খাইবাৰ পাখতুনখোৱাত বোমা বিস্ফোৰণত নিহত ৭ জন, ৯ জন আহত…

পাকিস্তানৰ অশান্ত খাইবাৰ পখতুনখোৱা প্ৰদেশৰ শান্তি সমিতিৰ কাৰ্যালয়ত সোমবাৰে সংঘটিত হোৱা এক শক্তিশালী বোমা বিস্ফোৰণত কমেও ৭ জন লোক নিহত হোৱাৰ লগতে ৯ জন আহত হয় । দক্ষিণ ৱাজিৰিষ্টান জিলাৰ মুখ্য কাৰ্যালয় ৱানাৰ স্থানীয় শান্তি সমিতিৰ কাৰ্যালয়ত এই বিস্ফোৰণ সংঘটিত হয় ।

কোনো সংগঠনে স্বীকাৰ কৰা নাই বিস্ফোৰণৰ দায়িত্ব-

বিস্ফোৰণৰ পিছত ১৬ জন আহত লোকক চিকিৎসালয়লৈ অনা হয়, ইয়াৰে ৭ জনৰ মৃত্যু হয় । অৱশ্যে এতিয়ালৈকে কোনো সংগঠনে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই । আৰক্ষীয়ে জনোৱা মতে, এই বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে শান্তি সমিতিৰ কাৰ্যালয় ভৱনটো ধ্বংস হোৱাৰ লগতে কেইবাজনো লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰে । তথ্য লাভ কৰাৰ লগে লগে উদ্ধাৰকাৰী দল আৰু স্থানীয় লোকে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ ধ্বংসাৱশেষৰ পৰা আহতসকলক উদ্ধাৰৰ অভিযান আৰম্ভ কৰে ।

আহতসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । চিকিৎসালয় প্ৰশাসনৰ তথ্য অনুসৰি আহত একাংশৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । ইফালে আৰক্ষী আৰু নিৰাপত্তা সংস্থাই অঞ্চলটো ঘেৰাও কৰি তদন্ত আৰম্ভ কৰিছে । বিষয়াসকলে জনোৱা মতে, সেই স্থানৰ পৰাই প্ৰমাণ সংগ্ৰহ কৰা হৈছে আৰু বিস্ফোৰণৰ বাবে দায়ী লোকসকলৰ সন্ধান উলিয়াবলৈ তদন্ত চলি আছে ।

ইৰাণৰ বন্দৰ আব্বাছত ভয়ংকৰ বিস্ফোৰণ, ৪ শতাধিক লোক আহত…

ইৰাণৰ বন্দৰ চহৰ বন্দৰ আব্বাছত শনিবাৰে সংঘটিত হৈছে এক ভয়কৰ বিস্ফোৰণ । এই বিস্ফোৰণত চাৰি শতাধিক লোক আহত হৈছে বুলি জানিব পৰা গৈছে । ইৰাণৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন সেৱাৰ মুখপাত্ৰই এই তথ্য প্ৰকাশ কৰিছে । অৱশ্যে বিস্ফোৰণৰ প্ৰায় তিনি ঘণ্টাৰ পাছতো আনুষ্ঠানিকভাৱে কোনো লোকৰ মৃত্যুৰ তথ্য নিশ্চিত হোৱা নাই । আহতসকলক হৰমোজগান প্ৰদেশৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

বন্দৰত থকা কণ্টেইনাৰত জুইৰ সূত্ৰপাত হোৱাৰ বাবেই এই বিস্ফোৰণ সংঘটিত হয় । ইতিমধ্যে সাহায্য আৰু উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উপস্থিত হোৱাৰ চেষ্টা চলাইছে, আনহাতে আন দলসমূহে অঞ্চলটো খালী কৰাৰ কামত নিয়োজিত হৈছে ।

ইতিমধ্যে এই ঘটনাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ভিডিঅ’ত ক’লা ধোঁৱাৰ বিশাল ডাৱৰ আকাশলৈ উঠি যোৱা দেখা গৈছে । ৰাজই বন্দৰে মূলতঃ কণ্টেইনাৰ ট্ৰেফিক চম্ভালে । ইয়াত তেলৰ টেংক আৰু পেট্ৰ’কেমিকেল ইউনিটো থাকে, যাৰ ফলত বিপৰ্যয়জনক অগ্নিকাণ্ডৰ আশংকা থাকে ।

ৰপ্তানি আৰু ট্ৰেনজিট চালানৰ ওপৰত নিষেধাজ্ঞা-

ইৰাণৰ সংবাদ মাধ্যমৰ মতে, বিস্ফোৰণৰ পিছত ইৰাণৰ শুল্ক কৰ্তৃপক্ষই সকলো শুল্ক কাৰ্যালয়ক শীঘ্ৰেই বন্দৰটোলৈ ৰপ্তানি আৰু ট্ৰেনজিট চালান প্ৰেৰণ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে । পৰৱৰ্তী নিৰ্দেশ প্ৰকাশ নোপোৱালৈকে এই নিষেধাজ্ঞা প্ৰযোজ্য হৈ থাকিব । অৱশ্যে ইতিমধ্যে শুল্ক প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা ট্ৰাকসমূহক বন্দৰ এলেকাৰ পৰা ওলাই যাবলৈ দিয়া হৈছে ।

আহতসকলক চিকিৎসালয়ত ভৰ্তি-

ইৰাণৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন সেৱাৰ মুৰব্বী য়কতাপাৰষ্টে কয় যে এই বিস্ফোৰণত আহতসকলক বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । শনিবাৰে সংঘটিত হোৱা এই বৃহৎ বিস্ফোৰণৰ ফলত কেৱল বন্দৰৰ কাম-কাজ বন্ধ হোৱাই নহয় আঞ্চলিক বাণিজ্য আৰু যোগান শৃংখলতো যথেষ্ট প্ৰভাৱ পৰিছে ।

মাজনিশা প্ৰচণ্ড শব্দ;  বিস্ফোৰনত কঁপি উঠিল বিজেপি নেতাৰ বাসগৃহ

পঞ্জাৱৰ জলন্ধৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতা মনোৰঞ্জন কলিয়াৰ ঘৰত নিশা  বিস্ফোৰণ সংঘটিত হয়।বিস্ফোৰণটোৰ সময়ত ঘৰত উপস্থিত আছিল বিজেপি নেতা মনৰঞ্জন কলিয়া।

এই ঘটনাত বিজেপি নেতাগৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ লোকসকলে অতিশয় ভয় খাইছে। বিস্ফোৰণটোৰ পিছতেই মনোৰঞ্জন কলিয়াৰ বাসগৃহত আৰক্ষীৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।  

ঘটনা সন্দৰ্ভত তথ্য দি বিজেপি নেতা মনোৰঞ্জন কলিয়াই কয় যে, ‘এই বিস্ফোৰণ নিশা প্ৰায় ১ বজাত সংঘটিত হয়।সেই সময়ত ঘৰৰ সকলো শুই আছিল।শব্দটো শুনি মই ভাবিছিলো বজ্ৰপাতৰ শব্দ।

পিছত মই জানিব পাৰিলো যে ঘৰত বিস্ফোৰণ হৈছে। ইয়াৰ পিছত মই মোৰ দেহৰক্ষী গৰাকীক থানালৈ পঠিয়াই দিলোঁ। চিচিটিভি পৰীক্ষা চলি আছে, বৰ্তমান ফৰেনছিক বিশেষজ্ঞও উপস্থিত হৈছে।

বিস্ফোৰণটোৰ শব্দ ইমানেই ডাঙৰ আছিল যে সমগ্ৰ অঞ্চলটোতে ইয়াৰ শব্দ শুনা গৈছিল।ঘটনাটোৰ পিছতে আতংকিত হৈ পৰিছে পৰিয়ালৰ লোকসকল।

অৱশ্যে বৰ্তমানলৈকে বিস্ফোৰণটোৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। বিস্ফোৰণৰ ফলত ঘৰটোৰ চোতালত থকা বহু বস্তুৰ ক্ষতিসাধন হয়।

ঘৰৰ দুৱাৰ, গাড়ীৰ খিৰিকী আদি ভাঙি গৈছিল। মটৰ চাইকেলকে ধৰি আন বহু বস্তুৰ ক্ষতিসাধন হৈছে। ঘটনাটোৰ পিছতেই ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

ইজৰাইলত এটাৰ পিছত এটা কৈ কেইবাখনো বাছত বিস্ফোৰণ; যাতায়তৰ সকলো সেৱা স্থগিত

ইজৰাইলৰ তেল আভিভ চহৰত তিনিখনকৈ বাছত এটাৰ পিছত এটাকৈ শক্তিশালী বিস্ফোৰণ হৈছিল।আৰক্ষীয়ে ইয়াক এটা সম্ভাৱ্য সন্ত্ৰাসবাদী আক্ৰমণ বুলি বৰ্ণনা কৰিছে। এই ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ নাই।

ঘটনাৰ পিছতে আৰক্ষীয়ে চলোৱা অনুসন্ধানৰ সময়ত, আন দুখন বাছত অতিৰিক্ত বিস্ফোৰক পোৱা গৈছিল।তাৰ পিছতেই আৰক্ষীৰ লোকসকলে জনতাক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে।

এই বিস্ফোৰণবোৰ বাট য়ামত সংঘটিত হৈছে।আৰক্ষীয়ে জানিবলৈ দিয়া মতে তেওঁলোকে আন দুখন বাছত উদ্ধাৰ হোৱা বিস্ফোৰক ইতিমধ্যে নিষ্ক্ৰিয় কৰিছে।

ঘটনাটো তেতিয়া সংঘটিত হৈছিল যেতিয়া হামাছে গাজাৰ পৰা চাৰিজন ইজৰাইলী বন্দীৰ মৃতদেহ ঘূৰাই দিছিল।ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী কাটজে আইডিএফক পশ্চিম তীৰত অৱস্থিত শৰণাৰ্থী শিবিৰসমূহত নিৰাপত্তা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিছে।

সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে এটা পাৰ্কিং লটত ৰখাই থোৱা কেইবাখনো বাছত দাউ দাউ জ্বলি আছিল।

নাইজেৰিয়াত গেছ ভৰ্তি টেংকাৰৰ ভয়ংকৰ বিস্ফোৰণ; প্ৰায় ৭০ জন লোকৰ মৃত্যু

নাইজেৰিয়াত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এখন গেছ ভৰ্তি টেংকাৰত হোৱা এক প্ৰচণ্ড বিস্ফোৰণত কেইবাজনো লোক নিহত হৈছে।

জানিব পৰা মতে শনিবাৰে পুৱতি নিশা নাইজাৰ প্ৰদেশৰ চুলেজা অঞ্চলৰ ওচৰত এই বিস্ফোৰণ সংঘটিত হয়। কিছুমান লোকে জেনেৰেটৰ ব্যৱহাৰ কৰি এখন টেংকাৰৰ পৰা আন এখন বাহনলৈ গেছ স্থানান্তৰ কৰাৰ চেষ্টা কৰি আছিল।

সেই সময়তে প্ৰচণ্ড শব্দ কৰি জ্বলি উঠিল টেংকাৰখন। বিস্ফোৰণটোস ইমানেই ভয়ংকৰ আছিল যে কেইবা মিটাৰ উচ্চতালৈ উঠিছিল জুই।সমগ্ৰ অঞ্চলৰ আকাশ ক’লা ধোঁৱাই আৱৰি ধৰিছিল।

বিস্ফোৰণটোত কমেও ৭০ জন লোকৰ মৃত্যু হৈছে। সন্দেহ কৰা হৈছে যে গেছ স্থানান্তৰৰ সময়ত লিকেজ হোৱাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হৈছিল। বিষয়টোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

নিৰাপত্তাৰক্ষীৰ বাহনত নক্সালবাদীৰ বৃহৎ আক্ৰমণ, আই ই ডি বিস্ফোৰণত শ্বহীদ ৯ জন জোৱান

ছত্তীশগড়ৰ বিজাপুৰত নিৰাপত্তাৰক্ষীৰ বাহনত নক্সালবাদীৰ বৃহৎ আক্ৰমণ । সোমবাৰে নক্সালবাদীয়ে নিৰাপত্তাৰক্ষীৰ এখন বাহনক লক্ষ্য কৰি আই ই ডি বিস্ফোৰণ সংঘটিত কৰে । বাস্তাৰ ৰেঞ্জৰ আই জিয়ে এই খবৰ নিশ্চিত কৰিছে । প্ৰাথমিক তথ্য অনুসৰি এই আক্ৰমণত ৯ জন জোৱান শ্বহীদ হৈছে । আনহাতে আন কেইবাজনো জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে ।

আই জি বাস্তাৰৰ তথ্য অনুসৰি বিজাপুৰত নক্সালবাদী আক্ৰমণত শ্বহীদ হৈছে দান্তেৱাড়া ডি আৰ জি (জিলা ৰিজাৰ্ভ গাৰ্ড)ৰ ৮ জন জোৱান । এই আক্ৰমণত বাহনখনৰ চালকজনো মৃত্যুমুখত পৰে । আটাইকেইজনেই দান্তেৱাড়া, নাৰায়ণপুৰ আৰু বিজাপুৰত যৌথ অভিযান চলাই উভতি আহিছিল ।

নক্সালৰ এ ডি জি বিবেকানন্দ সিনহাই জনোৱা মতে, নিশা প্ৰায় ২:১৫ বজাত নক্সালবাদীয়ে এই আক্ৰমণ সংঘটিত কৰে । বিজাপুৰৰ কুটুৰ পথত সংঘটিত হয় এই আই ই ডি বিস্ফোৰণ । নক্সালবাদীয়ে লক্ষ্য কৰি লোৱা এই বাহনখনত ৯ জনতকৈ অধিক জোৱানে যাত্ৰা কৰিছিল । এই আআক্ৰমণৰ লগে লগে নিৰাপত্তা বাহিনীয়েও প্ৰত্যুত্তৰ দিয়ে ।

এডিজি নক্সাল অপাৰেচন বিবেকানন্দ সিনহাই কয়, “এয়া নক্সালৰ কাপুৰুষালি । জোৱানসকলৰ এই ত্যাগ অথলে নাযায় । এই আক্ৰমণৰ উত্তৰ দিয়া হ’ব ।”

শোক প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে-

জাঞ্জগীৰ-বিজাপুৰ নক্সাল আক্ৰমণক লৈ শোক প্ৰকাশ কৰিছে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণুদেৱ ছাইয়ে । তেওঁ কয় যে নক্সালবাদী বৃহৎ লোকচানৰ সন্মুখীন হৈছে আৰু ২০২৬ চনৰ ভিতৰত নক্সালবাদ সম্পূৰ্ণৰূপে নিৰ্মূল হ’ব ।

বিষ্ণুদেৱ ছাইয়ে কয়, “কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত নক্সালবাদৰ বিৰুদ্ধে অভিযান অব্যাহত আছে । জোৱানসকলে সতৰ্কতাৰে নক্সালবাদীক নিৰ্মূল কৰি আছে ।”

ভয়ংকৰ বোমা বিস্ফোৰণ, ৩৭জন আহত আৰু ২৮জন নিহত!

চুডানৰ ৰাজধানী খাৰ্টুমত সংঘটিত বোমা বিস্ফোৰণত ২৮জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩৭জন লোক আহত হৈছে। এই আক্ৰমণ সংঘটিত কৰাৰ দায়িত্ব এতিয়াও কোনো সংগঠনে লোৱা নাই।

চুডানৰ ৰাজধানী খাৰ্টুমত সংঘটিত হৈছে বোমা বিস্ফোৰণ।এটা ইন্ধন ষ্টেচনত সংঘটিত হয় এই বোমা বিস্ফোৰণ। য’ত কমেও ২৮জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩৭জন লোক আহত হয়। দেওবাৰে মেয়’ অঞ্চলৰ সমীপৰ নিউ মাৰ্কেট ৬ত অৱস্থিত এমোনিয়া ইন্ধন ষ্টেচনত বোমা নিক্ষেপ কৰা হয়। বছিৰ হাস্পতালৰ দক্ষিণে অৱস্থিত এইখনে বিপুল প্ৰাণ আৰু সা-সম্পত্তিৰ ক্ষতিসাধন কৰিছে।স্বেচ্ছাসেৱী গোটটোৱে আহতসকলৰ চিকিৎসাৰ বাবে অতিৰিক্ত চিকিৎসা সাহায্যৰ বাবে আবেদন জনাইছে।