ফটকা ফেক্টৰীত ভয়াৱহ বিস্ফোৰণ: ৮ জনৰ মৃত্যু

ফেক্টৰীটোত সংঘটিত হোৱা বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে ইয়াৰ শব্দ প্ৰায় এক কিলোমিটাৰ দূৰলৈকে শুনা গৈছিল

গুজৰাটৰ আহমেদাবাদৰ ৰামোল অঞ্চলত আজি বিয়লি এটা মুকলি ফটকা ফেক্টৰীত এক ভয়াৱহ বিস্ফোৰণ আৰু অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । ৰামোল-গতৰাড ৰোডত থকা এই ফেক্টৰীটোত সংঘটিত হোৱা বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে ইয়াৰ শব্দ প্ৰায় এক কিলোমিটাৰ দূৰলৈকে শুনা গৈছিল ।

এই দুৰ্ঘটনাত এতিয়ালৈকে ৮ জন শ্ৰমিকৰ মৃত্যু হৈছে আৰু ১০ জনতকৈও অধিক লোক গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছে বুলি বাতৰিত প্ৰকাশ । ঘটনাৰ পিছতে অঞ্চলটোত হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয় । অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে আৰু ১০৮ এম্বুলেন্সৰ জৰিয়তে আহতসকলক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে । উদ্ধাৰ কাৰ্য এতিয়াও অব্যাহত আছে । বিস্ফোৰণৰ প্ৰকৃত কাৰণ জানিবলৈ আৰক্ষী আৰু বিভাগীয় সংস্থাই তদন্ত আৰম্ভ কৰিছে ।

মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহায্য ঘোষণা-

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে । তেওঁ মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰাৰ লগতে ভুক্তভোগীসকলক উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিছে ।

লগতে পঢ়ক : চিকিৎসালয়ত ভৰ্তি সোনম ৱাংচুক; যন্তৰ মন্তৰ খালী কৰিবলৈ নিৰ্দেশ দিল্লী আৰক্ষী

কাটাৰৰ গেছ টাৰ্মিনেলত ভয়ংকৰ বিস্ফোৰণ; ১৮ জন লোক নিৰুদ্দেশ

দেওবাৰে নিশা কাটাৰৰ ৰপ্তানি টাৰ্মিনেলত কামৰ সময়ত ‘বৰজান’ গেছ যোগান প্লাণ্টত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়।

কাটাৰৰ ৰাছ লাফানত থকা এটা প্ৰধান প্ৰাকৃতিক গেছ ৰপ্তানি টাৰ্মিনেলত দেওবাৰে নিশা এক প্ৰচণ্ড বিস্ফোৰণ ঘটে। ইৰাণৰ আক্ৰমণৰ পিছত কৰ্মচাৰীসকলে টাৰ্মিনেলটো পুনৰ আৰম্ভ কৰিবলৈ চেষ্টা কৰাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়। প্ৰচণ্ড বিস্ফোৰণৰ ফলত  ভয়াৱহ অগ্নিকাণ্ডৰ সংঘটিত হয়, য’ত প্ৰায় ৫৪ জন লোক আহত হোৱাৰ লগতে প্ৰায় ১৮ জন লোক কেইবা ঘণ্টাধৰি নিৰুদ্দেশ হৈ আছিল। উদ্ধাৰকাৰী দলে ঘটনাস্থলীত একেৰাহে অভিযান চলাই আছে।

কাটাৰৰ চৰকাৰী কোম্পানী ‘কটাৰএনাৰ্জী’ (QatarEnergy)ৰ মতে, ৰপ্তানি টাৰ্মিনেলত কাম চলি থকাৰ সময়তে দেওবাৰে নিশা ‘বৰজান’ গেছ যোগান প্ৰকল্পত এক ভয়ংকৰ বিস্ফোৰণ ঘটে । টাৰ্মিনেলত হোৱা বিস্ফোৰণৰ ফলত হোৱা ক্ষতিৰ কোনো নিশ্চিত তথ্য এতিয়ালৈকে পোহৰলৈ অহা নাই।

কাটাৰ বিশ্বৰ অন্যতম শীৰ্ষ প্ৰাকৃতিক গেছ উৎপাদক দেশ, গতিকে ইয়াৰ ঔদ্যোগিক অঞ্চলত হোৱা এই বৃহৎ বিস্ফোৰণৰ প্ৰভাৱ বিশ্বজোৰা শক্তি বজাৰতো পৰিব পাৰে। আনহাতে, ইৰাণৰ দ্বাৰা হৰমুজ প্ৰণালী বন্ধ কৰি দিয়াৰ বাবে কাটাৰে নিজৰ গ্ৰাহকসকলক গেছ যোগান ধৰিব পৰা নাছিল, যাৰ বাবে কাটাৰে নিজৰ উৎপাদন বন্ধ কৰি দিছিল।

বিষয়াসকলৰ মতে, মাৰ্চ মাহত এখন ইৰাণী মিছাইল ‘ৰাছ লাফান’ত খুন্দা খাইছিল, যাৰ ফলত তাত ভয়াৱহ অগ্নিকাণ্ড আৰু বৃহৎ ক্ষতি হৈছিল। ইৰাণৰ ধাৰাবাহিক আক্ৰমণৰ বাবে কাটাৰে ইতিমধ্যে তাত গেছ উৎপাদন বন্ধ কৰি দিছিল। এতিয়া আমেৰিকা আৰু ইৰাণৰ মাজত আলোচনা আৰু হৰমুজত শিথিলতা অনাৰ বাবে পশ্চিম এছিয়াৰ পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনাৰ মাজতে কাটাৰে পুনৰ নিজৰ ৰপ্তানি টাৰ্মিনেলটো কাৰ্যক্ষম কৰাৰ কাম আৰম্ভ কৰিছিল। এই সময়ছোৱাতে এই ডাঙৰ দুৰ্ঘটনাটো সংঘটিত হয়।

লগতে পঢ়ক: ‘ইৰাণে লেবাননত প্ৰক্সি বন্ধ কৰিব লাগে, নহ’লে বিধ্বংসী ৰূপ ধাৰণ কৰিম’; ড’নাল্ড ট্ৰাম্পৰ পুনৰ সকীয়নি

নিৰ্বাচনী উন্মাদনাৰ মাজতে যোৰহাটত ভয়ংকৰ ঘটনা

যোৰহাট জিলাৰ ৰজামৈদাম নিউ কলনীৰ এটা ভাড়াঘৰত সংঘটিত শক্তিশালী বিস্ফোৰণত দুজন ব্যক্তিৰ মৃত্যু

আগন্তুক বিধানসভা নিৰ্বাচনৰ উন্মাদনাৰ মাজতে শনিবাৰে যোৰহাটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । যোৰহাট জিলাৰ ৰজামৈদাম নিউ কলনীৰ এটা ভাড়াঘৰত সংঘটিত এক শক্তিশালী বিস্ফোৰণত মহম্মদ ইকবাল আৰু নুৰ মহম্মদ নামৰ দুজন ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয় । এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ আতংকৰ সৃষ্টি কৰিছে ।

বাতৰি অনুসৰি, এটা ভাড়াঘৰৰ ভিতৰত এই বিস্ফোৰণটো সংঘটিত হয়, যাৰ ফলত নুৰ মহম্মদৰ থিতাতে মৃত্যু হয় । বিস্ফোৰণটো ইমানেই ভয়ংকৰ আছিল যে মৃত ব্যক্তিজনৰ দেহ ছিন্ন-বিচ্ছিন্ন হৈ পৰে বুলি জানিব পৰা গৈছে ।

এই ঘটনাত মৃত ব্যক্তিজনৰ দুটি সন্তান- আঠ বছৰীয়া পুত্ৰ মহম্মদ ইকবাল আৰু সাত বছৰীয়া এগৰাকী কন্যাও গুৰুতৰভাৱে আহত হয় । তেওঁলোকক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ভৰ্তি কৰা হয় । অৱশ্যে চিকিৎসাধীন অৱস্থাত আঠ বছৰীয়া শিশুটিৰ মৃত্যু হয় আৰু সাত বছৰীয়া শিশুটিৰ অৱস্থা বৰ্তমানো সংকটজনক হৈ আছে বুলি জানিব পৰা গৈছে ।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । বিস্ফোৰণৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

এই ঘটনাই সমগ্ৰ অঞ্চলটোত ভয় আৰু উত্তেজনাৰ পৰিৱেশ সৃষ্টি কৰিছে । আৰক্ষীয়ে কি পৰিস্থিতিত এই বিস্ফোৰণ ঘটিল, সেই সন্দৰ্ভত অধিক অনুসন্ধান চলাই আছে ।

লগতে পঢ়ক : গুৱাহাটীৰ ৰাজপথত গৃহমন্ত্ৰী অমিত শ্বাহৰ বিশাল ৰোড শ্ব’

নৰৱেৰ আমেৰিকান দূতাৱাসৰ সমীপত ভয়ংকৰ বিস্ফোৰণ

নৰৱেৰ ৰাজধানী অশ্লোত আমেৰিকাৰ দূতাবাসৰ সমীপত তীব্ৰ বিস্ফোৰণৰ শব্দ শুনা যায়

দেওবাৰে পুৱা নৰৱেৰ ৰাজধানী অশ্লোত আমেৰিকাৰ দূতাবাসৰ সমীপত তীব্ৰ বিস্ফোৰণৰ শব্দ শুনা যায় । অশ্লো আৰক্ষী আৰু নিৰাপত্তা সংস্থাই এই ৰহস্যজনক বিস্ফোৰণৰ তদন্ত কৰি আছে । অৱশ্যে এই ঘটনাত কোনো লোক হতাহতৰ খবৰ প্ৰকাশ পোৱা নাই ।

স্থানীয় সংবাদ মাধ্যম আৰু প্ৰত্যক্ষদৰ্শীৰ মতে, এই বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে ই ওচৰৰ ঘৰবোৰৰ খিৰিকী আৰু বেৰ কঁপাই তুলিছিল । হুচেবি অঞ্চলৰ দূতাবাসৰ সমীপত বিস্ফোৰণৰ লগে লগে ধোঁৱা বিয়পি পৰে । স্থানীয় এজন বাসিন্দাই কয় যে, “মই টিভি চাই আছিলো, হঠাতে এটা ডাঙৰ বিস্ফোৰণ ঘটিল আৰু মোৰ গোটেই ঘৰটো কঁপি গ’ল ।”

বিস্ফোৰণৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ ঘটনাস্থলীত উপস্থিত হয় আৰু সমগ্ৰ অঞ্চলটো ঘেৰাও কৰে । অশ্লো আৰক্ষী বিভাগে এক বিবৃতিত কয় যে তেওঁলোকে দূতাবাসৰ বিষয়াৰ সৈতে যোগাযোগত আছে ।

বৰ্তমান বিস্ফোৰণৰ কাৰণ কি বা ইয়াৰ আঁৰত কোন আছিল সেয়া স্পষ্ট হোৱা নাই । বিস্ফোৰক আছিল নে কোনো কাৰিকৰী ত্ৰুটিৰ বাবে এই বিস্ফোৰণ ঘটিল সকলো দিশৰ তীক্ষ্ণ তদন্ত কৰি আছে আৰক্ষীয়ে ।

লগতে পঢ়ক : ট্ৰাম্পৰ সকীয়নিৰ পিছতে ইৰাণত আমেৰিকা-ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ, কঁপি উঠিল তেহৰাণ

বৰদিনৰ পূৰ্বে ঢাকাত বিস্ফোৰণৰ ঘটনা; ধোঁৱাই আৱৰি ধৰিল মোগবজাৰ অঞ্চল

পবিত্ৰ বৰদিনৰ এদিন পূৰ্বে ঢাকাত সংঘটিত হৈছে এক বিস্ফোৰণৰ ঘটনা । এই ঘটনাত এজনৰ মৃত্যু হৈছে ।

বাংলাদেশৰ পৰিস্থিতি দিনক দিনে অধিক ভয়াৱহ হৈ পৰিছে । বৰদিনৰ মাত্ৰ এদিন পূৰ্বে বুধবাৰে ৰাজধানী ঢাকাৰ মোগবজাৰত দুষ্কৃতিকাৰীয়ে পেট্ৰ’ল বোমা বিস্ফোৰণ ঘটোৱাত এজন লোকৰ মৃত্যু হয় ।

নিহত লোকজনৰ নাম ছাইফুল ছিয়াম । বুধবাৰে সন্ধিয়া প্ৰায় ৭ বজাত সংঘটিত হয় এই ঘটনা । বাংলাদেশ ফ্ৰীডম ফাইটাৰ্ছ কাউন্সিলৰ ঠিক বিপৰীতে থকা ৱায়াৰলেছ গেটৰ ঠিক সন্মুখতে এই ঘটনা সংঘটিত হয় । প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, বোমাটো উৰণ সেতুৰ পৰা নিক্ষেপ কৰা হৈছিল, যাৰ ফলত লোকজনৰ মৃত্যু হয় ।

ঢাকা মহানগৰ আৰক্ষীয়ে কয় যে প্ৰাথমিক তদন্তৰ পৰা বোমাটো উৰণ সেতুৰ পৰা নিক্ষেপ কৰা হৈছে । এই আক্ৰমণৰ আঁৰৰ উদ্দেশ্য এতিয়াও জানিব পৰা হোৱা নাই । বোমাটো পোনে পোনে ছাইফুলৰ গাতে পৰে  যাৰ ফলত তেওঁৰ ঠাইতে মৃত্যু হয় । চি চি টিভিৰ ফুটেজ পৰীক্ষা কৰি অপৰাধীক চিনাক্ত কৰা হৈছে ।

লগতে পঢ়ক : বাংলাদেশত হিন্দু যুৱকৰ হত্যাক লৈ হাওৰাত তীব্ৰ প্ৰতিবাদ, আৰক্ষী আৰু বিজেপি সমৰ্থকৰ সংঘাত

দিল্লী বিস্ফোৰণৰ পিছতে মুম্বাই-উত্তৰ প্ৰদেশত হাই এলাৰ্ট; স্পৰ্শকাতৰ অঞ্চলত নিশ্চিদ্ৰ তালাচী

দিল্লী বিস্ফোৰণৰ পিছতে হাই এলাৰ্ট

দিল্লী বিস্ফোৰণে সমগ্ৰ দেশৰ চোৰাংচোৱা সংস্থাসমূহৰ নিদ্ৰা হৰণ কৰিছে । সোমবাৰে সন্ধিয়া লালকিল্লাৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ । এই বিস্ফোৰণত ১০ জনকৈ লোক নিহত হোৱাৰ লগতে ২৪ জনতকৈ অধিক লোক আহত হৈছে । প্ৰত্যক্ষদৰ্শীৰ মতে এই বিস্ফোৰণ অতি শক্তিশালী আছিল । বিস্ফোৰণৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী । ঘটনাস্থলীত তদন্তকাৰী সংস্থাও উপস্থিত হয় ।

দিল্লী বিস্ফোৰণৰ পিছতে মুম্বাই আৰক্ষীক হাই এলাৰ্টত ৰখা হৈছে । মহানগৰীৰ স্পৰ্শকাতৰ অঞ্চলত বৃদ্ধি কৰা হৈছে টহল আৰু অৱৰোধ । ৰেল ষ্টেচন, মল, ধৰ্মীয় স্থান, ৰাজহুৱা স্থানত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে । যিকোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ৰোধৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ইফালে উত্তৰ প্ৰদেশত হাই এলাৰ্ট জাৰি কৰা হৈছে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ।

উত্তৰ প্ৰদেশৰ প্ৰধান স্থান, ধৰ্মীয় স্থান, বজাৰ আৰু জনবহুল অঞ্চলত কঠোৰ নিৰীক্ষণত ৰখা হৈছে । ছ’চিয়েল মিডিয়াত উৰাবাতৰি সক্রিয়ভাৱে নিৰীক্ষণ কৰা হৈছে ৷ মুখ্যমন্ত্রীয়ে আৰক্ষীক ড্ৰোন আৰু পৰ্যবেক্ষণৰ দৰে প্রযুক্তি নিৰীক্ষণ কৰিবলৈ নির্দেশ দিয়ে ৷ উত্তৰ প্ৰদেশ আৰু দিল্লীৰ সীমান্তত জাৰি কৰা হৈছে নিশ্চিদ্ৰ তালাচী । নয়ডা আৰু গাজিয়াবাদ আৰক্ষীক সজাগ হৈ থাকিবলৈ কোৱা হৈছে ।

নয়ডাৰ ভিৰ হোৱা অঞ্চলসমূহত আৰক্ষীয়ে তালাচী আৰম্ভ কৰিছে । মহানগৰীৰ অন্যতম আড়ম্বৰপূৰ্ণ অঞ্চল ১৮ নং ছেক্টৰত তালাচী চলি আছে । সন্দেহজনক বাহন আৰু লোকক ৰখাই সোধা-পোছা কৰা হৈছে । মেট্ৰ’ ষ্টেচন আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বৃদ্ধি কৰা হৈছে আৰক্ষীৰ টহল । চিচিটিভিৰ জৰিয়তে নিৰীক্ষণ চলি আছে । দিল্লীৰ গাতে লাগি থকা গুৰুগ্ৰামতো হাই এলাৰ্ট জাৰি কৰা হৈছে ।

দিল্লী বিস্ফোৰণৰ পিছত এই অঞ্চলসমূহত হাই এলাৰ্টঃ

-কলকাতাত উচ্চ সতৰ্কতা জাৰি । আৰক্ষীয়ে সকলো ইউনিটক সতৰ্ক কৰি দিছে । সমগ্ৰ মহানগৰীতে আৰম্ভ হৈছে তালাচী ।

-উত্তৰাখণ্ড আৰক্ষীয়ে জাৰি কৰিছে হাই এলাৰ্ট । ডেৰাডুনৰ মল, ব্যস্ত বজাৰ, বাছ টাৰ্মিনেল, ৰেল ষ্টেচন আদিত নিৰাপত্তা বৃদ্ধি কৰা হৈছে ।

-উত্তৰ প্ৰদেশ আৰু নেপাল সীমান্ততো নিৰাপত্তা বৃদ্ধি কৰা হৈছে ।

-হাৰিয়ানাতো জাৰি কৰা হৈছে হাই এলাৰ্ট । ফৰিদাবাদত উদ্ধাৰ হোৱা এমোনিয়াম নাইট্ৰেটৰ দিল্লী বিস্ফোৰণৰ সৈতে সম্পৰ্ক নিশ্চিত হোৱা নাই ।

উচ্চ তীব্ৰতাৰ বিস্ফোৰণ, মৃত্যুৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা-

উল্লেখ্য যে, দিল্লী বিস্ফোৰণৰ তীব্ৰ প্ৰাবল্যৰ আছিল । শেহতীয়া খবৰ অনুসৰি এই ঘটনাত ১০ জন লোক নিহত আৰু ২৪ জনতকৈ অধিক লোক আহত হৈছে । আনহাতে মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, কিয়নো বিস্ফোৰণ উচ্চ তীব্ৰতাৰ আছিল ।

লগতে পঢ়ক : ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল ৰাজধানী দিল্লী; লালকিল্লাৰ সমীপত হাহাকাৰ পৰিস্থিতি

ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল ৰাজধানী দিল্লী; লালকিল্লাৰ সমীপত হাহাকাৰ পৰিস্থিতি

ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল দিল্লী

সোমবাৰে এক ভয়ংকৰ বিস্ফোৰণত কঁপি উঠে ৰাজধানী দিল্লী । দিল্লীৰ লালকিল্লাৰ সমীপত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হোৱা বুলি খবৰ প্ৰকাশ পাইছে । এই ঘটনাৰ ফলত অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে । প্ৰাৰম্ভিক তথ্য অনুসৰি এই ঘটনাত ৮গৰাকী লোক নিহত হোৱাৰ লগতে আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে । সন্ধিয়া ৬:৫৫ বজাত অগ্নিনিৰ্বাপক বাহিনীয়ে বিস্ফোৰণৰ তথ্য লাভ কৰে । দিল্লী আৰক্ষীৰ এটা দলে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

বিস্ফোৰণ এখন বাহনত সংঘটিত হয় আৰু আন ৮খন বাহনো লগে লগে জুয়ে আগুৰি ধৰে । জানিব পৰা মতে ৰেড ফ’ৰ্ট মেট্ৰ’ ষ্টেচনৰ ১ নং গেটত সংঘটিত হয় এই বিস্ফোৰণ ।

বিস্ফোৰণৰ ফলত ওচৰতে ৰখাই থোৱা বাহনসমূহৰ খিৰিকী ছিন্নভিন্ন হৈ পৰে । বিস্ফোৰণৰ সময়ত সেই ঠাইত বৃহৎ জনসমাগমৰ আছিল । আহত লোকসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । গাড়ীখনত থকা চি এন জিৰ ফলত নে আন কোনো কাৰণত বিস্ফোৰণ সংঘটিত হয় সেয়া এতিয়াও জানিব পৰা হোৱা নাই । ইতিমধ্যে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ বাহনসমূহ উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ  প্ৰয়াস অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণে চিন্তিত কৰি তুলিছে নিৰাপত্তা সংস্থা সমূহক । প্ৰাৰম্ভিক তদন্তৰ পৰা দেখা গৈছে যে এই কাণ্ড স্থানীয় বিস্ফোৰণ নহয় । দিল্লীৰ গাতে লাগি থকা ফৰিদাবাদত ২৯০০ কিলোগ্ৰাম এমোনিয়াম নাইট্ৰেট উদ্ধাৰ হোৱাৰ পিছতে এই বিস্ফোৰণ সংঘটিত হৈছে । অৱশ্যে দুয়োটা ঘটনাৰ মাজত কোনো সংযোগ আছে নে নাই সেয়া পৰৱৰ্তী তদন্ত প্ৰক্ৰিয়াত স্পষ্ট হ’ব ।

লগতে পঢ়ক : চিকিৎসকৰ ঘৰৰ পৰা দুটা এ কে ৪৭ আৰু ৩৫০ কেজি বিস্ফোৰক উদ্ধাৰ!দুজনক আটক

ফাৰ্মা প্লান্টত ভয়ংকৰ বিস্ফোৰণত নিহত ৮; আৰ্থিক সাহাৰ্য ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ

ফাৰ্মা প্লান্টত ভয়ংকৰ বিস্ফোৰণত নিহত ৮

সোমবাৰে তেলেংগানাৰ ছাংগাৰেড্ডীৰ এক ফাৰ্মা প্লাণ্টত সংঘটিত হোৱা সন্দেহজনক বিস্ফোৰণত ৮ জন লোকৰ মৃত্যু হয় । এই দুৰ্ঘটনাত আন বহু লোক আহত হয় । বিস্ফোৰণ সংঘটিত হোৱা পছুম্যালাম ঔদ্যোগিক এষ্টেটৰ চিগাচি ফাৰ্মা কোম্পানীত বহু শ্ৰমিক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে । তেওঁলোকক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে ।

অগ্নিনিৰ্বাপক বাহিনীৰ এজন বিষয়াই জনোৱা মতে, দুৰ্ঘটনাস্থলীৰ পৰা ছটা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু চিকিৎসকে দুজনক মৃত ঘোষণা কৰিছে । আহত লোকসকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে আৰু চিকিৎসাধীন হৈ আছে । উদ্ধাৰ অভিযান এতিয়াও চলি থকাৰ বাবে তেওঁলোকৰ অৱস্থা তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই ।

পশম্যালামৰ ৰাসায়নিক উৎপাদন কাৰখানা ছিগাচি ফাৰ্মা প্লান্টত এই বিস্ফোৰণ সংঘটিত হোৱা বুলি মাল্টি জ’ন II মহাপৰিদৰ্শক ভি সত্যনাৰায়ণে জানিবলৈ দিয়ে । পুৱা ৮:১৫ৰ পৰা ৯:৩৫ বজাৰ ভিতৰত সংঘটিত হয় এই ঘটনা । এই ঘটনাত মুঠ ৮ জন লোকৰ মৃত্যু হৈছে । আহত হৈছে আন ২৬ জন । উদ্ধাৰ হৈছে ৬ টা মৃতদেহ । চন্দা নগৰত চিকিৎসাৰ সময়ত দুজন লোকৰ মৃত্যু । ২০ মিনিটৰ ভিতৰতে আমি সেই ঠাইত উপস্থিত হওঁ ৷ এন ডি আৰ এফ, এছ ডি আৰ এফকে ধৰি অন্যান্য উদ্ধাৰকাৰী দলে ১০খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী লৈ ঘটনাস্থলীত আছে । জুই নিয়ন্ত্ৰণৰ প্ৰচেষ্টা অব্যাহত আছে । যুদ্ধকালীন গতিত উদ্ধাৰ অভিযান চলোৱা হৈছে ।

আৰ্থিক সাহায্য ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ-

এই ঘটনাত মৃত্যু হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । তেওঁ কয়, ‘এই ঘটনাত মই দুখিতঃ । যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিলোঁ । আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ । প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিজন মৃতকৰ পৰিয়াললৈ ২ লাখ টকাৰ সাহাৰ্য প্ৰদান কৰা হ’ব । আহতসকলক ৫০ হাজাৰ টকাৰ সাহাৰ্য দিয়া হ’ব ।’

লগতে পঢ়ক : পুৰীৰ জগন্নাথ ৰথ যাত্ৰাত অঘটন; গুণ্ডিচা মন্দিৰৰ সমীপত পদপিষ্ট হৈ ৩ জনৰ মৃত্যু

অপাৰেচন সিন্দুৰৰ পিছতে ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিল লাহোৰ…

ভাৰতৰ অপাৰেচন সিন্দুৰক লৈ আতংকিত হৈ পৰিছে পাকিস্তান । এই অভিযানৰ অধীনত ৯ স্থানত পাকিস্তানী সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান ধ্বংস কৰে ভাৰতে । ইয়াৰ পিছতে এতিয়া ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিছে লাহোৰ । অবিৰতভাৱে বিস্ফোৰণৰ শব্দ শুনি ঘৰৰ পৰা ওলাই আহি বাহিৰত গোট খাইছে স্থানীয় লোক । বিস্ফোৰণৰ ফলত অঞ্চলটোত আতংকময় পৰিবেশে বিৰাজ কৰিছে ।

পাকিস্তানৰ সামা টিভিৰ এক প্ৰতিবেদন অনুসৰি বৃহস্পতিবাৰে পুৱা লাহোৰৰ ৱালটন ৰোডত তীব্ৰ বিস্ফোৰণৰ শব্দ শুনা যায় । ৱালটাৰ বিমানবন্দৰৰ সমীপৰ লাহোৰৰ গোপাল নগৰ আৰু নাছিৰাবাদ অঞ্চলত ধাৰাবাহিক বিস্ফোৰণৰ শব্দ শুনা যায় । ছাইৰেন বজোৱাৰ পিছত মানুহবোৰ ভয়তে ঘৰৰ পৰা ওলাই আহে । অঞ্চলতোৰ চৌদিশে ধোঁৱাৰ ডাৱৰ ওপৰলৈ উঠি অহা দেখা গৈছে ।

একাংশৰ মতে বিমানবন্দৰৰ সমীপত সংঘটিত হৈছে ড্ৰোন বিস্ফোৰণ । এই বিস্ফোৰণ ড্ৰ’নৰ ফলত হোৱাৰ সম্ভাৱনা আছে । জামিং চিষ্টেমৰ বাবে ড্ৰ’নখন গুলীয়াই ভূপতিত কৰা হৈছে বুলিও অনুমান কৰা হৈছে ।

স্থানীয় লোকে জনোৱা মতে, লাহোৰৰ আকছাৰী ৫ ৰোডৰ সমীপতো দুটাকৈ বিস্ফোৰণৰ শব্দ শুনা যায় । ইয়াত নৌসেনা মহাবিদ্যালয়ৰ পৰা ধোঁৱা ওলোৱা দেখা গৈছিল ।

উল্লেখ্য যে সন্ত্ৰাসবাদৰ মেৰুদণ্ড ভাঙিবলৈ ভাৰতীয় সেনাই মঙলবাৰে গভীৰ নিশা অপাৰেচন সিন্দুৰৰ জৰিয়তে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত থকা সন্ত্ৰাসবাদী ঘাটিত বিমান আক্ৰমণ চলাইছিল । ভাৰতীয় সেনা, বায়ুসেনা আৰু নৌসেনাৰ যৌথ অভিযানত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত বিমান আক্ৰমণ চলোৱা ৯টা সন্ত্ৰাসবাদী ঘাটিৰ ভিতৰত বাহাৱালপুৰ, মুৰিদকে, গুলপুৰ, ভীম্বাৰ, চক আমৰু, বাগ, কোটলি, ছিয়ালকোট আৰু মুজাফ্ফৰাবাদ আদি অন্যতম । বাহাৱালপুৰৰ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জয়ছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয় আৰু মুদিৰ্কেৰ লস্কৰ-ই-তৈবাৰ মুখ্য কাৰ্যালয়ক লক্ষ্য কৰি লোৱা হয় ।