৬ জুলাইলৈ স্থগিত সন্ধ্যা থিয়েটাৰৰ পদপৃষ্টৰ ঘটনা; আদালতত হাজিৰ হ’ব লাগিব অল্লু অৰ্জুন

সন্ধ্যা থিয়েটাৰৰ পদপৃষ্টৰ ঘটনা; আদালতত হাজিৰ হ’ব লাগিব অল্লু অৰ্জুন

অল্লু অৰ্জুনৰ ছবি পুষ্পা ২ৰ প্ৰিমিয়াৰৰ সময়ত হোৱা পদপৃষ্ঠ ঘটনাৰ গোচৰৰ শুনানি ৬ জুলাইলৈ স্থগিত ৰখা হৈছে। হায়দৰাবাদৰ নামপল্লীৰ অপৰাধমূলক আদালতে সোমবাৰে সন্ধ্যা থিয়েটাৰত সংঘটিত হোৱা পদপৃষ্ট ঘটনাৰ গোচৰৰ শুনানি ৬ জুলাইলৈ স্থগিত ৰাখে। এই ঘটনাত অভিযুক্ত হিচাপে নাম অন্তৰ্ভুক্ত থকাসকলৰ ভিতৰত অভিনেতা অল্লু অৰ্জুনো

অল্লু অৰ্জুনৰ ছবি পুষ্পা ২ৰ প্ৰিমিয়াৰৰ সময়ত হোৱা পদপৃষ্ঠ ঘটনাৰ গোচৰৰ শুনানি ৬ জুলাইলৈ স্থগিত ৰখা হৈছে।

হায়দৰাবাদৰ নামপল্লীৰ অপৰাধমূলক আদালতে  সোমবাৰে সন্ধ্যা থিয়েটাৰত সংঘটিত হোৱা পদপৃষ্ট ঘটনাৰ গোচৰৰ শুনানি ৬ জুলাইলৈ স্থগিত ৰাখে। এই ঘটনাত অভিযুক্ত হিচাপে নাম অন্তৰ্ভুক্ত থকাসকলৰ ভিতৰত অভিনেতা অল্লু অৰ্জুনো অন্যতম।দৰাচলতে একাংশ অভিযুক্ত মেজিষ্ট্ৰেটৰ সন্মুখত হাজিৰ নোহোৱাৰ বাবে শুনানি পিছুৱাই দিয়া হয়। ইফালে, অল্লু অৰ্জুনে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ভাৰ্চুৱেলকৈ আদালতৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে বুলি জানিব পৰা গৈছে।

সন্ধ্যা থিয়েটাৰ কৰ্তৃপক্ষৰ হৈ হাজিৰ হোৱা অধিবক্তা ভানু চান্দৰে আদালতৰ বাহিৰত সংবাদ মাধ্যমৰ আগত কয়, “আজি কমিটেল বণ্ড দাখিল কৰিবলৈ নামপল্লীৰ মেজিষ্ট্ৰেটৰ সন্মুখত হাজিৰ হোৱাৰ দিন আছিল। কিন্তু ২৩ জন সদস্যৰ ভিতৰত ২১ বা ২২ জন হাজিৰ হৈছে; ১ বা ২ জন অনুপস্থিত আছে।” তেওঁ লগতে কয়, “সেইবাবেই ছেচন আদালতৰ গোচৰ পঞ্জীয়নৰ পৰৱৰ্তী পদক্ষেপৰ বাবে ইয়াক ৬ জুলাইলৈ দিন ধাৰ্য কৰা হৈছে। পৰৱৰ্তী শুনানিৰ বাবে ২৩ জন অভিযুক্ত একেলগে আদালতত হাজিৰ হ’ব লাগিব।”

চিক্কাদপল্লী আৰক্ষীয়ে অল্লু অৰ্জুনক ১১ নম্বৰ অভিযুক্ত হিচাপে নামকৰণ কৰাৰ বিপৰীতে সন্ধ্যা থিয়েটাৰৰ পৰিচালন সমিতিক ১ ৰ পৰা ১০ নম্বৰ অভিযুক্ত হিচাপে তালিকাভুক্ত কৰিছে। নামপল্লী আদালতে ১৯ গৰাকী অভিযুক্তলৈ চমন জাৰি কৰিছে আৰু আৰক্ষীয়ে ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত ২৩ জন ব্যক্তিৰ বিৰুদ্ধে অভিযোগনামা (chargesheet) দাখিল কৰিছে।

২০২৪ চনৰ ৪ ডিচেম্বৰত হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত ‘পুষ্পা ২’ৰ এক বিশেষ বেনিফিট শ্ব’ৰ সময়ত এই  ঘটনাটো সংঘটিত হৈছিল।

এই অনাকাংক্ষিত ঘটনাত ৰেৱতী নামৰ এগৰাকী মহিলাই প্ৰাণ হেৰুৱাইছিল আৰু তেওঁৰ পুত্ৰ শ্ৰী তেজা গুৰুতৰভাৱে আহত হৈছিল। ছবিখনৰ প্ৰিমিয়াৰৰ সময়ত অভিনেতাগৰাকীক চাবলৈ ছবিগৃহৰ বাহিৰত এক বিশাল জনসমাগমে ভিৰ কৰাৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছিল। অল্লু অৰ্জুনে গাড়ীৰ পৰা অনুৰাগীসকললৈ হাত জোকাৰি থকাৰ সময়তে পৰিস্থিতি ক্ৰমান্বয়ে নিয়ন্ত্ৰণৰ বাহিৰ হৈ পৰে। এই বিশৃংখলতাৰ মাজতে ৰেৱতীয়ে কৰুণভাৱে প্ৰাণ হেৰুৱায় আৰু তেওঁৰ পুত্ৰ শ্ৰী তেজা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়, যাৰ ফলত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

পীড়িত পৰিয়ালটোক সহায় কৰিবলৈ অল্লু অৰ্জুনে আৰ্থিক সাহায্যও আগবঢ়ায়। তেওঁৰ পিতৃ তথা চলচ্চিত্ৰ প্ৰযোজক অল্লু অৰবিন্দে এই ঘটনাত কৰুণভাৱে মৃত্যুবৰণ কৰা ৰেৱতীৰ পৰিয়ালটোক সহায় কৰিবলৈ ২ কোটি টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল।

লগতে পঢ়ক: দিলজিৎ দোছাঞ্জত অনুষ্ঠানত অঘটন; মঞ্চত উঠিল খালিস্তান সমৰ্থক