‘মই আগবাঢ়ি গৈছো’; টেষ্ট ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তনক লৈ বিৰাট কোহলীৰ মৌনতা ভংগ

‘মই আগবাঢ়ি গৈছো’; টেষ্ট ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তনক লৈ বিৰাট কোহলীৰ মৌনতা ভংগ

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা খেলুৱৈ বিৰাট কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ প্ৰত্যাহাৰ কৰাৰ সন্দৰ্ভত বহু দিনৰ পৰা চৰ্চা চলি আছে। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বৰ্তমান সময়ত কেৱল এদিনীয়া ফৰ্মেটত খেলা বিৰাট কোহলীয়ে টেষ্ট ক্ৰিকেটলৈ ঘূৰি অহাক লৈ নিজৰ মৌনতা ভংগ কৰিছে। ২১ জুনত

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা খেলুৱৈ বিৰাট কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ প্ৰত্যাহাৰ কৰাৰ সন্দৰ্ভত বহু দিনৰ পৰা চৰ্চা চলি আছে।

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বৰ্তমান সময়ত কেৱল এদিনীয়া ফৰ্মেটত খেলা বিৰাট কোহলীয়ে টেষ্ট ক্ৰিকেটলৈ ঘূৰি অহাক লৈ নিজৰ মৌনতা ভংগ কৰিছে। ২১ জুনত নতুন দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানৰ সময়ত ক্ৰিকেটাৰ গৰাকীক টেষ্ট ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তনৰ সন্দৰ্ভত প্ৰশ্ন সোধা হৈছিল, য’ত তেওঁ স্পষ্ট কৰি দিয়ে যে এতিয়া তেওঁৰ তেনে কোনো উদ্দেশ্য নাই। বিৰাট কোহলীৰ খেলপথাৰলৈ প্ৰত্যাৱৰ্তনৰ বাবে সকলো অনুৰাগীয়ে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে, য’ত তেওঁক জুলাই মাহত হ’বলগীয়া ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত খেলা দেখা যাব। কিন্তু তাৰ পূৰ্বে তেওঁ ২২ জুনত বেংগালুৰুত অৱস্থিত বিচিচিআইৰ ‘চেণ্টাৰ অৱ এক্সেলেন্স’ত নিজৰ ফিটনেছ টেষ্ট দিব লাগিব।

নতুন দিল্লীত One8 Globalৰ প্ৰিমিয়াৰ ইভেণ্টত বিৰাট কোহলীয়ে তেওঁৰ নতুন জোতাৰ লঞ্চ ইভেণ্টত অংশগ্ৰহণ কৰে।এই সময়ছোৱাত কোহলীক যেতিয়া সোধা হৈছিল যে তেওঁ পুনৰ বগা জাৰ্চি পিন্ধি খেলপথাৰলৈ উভতি আহিব বিচাৰিবনে নাই, তেতিয়া কোহলীয়ে ধেমালিতে উত্তৰ দিলে যে তেওঁ নতুনকৈ মুকলি কৰা জোতাৰ বিক্ৰী কম হোৱাটো পছন্দ কৰিব, কিন্তু টেষ্ট ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন নকৰে। আচলতে কোহলীয়ে মুকলি কৰা নতুন জোতাৰ দাম ৯২৩০ ৰান, যিটো টেষ্ট ক্ৰিকেটত তেওঁ যিমান ৰান সংগ্ৰহ কৰিছে, তাৰ সৈতে একে।ইয়াক লৈয়েই জোতাৰ মূল্য বৃদ্ধি কৰিবলৈ তেওঁক টেষ্ট ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন কৰাৰ সন্দৰ্ভত প্ৰশ্ন কৰা হৈছিল আৰু কোহলীয়ে স্পষ্টকৈ কয় যে এতিয়া মই ইয়াৰ পৰা আগবাঢ়ি গৈছোঁ ।

লগতে পঢ়ক: ৯২ বছৰীয়া অপেক্ষাৰ অৱসান; বিশ্বকাপত ইজিপ্তৰ প্ৰথমটো জয়

শেহতীয়া প্ৰৱন্ধসমূহ