পৰাজিত হৈয়ো জিনিলে হৃদয়, ওচলোত নৰৱে ফুটবল দলক অভূতপূৰ্ব আদৰণি

নৰৱেৰ ৰাজধানী ওচলোত এক লাখতকৈও অধিক সমৰ্থক একত্ৰিত হৈ নিজৰ প্ৰিয় খেলুৱৈসকলক ৰাজকীয় আদৰণি জনায়

ফিফা বিশ্বকাপ ২০২৬-ত নৰৱেৰ স্মৰণীয় অভিযান কোৱাৰ্টাৰ ফাইনেলতে থমকি ৰ’ল । ইংলেণ্ডৰ বিৰুদ্ধে অতিৰিক্ত সময়ত ২-১ গ’লত পৰাজিত হৈ দলটোৰ বিশ্বকাপ জিকাৰ সপোন ভংগ হয় যদিও নিজ দেশত খেলুৱৈসকলক নায়কৰ দৰে আদৰণি জনোৱা হৈছে । সোমবাৰে নৰৱেৰ ৰাজধানী ওচলোত এক লাখতকৈও অধিক সমৰ্থক একত্ৰিত হৈ নিজৰ প্ৰিয় খেলুৱৈসকলক ভব্য আদৰণি জনায় আৰু সমগ্ৰ দেশজুৰি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ।

ৰাজপ্ৰসাদত ৰজাৰ সৈতে সাক্ষাৎ

বিশ্বকাপৰ পৰা বিদায় লৈ ওচলোত উপস্থিত হোৱাৰ লগে লগে নৰৱে ফুটবল দলটোক পৰম্পৰাগত ‘ৱাটাৰ কেনন চালুট’ প্ৰদান কৰা হয় । ইয়াৰ পিছতে চহৰখনত এক বিশাল ৰোড শ্ব’ আয়োজন কৰা হয় । দলটোৰ খেলুৱৈসকলে প্ৰথমে ৰাজপ্ৰসাদত ৰজা হাৰাল্ডৰ সৈতে এক সৌজন্যমূলক সাক্ষাতত মিলিত হয় । ইয়াৰ পিছতে খেলুৱৈসকলে প্ৰসাদৰ বাৰাণ্ডাৰ পৰা সমবেত হাজাৰ হাজাৰ সমৰ্থকক অভিবাদন জনায় ।

এই আনন্দৰ মুহূৰ্ততে ক্ৰাউন প্ৰিন্স হাকনে নিজে ড্ৰাম বজাই দলৰ পৰম্পৰাগত শ্লোগান “ভাইকিং ৰ’ (Viking row)”-ৰ নেতৃত্ব দিয়ে । অৱশ্যে, এক জৰুৰী বিমান ধৰিবলগীয়া হোৱা বাবে দলৰ তাৰকা ষ্ট্ৰাইকাৰ আৰ্লিং হালেণ্ড আৰু মিডফিল্ডাৰ চাণ্ডাৰ বাৰ্গে এই উদযাপনত উপস্থিত থাকিব নোৱাৰিলে ।

“বাহিৰত থকাটো ভাল, ঘৰত থকাটোৱেই শ্ৰেষ্ঠ”

নৰৱেৰ ৰাষ্ট্ৰীয় ফুটবল দলে তেওঁলোকৰ অফিচিয়েল এক্স হেণ্ডেলত এই ঐতিহাসিক আদৰণিৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে । ইয়াৰ কেপচনত তেওঁলোকে নৰৱেৰ জনপ্ৰিয় প্ৰবাদ— “Borte bra, hjemme best” (বাহিৰত থকাটো ভাল, ঘৰত থকাটোৱেই শ্ৰেষ্ঠ)— বুলি উল্লেখ কৰিছে । সমগ্ৰ দেশে দলটোৰ এই অভূতপূৰ্ব প্ৰদৰ্শনক লৈ গৌৰৱ অনুভৱ কৰিছে ।

অভাৰহেড কেবল আৰু এক ব্যংগাত্মক সংযোগ!

ওচলোৰ মাজেৰে যোৱা মুকলি বাছৰ পেৰেডটোত ইমানেই ভিৰ হৈছিল যে আৰক্ষীয়ে সমৰ্থকৰ ভীৰ আঁতৰাই বাছখন কিছুসময় পিছহুহকাই আনিবলগীয়া হৈছিল । কেৱল এয়াই নহয়, ৰাস্তাৰ কম ওখ অভাৰহেড কেবলৰ (বিদ্যুৎ বা সংযোগকাৰী তাঁৰ) বাবে বাছখন স্তব্ধ হৈ পৰে আৰু ওপৰৰ ডেকত থকা খেলুৱৈসকল বহিবলৈ বাধ্য হয় ।

এই কেবলৰ ঘটনাটোক লৈ ছচিয়েল মিডিয়াত চৰ্চা আৰম্ভ হৈছে । আচলতে ইংলেণ্ডৰ বিৰুদ্ধে মেচখনৰ পিছত প্ৰশিক্ষক চলবাক্কেনে অভিযোগ কৰিছিল যে জুড বেলিংহামৰ সমতা স্থাপনকাৰী গ’লটোৰ ঠিক আগে আগে বলটোৱে ষ্টেডিয়ামৰ কেমেৰা কেবলত খুন্দা খাইছিল । অৱশ্যে ফিফাই এই দাবী বাৰে বাৰে নাকচ কৰি আহিছে ।

সকলো বাধা-বিঘিনি নেওচি অৱশেষত পেৰেডটো চিটি হ’ল স্কোৱাৰত উপস্থিত হয়, য’ত ধৈৰ্য্যৰে বাট চাই থকা হাজাৰ হাজাৰ সমৰ্থকে খেলুৱৈসকলৰ সৈতে নৰৱেৰ এই ঐতিহাসিক বিশ্বকাপ যাত্ৰাক উদযাপন কৰে ।

লগতে পঢ়ক : ফুটবল বিশ্বকাপৰ ৯৬ বছৰ: অলিম্পিকৰ পৰা মণ্টেভিডিঅ’ৰ ফাইনেললৈ ৰোমাঞ্চকৰ কাহিনী!

নৰৱেৰ সৰ্বোচ্চ সন্মান ‘গ্ৰেণ্ড ক্ৰছ’ৰে বিভূষিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী মোদী বৰ্তমান ১৫ ৰ পৰা ২০ মে’লৈ আয়োজিত এক গুৰুত্বপূৰ্ণ পাঁচখন দেশৰ ভ্ৰমণসূচীত আছে

পাঁচদিনীয়া বিদেশ ভ্ৰমণৰ চতুৰ্থ পৰ্যায়ত নৰৱেত উপস্থিত হোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সোমবাৰে দেশখনৰ এক সৰ্বোচ্চ সন্মানেৰে বিভূষিত কৰা হয় । নৰৱেৰ ৰজা হাৰাল্ড পঞ্চমে প্ৰধানমন্ত্ৰী মোদীক ‘গ্ৰেণ্ড ক্ৰছ অৱ দি ৰয়েল নৰৱেজিয়ান অৰ্ডাৰ অৱ মেৰিট’ (Grand Cross of the Royal Norwegian Order of Merit) সন্মান প্ৰদান কৰে ।

নৰৱে আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা অসাধাৰণ সেৱা আৰু বিশেষ অৱদানৰ স্বীকৃতিস্বৰূপ প্ৰধানমন্ত্ৰীগৰাকীক এই সৰ্বোচ্চ সন্মান আগবঢ়োৱা হয় । উল্লেখ্য যে, এই নতুন স্বীকৃতিৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ কাৰ্যকালত বিভিন্ন বিদেশী ৰাষ্ট্ৰৰ পৰা লাভ কৰা আন্তঃৰাষ্ট্ৰীয় সন্মানৰ সংখ্যা ৩২ খনলৈ বৃদ্ধি পালে ।

ৰয়েল নৰৱেজিয়ান অৰ্ডাৰ অৱ মেৰিটৰ ইতিহাস আৰু নিয়ম-

১৯৮৫ চনত নৰৱেৰ তদানীন্তন ৰজা ওলাভ পঞ্চমে এই সন্মানৰ প্ৰতিষ্ঠা কৰিছিল । নৰৱে তথা সমগ্ৰ মানৱজাতিৰ স্বাৰ্থত ব্যতিক্ৰমী সেৱা আগবঢ়োৱা দেশখনৰ নাগৰিকৰ লগতে বিদেশী বিশিষ্ট ব্যক্তিসকলকো এই সন্মানেৰে ভূষিত কৰা হয় । এই সন্মানৰ প্ৰতীকচিহ্ন বা ইনচিগ্নিয়াটো সোণ বা ৰূপৰে নিৰ্মিত ‘ছেইণ্ট ওলাভৰ ক্ৰছ’ আৰ্হিৰ, যাৰ চাৰিওটা চুকত মুকুট আৰু কেন্দ্ৰভাগত ৰজা ওলাভ প্ৰথমৰ মনোগ্ৰাম সম্বলিত এটা ৰঙা ক্ৰছ থাকে ।

প্ৰট’কল অনুসৰি, এই অৰ্ডাৰৰ বিভিন্ন স্তৰসমূহ পিন্ধাৰ সুকীয়া নিয়ম আছে । ‘নাইটছ ক্ৰছ’ বুকৰ বাওঁফালে পিন্ধা হয় আৰু ‘কমাণ্ডাৰ্ছ ক্ৰছ’ ডিঙিত ফিতাৰে ওলমাই দিয়া হয় । আনহাতে, প্ৰধানমন্ত্ৰী মোদীয়ে লাভ কৰা সৰ্বোচ্চ স্তৰ ‘গ্ৰেণ্ড ক্ৰছ’ সোঁ কান্ধৰ পৰা বাওঁফাললৈ বিস্তৃত এখন বহল কাপোৰ বা সেশ্বৰ (Sash) সৈতে পিন্ধা হয় । মহিলা প্ৰাপকসকলৰ ক্ষেত্ৰত অৱশ্যে এইসমূহ বাওঁ বুকুত এটা ধেনু আকৃতিৰ ফিতাৰ (Ribbon bow) সৈতে সংলগ্ন কৰাৰ পৰম্পৰা আছে ।

পাঁচদিনীয়া বিদেশ ভ্ৰমণত প্ৰধানমন্ত্ৰী-

প্ৰধানমন্ত্ৰী মোদী বৰ্তমান ১৫ ৰ পৰা ২০ মে’লৈ আয়োজিত এক গুৰুত্বপূৰ্ণ পাঁচখন দেশৰ ভ্ৰমণসূচীত আছে । ইউ এ ই, নেদাৰলেণ্ড আৰু চুইডেন ভ্ৰমণ সমাপ্ত কৰি চতুৰ্থ পৰ্যায়ত তেওঁ নৰৱেৰ ৰাজধানী অছ’ল’ত উপস্থিত হৈছে । ইয়াৰ পূৰ্বে চুইডেন ভ্ৰমণকালতো প্ৰধানমন্ত্ৰী মোদীক দেশখনৰ সৰ্বোচ্চ সন্মান “ৰয়েল অৰ্ডাৰ অৱ পোলাৰ ষ্টাৰ কমাণ্ডাৰ গ্ৰেণ্ড ক্ৰছ” প্ৰদান কৰা হৈছিল, যিটো চুইডেন চৰকাৰে কোনো বিদেশী চৰকাৰৰ মুৰব্বীক প্ৰদান কৰা সৰ্বোচ্চ স্বীকৃতি ।

নৰৱে ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে তৃতীয় ‘ভাৰত-নৰ্ডিক সন্মিলন’ত অংশগ্ৰহণ কৰিব । নৰৱেৰ কাৰ্যসূচী অন্ত পৰাৰ পিছত, তেওঁ এই ভ্ৰমণসূচীৰ অন্তিম পৰ্যায়ত ইটালী অভিমুখে ৰাওনা হ’ব ।

লগতে পঢ়ক : ৪৩ বছৰৰ পাছত নৰৱেত ভাৰতৰ প্ৰধানমন্ত্ৰী; ওচলোত উষ্ম আদৰণি নৰেন্দ্ৰ মোদীক

৪৩ বছৰৰ পাছত নৰৱেত ভাৰতৰ প্ৰধানমন্ত্ৰী; ওচলোত উষ্ম আদৰণি নৰেন্দ্ৰ মোদীক

যোৱা ৪৩ বছৰৰ ভিতৰত এয়া কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম নৰৱে ভ্ৰমণ

দ্বিপাক্ষিক কূটনীতিৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰি আৰু এক ঐতিহাসিক মাইলৰ খুটি স্থাপন কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সোমবাৰে নৰৱেৰ ৰাজধানী ওচলোত উপস্থিত হয় । যোৱা ৪৩ বছৰৰ ভিতৰত এয়া কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম নৰৱে ভ্ৰমণ । ছুইডেনৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী সমাপ্ত কৰি দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ওচলোত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ হৈছে তেওঁৰ চলিত পাঁচখন দেশৰ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ পৰ্যায় । এই ভ্ৰমণৰ মূল লক্ষ্য হৈছে ভাৰত আৰু নৰৱেৰ মাজৰ কৌশলগত তথা অৰ্থনৈতিক সম্পৰ্কক এক নতুন মাত্ৰা প্ৰদান কৰা ।

ৰাণৱেত নৰৱেৰ প্ৰধানমন্ত্ৰীৰ অনন্য আদৰণি-

এই ভ্ৰমণৰ তাৎপৰ্য প্ৰতিপন্ন কৰি এক বিৰল কূটনৈতিক সৌজন্যতা প্ৰদৰ্শন কৰা দেখা গ’ল । নৰৱেৰ প্ৰধানমন্ত্ৰী জোনাছ গাহৰ ষ্টোৰে নিজেই বিমানবন্দৰৰ ৰাণৱেত উপস্থিত থাকি ভাৰতীয় প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনায় । বিমানবন্দৰৰ উচ্চস্তৰীয় আদৰণি দলটোত ভাৰতলৈ নৰৱেৰ ৰাষ্ট্ৰযুদ্ধ মে-ইলিন ষ্টেনাৰ, নৰৱেলৈ ভাৰতৰ ৰাষ্ট্ৰদূত গ্ল’ৰিয়া গেংটেৰ লগতে দুয়ো দেশৰ কেইবাগৰাকীও উচ্চপদস্থ কূটনীতিবিদ উপস্থিত থাকে ।

ছচিয়েল মিডিয়াত উছাহ প্ৰকাশ দুয়ো দেশৰ প্ৰতিনিধিৰ-

প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণক লৈ নৰৱে চৰকাৰ আৰু কূটনীতিবিদসকলৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । নৰৱেৰ প্ৰধানমন্ত্ৰী জোনাছ গাহৰ ষ্টোৰে ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘X’ত লিখিছে :

“নৰৱেলৈ স্বাগতম, প্ৰধানমন্ত্ৰী মোদী । ই এক ঐতিহাসিক মুহূৰ্তক চিহ্নিত কৰিছে । মই আশাবাদী যে নৰৱে, নৰ্ডিক দেশসমূহ আৰু ভাৰতে বাণিজ্য, সেউজ পৰিৱৰ্তন আৰু আমাৰ উমৈহতীয়া গোলকীয় প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাত সহযোগিতা আৰু অধিক বৃদ্ধি কৰিব ।”

একেদৰে ভাৰতলৈ নৰৱেৰ ৰাষ্ট্ৰদূত মে-ইলিন ষ্টেনাৰেও এই ভ্ৰমণক এক গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰে । তেওঁ ‘X’ত উল্লেখ কৰে যে ৪৩ বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে দুয়োখন দেশৰ সুদৃঢ় সম্পৰ্ক আৰু সহভাগী উচ্চাকাংক্ষাকে প্ৰতিফলিত কৰিছে ।

ব্যস্ততাপূৰ্ণ কাৰ্যসূচী আৰু মূল লক্ষ্য-

প্ৰধানমন্ত্ৰী মোদীৰ ওচলো ভ্ৰমণৰ সূচী অত্যন্ত ব্যস্ততাপূৰ্ণ । তেওঁ ওচলোত অনুষ্ঠিত হ’বলগীয়া ‘তৃতীয় ভাৰত-নৰ্ডিক সন্মিলন’ত অংশগ্ৰহণ কৰিব । ইয়াৰ উপৰিও তেওঁ নৰৱেৰ ৰজা হেৰাল্ড (পঞ্চম) আৰু ৰাণী চনজাক সাক্ষাৎ কৰিব ।

প্ৰধানমন্ত্ৰী মোদীয়ে নৰৱেৰ প্ৰধানমন্ত্ৰী ষ্টোৰৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব আৰু দুয়োগৰাকী নেতাই যৌথভাৱে ‘ভাৰত-নৰৱে ব্যৱসায় আৰু গৱেষণা সন্মিলন’ক সম্বোধন কৰিব ।

বাণিজ্য আৰু বিনিয়োগত বিশেষ গুৰুত্ব-

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, এই ভ্ৰমণে ভাৰত-নৰৱে সম্পৰ্কৰ প্ৰগতিৰ পৰ্যালোচনা কৰাৰ এক ডাঙৰ সুযোগ আনি দিব । বিশেষকৈ—

বাণিজ্য আৰু বিনিয়োগ : ভাৰত-EFTA বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ আধাৰত বাণিজ্য সম্প্ৰসাৰণ ।

সেউজ প্ৰযুক্তি ও নীলা অৰ্থনীতি : সেউজ প্ৰযুক্তি (Green Tech) আৰু নীলা অৰ্থনীতিৰ (Blue Economy) ক্ষেত্ৰত সহযোগিতা বৃদ্ধি ।

বিত্তীয় গতিশীলতা : ২০২৪ চনৰ হিচাপত দুয়ো দেশৰ মাজত বৰ্তমান প্ৰায় ২.৭৩ বিলিয়ন মাৰ্কিন ডলাৰৰ দ্বিপাক্ষিক বাণিজ্য চলি আছে । লগতে ভাৰতীয় মূলধন বজাৰত নৰৱেৰ চৰকাৰী পেঞ্চন ফাণ্ডৰ প্ৰায় ২৮ বিলিয়ন মাৰ্কিন ডলাৰৰ বিনিয়োগ আছে । এই ভ্ৰমণে এই বিত্তীয় আৰু বাণিজ্যিক সম্পৰ্কক এক নতুন গতি প্ৰদান কৰিব বুলি বৈদেশিক মন্ত্ৰালয়ে আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : ‘ইৰাণৰ একোৱেই নাথাকিব…’;উচ্চ পৰ্যায়ৰ বৈঠকত ‘দ্বিতীয় বিশ্বযুদ্ধ’ৰ ইংগিত ট্ৰাম্পৰ

নৰৱেৰ আমেৰিকান দূতাৱাসৰ সমীপত ভয়ংকৰ বিস্ফোৰণ

নৰৱেৰ ৰাজধানী অশ্লোত আমেৰিকাৰ দূতাবাসৰ সমীপত তীব্ৰ বিস্ফোৰণৰ শব্দ শুনা যায়

দেওবাৰে পুৱা নৰৱেৰ ৰাজধানী অশ্লোত আমেৰিকাৰ দূতাবাসৰ সমীপত তীব্ৰ বিস্ফোৰণৰ শব্দ শুনা যায় । অশ্লো আৰক্ষী আৰু নিৰাপত্তা সংস্থাই এই ৰহস্যজনক বিস্ফোৰণৰ তদন্ত কৰি আছে । অৱশ্যে এই ঘটনাত কোনো লোক হতাহতৰ খবৰ প্ৰকাশ পোৱা নাই ।

স্থানীয় সংবাদ মাধ্যম আৰু প্ৰত্যক্ষদৰ্শীৰ মতে, এই বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে ই ওচৰৰ ঘৰবোৰৰ খিৰিকী আৰু বেৰ কঁপাই তুলিছিল । হুচেবি অঞ্চলৰ দূতাবাসৰ সমীপত বিস্ফোৰণৰ লগে লগে ধোঁৱা বিয়পি পৰে । স্থানীয় এজন বাসিন্দাই কয় যে, “মই টিভি চাই আছিলো, হঠাতে এটা ডাঙৰ বিস্ফোৰণ ঘটিল আৰু মোৰ গোটেই ঘৰটো কঁপি গ’ল ।”

বিস্ফোৰণৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ ঘটনাস্থলীত উপস্থিত হয় আৰু সমগ্ৰ অঞ্চলটো ঘেৰাও কৰে । অশ্লো আৰক্ষী বিভাগে এক বিবৃতিত কয় যে তেওঁলোকে দূতাবাসৰ বিষয়াৰ সৈতে যোগাযোগত আছে ।

বৰ্তমান বিস্ফোৰণৰ কাৰণ কি বা ইয়াৰ আঁৰত কোন আছিল সেয়া স্পষ্ট হোৱা নাই । বিস্ফোৰক আছিল নে কোনো কাৰিকৰী ত্ৰুটিৰ বাবে এই বিস্ফোৰণ ঘটিল সকলো দিশৰ তীক্ষ্ণ তদন্ত কৰি আছে আৰক্ষীয়ে ।

লগতে পঢ়ক : ট্ৰাম্পৰ সকীয়নিৰ পিছতে ইৰাণত আমেৰিকা-ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ, কঁপি উঠিল তেহৰাণ