১৯৩২ চনৰ লছ এঞ্জেলছ অলিম্পিকৰ ক্ৰীড়াসূচীৰ পৰা ফুটবলক বাদ দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল
আজিৰ পৰা ঠিক ৯৬ বছৰ পূৰ্বে অৰ্থাৎ ১৯৩০ চনৰ ১৩ জুলাইত ক্ৰীড়া জগতত ৰচিত হৈছিল এক নতুন ইতিহাস । সেইদিনা উৰুগুৱেৰ মণ্টেভিডিঅ’ চহৰত একেলগে অনুষ্ঠিত হৈছিল বিশ্ব ক্ৰীড়া ইতিহাসৰ প্ৰথম দুখন বিশ্বকাপ ফুটবল মেচ । প্ৰথমখন মেচত ফ্ৰান্সে মেক্সিকোক ৪-১ ব্যৱধানত আৰু দ্বিতীয়খন মেচত আমেৰিকাই বেলজিয়ামক ৩-০ ব্যৱধানত পৰাজিত কৰি ঐতিহাসিক জয়ৰে যাত্ৰা আৰম্ভ কৰিছিল । ইয়াৰ পিছৰে পৰা অলিম্পিকক নেওচি বিশ্বকাপ ফুটবল বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় আৰু বেছি চোৱা খেলত পৰিণত হয় ।
অলিম্পিকৰ পৰা বিশ্বকাপৰ জন্ম
১৯৩২ চনৰ লছ এঞ্জেলছ অলিম্পিকৰ ক্ৰীড়াসূচীৰ পৰা ফুটবলক বাদ দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল । ইয়াৰ পিছতে ফিফাৰ তৎকালীন সভাপতি জুলছ ৰিমেটে ১৯৩০ চনত এটা স্বতন্ত্ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা আয়োজন কৰাৰ দায়িত্ব লয় । ইউৰোপীয় ফুটবলাৰসকলৰ তীব্ৰ অসন্তুষ্টি স্বত্বেও, ১৯২৪ চনৰ পেৰিছ অলিম্পিক আৰু ১৯২৮ চনৰ আমষ্টাৰডাম অলিম্পিকত একেৰাহে স্বৰ্ণ পদক বুটলি থকা উৰুগুৱেক প্ৰথম বিশ্বকাপৰ আয়োজক দেশ হিচাপে বাছনি কৰা হয় ।
আৰ্থিক মন্দাৱস্থা আৰু ইউৰোপীয় দেশৰ প্ৰত্যাহ্বান
সেই সময়ত সমগ্ৰ ইউৰোপ জুৰি এক তীব্ৰ অৰ্থনৈতিক মন্দাৱস্থাই দেখা দিছিল । খেলুৱৈসকলৰ মনত ভয় আছিল যে সুদূৰ উৰুগুৱেলৈ খেলিবলৈ গ’লে ঘূৰি অহাৰ পিছত তেওঁলোকে নিজৰ চাকৰি হেৰুৱাব লগা হ’ব পাৰে । ফলস্বৰূপে, তিনিবাৰকৈ অলিম্পিক স্বৰ্ণ পদক জিকা ইংলেণ্ডৰ লগতে ইটালী, স্পেইন, জাৰ্মানী আৰু নেদাৰলেণ্ডৰ দৰে ফুটবলপ্ৰেমী মহাশক্তিশালী দলসমূহে প্ৰথম বিশ্বকাপত অংশ ল’ব নোৱাৰিলে ।
অৱশ্যে, আয়োজক উৰুগুৱে দলসমূহৰ ভ্ৰমণৰ খৰচ বহন কৰিবলৈ মান্তি হোৱাত জুলছ ৰিমেটে বেলজিয়াম, ফ্ৰান্স, ৰোমানিয়া আৰু যুগোশ্লাভিয়াক খেলাৰ বাবে সৈমান কৰে । উল্লেখ্য যে, ৰোমানিয়াৰ ৰজা কেৰলে নিজেই দলৰ খেলুৱৈ বাছনি কৰিছিল আৰু তেওঁলোকক তিনি মাহৰ ছুটি দি ঘূৰি অহাৰ পিছত চাকৰিৰ সম্পূৰ্ণ নিশ্চয়তা প্ৰদান কৰিছিল ।
খেলপথাৰৰ বিতৰ্ক আৰু আমেৰিকাৰ শ্ৰেষ্ঠ প্ৰদৰ্শন
প্ৰতিযোগিতাখনৰ প্ৰথম ৰাউণ্ডতে ফ্ৰান্সৰ লুচিয়েন লৰেণ্টে বিশ্বকাপ ইতিহাসৰ সৰ্বপ্ৰথমটো গ’ল স্ক’ৰ কৰে । পিছে ফ্ৰান্সৰ দ্বিতীয়খন মেচত এক তীব্ৰ বিতৰ্কৰ সৃষ্টি হয় । নিৰ্ধাৰিত সময়তকৈ ছয় মিনিট আগতেই ৰেফৰীয়ে খেল শেষ হোৱাৰ হুইছেল বজায় আৰু ফ্ৰান্স আৰ্জেণ্টিনাৰ হাতত ১-০ ত পৰাস্ত হয় । অৱশ্যে ভুলটো ধৰা পৰাৰ পিছত ৰেফৰীয়ে আৰ্জেণ্টিনাৰ খেলুৱৈসকলক খেলপথাৰলৈ ওভতাই আনি অন্তিম কেইমিনিট খেলোৱাবলৈ বাধ্য হৈছিল ।
আনহাতে, বেলজিয়াম আৰু পেৰাগুৱেক হৰুৱাই আমেৰিকাই ছেমিফাইনেলত প্ৰৱেশ কৰে । যদিও ছেমিফাইনেলত তেওঁলোকে আৰ্জেণ্টিনাৰ হাতত ৬-১ ব্যৱধানত পৰাজিত হয়, তথাপিও ছেমিফাইনেল পৰ্যায়লৈ উন্নীত হোৱাটোৱে আছিল বিশ্বকাপৰ ইতিহাসত আমেৰিকাৰ এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ।
উৰুগুৱেৰ হাতত ঐতিহাসিক খিতাপ
৩০ জুলাই, ১৯৩০ চনত মণ্টেভিডিঅ’ৰ ষ্টেডিয়ামত উপস্থিত থকা প্ৰায় ৯৩,০০০ দৰ্শকে প্ৰত্যক্ষ কৰিছিল এক ৰোমাঞ্চকৰ ফাইনেল । ১৯২৮ চনৰ অলিম্পিক ফাইনেলৰ পুনৰাবৃত্তি ঘটাই উৰুগুৱে চিৰবৈৰী আৰ্জেণ্টিনাক ৪-২ ব্যৱধানত ধূলিস্যাৎ কৰি প্ৰথমখন সোনালী বিশ্বকাপ ট্ৰফী বুটলি লয় । ইয়াৰ ঠিক ২০ বছৰ পিছত অৰ্থাৎ ১৯৫০ চনত ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰোত ব্ৰাজিলক ২-১ ব্যৱধানত হৰুৱাই উৰুগুৱে দ্বিতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়ন হৈছিল ।
প্ৰথম বিশ্বকাপ ফুটবল (১৯৩০)-
আৰম্ভণি: ১৩ জুলাই, ১৯৩০ (মণ্টেভিডিঅ’, উৰুগুৱে)
প্ৰথম গ’লদাতা: লুচিয়েন লৰেণ্ট (ফ্ৰান্স)
ফাইনেল: ৩০ জুলাই, ১৯৩০ (উৰুগুৱে ৪-২ আৰ্জেণ্টিনা)
দৰ্শকৰ সংখ্যা: ৯৩,০০০
লগতে পঢ়ক : ফিফা বিশ্বকাপ ২০২৬: শেষ চাৰিত ৪ মহাশক্তি, খিতাপৰ যুঁজত কোন কাৰ মুখামুখি হ’ব?









