানুহে থিৰাং কৰিব নোৱাৰে যে শিৱসেনাক কোনে নেতৃত্ব দিব। মানুহে আপোনাক কেৱল সেই চকীখনৰ বাবেহে ভয় কৰে যিখন চকীত আপুনি বৰ্তমান বহি আছে। চকীখন আঁতৰি যোৱাৰ লগে লগে আপোনাৰ কোনো পৰিচয় বাকী নাথাকিব।’

উদ্ধৱ ঠাকৰেই বিদ্ৰোহী সাংসদসকলক কটাক্ষ কৰি কয়, ‘মই এই বিশ্বাসঘাতকসকলক সুধিব বিচাৰোঁ যে তেওঁলোকৰ দাড়ি নিজৰ নে সেইখনো ভাড়া কৰা? আপুনি দাড়ি ভাড়া কৰিব পাৰে, গাড়ী ভাড়া কৰিব পাৰে, চকী ভাড়া কৰিব পাৰে, কিন্তু আপোনাৰ বাবে প্ৰাণ আহুতি দিবলৈ সাজু থকা এনে বিশ্বাসী মানুহ কেতিয়াও কিনিব নোৱাৰে। যদি তেওঁলোকে টিকট নাপালেহেঁতেন, তেন্তে তেওঁলোক সাংসদ হ’ব পাৰিলেহেঁতেননে? আৰু যদি সাংসদ নহ’লহেঁতেন, তেন্তে কৃষকে নিশ্চিত মূল্য পালেহেঁতেননে? সন্মান পাবলৈয়ো যোগ্যতাৰ প্ৰয়োজন।’

উদ্ধৱে কয় যে বিজেপিয়ে শিৱসেনাৰ পিঠিত ছুৰীকাঘাত কৰিলে আৰু প্ৰতিশ্ৰুতি ভংগ কৰিলে। তেওঁ দাবী কৰে যে কৃষকৰ ঋণ ৰেহাইৰ প্ৰতিশ্ৰুতি তেওঁলোকৰ চৰকাৰেহে পূৰণ কৰিছিল। তেওঁ প্ৰত্যাহ্বান জনাই কয় যে যদি বিজেপিয়ে অহা নিৰ্বাচনত এই আসনখন এৰি দিব বিচাৰিছে, তেন্তে এতিয়াই ঘোষণা কৰক যে এই আসনখন একনাথ শিন্দেক দিয়া হৈছে। শিৱসেনা (ইউবিটি) প্ৰধানে অভিজিৎ দিপকেৰ চিজেপি (CJP)ৰ কথা উল্লেখ কৰি কয়, ‘এই পঁইতাচোৰাবোৰে বিজেপিৰ অহংকাৰ ভাঙি চুৰমাৰ কৰি দিছে। তেওঁলোকৰ সদস্য সংখ্যা বিজেপিতকৈও বেছি।’

লগতে পঢ়ক: ‘শিৱসেনাৰ বেলেগ  ফৈদ নাই’… উদ্ধৱ থাকৰেক তীক্ষ্ণ সমালোচনা অমিত শ্বাহৰ

শেহতীয়া প্ৰৱন্ধসমূহ