কাটাৰৰ গেছ টাৰ্মিনেলত ভয়ংকৰ বিস্ফোৰণ; ১৮ জন লোক নিৰুদ্দেশ

দেওবাৰে নিশা কাটাৰৰ ৰপ্তানি টাৰ্মিনেলত কামৰ সময়ত ‘বৰজান’ গেছ যোগান প্লাণ্টত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়।

কাটাৰৰ ৰাছ লাফানত থকা এটা প্ৰধান প্ৰাকৃতিক গেছ ৰপ্তানি টাৰ্মিনেলত দেওবাৰে নিশা এক প্ৰচণ্ড বিস্ফোৰণ ঘটে। ইৰাণৰ আক্ৰমণৰ পিছত কৰ্মচাৰীসকলে টাৰ্মিনেলটো পুনৰ আৰম্ভ কৰিবলৈ চেষ্টা কৰাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়। প্ৰচণ্ড বিস্ফোৰণৰ ফলত  ভয়াৱহ অগ্নিকাণ্ডৰ সংঘটিত হয়, য’ত প্ৰায় ৫৪ জন লোক আহত হোৱাৰ লগতে প্ৰায় ১৮ জন লোক কেইবা ঘণ্টাধৰি নিৰুদ্দেশ হৈ আছিল। উদ্ধাৰকাৰী দলে ঘটনাস্থলীত একেৰাহে অভিযান চলাই আছে।

কাটাৰৰ চৰকাৰী কোম্পানী ‘কটাৰএনাৰ্জী’ (QatarEnergy)ৰ মতে, ৰপ্তানি টাৰ্মিনেলত কাম চলি থকাৰ সময়তে দেওবাৰে নিশা ‘বৰজান’ গেছ যোগান প্ৰকল্পত এক ভয়ংকৰ বিস্ফোৰণ ঘটে । টাৰ্মিনেলত হোৱা বিস্ফোৰণৰ ফলত হোৱা ক্ষতিৰ কোনো নিশ্চিত তথ্য এতিয়ালৈকে পোহৰলৈ অহা নাই।

কাটাৰ বিশ্বৰ অন্যতম শীৰ্ষ প্ৰাকৃতিক গেছ উৎপাদক দেশ, গতিকে ইয়াৰ ঔদ্যোগিক অঞ্চলত হোৱা এই বৃহৎ বিস্ফোৰণৰ প্ৰভাৱ বিশ্বজোৰা শক্তি বজাৰতো পৰিব পাৰে। আনহাতে, ইৰাণৰ দ্বাৰা হৰমুজ প্ৰণালী বন্ধ কৰি দিয়াৰ বাবে কাটাৰে নিজৰ গ্ৰাহকসকলক গেছ যোগান ধৰিব পৰা নাছিল, যাৰ বাবে কাটাৰে নিজৰ উৎপাদন বন্ধ কৰি দিছিল।

বিষয়াসকলৰ মতে, মাৰ্চ মাহত এখন ইৰাণী মিছাইল ‘ৰাছ লাফান’ত খুন্দা খাইছিল, যাৰ ফলত তাত ভয়াৱহ অগ্নিকাণ্ড আৰু বৃহৎ ক্ষতি হৈছিল। ইৰাণৰ ধাৰাবাহিক আক্ৰমণৰ বাবে কাটাৰে ইতিমধ্যে তাত গেছ উৎপাদন বন্ধ কৰি দিছিল। এতিয়া আমেৰিকা আৰু ইৰাণৰ মাজত আলোচনা আৰু হৰমুজত শিথিলতা অনাৰ বাবে পশ্চিম এছিয়াৰ পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনাৰ মাজতে কাটাৰে পুনৰ নিজৰ ৰপ্তানি টাৰ্মিনেলটো কাৰ্যক্ষম কৰাৰ কাম আৰম্ভ কৰিছিল। এই সময়ছোৱাতে এই ডাঙৰ দুৰ্ঘটনাটো সংঘটিত হয়।

লগতে পঢ়ক: ‘ইৰাণে লেবাননত প্ৰক্সি বন্ধ কৰিব লাগে, নহ’লে বিধ্বংসী ৰূপ ধাৰণ কৰিম’; ড’নাল্ড ট্ৰাম্পৰ পুনৰ সকীয়নি

‘যদি যুদ্ধ ২-৩ সপ্তাহলৈকে চলি থাকে তেন্তে ধ্বংস নিশ্চিত’; কাটাৰৰ শক্তি মন্ত্ৰীৰ বিস্ফোৰক মন্তব্য

ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ যুদ্ধৰ বাবে কাটাৰে তেওঁলোকৰ নিজৰ বৃহৎ এল এন জি প্লাণ্ট ৰাছ লাফান ঔদ্যোগিক চহৰত থকা এল এন জি ৰ উৎপাদন সাময়িকভাৱে বন্ধ কৰিবলগীয়া হৈছে।

ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধ ভয়ংকৰ হৈ পৰিছে,ইজৰাইলৰ হৈ আমেৰিকাই ইৰাণক আক্ৰমণ কৰিছে,এই সংঘাত যোৱা ৭ দিন ধৰি চলি আছে, আৰু প্ৰতিদিনেই নিৰিহ লোকৰ মৃত্যু হৈছে।ইফালে সমগ্ৰ বিশ্বই এই যুদ্ধৰ ফলত অৰ্থনৈতিকভাৱে প্ৰভাৱিত হ’ব, কাৰণ এই যুদ্ধৰ কেন্দ্ৰবিন্দু হৈছে খাৰুৱা তেল।

এতিয়া যুদ্ধৰ সপ্তম দিনটোত খাৰুৱা তেলৰ সন্দৰ্ভত এক বৃহৎ সতৰ্কবাণী ওলাইছে। কাটাৰৰ শক্তি মন্ত্ৰী সাদ আল-কাবীয়ে কয় যে মধ্যপ্ৰাচ্যৰ পৰা শক্তিৰ যোগান বন্ধ হ’লে এই সংকটে বিশ্বৰ অৰ্থনীতিক কঁপাই তুলিব পাৰে।

তেওঁ এক সাক্ষাৎকাৰত কৈছে যে, ‘যুদ্ধৰ বাবে তেল ৰপ্তানিত প্ৰভাৱিত হয় তেন্তে অহা ২ৰ পৰা ৩ সপ্তাহত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১৫০ ডলাৰৰ ওপৰলৈ বৃদ্ধি পাব পাৰে।’ তেওঁ কয় যে, এতিয়া যুদ্ধ তৎক্ষণাত শেষ হ’লেও উৎপাদন আৰু যোগান স্বাভাৱিক মাত্ৰালৈ ঘূৰি আহিবলৈ কেইবা সপ্তাহৰ পৰা মাহৰ সময় লাগিব পাৰে।

দৰাচলতে, যুদ্ধৰ বাবে কাটাৰে নিজৰ বৃহৎ এল এন জি প্লাণ্ট ৰাছ লাফান ঔদ্যোগিক চহৰত থকা এল এন জি ৰ উৎপাদন সাময়িকভাৱে বন্ধ কৰিবলগীয়া হৈছে। ইয়াৰ ফলত বিশ্বব্যাপী গেছ যোগানৰ ক্ষেত্ৰতো উদ্বেগ প্ৰকাশ পাইছে।

বিশ্লেষণ সংস্থাৰ তথ্য অনুসৰি কাটাৰ আৰু সংযুক্ত আৰব আমিৰশ্বাহীয়ে একেলগে পাকিস্তানৰ এল এন জি আমদানিৰ ৯৯%, বাংলাদেশৰ ৭২% আৰু ভাৰতৰ ৫৩% ৰ যোগানৰ প্ৰয়োজন পূৰণ কৰে। ইফালে শুকুৰবাৰে বিয়লি প্ৰায় ৪ বজাত ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৮৬ ডলাৰলৈ বৃদ্ধি পাইছে।

লগতে পঢ়ক: ইৰাণৰ প্ৰতিশোধ; পাৰ্চী উপসাগৰত আমেৰিকাৰ টেংকাৰত ভয়ংকৰ আক্ৰমণ

কাটাৰৰ ৰাজধানীত ইজৰাইলৰ বৃহৎ আক্ৰমণ… হামাছৰ শীৰ্ষ নেতাক লক্ষ্য

কাটাৰৰ ৰাজধানীত ইজৰাইলৰ বৃহৎ আক্ৰমণ

ইজৰাইলে মঙলবাৰে কাটাৰৰ ৰাজধানী ডোহাত হামাছৰ শীৰ্ষ নেতাসকলক লক্ষ্য কৰি বৃহৎ আক্ৰমণ চলাই । ইজৰাইলৰ বিষয়াসকলে এই তথ্য নিশ্চিত কৰিছে । তথ্য অনুসৰি ইজৰাইলৰ নিৰাপত্তা সংস্থা শ্বিন বেটে এই অভিযান চলাইছিল ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি,বৈঠক কৰি থকা নেতাসকলক আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ অনুমোদনৰ পিছতে লক্ষ্য কৰি লোৱা হয়, যিসকলে যুদ্ধবিৰতি সন্দৰ্ভত আমেৰিকাৰ শেহতীয়া প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰা বুলি জানিব পৰা গৈছে ।

অৱশ্যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে এই অভিযানক স্বতন্ত্ৰ অভিযান বুলি অভিহিত কৰে । তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, “হামাছৰ শীৰ্ষ সন্ত্ৰাসবাদী নেতাসকলৰ বিৰুদ্ধে আজিৰ এই পদক্ষেপটো আছিল সম্পূৰ্ণ স্বতন্ত্ৰ ইজৰাইলী অভিযান । ইজৰাইলে ইয়াক আৰম্ভ কৰিছিল, ইজৰাইলে ইয়াক চলাইছিল আৰু ইজৰাইলে ইয়াৰ সম্পূৰ্ণ দায়িত্ব লৈছে ।”

এই আক্ৰমণৰ পিছতে দোহাৰ আকাশত ক’লা ধোঁৱাৰ ডাৱৰ দেখা যায় । কাটাৰৰ বিষয়াসকলেও এই আক্ৰমণ নিশ্চিত কৰিছে । অৱশ্যে এই আক্ৰমণত কোনো লোক হাত-হত হৈছে নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই । ইয়াৰ পিছতে এতিয়া দোহাৰ ৰাজপথত উত্তেজনা আৰু ভয়ৰ পৰিবেশে বিৰাজ কৰিছে ।

উল্লেখ্য যে, ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হামাছে আক্ৰমণ কৰাৰ পিছত ইয়াক ইহুদী দেশখনে কাটাৰত সংঘটিত কৰা দ্বিতীয়টো বৃহৎ আক্ৰমণ বুলি অভিহিত কৰা হৈছে ।

এই আক্ৰমণৰ সবিশেষ এতিয়াও স্পষ্ট হোৱা নাই যদিও ইজৰাইলী সেনাৰ মুখপাত্ৰই কয় যে ইজৰাইলৰ বায়ুসেনাই এই আক্ৰমণ সংঘটিত কৰিছে । এই সময়ছোৱাত কাটাৰ এয়াৰৱেজৰ বিমান সেৱা স্বাভাৱিকভাৱে দোহাত চলি থকাৰ বিপৰীতে কমেও এখন কাটাৰ বায়ুসেনাৰ বিমানে দেশখনৰ নিৰাপত্তা নিৰীক্ষণ কৰিবলৈ উৰা মাৰিছিল ।

লগতে পঢ়ক : প্ৰতিবাদত উত্তাল নেপালত ভয়াৱহ পৰিস্থিতি… প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ পদত্যাগ

ভাৰত আৰু কাটাৰৰ সম্পৰ্কৰ নতুন অধ্যায়…কৌশলগত অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব ৰাষ্ট্ৰপতি মুৰ্মুৰ

কাটাৰৰ আমিৰ শ্বেইখ তামিম বিন হামাদ আল থানী ভাৰত ভ্ৰমণত আছে । মঙলবাৰে তেওঁক সাক্ষাৎ কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কাটাৰৰ সৈতে ভাৰতৰ ঐতিহাসিক সম্পৰ্ক আৰু বন্ধুত্বক গুৰুত্বপূৰ্ণ আখ্যা দিয়ে । তেওঁ কয় যে কাটাৰ আৰু ভাৰতৰ মাজত এক বিশেষ বন্ধন আছে যিটো অতি ঘনিষ্ঠ আৰু সজীৱ । তেওঁ লগতে উল্লেখ কৰে যে দুয়োখন দেশক সংযোগ কৰা পৰম্পৰাগত জাহাজসমূহে যুগ যুগ ধৰি দুয়োখন দেশৰ মাজত পৰম্পৰা, সামগ্ৰী, ধাৰণা আৰু সাংস্কৃতিক মূল্যবোধৰ আদান-প্ৰদান কৰি আহিছে ।

কাটাৰৰ ভাৰতীয় সম্প্ৰদায়ৰ প্ৰশংসা-

ৰাষ্ট্ৰপতি মুৰ্মুৱে কাটাৰত ভাৰতীয় সম্প্ৰদায়ক প্ৰশংসা কৰি কয় যে ভাৰতীয় সম্প্ৰদায়ে কাটাৰক দ্বিতীয় ঘৰ হিচাপে গঢ়ি তুলিছে আৰু স্থানীয় সমাজৰ লগত ভালদৰে মিলি গৈছে । কাটাৰৰ জনসাধাৰণৰ আতিথ্য আৰু যত্নৰ বাবে তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে ।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শেহতীয়াকৈ ভাৰত আৰু কাটাৰৰ মাজত কৌশলগত অংশীদাৰিত্ব চুক্তি স্বাক্ষৰ কৰাটো দুয়োখন দেশৰ মাজৰ সম্পৰ্কক নতুন উচ্চতালৈ লৈ যোৱাৰ লগতে পাৰস্পৰিকভাৱে লাভজনক অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে তেওঁলোকৰ উমৈহতীয়া প্ৰতিশ্ৰুতিৰ সাক্ষ্য । তেওঁ ইয়াক দুয়োখন দেশৰ প্ৰতিভা, সম্পদ আৰু সংস্কৃতিৰ সহযোগিতাৰ প্ৰতীক বুলিও অভিহিত কৰে ।

আত্মবিশ্বাস প্ৰকাশ কৰিলে মুৰ্মুৱে-

ৰাষ্ট্ৰপতিগৰাকীয়ে আস্থা প্ৰকাশ কৰে যে তেওঁৰ কাটাৰ ভ্ৰমণে ভাৰত আৰু কাটাৰৰ মাজত দীৰ্ঘদিনীয়া আৰু বহুমুখী সম্পৰ্কৰ এক নতুন অধ্যায় মুকলি কৰিব, যিয়ে দুয়োখন দেশৰ জনসাধাৰণক উপকৃত কৰিব । তেওঁ দুয়োখন দেশৰ মাজত যুগ যুগ ধৰি চলি অহা বন্ধুত্ব আৰু সহযোগিতাৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে নিজৰ দেশৰ প্ৰস্তুতি প্ৰকাশ কৰে ।

শ্বেখ তামিম বিনেও সম্পৰ্ক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে-

লগতে কাটাৰৰ আমিৰ শ্বেইখ তামিম বিন হামাদ আল থানীয়ে ভাৰত আৰু কাটাৰৰ মাজত সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে । তেওঁ ভাৰত চৰকাৰ আৰু জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে তেওঁলোকে দুয়োখন দেশৰ ঘনিষ্ঠ সম্পৰ্কক সমৰ্থন আৰু অধিক শক্তিশালী কৰিব বিচাৰে ।

আমিৰে বিগত এটা বছৰত দুয়োখন দেশৰ মাজত সহযোগিতাৰ ক্ষেত্ৰত বিশেষকৈ শক্তি খণ্ডত হোৱা উল্লেখযোগ্য অগ্ৰগতিৰ কথা কয় । বাণিজ্য আৰু পাৰস্পৰিক বিনিয়োগৰ ক্ষেত্ৰতো দুয়োখন দেশৰ মাজত গুৰুত্বপূৰ্ণ চুক্তি কৰা হৈছে বুলিও তেওঁ কয় । ইয়াৰ সমান্তৰালকৈ কাটাৰ আৰু ভাৰতৰ মাজত কৌশলগত অংশীদাৰিত্ব স্থাপনৰ বাবেও এক চুক্তিত উপনীত হয়, যিয়ে দুয়োখন দেশৰ মাজত সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ দিশত কাম কৰিব ।

প্ৰধানমন্ত্ৰী মোদী আৰু কাটাৰৰ আমিৰৰ বৈঠক…কি কি বিষয়ত দুয়োখন দেশৰ মাজত হ’ল চুক্তি ?

মঙলবাৰে কাটাৰৰ আমিৰ শ্বেখ তামিম বিন হামাদ আল থানীক হায়দৰাবাদ হাউছত সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । ইয়াৰ পূৰ্বে কাটাৰৰ আমিৰক ৰাষ্ট্ৰপতি ভৱনত ‘গাৰ্ড অৱ অনাৰ’ প্ৰদান কৰা হয় । তেওঁক আদৰণি জনায় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ইয়াত প্ৰধানমন্ত্ৰী মোদীও উপস্থিত থাকে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ‘এক্স’ত প্ৰকাশ কৰা এটা পোষ্টত কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে কাটাৰৰ আমিৰ শ্বেইখ তামিম বিন হামাদ আল-থানীক হায়দৰাবাদ হাউছত উষ্ম আদৰণি জনায় । ভাৰত-কাটাৰৰ বিশেষ অংশীদাৰিত্বৰ এয়া এক নতুন মাইলৰ খুঁটি ।

ভাৰত আৰু কাটাৰৰ মাজত স্বাক্ষৰিত গুৰুত্বপূৰ্ণ চুক্তি-

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কাটাৰৰ আমিৰ শ্বেইখ তামিম বিন হামাদ আল থানীৰ উপস্থিতিত দিল্লীৰ হায়দৰাবাদ হাউচত ভাৰত আৰু কাটাৰৰ মাজত আয়ৰ ওপৰত কৰ পৰিহাৰ আৰু বিত্তীয় ফাঁকি প্ৰতিৰোধৰ সংশোধিত চুক্তি স্বাক্ষৰিত হয় । এই সময়ছোৱাত দুয়োগৰাকী নেতাৰ মাজত প্ৰতিনিধি পৰ্যায়ৰ আলোচনাও হয় । দুয়োজন নেতাই ইজনে সিজনক সম্ভাষণ জনাই হাত মিলাই । কাটাৰৰ আমিৰৰ এই ভ্ৰমণে দুয়োখন দেশৰ মাজত ক্ৰমবৰ্ধমান বহুমুখী অংশীদাৰিত্বক আৰু অধিক গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে ।

প্ৰতিনিধি দল পৰ্যায়ৰ আলোচনা-

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ লগতে কেইবাজনো জ্যেষ্ঠ মন্ত্ৰীৰ সৈতে আলোচনাৰ নেতৃত্ব দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে । কাটাৰৰ প্ৰতিনিধি দলটোৰ নেতৃত্বত আছিল আমিৰ শ্বেইখ তামিম বিন হামাদ আল থানী । কাটাৰৰ আমিৰেও মন্ত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰে । আমিৰৰ সৈতে যোৱা কাটাৰৰ প্ৰতিনিধি দলৰ সৈতে আলোচনাত মিলিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু । উল্লেখ্য যে, দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে দিল্লীত উপস্থিত হয় কাটাৰৰ আমিৰ শ্বেইখ তামিম বিন হামাদ আল থানী ।

জয়শংকৰে কাটাৰৰ আমিৰক সাক্ষাৎ কৰে-

ৰাষ্ট্ৰীয় ৰাজধানীত উপস্থিত হৈ কাটাৰৰ আমিৰক সাক্ষাৎ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে । কাটাৰৰ আমিৰৰ সৈতে মন্ত্ৰী, জ্যেষ্ঠ বিষয়া আৰু ব্যৱসায়িক প্ৰতিনিধিৰে গঠিত এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল আছিল । ইয়াৰ পূৰ্বে ২০১৫ চনৰ মাৰ্চ মাহত তেওঁ ভাৰত ভ্ৰমণ কৰিছিল । কাটাৰত থকা ভাৰতীয় সম্প্ৰদায়ে কাটাৰৰ প্ৰগতি আৰু উন্নয়নত ইতিবাচক অৱদান আগবঢ়োৱাৰ বাবে শলাগ লৈছে ।

কাটাৰৰ আমিৰক আদৰণি জনায় প্ৰধানমন্ত্ৰী মোদীয়ে-

সোমবাৰে সন্ধিয়া কাটাৰৰ আমিৰক বিমানবন্দৰত আদৰণি জনায় প্ৰধানমন্ত্ৰী মোদীয়ে । সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ‘এক্স’ত পোষ্ট কৰি কয় যে মোৰ ভাতৃ কাটাৰৰ আমিৰ প্ৰধানমন্ত্ৰী শ্বেখ তামিম বিন হামাদ আল থানীক আদৰিবলৈ বিমানবন্দৰলৈ গৈছিলো । মই তেওঁৰ সফল ভাৰত ভ্ৰমণৰ কামনা কৰিছো আৰু কাইলৈ ​​আমাৰ বৈঠকৰ বাবে আগ্ৰহী ।” বৈদেশিক মন্ত্ৰালয়ে কয় যে কাটাৰৰ আমিৰৰ এই ভ্ৰমণে “আমাৰ ক্ৰমবৰ্ধমান বহুমুখী অংশীদাৰিত্বক আৰু অধিক গতি প্ৰদান কৰিব ।”

ভাৰতত উপস্থিত কাটাৰৰ আমিৰ, বিমান বন্দৰতে উষ্ম আদৰণি জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

কাটাৰৰ আমিৰ শ্বেখ তামিম বিন হামাদ আল-থানীক আদৰণি জনাবলৈ সোমবাৰে ব্যক্তিগতভাৱে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত কাটাৰৰ আমিৰ ভাৰত ভ্ৰমণলৈ আহিছে । ইয়াৰ মাজতে তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰিব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শনিবাৰে তেওঁৰ এই ভ্ৰমণ সন্দৰ্ভত তথ্য প্ৰদান কৰিছে ।

এম ই এয়ে কয়, ‘তেওঁৰ এই ভ্ৰমণে আমাৰ ক্ৰমবৰ্ধমান বহুমুখী অংশীদাৰিত্বত অধিক গতি যোগ কৰিব ।’ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত প্ৰকাশ কৰিছে যে তেওঁৰ সৈতে ভাৰতত এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল থাকিব, য’ত থাকিব মন্ত্ৰী, উচ্চপদস্থ বিষয়া আৰু এটা ব্যৱসায়িক প্ৰতিনিধিৰ দল ।

মন্ত্ৰালয়ে এক বিবৃতিত কয় যে, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত কাটাৰৰ আমিৰ শ্বেইখ তামিম বিন হামাদ আল-থানীয়ে ২০২৫ চনৰ ১৭-১৮ ফেব্ৰুৱাৰীত ভাৰত ভ্ৰমণ কৰিব ।’ এয়া হ’ব কাটাৰৰ আমিৰৰ ভাৰতলৈ দ্বিতীয় ভ্ৰমণ । ইয়াৰ পূৰ্বে ২০১৫ চনৰ মাৰ্চ মাহত তেওঁ ভাৰত ভ্ৰমণ কৰিছিল ।