জুইৰ লেলিহান শিখাত জাহ গ’ল কোচিং চেণ্টাৰ, অতি কমেও ১৫ জনৰ মৃত্যু

জুইৰ লেলিহান শিখাত জাহ গ’ল কোচিং চেণ্টাৰ, অতি কমেও ১৫ জনৰ মৃত্যু

কোচিং চেণ্টাৰটোত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডৰ ফলত থিতাতে ১৩ গৰাকীৰ মৃত্যু হয় । ইফালে প্ৰাণ ৰক্ষা কৰিবলৈ কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম মহলাৰ খিৰিকীৰে তললৈ জঁপিয়াই দিয়ে । উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত এক অতি দুঃখজনক আৰু ভয়াৱহ ঘটনা সংঘটিত হৈছে । সোমবাৰে লক্ষ্ণৌৰ আলীগঞ্জ অঞ্চলত অৱস্থিত এটা

কোচিং চেণ্টাৰটোত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডৰ ফলত থিতাতে ১৩ গৰাকীৰ মৃত্যু হয় । ইফালে প্ৰাণ ৰক্ষা কৰিবলৈ কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম মহলাৰ খিৰিকীৰে তললৈ জঁপিয়াই দিয়ে ।

উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত এক অতি দুঃখজনক আৰু ভয়াৱহ ঘটনা সংঘটিত হৈছে । সোমবাৰে লক্ষ্ণৌৰ আলীগঞ্জ অঞ্চলত অৱস্থিত এটা তিনিমহলীয়া ব্যৱসায়িক অট্টালিকাত হঠাতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । এই ভয়াৱহ অগ্নিকাণ্ডৰ ফলত অন্ততঃ ১৩ জন লোকৰ থিতাতে মৃত্যু হয় । মৃতসকলৰ বেছিভাগেই কোচিং চেণ্টাৰটোত এনিমেচনৰ প্ৰশিক্ষণ ল’বলৈ অহা ১৬-১৭ বছৰীয়া ছাত্ৰ-ছাত্ৰী বুলি জানিব পৰা গৈছে ।

প্ৰাণ ৰক্ষাৰ বাবে খিৰিকীৰে জপিয়ালে শিক্ষাৰ্থীয়ে

প্ৰত্যক্ষদৰ্শসকলে জনোৱা মতে, অট্টালিকাটোৰ ওপৰৰ মহলাত জুই লাগিছিল আৰু ই অতি কম সময়ৰ ভিতৰতে সমগ্ৰ এলেকাত বিয়পি পৰে । জুইৰ প্ৰকোপ ইমান বেছি আছিল যে অট্টালিকাটোৰ ভিতৰত কেইবাজনো লোক আবদ্ধ হৈ পৰে । ধোঁৱা আৰু জুইৰ পৰা পৰিত্ৰাণ পাবলৈ ৫ ৰ পৰা ৭ জন ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম মহলাৰ খিৰিকী ভাঙি তললৈ জপিয়াই দিয়ে ।

ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত এজন ব্যক্তিয়ে অট্টালিকাৰ ভগা খিৰিকীৰে ওলাই দেৱালত ওলমি পলায়ন কৰিবলৈ চেষ্টা কৰা দেখা গৈছে, কিন্তু নিয়ন্ত্ৰণ হেৰুৱাই তেওঁ তলত পৰে । বৰ্তমান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰজন চিকিৎসাধীন হৈ আছে ।

ঘটনাস্থলীত উদ্ধাৰকাৰী দল আৰু উপ-মুখ্যমন্ত্ৰী

ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু এনডিআৰএফ (NDRF) ৰ দল ঘটনাস্থলীত উপস্থিত হৈ যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান চলায় । প্ৰায় এঘণ্টাতকৈও অধিক সময় চেষ্টা চলোৱাৰ পিছত জুই নিয়ন্ত্ৰণলৈ আহে ।

উদ্ধাৰ অভিযানৰ বুজ ল’বলৈ উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠক ঘটনাস্থলীত উপস্থিত হয় । সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয়, “ভিতৰত প্ৰচুৰ পৰিমাণে কাঠৰ আচবাব থকাৰ বাবে ধোঁৱাৰ সৃষ্টি হৈছে আৰু দৃশ্যমানতা কম হৈ পৰিছে । প্ৰতিটো কোঠা পৰীক্ষা কৰা হৈছে । আহতসকলক কেজিএমচি ট্ৰমা চেণ্টাৰত ভৰ্তি কৰোৱা হৈছে । ঘটনাটোৰ এক উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ দিয়া হৈছে ।”

প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী যোগীৰ শোক প্ৰকাশ

এই মৰ্মান্তিক ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স (X) ত এক পোষ্টৰ জৰিয়তে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে । ইয়াৰ লগতে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়ক ২ লাখ টকা আৰু আহতসকললৈ ৫০,০০০ টকাৰ এককালীন সাহায্য ঘোষণা কৰে ।

অন্যহাতে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও এই ঘটনাত গভীৰ দুখ প্ৰকাশ কৰিছে । তেওঁ জিলা প্ৰশাসনৰ বিষয়াসকলক ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে পোনপটীয়া যোগাযোগ স্থাপন কৰিবলৈ আৰু আহতসকলক উপযুক্ত চিকিৎসাৰ লগতে সম্ভৱপৰ সকলো চৰকাৰী সহায় আগবঢ়াবলৈ কঠোৰ নিৰ্দেশ দিছে ।

লগতে পঢ়ক : সন্ধ্যা থিয়েটাৰৰ পদপৃষ্টৰ ঘটনা; আদালতত হাজিৰ হ’ব লাগিব অল্লু অৰ্জুন