এগৰাকী হিন্দু যুৱকৰ মৃত্যুত চুবুৰীয়া মুছলমান সম্প্ৰদায়ৰ লোকসকলে দেখুৱালে মানৱতাৰ অপূৰ্ব নিদৰ্শন । ধৰ্ম নহয় মানৱতাহে শ্ৰেষ্ঠ এই কথাই প্ৰমাণ কৰি দেখুৱালে এইসকল লোকে ।
সাম্প্ৰতিক সময়ত যি সময়ত ধৰ্মীয় মেৰুকৰণ আৰু অসহিঞ্চুতাৰ খবৰে সততে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে, ঠিক তেনে সময়তে অসমৰ বঙাইগাঁও জিলাৰ পৰা আহিছে সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক অনন্য আৰু হৃদয়স্পৰ্শী নিদৰ্শন । ধৰ্ম যিয়েই নহওক কিয়, বিপদে-আপদে যে ‘মানুহেই মানুহৰ বাবে’- সেই কথা পুনৰ এবাৰ প্ৰমাণ কৰিলে অভয়াপুৰীৰ একাংশ ইছলামধৰ্মী লোকে । ধৰ্মীয় প্ৰাচীৰ ভাঙি তেওঁলোকে সমাজলৈ প্ৰেৰণ কৰিলে মানৱতাৰ এক মহান বাৰ্তা ।
প্ৰতীক ভৌমিকৰ আকস্মিক মৃত্যু-
ঘটনাটো সংঘটিত হৈছে বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম সমষ্টিৰ অন্তৰ্গত অভয়াপুৰীৰ আমবাৰী-পাৰেৰচৰ গাঁৱত । গাঁৱৰে বাসিন্দা এজন হিন্দু যুৱক, প্ৰতীক ভৌমিকৰ আকস্মিক মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলায় । যুৱকজনৰ মৃত্যুত শোকস্তব্ধ হৈ পৰে তেওঁৰ পৰিয়াল । এক মুছলমান সংখ্যাগৰিষ্ঠ এলেকাত বসবাস কৰা এই হিন্দু পৰিয়ালটোৱে যেন পুত্ৰহাৰা হৈ দিশহাৰা হৈ পৰিছিল ।
কাষত থিয় হ’ল ইছলামধৰ্মী চুবুৰীয়া-
কিন্তু শোকৰ এই কঠিন সময়ত পৰিয়ালটোক অকলশৰীয়া হ’বলৈ নিদিলে তেওঁলোকৰ ইছলামধৰ্মী চুবুৰীয়াসকলে । ধৰ্মীয় বৈষম্য বা মেৰুকৰণক নেওচি, শোকাকুল পৰিয়ালটোৰ কাষলৈ ঢপলিয়াই আহিল স্থানীয় মুছলমান সম্প্ৰদায়ৰ লোকসকল । তেওঁলোকে কেৱল সান্ত্বনাই নহয়, বৰং মৃত যুৱকজনৰ শেষকৃত্যৰ সকলো দায়িত্ব নিজৰ কান্ধত তুলি ল’লে ।
কান্ধত কান্ধ মিলাই হিন্দু ৰীতিৰে শ্মশানত শেষকৃত্য
ধৰ্ম প্ৰধান নহয়, মানৱতাহে যে আটাইতকৈ ডাঙৰ ধৰ্ম- তাক কাৰ্যক্ষেত্ৰত প্ৰমাণ কৰি চুবুৰীয়া ইছলামধৰ্মী লোকসকল একত্ৰিত হৈ প্ৰতীক ভৌমিকৰ মৃতদেহ নিজৰ কান্ধত তুলি ল’লে । কেৱল সেয়াই নহয়, সম্পূৰ্ণ হিন্দু ধৰ্মীয় ৰীতি-নীতি আৰু পৰম্পৰা অনুসৰি ৰাজহুৱা শ্মশানত যুৱকজনৰ অন্ত্যেষ্টিক্ৰিয়া আৰু শৱদাহ কাৰ্যও সম্পন্ন কৰে ।
যি সময়ত ধৰ্মৰ নামত সমাজখনক বিভক্ত কৰাৰ চেষ্টা চলোৱা হয়, তেনে সময়ত এইসকল লোকে হিন্দু মন্ত্ৰোচ্চাৰণ আৰু পৰম্পৰাৰ মাজত শ্মশান যাত্ৰা কৰা এই দৃশ্যই তাত উপস্থিত থকা প্ৰতিজন লোকৰ চকু সেমেকাই তুলিছিল ।
সমগ্ৰ অঞ্চলজুৰি ভূয়সী প্ৰশংসা
ধৰ্মৰ প্ৰাচীৰ ভাঙি আগবঢ়োৱা এই মহান আৰু মানৱীয় কাৰ্যই এতিয়া সমগ্ৰ অঞ্চলটোৰ লগতে ছচিয়েল মিডিয়াটো দৃষ্টি আকৰ্ষণ কৰিছে । সমাজৰ সচেতন মহলে গাঁৱৰ ৰাইজৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে । বহুতেই ইয়াক সম্প্ৰদায়সমূহৰ মাজত সহাৱস্থান, সামাজিক সংহতি আৰু পাৰস্পৰিক শ্ৰদ্ধাৰ এক উৎকৃষ্ট আৰু কালজয়ী উদাহৰণ হিচাপে অভিহিত কৰিছে ।
লগতে পঢ়ক : পুনৰ অসমৰ ৰাজনীতিত বদৰুদ্দিন আজমল; বিধায়কৰূপে ললে শপত









