ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল ৰাজধানী দিল্লী; লালকিল্লাৰ সমীপত ভয়ংকৰ ঘটনা

ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল ৰাজধানী দিল্লী; লালকিল্লাৰ সমীপত হাহাকাৰ পৰিস্থিতি

ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল দিল্লী সোমবাৰে এক ভয়ংকৰ বিস্ফোৰণত কঁপি উঠে ৰাজধানী দিল্লী । দিল্লীৰ লালকিল্লাৰ সমীপত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হোৱা বুলি খবৰ প্ৰকাশ পাইছে । এই ঘটনাৰ ফলত অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে । প্ৰাৰম্ভিক তথ্য অনুসৰি এই ঘটনাত ৮গৰাকী লোক নিহত হোৱাৰ

ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল দিল্লী

সোমবাৰে এক ভয়ংকৰ বিস্ফোৰণত কঁপি উঠে ৰাজধানী দিল্লী । দিল্লীৰ লালকিল্লাৰ সমীপত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হোৱা বুলি খবৰ প্ৰকাশ পাইছে । এই ঘটনাৰ ফলত অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে । প্ৰাৰম্ভিক তথ্য অনুসৰি এই ঘটনাত ৮গৰাকী লোক নিহত হোৱাৰ লগতে আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে । সন্ধিয়া ৬:৫৫ বজাত অগ্নিনিৰ্বাপক বাহিনীয়ে বিস্ফোৰণৰ তথ্য লাভ কৰে । দিল্লী আৰক্ষীৰ এটা দলে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

বিস্ফোৰণ এখন বাহনত সংঘটিত হয় আৰু আন ৮খন বাহনো লগে লগে জুয়ে আগুৰি ধৰে । জানিব পৰা মতে ৰেড ফ’ৰ্ট মেট্ৰ’ ষ্টেচনৰ ১ নং গেটত সংঘটিত হয় এই বিস্ফোৰণ ।

বিস্ফোৰণৰ ফলত ওচৰতে ৰখাই থোৱা বাহনসমূহৰ খিৰিকী ছিন্নভিন্ন হৈ পৰে । বিস্ফোৰণৰ সময়ত সেই ঠাইত বৃহৎ জনসমাগমৰ আছিল । আহত লোকসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । গাড়ীখনত থকা চি এন জিৰ ফলত নে আন কোনো কাৰণত বিস্ফোৰণ সংঘটিত হয় সেয়া এতিয়াও জানিব পৰা হোৱা নাই । ইতিমধ্যে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ বাহনসমূহ উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ  প্ৰয়াস অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণে চিন্তিত কৰি তুলিছে নিৰাপত্তা সংস্থা সমূহক । প্ৰাৰম্ভিক তদন্তৰ পৰা দেখা গৈছে যে এই কাণ্ড স্থানীয় বিস্ফোৰণ নহয় । দিল্লীৰ গাতে লাগি থকা ফৰিদাবাদত ২৯০০ কিলোগ্ৰাম এমোনিয়াম নাইট্ৰেট উদ্ধাৰ হোৱাৰ পিছতে এই বিস্ফোৰণ সংঘটিত হৈছে । অৱশ্যে দুয়োটা ঘটনাৰ মাজত কোনো সংযোগ আছে নে নাই সেয়া পৰৱৰ্তী তদন্ত প্ৰক্ৰিয়াত স্পষ্ট হ’ব ।

লগতে পঢ়ক : চিকিৎসকৰ ঘৰৰ পৰা দুটা এ কে ৪৭ আৰু ৩৫০ কেজি বিস্ফোৰক উদ্ধাৰ!দুজনক আটক

শেহতীয়া প্ৰৱন্ধসমূহ