ইৰাণৰ প্ৰতিশোধ; পাৰ্চী উপসাগৰত আমেৰিকাৰ টেংকাৰত ভয়ংকৰ আক্ৰমণ

ইৰাণৰ প্ৰতিশোধ; পাৰ্চী উপসাগৰত আমেৰিকাৰ টেংকাৰত ভয়ংকৰ আক্ৰমণ

ইৰাণে দাবী কৰিছে যে তেওঁলোকৰ আই আৰ জি চিয়ে পাৰ্চী উপসাগৰত আমেৰিকাৰ এখন টেংকাৰক আক্ৰমণ কৰিছে।ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে সকীয়াই দিছিল যে এই আক্ৰমণৰ বাবে আমেৰিকাই ‘গভীৰ অনুশোচনা’ কৰিব। ইৰাণ আমেৰিকাৰ পৰা নিজৰ যুদ্ধ জাহাজ IRIS Denah আক্ৰমণৰ প্ৰতিশোধ লয় । ভাৰত মহাসাগৰত ইৰাণৰ

ইৰাণে দাবী কৰিছে যে তেওঁলোকৰ আই আৰ জি চিয়ে পাৰ্চী উপসাগৰত আমেৰিকাৰ এখন টেংকাৰক আক্ৰমণ কৰিছে।ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে সকীয়াই দিছিল যে এই আক্ৰমণৰ বাবে আমেৰিকাই ‘গভীৰ অনুশোচনা’ কৰিব।

ইৰাণ আমেৰিকাৰ পৰা নিজৰ যুদ্ধ জাহাজ IRIS Denah আক্ৰমণৰ প্ৰতিশোধ লয় । ভাৰত মহাসাগৰত ইৰাণৰ এখন যুদ্ধ জাহাজ আক্ৰমণ কৰা কৰাৰ পিছত ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে বৃহস্পতিবাৰে দাবী কৰে যে, তেওঁলোকে উত্তৰ পাৰ্চী উপসাগৰত আমেৰিকাৰ এখন টেংকাৰক আক্ৰমণ কৰে। ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে কয় যে এই আক্ৰমণৰ পিছতে আমেৰিকাৰ জাহাজখন দাউ দাউ কৈ জ্বলি উঠে।

এই আক্ৰমণ এনে এটা সময়ত সংঘটিত হৈছে যেতিয়া ইৰাণৰ বৈদেশিক মন্ত্ৰীয়ে সকীয়াই দিছিল যে বুধবাৰে নিশা শ্ৰীলংকাৰ উপকূলৰ আই আৰ আই এছ ডেনাত হোৱা আক্ৰমণৰ বাবে আমেৰিকাই “গভীৰভাৱে অনুশোচনা” কৰিব।ইয়াৰ বাবে তেওঁলোকে ‘BITTERLY REGRET’ শব্দ দুটা ব্যৱহাৰ কৰিছিল।

ইৰাণৰ সামৰিক আই আৰ জি চিৰ এক বিবৃতিৰ কিছু সময়ৰ পাছতে এই আক্ৰমণ সংঘটিত হয়।ইয়াত কোৱা হৈছে যে,হৰমুজ জলদ্বীপৰ মাজেৰে জাহাজৰ চলাচল ইয়াৰ নিয়ন্ত্ৰণত থাকিব।এই কাণ্ডই সংঘাতৰ এক বৃহৎ তীব্ৰতা বৃদ্ধি কৰিছে,য’ত ইৰাণত ১২০০ৰো অধিক লোক নিহত হৈছে আৰু ছয়জন আমেৰিকান সৈন্যই প্ৰাণ হেৰুৱাইছে।

লগতে পঢ়ক: ভীষণ পৰিণতিৰ সন্মুখীন হ’ব লাগিবঃ যুদ্ধ জাহাজ ধ্বংসৰ পিছতে আমেৰিকাক ইৰাণৰ সকীয়নি