কাটাৰ গেছ টাৰ্মিনেলত ভয়ংকৰ বিস্ফোৰণ; ১৮ জন লোক নিৰুদ্দেশ

কাটাৰৰ গেছ টাৰ্মিনেলত ভয়ংকৰ বিস্ফোৰণ; ১৮ জন লোক নিৰুদ্দেশ

দেওবাৰে নিশা কাটাৰৰ ৰপ্তানি টাৰ্মিনেলত কামৰ সময়ত ‘বৰজান’ গেছ যোগান প্লাণ্টত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। কাটাৰৰ ৰাছ লাফানত থকা এটা প্ৰধান প্ৰাকৃতিক গেছ ৰপ্তানি টাৰ্মিনেলত দেওবাৰে নিশা এক প্ৰচণ্ড বিস্ফোৰণ ঘটে। ইৰাণৰ আক্ৰমণৰ পিছত কৰ্মচাৰীসকলে টাৰ্মিনেলটো পুনৰ আৰম্ভ কৰিবলৈ চেষ্টা কৰাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত

দেওবাৰে নিশা কাটাৰৰ ৰপ্তানি টাৰ্মিনেলত কামৰ সময়ত ‘বৰজান’ গেছ যোগান প্লাণ্টত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়।

কাটাৰৰ ৰাছ লাফানত থকা এটা প্ৰধান প্ৰাকৃতিক গেছ ৰপ্তানি টাৰ্মিনেলত দেওবাৰে নিশা এক প্ৰচণ্ড বিস্ফোৰণ ঘটে। ইৰাণৰ আক্ৰমণৰ পিছত কৰ্মচাৰীসকলে টাৰ্মিনেলটো পুনৰ আৰম্ভ কৰিবলৈ চেষ্টা কৰাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়। প্ৰচণ্ড বিস্ফোৰণৰ ফলত  ভয়াৱহ অগ্নিকাণ্ডৰ সংঘটিত হয়, য’ত প্ৰায় ৫৪ জন লোক আহত হোৱাৰ লগতে প্ৰায় ১৮ জন লোক কেইবা ঘণ্টাধৰি নিৰুদ্দেশ হৈ আছিল। উদ্ধাৰকাৰী দলে ঘটনাস্থলীত একেৰাহে অভিযান চলাই আছে।

কাটাৰৰ চৰকাৰী কোম্পানী ‘কটাৰএনাৰ্জী’ (QatarEnergy)ৰ মতে, ৰপ্তানি টাৰ্মিনেলত কাম চলি থকাৰ সময়তে দেওবাৰে নিশা ‘বৰজান’ গেছ যোগান প্ৰকল্পত এক ভয়ংকৰ বিস্ফোৰণ ঘটে । টাৰ্মিনেলত হোৱা বিস্ফোৰণৰ ফলত হোৱা ক্ষতিৰ কোনো নিশ্চিত তথ্য এতিয়ালৈকে পোহৰলৈ অহা নাই।

কাটাৰ বিশ্বৰ অন্যতম শীৰ্ষ প্ৰাকৃতিক গেছ উৎপাদক দেশ, গতিকে ইয়াৰ ঔদ্যোগিক অঞ্চলত হোৱা এই বৃহৎ বিস্ফোৰণৰ প্ৰভাৱ বিশ্বজোৰা শক্তি বজাৰতো পৰিব পাৰে। আনহাতে, ইৰাণৰ দ্বাৰা হৰমুজ প্ৰণালী বন্ধ কৰি দিয়াৰ বাবে কাটাৰে নিজৰ গ্ৰাহকসকলক গেছ যোগান ধৰিব পৰা নাছিল, যাৰ বাবে কাটাৰে নিজৰ উৎপাদন বন্ধ কৰি দিছিল।

বিষয়াসকলৰ মতে, মাৰ্চ মাহত এখন ইৰাণী মিছাইল ‘ৰাছ লাফান’ত খুন্দা খাইছিল, যাৰ ফলত তাত ভয়াৱহ অগ্নিকাণ্ড আৰু বৃহৎ ক্ষতি হৈছিল। ইৰাণৰ ধাৰাবাহিক আক্ৰমণৰ বাবে কাটাৰে ইতিমধ্যে তাত গেছ উৎপাদন বন্ধ কৰি দিছিল। এতিয়া আমেৰিকা আৰু ইৰাণৰ মাজত আলোচনা আৰু হৰমুজত শিথিলতা অনাৰ বাবে পশ্চিম এছিয়াৰ পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনাৰ মাজতে কাটাৰে পুনৰ নিজৰ ৰপ্তানি টাৰ্মিনেলটো কাৰ্যক্ষম কৰাৰ কাম আৰম্ভ কৰিছিল। এই সময়ছোৱাতে এই ডাঙৰ দুৰ্ঘটনাটো সংঘটিত হয়।

লগতে পঢ়ক: ‘ইৰাণে লেবাননত প্ৰক্সি বন্ধ কৰিব লাগে, নহ’লে বিধ্বংসী ৰূপ ধাৰণ কৰিম’; ড’নাল্ড ট্ৰাম্পৰ পুনৰ সকীয়নি

শেহতীয়া প্ৰৱন্ধসমূহ