নৰৱেৰ আমেৰিকান দূতাৱাসৰ সমীপত ভয়ংকৰ বিস্ফোৰণ

নৰৱেৰ আমেৰিকান দূতাৱাসৰ সমীপত ভয়ংকৰ বিস্ফোৰণ

নৰৱেৰ ৰাজধানী অশ্লোত আমেৰিকাৰ দূতাবাসৰ সমীপত তীব্ৰ বিস্ফোৰণৰ শব্দ শুনা যায় দেওবাৰে পুৱা নৰৱেৰ ৰাজধানী অশ্লোত আমেৰিকাৰ দূতাবাসৰ সমীপত তীব্ৰ বিস্ফোৰণৰ শব্দ শুনা যায় । অশ্লো আৰক্ষী আৰু নিৰাপত্তা সংস্থাই এই ৰহস্যজনক বিস্ফোৰণৰ তদন্ত কৰি আছে । অৱশ্যে এই ঘটনাত কোনো লোক হতাহতৰ খবৰ প্ৰকাশ

নৰৱেৰ ৰাজধানী অশ্লোত আমেৰিকাৰ দূতাবাসৰ সমীপত তীব্ৰ বিস্ফোৰণৰ শব্দ শুনা যায়

দেওবাৰে পুৱা নৰৱেৰ ৰাজধানী অশ্লোত আমেৰিকাৰ দূতাবাসৰ সমীপত তীব্ৰ বিস্ফোৰণৰ শব্দ শুনা যায় । অশ্লো আৰক্ষী আৰু নিৰাপত্তা সংস্থাই এই ৰহস্যজনক বিস্ফোৰণৰ তদন্ত কৰি আছে । অৱশ্যে এই ঘটনাত কোনো লোক হতাহতৰ খবৰ প্ৰকাশ পোৱা নাই ।

স্থানীয় সংবাদ মাধ্যম আৰু প্ৰত্যক্ষদৰ্শীৰ মতে, এই বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে ই ওচৰৰ ঘৰবোৰৰ খিৰিকী আৰু বেৰ কঁপাই তুলিছিল । হুচেবি অঞ্চলৰ দূতাবাসৰ সমীপত বিস্ফোৰণৰ লগে লগে ধোঁৱা বিয়পি পৰে । স্থানীয় এজন বাসিন্দাই কয় যে, “মই টিভি চাই আছিলো, হঠাতে এটা ডাঙৰ বিস্ফোৰণ ঘটিল আৰু মোৰ গোটেই ঘৰটো কঁপি গ’ল ।”

বিস্ফোৰণৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ ঘটনাস্থলীত উপস্থিত হয় আৰু সমগ্ৰ অঞ্চলটো ঘেৰাও কৰে । অশ্লো আৰক্ষী বিভাগে এক বিবৃতিত কয় যে তেওঁলোকে দূতাবাসৰ বিষয়াৰ সৈতে যোগাযোগত আছে ।

বৰ্তমান বিস্ফোৰণৰ কাৰণ কি বা ইয়াৰ আঁৰত কোন আছিল সেয়া স্পষ্ট হোৱা নাই । বিস্ফোৰক আছিল নে কোনো কাৰিকৰী ত্ৰুটিৰ বাবে এই বিস্ফোৰণ ঘটিল সকলো দিশৰ তীক্ষ্ণ তদন্ত কৰি আছে আৰক্ষীয়ে ।

লগতে পঢ়ক : ট্ৰাম্পৰ সকীয়নিৰ পিছতে ইৰাণত আমেৰিকা-ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ, কঁপি উঠিল তেহৰাণ