জুইৰ লেলিহান শিখাত জাহ গ’ল কোচিং চেণ্টাৰ, অতি কমেও ১৫ জনৰ মৃত্যু

কোচিং চেণ্টাৰটোত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডৰ ফলত থিতাতে ১৩ গৰাকীৰ মৃত্যু হয় । ইফালে প্ৰাণ ৰক্ষা কৰিবলৈ কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম মহলাৰ খিৰিকীৰে তললৈ জঁপিয়াই দিয়ে ।

উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত এক অতি দুঃখজনক আৰু ভয়াৱহ ঘটনা সংঘটিত হৈছে । সোমবাৰে লক্ষ্ণৌৰ আলীগঞ্জ অঞ্চলত অৱস্থিত এটা তিনিমহলীয়া ব্যৱসায়িক অট্টালিকাত হঠাতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । এই ভয়াৱহ অগ্নিকাণ্ডৰ ফলত অন্ততঃ ১৩ জন লোকৰ থিতাতে মৃত্যু হয় । মৃতসকলৰ বেছিভাগেই কোচিং চেণ্টাৰটোত এনিমেচনৰ প্ৰশিক্ষণ ল’বলৈ অহা ১৬-১৭ বছৰীয়া ছাত্ৰ-ছাত্ৰী বুলি জানিব পৰা গৈছে ।

প্ৰাণ ৰক্ষাৰ বাবে খিৰিকীৰে জপিয়ালে শিক্ষাৰ্থীয়ে

প্ৰত্যক্ষদৰ্শসকলে জনোৱা মতে, অট্টালিকাটোৰ ওপৰৰ মহলাত জুই লাগিছিল আৰু ই অতি কম সময়ৰ ভিতৰতে সমগ্ৰ এলেকাত বিয়পি পৰে । জুইৰ প্ৰকোপ ইমান বেছি আছিল যে অট্টালিকাটোৰ ভিতৰত কেইবাজনো লোক আবদ্ধ হৈ পৰে । ধোঁৱা আৰু জুইৰ পৰা পৰিত্ৰাণ পাবলৈ ৫ ৰ পৰা ৭ জন ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম মহলাৰ খিৰিকী ভাঙি তললৈ জপিয়াই দিয়ে ।

ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত এজন ব্যক্তিয়ে অট্টালিকাৰ ভগা খিৰিকীৰে ওলাই দেৱালত ওলমি পলায়ন কৰিবলৈ চেষ্টা কৰা দেখা গৈছে, কিন্তু নিয়ন্ত্ৰণ হেৰুৱাই তেওঁ তলত পৰে । বৰ্তমান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰজন চিকিৎসাধীন হৈ আছে ।

ঘটনাস্থলীত উদ্ধাৰকাৰী দল আৰু উপ-মুখ্যমন্ত্ৰী

ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু এনডিআৰএফ (NDRF) ৰ দল ঘটনাস্থলীত উপস্থিত হৈ যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান চলায় । প্ৰায় এঘণ্টাতকৈও অধিক সময় চেষ্টা চলোৱাৰ পিছত জুই নিয়ন্ত্ৰণলৈ আহে ।

উদ্ধাৰ অভিযানৰ বুজ ল’বলৈ উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠক ঘটনাস্থলীত উপস্থিত হয় । সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয়, “ভিতৰত প্ৰচুৰ পৰিমাণে কাঠৰ আচবাব থকাৰ বাবে ধোঁৱাৰ সৃষ্টি হৈছে আৰু দৃশ্যমানতা কম হৈ পৰিছে । প্ৰতিটো কোঠা পৰীক্ষা কৰা হৈছে । আহতসকলক কেজিএমচি ট্ৰমা চেণ্টাৰত ভৰ্তি কৰোৱা হৈছে । ঘটনাটোৰ এক উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ দিয়া হৈছে ।”

প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী যোগীৰ শোক প্ৰকাশ

এই মৰ্মান্তিক ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স (X) ত এক পোষ্টৰ জৰিয়তে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে । ইয়াৰ লগতে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়ক ২ লাখ টকা আৰু আহতসকললৈ ৫০,০০০ টকাৰ এককালীন সাহায্য ঘোষণা কৰে ।

অন্যহাতে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও এই ঘটনাত গভীৰ দুখ প্ৰকাশ কৰিছে । তেওঁ জিলা প্ৰশাসনৰ বিষয়াসকলক ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে পোনপটীয়া যোগাযোগ স্থাপন কৰিবলৈ আৰু আহতসকলক উপযুক্ত চিকিৎসাৰ লগতে সম্ভৱপৰ সকলো চৰকাৰী সহায় আগবঢ়াবলৈ কঠোৰ নিৰ্দেশ দিছে ।

লগতে পঢ়ক : সন্ধ্যা থিয়েটাৰৰ পদপৃষ্টৰ ঘটনা; আদালতত হাজিৰ হ’ব লাগিব অল্লু অৰ্জুন

যোগী মন্ত্ৰীসভাৰ মেগা সম্প্ৰসাৰণ: ভূপেন্দ্ৰ চৌধুৰী আৰু মনোজ পাণ্ডেৰ লগতে কেইবাজনো নতুন মুখ অন্তৰ্ভুক্ত

এই সম্প্ৰসাৰণত ভূপেন্দ্ৰ সিং চৌধুৰী আৰু মনোজ কুমাৰ পাণ্ডেই পূৰ্ণ পৰ্যায়ৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে

উত্তৰ প্ৰদেশৰ ৰাজনীতিয়ে দেওবাৰে এক গুৰুত্বপূৰ্ণ মোৰ লয় । ৰাজধানীৰ জন ভৱনৰ গান্ধী প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ কেবিনেট সম্প্ৰসাৰণ সম্পন্ন হয় । ৰাজ্যপাল আনন্দীবেন পেটেলে নতুনকৈ নিৰ্বাচিত মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰায় ।

কেবিনেটত নতুন সদস্য আৰু পদোন্নতি-

এই সম্প্ৰসাৰণত ভূপেন্দ্ৰ সিং চৌধুৰী আৰু মনোজ কুমাৰ পাণ্ডেই পূৰ্ণ পৰ্যায়ৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । আনহাতে, চৰকাৰখনে নতুন মুখক স্থান দি কৃষ্ণা পাছোৱান, সুৰেন্দ্ৰ দিলেৰ, হংসৰাজ বিশ্বকৰ্মা আৰু কৈলাস সিং ৰাজপুতক ৰাজ্যিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে । ইয়াৰ উপৰিও, পূৰ্বৰে পৰা কাৰ্যনিৰ্বাহ কৰি থকা অজিত সিং পাল আৰু সোমেন্দ্ৰ তোমাৰক পদোন্নতি প্ৰদান কৰি ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) ৰ মৰ্যাদা দিয়া হয় ।

ভূপেন্দ্ৰ সিং চৌধুৰী : বৰ্তমান বিধান পৰিষদৰ সদস্য তথা বিজেপিৰ উত্তৰ প্ৰদেশ ৰাজ্যিক শাখাৰ প্ৰাক্তন সভাপতি ।

মনোজ কুমাৰ পাণ্ডে: উনচাহাৰ সমষ্টিৰ পৰা নিৰ্বাচিত বিধায়ক ।

অন্যান্য মন্ত্ৰী: কৃষ্ণা পাছৱান (খাগা), সুৰেন্দ্ৰ দিলেৰ (খাইৰ) আৰু কৈলাস সিং ৰাজপুত (তিৰৱা) হৈছে নিজ নিজ অঞ্চলৰ জনপ্ৰিয় বিধায়ক। হংসৰাজ বিশ্বকৰ্মা বিধান পৰিষদৰ সদস্য ।

শপত গ্ৰহণ অনুষ্ঠানৰ অন্তত সমগ্ৰ গান্ধী প্ৰেক্ষাগৃহ “ভাৰত মাতা কী জয়” আৰু “জয় শ্ৰী ৰাম” ধ্বনিৰে মুখৰিত হৈ পৰে । নৱনিযুক্ত মন্ত্ৰীসকলে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক পুষ্পস্তৱক অৰ্পণ কৰি আশীৰ্বাদ লয় ।

এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী পংকজ চৌধুৰী, দুই উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু ব্ৰজেশ পাঠকৰ লগতে বিজেপিৰ জ্যেষ্ঠ নেতৃত্ব উপস্থিত থাকে । এই সম্প্ৰসাৰণে যোগী চৰকাৰৰ আগন্তুক ৰাজনৈতিক সমীকৰণ অধিক শক্তিশালী কৰিব বুলি চৰ্চা চলিছে ।

লগতে পঢ়ক : তামিলনাডুৰ ৰাজনীতিত নতুন সূৰ্যোদয় : মুখ্যমন্ত্ৰী হিচাপে শপত লৈয়েই চমক দিলে ‘থালাপতি’ বিজয়ে!

১৫ দিনৰ বাবে টোল ফ্ৰী হ’ব গংগা এক্সপ্ৰেছৱে, চৰকাৰৰ বৃহৎ সিদ্ধান্ত

এই এক্সপ্ৰেছৱেটোৱে মীৰাটক প্ৰয়াগৰাজৰ সৈতে সংযোগ কৰি ৰাজ্যখনৰ পূব আৰু পশ্চিম অংশৰ মাজত যাতায়াত সুচল কৰি তুলিছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৯ এপ্ৰিলত উত্তৰ প্ৰদেশৰ শেহতীয়া এক্সপ্ৰেছৱে উদ্বোধন কৰে । এই এক্সপ্ৰেছৱেটোৱে মীৰাটক প্ৰয়াগৰাজৰ সৈতে সংযোগ কৰি ৰাজ্যখনৰ পূব আৰু পশ্চিম অংশৰ মাজত যাতায়াত সুচল কৰি তুলিছে । ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই এক্সপ্ৰেছৱেটোৱে প্ৰথম ১৫ দিনৰ বাবে টোল-মুক্ত ভ্ৰমণৰ অনুমতি দিব, যাৰ ফলত চালকসকলে প্ৰাৰম্ভিক সময়ছোৱাত কোনো মাচুল নিদিয়াকৈ এই কৰিডৰটো ব্যৱহাৰ কৰিব পাৰিব । শ্ৰমিক দিৱস উপলক্ষে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই ঘোষণা কৰি টোল সংগ্ৰহ আৰম্ভ হোৱাৰ পূৰ্বে বাসিন্দাসকলক এক সাময়িক সকাহ প্ৰদান কৰে ।

প্ৰথম ১৫ দিনৰ বাবে টোল মাচুল ৰেহাই দিয়াৰ ফলত গংগা এক্সপ্ৰেছৱে ব্যৱহাৰ কৰা চালকসকলে বিশেষকৈ দীঘলীয়া আন্তঃচহৰ যাত্ৰাত যথেষ্ট ৰাহি কৰিব পাৰিব । অন্যান্য এক্সপ্ৰেছৱেত গাড়ী বা জীপৰ বাবে প্ৰতি কিলোমিটাৰত ২.৫৫ টকাৰ মানক টোল হাৰৰ ওপৰত ভিত্তি কৰি কৰা এক হিচাপ অনুসৰি, প্ৰয়াগৰাজ-মীৰাট যাত্ৰাত এজন গাড়ী মালিকে প্ৰায় ১,৫১৫ টকা ৰাহি কৰিব পাৰে । সৰু বাণিজ্যিক বাহনৰ ক্ষেত্ৰত এই ৰাহিৰ পৰিমাণ প্ৰায় ২,৪০৫ টকালৈ বৃদ্ধি পায়, আনহাতে বাছ আৰু ট্ৰাকৰ বাবে প্ৰতিটো যাত্ৰাত প্ৰায় ৪,৮৪০ টকা ৰাহি হ’ব । বহুতো যাত্ৰাৰ ক্ষেত্ৰত এই ৰাহি দ্ৰুতগতিত বৃদ্ধি পাব পাৰে, যাৰ ফলত প্ৰাৰম্ভিক টোল-মুক্ত সময়ছোৱা ব্যক্তিগত যাত্ৰী আৰু বাণিজ্যিক অপাৰেটৰ উভয়ৰে বাবে এক উল্লেখনীয় সকাহ হিচাপে পৰিগণিত হ’ব ।

২৯ এপ্ৰিলত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে গংগা এক্সপ্ৰেছৱে উদ্বোধন কৰে । এক উচ্চ-গতিৰ আৰু প্ৰৱেশ-নিয়ন্ত্ৰিত কৰিডৰ হিচাপে নিৰ্মিত এই এক্সপ্ৰেছৱেটোৱে পশ্চিম আৰু পূব উত্তৰ প্ৰদেশৰ মাজত ভ্ৰমণৰ সময় যথেষ্ট হ্ৰাস কৰাৰ লগতে ইয়াৰ পথত অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰিব ।

ইফালে কেবিনেট বৈঠকত টোলৰ হাৰ আনুষ্ঠানিক অনুমোদন লাভ কৰাৰ পিছত ১৫ দিনৰ পৰা টোল সংগ্ৰহ আৰম্ভ হ’ব । কাৰ্যকৰী হোৱাৰ পিছত টোলৰ মাচুল কেৱল ফাচটেগৰ (FASTag) জৰিয়তে কৰ্তন কৰা হ’ব, যাৰ ফলত নিৰৱচ্ছিন্ন আৰু নগদ ধনবিহীন ভ্ৰমণ নিশ্চিত হ’ব । এই এক্সপ্ৰেছৱেত এক বন্ধ টোল প্ৰণালী অনুসৰণ কৰা হ’ব, যাৰ অৰ্থ হ’ল বাহনবোৰে কেৱল প্ৰৱেশ আৰু প্ৰস্থান স্থানতহে ৰখিব লাগিব আৰু মাজপথত কোনো টোল প্লাজা নাথাকিব ।

লগতে পঢ়ক : আজিৰ পৰা এলপিজিৰ ৩টা নতুন নিয়ম: ডেলিভাৰীত OTP বাধ্যতামূলক, বন্ধ হ’ব ডুৱেল সংযোগ!

ফাকুৱাৰ পূৰ্বে ত্ৰিপালেৰে ঢাকি দিয়া হ’ল ১০টাতকৈয়ো অধিক মছজিদ

পূৰ্বৰ তিক্ত অভিজ্ঞতাৰ পৰা শিক্ষা লৈ এইবাৰ আৰক্ষী আৰু জিলা প্ৰশাসনে ফাকুৱাৰ পূৰ্বে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে

উত্তৰ প্ৰদেশৰ সম্ভলত শান্তিপূৰ্ণ আৰু ভাতৃত্ববোধেৰে হোলী অথবা ফাকুৱা উদযাপনৰ বাবে সাজু হৈছে প্ৰশাসন । যিকোনো ধৰণৰ সম্ভাৱ্য সংঘাত ৰোধ কৰিবলৈ সম্ভলৰ ঐতিহাসিক জামা মছজিদকে ধৰি প্ৰায় ১০টা মছজিদ সম্পূৰ্ণৰূপে বৃহৎ ত্ৰিপালেৰে ঢাকি দিয়া হৈছে । বিশেষকৈ হোলী চৌপাই (শোভাযাত্ৰা) পথত পৰা মছজিদসমূহৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

জামা মছজিদৰ সন্মুখেৰে দুটা পৃথক হোলী শোভাযাত্ৰা পাৰ হোৱাৰ কথা । বিগত বছৰবোৰত এটা মছজিদত ৰং ছিটিকি পৰাৰ ফলত অঞ্চলটোত উত্তেজনা সৃষ্টি হৈছিল । এই তিক্ত অভিজ্ঞতাৰ পৰা শিক্ষা লৈ এইবাৰ ইতিমধ্যে আৰক্ষী আৰু জিলা প্ৰশাসনে ফাকুৱাৰ পূৰ্বে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ।

প্ৰশাসনে জনোৱা মতে মছজিদৰ বেৰত ত্ৰিপাল লগোৱা হৈছে আৰু কিছুমান ঠাইত বিশেষ আৱৰণ লগোৱা হৈছে যাতে ৰঙৰ দাগ নপৰে । চহৰখনত আইন-শৃংখলা বজাই ৰাখিবলৈ আৰক্ষী বাহিনী নিয়োগ কৰা হৈছে আৰু স্পৰ্শকাতৰ অঞ্চলসমূহ অহৰহ নিৰীক্ষণত ৰখা হৈছে । প্ৰশাসনৰ এই পদক্ষেপৰ লক্ষ্য হৈছে উৎসৱৰ মনোভাৱ যাতে বিঘ্নিত নহয় আৰু পাৰস্পৰিক সম্প্ৰীতি অটুট থাকে ।

শেহতীয়াকৈ সম্ভলৰ ৰং একাদশীৰ সময়তো একেধৰণৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ধৰ্মীয় শোভাযাত্ৰাৰ বাবে আৰক্ষী সষ্টম হৈ আছিল, প্ৰতিটো কোণত আৰক্ষী বাহিনী নিয়োগ কৰা হৈছিল । যিহেতু জামা মছজিদৰ জৰীপৰ সময়ত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল, সেয়েহে অতিৰিক্ত সাৱধানতা অৱলম্বন কৰা হৈছে । চলিত বছৰত ৩ বা ৪ মাৰ্চত ফাকুৱা উদযাপন কৰা হ’ব, গতিকে আৰক্ষী আৰু প্ৰশাসনে এই ক্ষেত্ৰত কোনো অপ্ৰিতীকৰ পৰিস্থিতি উদ্ভৱ নহ’বলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল নাগপুৰ, ১৫ জনৰ সৈতে শোকাৱহ ঘটনা

“একলা চলো” নীতিৰে উত্তৰ প্ৰদেশ নিৰ্বাচনত অৱতীৰ্ণ হ’ব বি এছ পি; মায়াৱতীৰ ডাঙৰ ঘোষণা

বিএছপি দলৰ অধ্যক্ষ মায়াৱতীয়ে উত্তৰ প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনক লৈ ডাঙৰ মন্তব্য কৰিছে। আগন্তুক নিৰ্বাচনত কোনো দলৰ সৈতে মিত্ৰতা নকৰে বিএছপিয়ে।

উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন সন্দৰ্ভত মায়াৱতীৰ দলীয় বিএছপিয়ে ধাৰাবাহিকভাৱে বৈঠক অনুষ্ঠিত কৰি আছে। ব্ৰাহ্মণ, মুছলমানকে ধৰি বিভিন্ন জনগোষ্ঠীৰ ভোট বেংকক হাতত ৰাখিছে আৰু তাৰ মাজতে বিএছপিৰ অধ্যক্ষ মায়াৱতীয়ে ডাঙৰ ঘোষণা কৰিছে।

মায়াৱতীয়ে স্পষ্টকৈ কয় যে বি এছ পিয়ে অকলেই উত্তৰ প্ৰদেশৰ আগন্তুক বিধানসভা নিৰ্বাচনত যুঁজিব। আন কোনো দলৰ সৈতে বিএছপিৰ মিত্ৰতা নকৰে।

মায়াৱতীয়ে কয় যে, বিএছপিৰ লোকসকলে ভালকৈ জানে যে, কংগ্ৰেছ, এছ পি, বিজেপিৰ দৰে এই দলবোৰৰ চিন্তা সংকীৰ্ণ আৰু বাবাছাহেব ড° ভীমৰাও আম্বেদকাৰৰ বিৰোধী।

তেওঁলোকৰ আম্বেদকাৰিত বিএছপিৰ সৈতে মিত্ৰতা কৰাৰ নীতি কেৱল তেওঁলোকৰ ভোটৰ ৰাজনৈতিক আৰু নিৰ্বাচনী স্বাৰ্থৰ বাবে।

তেওঁলোকৰ সৈতে মিত্ৰতা কৰিলে বিএছপি কেৱল লোকচানৰ সন্মুখীন হ’ব, কেতিয়াও লাভ নহয়। সেইবাবেই বিএছপিৰ সদস্য সকলে ২০২৭ চনৰ অভিযানত অকলেই নিয়োজিত হৈ আছে।

বিএছপিৰ অধ্যক্ষ মায়াৱতীয়ে কয়, ‘বিৰোধী দলসমূহে বিএছপিৰ লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ কুৎসিত ষড়যন্ত্ৰ ৰচনা কৰি থাকে।

সকলো ৰাইজৰ প্ৰতি মোৰ আহ্বান যে এনে ভিত্তিহীন আৰু মনে সজা কথাবোৰত কোনো ধৰণৰ গুৰুত্ব নিদিব। তেওঁলোকে হাতীৰ দৰে খোজ কাঢ়ি যাব লাগে আৰু ২০০৭ চনৰ দৰে এই নিৰ্বাচনত অকলে যুঁজি পুনৰ বিএছপিৰ নিৰপেক্ষ সংখ্যাগৰিষ্ঠতাৰে নিজৰ চৰকাৰ গঠন কৰিব লাগে।

লগতে পঢ়ক: ঘোষণা হ’ল ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন; অসমৰ ৩ খন আসনক লৈও হ’ব নিৰ্বাচন

ৱেব ছিৰিজ ‘ঘোছখোৰ পণ্ডিত’ক লৈ উত্তৰ প্ৰদেশত বিতৰ্ক ; এফআইআৰ ৰুজু

বিতৰ্কৰ মাজত সোমাই পৰিছে ৱেব ছিৰিজ ‘ঘোছখোৰ পণ্ডিত’। উত্তৰ প্ৰদেশত ৱেব ছিৰিজ খনৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। ছবিখনৰ শিৰোনামক লৈ ব্ৰাহ্মণ সমাজে আপত্তি দৰ্শাইছে।

উত্তৰ প্ৰদেশত ৱেব ছিৰিজ ‘ঘুছখোৰ পণ্ডিত’ক লৈ বৃদ্ধি পাইছে বিতৰ্ক। এই ৱেব ছিৰিজখনৰ বিৰুদ্ধে ব্ৰাহ্মণ সমাজে এটা মৰ্চা মুকলি কৰিছে।এই ছবিখনৰ শিৰোনামক লৈ ব্ৰাহ্মণ সমাজে আপত্তি দৰ্শাইছে।

একে সময়তে ৰাজনৈতিক দলসমূহেও ইয়াৰ বিৰোধিতা কৰিছে। ৰাজ্যখনত চলি থকা ব্যাপক প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত ‘ঘুছখোৰ পণ্ডিত’ ৱেব ছিৰিজৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হৈছে।

মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ নিৰ্দেশত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চৰকাৰে কৈছে যে, সামাজিক সম্প্ৰীতি আৰু আইন-শৃংখলাৰ সৈতে খেলা-ধূলা কৰাসকলৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰ অধীনত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

বৃহস্পতিবাৰে হজৰতগঞ্জ কোতৱালিৰ এছ এইচ অ’ বিক্ৰম সিঙে নিজেই এই এফ আই আৰ দাখিল কৰে। শুকুৰবাৰে বিক্ৰম সিঙে কয় যে ‘ঘোছখোৰ পণ্ডিত’ ছবিখনৰ পৰিচালক আৰু তেওঁৰ দলৰ বিৰুদ্ধে এটা বিশেষ জাতিক অপমান কৰি শত্ৰুতা বিয়পাই দিয়াৰ অভিযোগত আৰক্ষীয়ে এফআইআৰ ৰুজু কৰিছে।

এই এফ আই আৰ ভাৰতীয় দণ্ডবিধিৰ (বিএনএছ)ৰ ধাৰা ১৯৬ (ধৰ্ম, জাতি বা ভাষাৰ ভিত্তিত শত্ৰুতাক প্ৰসাৰ কৰা), ২৯৯ (যিকোনো শ্ৰেণীৰ অনুভূতিক ক্ষুব্ধ কৰাৰ উদ্দেশ্যেৰে কৰা ইচ্ছাকৃত আৰু দুৰ্নীতিপৰায়ণ কাৰ্য্য),তথ্য প্ৰযুক্তি সংশোধনী আইনৰ ৩৫২ (শান্তি ভংগৰ উদ্দেশ্যেৰে ইচ্ছাকৃতভাৱে অপমান), ৩৫৩ (জনসাধাৰণৰ উপদ্ৰৱৰ সৈতে জড়িত) আৰু ৬৬ নং ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

এজাহাৰত এছ এইচ অ’ই কৈছে যে অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত ‘ঘোছখোৰ পণ্ডিত’ নামৰ এখন ছবি মুক্তি লাভ কৰিছে।

তেওঁলোকে অভিযোগ কৰিছে যে ছবিখনৰ নামটোৱে এটা বিশেষ জাতিক লক্ষ্য কৰি তেওঁলোকক অপমান কৰিছে যাৰ বাবে সেই বিশেষ জাতিটোৰ মাজত যথেষ্ট ক্ষোভৰ সৃষ্টি হয়।

এফআইআৰৰ তথ্য অনুসৰি বহু সামাজিক সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানেও ছবিখনৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে।

পৰিচালকৰ দ্বাৰা টেলিকাষ্ট কৰা এই ছবিখনে সমাজৰ সমন্বয় আৰু শান্তি বিনষ্ট কৰি জনগোষ্ঠীসমূহৰ মাজত শত্ৰুতা বিয়পাব পাৰে।

লগতে পঢ়ক: তিহাৰ জে’লত ৰাজপাল যাদৱৰ আত্মসমৰ্পণ; কাৰাগাৰেই হ’ব নেকি ঠিকনা

যোগী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত; বাতিল হ’ল সহকাৰী অধ্যাপকৰ পৰীক্ষা

সহকাৰী অধ্যাপকৰ পৰীক্ষাক লৈ যোগী চৰকাৰে এক ডাঙৰ সিদ্ধান্ত লৈছে। পৰীক্ষাত ৰিগিং আৰু অবৈধ ধন দাবীৰ বাবে বাতিল কৰা হ’ল পৰীক্ষা

উত্তৰ প্ৰদেশত বাতিল হৈছে সহকাৰী অধ্যাপকৰ পৰীক্ষা। আচলতে ইউ পি এছ টি এফে সহকাৰী অধ্যাপক পৰীক্ষাত ৰিগিং আৰু অবৈধ ধন দাবী ধৰা পেলাইছিল। ৰিগিঙৰ অভিযোগৰ পিছতে যোগী চৰকাৰে এই পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লয়।

এছটিএফক উত্তৰ প্ৰদেশ শিক্ষা সেৱা বাছনি আয়োগ,প্ৰয়াগৰাজৰ দ্বাৰা ৫১ নং বিজ্ঞাপনৰ অধীনত সহকাৰী অধ্যাপক পদৰ বাবে ২০২৫ চনৰ এপ্ৰিল মাহত অনুষ্ঠিত পৰীক্ষাত অনিয়ম, জালিয়াতি আৰু অবৈধ ধন দাবীৰ সৈতে জড়িত তথ্য লাভ কৰে। বিষয়টোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বিষয়টোৰ গোপনীয় তদন্তৰ নিৰ্দেশ দিয়ে।

লাভ কৰা তথ্যৰ ওপৰত তদন্ত আৰম্ভ কৰি ২০-০৪-২০২৫ তাৰিখে এছ.টি.এফে সহকাৰী অধ্যাপক পৰীক্ষাৰ ভুৱা প্ৰশ্নকাকত বনাই প্ৰাৰ্থীক প্ৰতাৰণা কৰা চক্ৰটোৰ তিনি অভিযুক্ত মেহবুব আলী, বৈজনাথ পাল আৰু বিনয় পালক গ্ৰেপ্তাৰ কৰা হয়।

অভিযুক্তৰ বিৰুদ্ধে পৰীক্ষাৰ ৰিগিং আৰু ধন দাবীৰ অভিযোগ উত্থাপন হৈছে। এই পৰীক্ষা ১৬-০৪-২০২৫ আৰু ১৭-০৪-২০২৫ তাৰিখে অনুষ্ঠিত হৈছিল।

এই গোচৰত এছটিএফে অভিযুক্তৰ বিৰুদ্ধে লক্ষ্ণৌত গোচৰ ৰুজু কৰে। তদন্তৰ নিৰপেক্ষতা আৰু গোপনীয়তা নিশ্চিত কৰাৰ বাবে আয়োগৰ তদানীন্তন অধ্যক্ষৰ পদত্যাগ গ্ৰহণ কৰা হয়।

তদন্তৰ অন্তত অভিযুক্তৰ সৈতে পোৱা একাংশ প্ৰাৰ্থীৰ মোবাইল নম্বৰৰ ভিত্তিতো আন বহু অভিযুক্তৰ নাম পোহৰলৈ আহে।

ইয়াৰ পিছতে আয়োগলৈ এখন পত্ৰ লিখি সন্দেহজনক প্ৰাৰ্থীৰ তথ্য বিচাৰিছিল। পৰীক্ষাত ৰিগিং নিশ্চিত হোৱাৰ পিছত চৰকাৰে বাতিল কৰাৰ সিদ্ধান্ত লয়।

লগতে পঢ়ক: ৰাজ্যৰ এইখন জিলাৰ ১০ জানুৱাৰীলৈকে বন্ধ থাকিব চৰকাৰী বে-চৰকাৰী বিদ্যালয়

ভোটাৰ তালিকাৰ পৰা বাদ পৰিল ২.৮৯ কোটি ভোটাৰৰ নাম…

২ কোটি ৮৯ লাখ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে । বৰ্তমান ৰাজ্যখনৰ খচৰা তালিকা অনুসৰি ভোটাৰৰ সংখ্যা প্ৰায় ১২ কোটি ।

উত্তৰ প্ৰদেশত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ (SIR) প্ৰক্ৰিয়াৰ পিছতে নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে ভোটাৰ তালিকাৰ খচৰা । মুঠ ২ কোটি ৮৯ লাখ ভোটাৰক খচৰাৰ পৰা আঁতৰোৱা হৈছে । আয়োগৰ মতে, ২৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত চলি থকা এছ আই আৰ প্ৰক্ৰিয়াৰ অংশ হিচাপে এই তালিকা প্ৰস্তুত কৰা হৈছে ।

উত্তৰ প্ৰদেশৰ খচৰা তালিকা প্ৰকাশ তিনিবাৰকৈ পিছুৱাই দিয়াৰ পিছত আজি প্ৰকাশ পায় । ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই সংবাদমেলত কয় যে খচৰা ভোটাৰ তালিকাৰ প্ৰতিলিপি সকলো ৰাজনৈতিক দলকে দিয়া হৈছে । তেওঁ লগতে কয় যে প্ৰায় ১৮ শতাংশ ভোটাৰে প্ৰ-পত্ৰ জমা দিয়া নাই ।

তেওঁ কয় যে প্ৰথম অৱস্থাত উত্তৰ প্ৰদেশত প্ৰায় ১৫ কোটি ভোটাৰ আছিল, ইয়াৰে ১২.৫৫ কোটি (৮১.৩০%) ভোটাৰে নিজেই বা পৰিয়ালৰ কোনো সদস্যৰ জৰিয়তে স্বাক্ষৰ কৰি গণনা প্ৰ-পত্ৰ দাখিল কৰিছিল । তেওঁ কয় যে ভোটাৰসকলে গণনা প্ৰ-পত্ৰ জমা নিদিয়াৰ কেইবাটাও কাৰণ আছে :

-৪৬.২৩ লাখ ভোটাৰ (২.৯৯ শতাংশ) মৃত বুলি পোৱা গৈছে

-২.১৭ কোটি ভোটাৰ (১৪.০৬ শতাংশ) অনুপস্থিত বা বাসস্থান স্থানান্তৰিত হৈছে

-২৫.৪৭ লাখ ভোটাৰ (১.৬৫ শতাংশ) এটাতকৈ অধিক স্থানত পঞ্জীয়ন হোৱা দেখা গৈছে

এই কাৰণসমূহৰ বাবে খচৰা তালিকাৰ পৰা ২ কোটি ৮৯ লাখ নাম বাদ দিয়া হৈছে । বৰ্তমান উত্তৰ প্ৰদেশত খচৰা তালিকা অনুসৰি ভোটাৰৰ সংখ্যা প্ৰায় ১২ কোটি ।

মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে উল্লেখ কৰে যে, নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি, এটা ভোটগ্ৰহণ কেন্দ্ৰত এতিয়া ১২০০ তকৈ অধিক ভোটাৰ নাথাকিব, যিটো পূৰ্বে প্ৰায় ১৫০০ ভোটাৰ আছিল । এই বাবেই নতুন ভোটকেন্দ্ৰ সৃষ্টি হ’ল, যাৰ বাবে অতিৰিক্ত সময়ৰ প্ৰয়োজন হয় ।

নিৰ্বাচন আয়োগে ২০২৬ চনৰ ৬ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ, দাবী আৰু আপত্তি দাখিলৰ বাবে সময় প্ৰদান কৰিছে । খচৰা তালিকাত নাম নথকা ভোটাৰসকলে এই সময়ছোৱাত প্ৰয়োজনীয় নথি-পত্ৰসহ এখন প্ৰ-পত্ৰ পূৰণ কৰি পুনৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব । ২৭ ফেব্ৰুৱাৰীৰ ভিতৰত সকলো দাবী আৰু আপত্তিৰ সমাধান হ’ব, আৰু ২০২৬ চনৰ ৬ মাৰ্চত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব ।

১৮ বছৰ সম্পূৰ্ণ হোৱা সকলো নতুন ভোটাৰকে নিজৰ নাম পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে নিৰ্বাচন আয়োগে । নাম নথকাৰ বাবে তেওঁলোকে প্ৰ-পত্ৰ ৬ পূৰণ কৰিব পাৰে আৰু তেওঁলোকৰ নাম বা ঠিকনাৰ সংশোধনৰ বাবে তেওঁলোকে প্ৰ-পত্ৰ ৮ পূৰণ কৰিব পাৰে ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ বাসগৃহত মোদীক সাক্ষাৎ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ…

বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে এক্সন মোডত চৰকাৰ, আৰম্ভ হ’ল অভিযান

বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চৰকাৰে লৈছে কঠোৰ ব্যৱস্থা । এই সমস্যা সমাধানৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে কেইবাটাও পদক্ষেপ ।

উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে বাংলাদেশী ৰোহিংগীয়া অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । প্ৰথমে মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক এই বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰি ডিটেনচন চেণ্টাৰত ৰখাৰ নিৰ্দেশ দিয়ে । এতিয়া তেওঁলোকৰ পৰিচয় পত্ৰ পৰীক্ষা কৰি সমস্যাটো সমাধানৰ বাবে আন কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে ।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে উত্তৰ প্ৰদেশৰ জনসাধাৰণলৈ এখন পত্ৰ লিখি অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিষয়ত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণৰ কথা সোঁৱৰাই দিয়ে, য’ত উল্লেখ কৰা হৈছে যে অনুপ্ৰৱেশকাৰীৰ বাবে ৰঙা দলিচা পাৰিব নালাগে । মুখ্যমন্ত্ৰী যোগীয়ে ৰাইজক কয় যে ৰাজ্যৰ জনসাধাৰণৰ সম্পদৰ অধিকাৰ আছে, অনুপ্ৰৱেশকাৰীৰ নহয় । তেওঁ বাংলাদেশীৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় । তেওঁ লগতে কয় যে পৌৰসভাৰ সংস্থাসমূহক সন্দেহযুক্ত বিদেশী নাগৰিকৰ তালিকা চিনাক্ত কৰি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি ডিটেনচন চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছে ।

মুখ্যমন্ত্ৰী যোগীৰ নিৰ্দেশ অনুসৰি প্ৰশাসন হাই এলাৰ্টত আছে আৰু অনুপ্ৰৱেশকাৰীৰ বিশদ প্ৰফাইলিং চলি আছে । আৰক্ষীয়ে বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি প্ৰতিবেদন প্ৰস্তুত কৰি আছে । এখন নেগেটিভ তালিকা প্ৰস্তুত কৰা হৈছে, য’ত এই অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ নাম সন্নিবিষ্ট কৰা হৈছে । এই নেগেটিভ তালিকাখন দেশজুৰি শ্বেয়াৰ কৰা হ’ব । উত্তৰ প্ৰদেশ আৰক্ষীয়ে এই ব্যক্তিসকলৰ নথি-পত্ৰ পৰীক্ষা কৰাই নহয়, উল্লেখিত জিলাসমূহলৈ পৰীক্ষণৰ বাবেও দল প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক : এন ডি এ সংসদীয় দলৰ বৈঠকত বংগ নিৰ্বাচনৰ চৰ্চা, সাংসদসকলক প্ৰধানমন্ত্ৰী মোদীয়ে দিলে এই কাম