'ইৰাণে লেবাননত নিজৰ প্ৰক্সি বন্ধ কৰিব লাগে, নহ'লে বিধ্বংসী ৰূপ ধাৰণ কৰিম'; ট্ৰাম্পৰ পুনৰ সকীয়নি

‘ইৰাণে লেবাননত প্ৰক্সি বন্ধ কৰিব লাগে, নহ’লে বিধ্বংসী ৰূপ ধাৰণ কৰিম’; ড’নাল্ড ট্ৰাম্পৰ পুনৰ সকীয়নি

চুইজাৰলেণ্ডত চলি থকা আমেৰিকা-ইৰাণৰ আলোচনাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণ আৰু ইয়াৰ মিত্ৰ সংস্থা হিজবুল্লাহ সন্দৰ্ভত এক অতি কঠোৰ সতৰ্কবাণী জাৰি কৰিছে। ড’নাল্ড ট্ৰাম্পে দেওবাৰে ইৰাণক এক কঠোৰ সকীয়নি দি কয় যে যদিহে তেওঁলোকে নিজৰ প্ৰক্সি গোট হিজবুল্লাহক নিয়ন্ত্ৰণ নকৰে, তেন্তে আমেৰিকাই পুনৰ সামৰিক

চুইজাৰলেণ্ডত চলি থকা আমেৰিকা-ইৰাণৰ আলোচনাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণ আৰু ইয়াৰ মিত্ৰ সংস্থা হিজবুল্লাহ সন্দৰ্ভত এক অতি কঠোৰ সতৰ্কবাণী জাৰি কৰিছে।

ড’নাল্ড ট্ৰাম্পে দেওবাৰে ইৰাণক এক কঠোৰ সকীয়নি দি কয় যে যদিহে তেওঁলোকে নিজৰ প্ৰক্সি গোট হিজবুল্লাহক নিয়ন্ত্ৰণ নকৰে, তেন্তে আমেৰিকাই পুনৰ সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। এই বক্তব্য এনে এক সময়ত আহিছে যেতিয়া ছুইজাৰলেণ্ডত আমেৰিকা আৰু ইৰাণৰ মাজত উত্তেজনা হ্ৰাস কৰাৰ বাবে উচ্চ পৰ্যায়ৰ বাৰ্তালাপ অব্যাহত আছে। সংবাদ মাধ্যমৰ সৈতে ফোনত হোৱা এক বাৰ্তালাপত ট্ৰাম্পে ইৰাণে হৰমুজ প্ৰণালী বন্ধ কৰি দিয়াৰ ভাবুকিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে প্ৰয়োজন হ’লে আমেৰিকাই এই কৌশলগত সামুদ্ৰিক পথটোৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ ল’ব পাৰে।

ফক্স নিউজৰ প্ৰতিবেদন অনুসৰি ট্ৰাম্পে কয়, ‘প্ৰয়োজন হ’লে আমি হৰমুজ প্ৰণালীৰ নিয়ন্ত্ৰণ আমাৰ হাতলৈ ল’ব পাৰোঁ। ইয়াৰ অৰ্থ হ’ব যে তাৰ মাজেৰে পাৰ হৈ যোৱা ২০ শতাংশ তেলৰ ওপৰত আমেৰিকাৰ নিয়ন্ত্ৰণ থাকিব।’ তেওঁ কয় যে যদিহে ইৰাণে আলোচনাক লৈ গুৰুত্ব প্ৰদান নকৰে, তেন্তে আমেৰিকাৰ হাতত বহু বিকল্প মজুত আছে। ট্ৰাম্পে কয়, ‘যদি তেওঁলোকে চুক্তি নকৰে, তেন্তে আমি তেওঁলোকৰ পৰা টোল সংগ্ৰহ কৰিম। মোৰ হাতত ৬০ দিনৰ বিকল্প আছে। তাৰ পিছত মই যি বিচাৰোঁ তাকেই কৰিব পাৰোঁ।’

তেওঁ দাবী কৰে যে ইৰাণৰ সৈতে স্বাক্ষৰিত বুজাবুজি চুক্তি (MoU)-ৰ বাবেই ২০ জুনত পাৰস্য উপসাগৰৰ পৰা ১.৯ কোটি বেৰেল খাৰুৱা তেল ওলাই আহিবলৈ সক্ষম হয়। ট্ৰাম্পে ইজৰাইলকো সমালোচনা কৰি কয় যে তেওঁলোকে হিজবুল্লাহক ফলপ্ৰসূভাৱে নিঃশেষ কৰিব পৰা নাই। তেওঁ কয়, ‘মই হতাশ যে ইজৰাইলে হিজবুল্লাহক ধ্বংস কৰিব পৰা নাই। তেওঁলোকে অট্টালিকা ধ্বংস নকৰাকৈ একো কৰিব নোৱাৰে। মই এই দায়িত্ব ছিৰিয়াক অৰ্পণ কৰাৰ ওচৰ পাইছোঁগৈ, কাৰণ তেওঁলোকে অধিক নিখুঁতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।’

ট্ৰাম্পে কয় যে বৰ্তমান আটাইতকৈ ডাঙৰ বিষয়টো হৈছে ইৰাণ আৰু যদি এই বিষয়টো সমাধান হয়, তেন্তে অঞ্চলটোৰ অন্যান্য বহু বিবাদো আপোনা-আপুনি সমাধান হৈ যাব পাৰে। ইফালে, ট্ৰাম্পে তেওঁৰ ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছচিয়েল’ত ইৰাণক লৈ আন এক কঠোৰ বাৰ্তা প’ষ্ট কৰে। তেওঁ লিখে, ‘ইৰাণে লেবাননত নিজৰ বৃহৎ ধন লাভ কৰা প্ৰক্সি গোটসমূহক তাৎক্ষণিকভাৱে বন্ধ কৰিব লাগিব। যদি তেনে নহয়, তেন্তে আমি ইৰাণৰ ওপৰত পুনৰ এক ডাঙৰ আক্ৰমণ কৰিম, যোৱা সপ্তাহতকৈও অধিক শক্তিৰে।’

এই মাহৰ আৰম্ভণিতে দুয়োখন দেশে এখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছিল, যাৰ অধীনত ৬০ দিনৰ বাবে আঞ্চলিক নিৰাপত্তা, হৰমুজ প্ৰণালী, ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী আৰু বিভিন্ন পৰ্যায়ত যুদ্ধবিৰতিক লৈ আলোচনা অনুষ্ঠিত হ’ব লগা আছে। ইৰাণৰ সৈতে ছুইজাৰলেণ্ডত চলি থকা আলোচনাত আমেৰিকাৰ প্ৰতিনিধি দলৰ নেতৃত্ব দিয়া উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে সংবাদ মাধ্যমৰ আগত কয় যে লেবাননত যুদ্ধবিৰতি বজায় ৰখাৰ দিশত বিগত কেইটামান দিনত ভাল প্ৰগতি হৈছে, যদিও পৰিস্থিতি এতিয়াও স্পৰ্শকাতৰ হৈ আছে।

ভেন্স-এ কয়, ‘এনেধৰণৰ যুদ্ধবিৰতি সদায় অলপ জটিল হয়, কিন্তু লেবাননত যুদ্ধবিৰতি যাতে বাহাল থাকে সেয়া নিশ্চিত কৰাত আমি ভাল সফলতা লাভ কৰিছোঁ।’ তেওঁ কয় যে ট্ৰাম্প প্ৰশাসনে সমগ্ৰ মধ্য প্ৰাচ্যত এক ব্যাপক শান্তি চুক্তি বিচাৰে আৰু লেবাননৰ যুদ্ধবিৰতিক সেই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি গণ্য কৰে। ভেন্স-এ লগতে কয় যে আমেৰিকাই ইৰাণৰ সৈতে সম্পৰ্কৰ এক নতুন আৰম্ভণি কৰিব খোজে, যদিহে তেহৰানে (ইৰানে) সেই নীতিসমূহ ত্যাগ কৰে যিবোৰক ৱাশ্বিংটনে আঞ্চলিক অস্থিৰতাৰ কাৰণ বুলি গণ্য কৰে।

আনহাতে, ইৰাণে স্পষ্ট কৰি দিছে যে যেতিয়ালৈকে তেওঁলোকৰ কিছুমান প্ৰধান চৰ্ত পূৰণ নহয়, তেতিয়ালৈকে তেওঁলোকে আলোচনাৰ পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়ি নাযায়। তেহৰানৰ মতে লেবাননৰ ওপৰত ইজৰাইলৰ আক্ৰমণ বন্ধ হ’ব লাগিব, তেতিয়াহে পাৰমাণৱিক কাৰ্যসূচীসহ অন্যান্য গুৰুত্বপূৰ্ণ বিষয়ত সাৰ্থক আলোচনা সম্ভৱ হ’ব। ইৰাণৰ বিষয়াসকলে আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহে দিয়া অৰ্থনৈতিক প্ৰতিশ্ৰুতিসমূহ কাৰ্যকৰী কৰাৰো দাবী জনাইছে। ইৰাণৰ অভিযোগ যে আমেৰিকাই লেবাননত চলি থকা সংঘাত ৰোধ কৰাত ব্যৰ্থ হৈছে, য’ত মাৰ্চ মাহৰ পৰা ইজৰাইল আৰু হিজবুল্লাহৰ মাজত ধাৰাবাহিকভাৱে আক্ৰমণ-প্ৰত্যাক্ৰমণ চলি আছে।

লগতে পঢ়ক: অন্ত পৰিল আমেৰিকা-ইৰাণৰ শান্তি আলোচনাৰ প্ৰথম পৰ্যায়ৰ বৈঠক