তিহাৰ জে’লত ৰাজপাল যাদৱৰ আত্মসমৰ্পণ; কাৰাগাৰেই হ’ব নেকি ঠিকনা

তিহাৰ জে’লত ৰাজপাল যাদৱৰ আত্মসমৰ্পণ; কাৰাগাৰেই হ’ব নেকি ঠিকনা

অভিনেতা ৰাজপাল যাদৱে আজি তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষৰ সন্মুখত আত্মসমৰ্পণ কৰিছে। তিহাৰ জে’লেই হ’ব নেকি ৰাজপাল যাদৱৰ ঠিকনা। বলীউডৰ অভিনেতা ৰাজপাল যাদৱে নিজৰ অভিনয়ৰ ভিত্তিত চলচ্চিত্ৰ জগতত এক বিশেষ ভাবমূৰ্তি সৃষ্টি কৰিছে।চলচ্চিত্ৰ জগতৰ প্ৰতিটো চৰিত্ৰত দুৰ্দান্ত প্ৰদৰ্শন কৰা অভিনেতা গৰাকীয়ে নিজৰ কেৰিয়াৰত ২১৪ খনতকৈও অধিক ছবিত

অভিনেতা ৰাজপাল যাদৱে আজি তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষৰ সন্মুখত আত্মসমৰ্পণ কৰিছে। তিহাৰ জে’লেই হ’ব নেকি ৰাজপাল যাদৱৰ ঠিকনা।

বলীউডৰ অভিনেতা ৰাজপাল যাদৱে নিজৰ অভিনয়ৰ ভিত্তিত চলচ্চিত্ৰ জগতত এক বিশেষ ভাবমূৰ্তি সৃষ্টি কৰিছে।চলচ্চিত্ৰ জগতৰ প্ৰতিটো চৰিত্ৰত দুৰ্দান্ত প্ৰদৰ্শন কৰা অভিনেতা গৰাকীয়ে নিজৰ কেৰিয়াৰত ২১৪ খনতকৈও অধিক ছবিত কাম কৰিছে।

কিন্তু এতিয়া ৰাজপাল যাদৱ বিপদত পৰিছে আৰু তেওঁ আজি বিয়লি প্ৰায় ৪ মান বজাত তিহাৰ জে’লত আত্মসমৰ্পণ কৰিছে।বলীউডৰ এই অভিনেতাগৰাকীয়ে এতিয়া কিছু সময় কাৰাগাৰত কটাব লাগিব।

চেক বাউন্সৰ গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশনাৰ পিছতে জে’লত আত্মসমৰ্পণ কৰিছে বলীউডৰ অভিনেতা ৰাজপাল যাদৱে।

আদালতে তেওঁক পূৰ্বে দিয়া ৰেহাই প্ৰত্যাহাৰ কৰাৰ পিছত এই আত্মসমৰ্পণ কৰে।দিল্লী উচ্চ ন্যায়ালয়ে ৰাজপাল যাদৱক ৪ ফেব্ৰুৱাৰীত সংশ্লিষ্ট কাৰাগাৰ অধীক্ষকৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে।

আত্মসমৰ্পণ কৰাৰ পিছত,ৰাজপাল যাদৱে পুনৰবাৰ সকাহ বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ত ব্যক্তিগতভাৱে হাজিৰ হয়। তেওঁ আদালতত ২৫ লাখ টকাৰ চেক লৈ আহিছে আৰু বাকী থকা ধনৰাশিও পৰিশোধ কৰা হ’ব বুলি আশ্বাস দিয়ে আৰু এই আধাৰত সকাহ দিবলৈ অনুৰোধ জনায়।

অৱশ্যে আদালতে পুনৰ কয় যে গোচৰৰ গুৰুত্ব বিবেচনা কৰাৰ পূৰ্বে আত্মসমৰ্পণ কৰাটো বাধ্যতামূলক।আদালতে কয় যে আত্মসমৰ্পণৰ পিছতহে আদালতে কোনো ধৰণৰ সকাহ দিব পাৰিব নে নাই সেইটো পৰীক্ষা কৰিব।

উচ্চ ন্যায়ালয়ে সময়ে সময়ে অভিনেতাজনক প্ৰদান কৰা সকাহ সম্পূৰ্ণৰূপে বিবাদ সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধান হ’ব বুলি বাৰে বাৰে দিয়া আশ্বাসৰ ওপৰত ভিত্তি কৰিয়েই কৰা হৈছে আৰু অভিযোগকাৰী কোম্পানীক ধন পৰিশোধ কৰা হ’ব।

দৰাচলতে ৰাজপাল যাদৱে মেছাৰ্ছ মুৰালী প্ৰজেক্টছ প্ৰাইভেট লিমিটেডৰ পৰা প্ৰায় ৫ কোটি টকা ঋণ লৈছিল। কোম্পানীটোৱে কয় যে ৰাজপাল যাদৱে টকা ঘূৰাই দিবলৈ কেইবাখনো চেক দিছিল যদিও সকলোবোৰ বাউন্স হৈছিল।

কোম্পানীটোৱে (মেচাৰ্ছ মুৰালী প্ৰজেক্টছ প্ৰাইভেট লিমিটেড) ৰাজপাল যাদৱৰ বিৰুদ্ধে চেক বাউন্সৰ গোচৰ ৰুজু কৰিছিল।বিচাৰ আদালতে তেওঁক দোষী সাব্যস্ত কৰি ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।

অৱশ্যে উচ্চ ন্যায়ালয়ে তেওঁৰ শাস্তি কিছু সময়ৰ বাবে স্থগিত ৰাখিছিল যদিও তেওঁ কোম্পানীটোক ধন ঘূৰাই দিব বুলি চৰ্ত দিছিল।

আদালতত কেইবাবাৰো প্ৰতিশ্ৰুতি দিয়া হৈছিল যদিও ৰাজপাল যাদৱে ধন পৰিশোধ কৰা নাছিল।সেয়ে ন্যায়াধীশ স্বৰণ কান্ত শৰ্মাই কঠোৰতা প্ৰদৰ্শন কৰি আৰু কোনো সকাহ দিব নোৱাৰিব বুলি কয়।

লগতে পঢ়ক: অ’টিটিৰ পাছত এইবাৰ ছবিগৃহ কঁপাবলৈ সাজু ‘মিৰ্জাপুৰ দ্য মুভি’, ঘোষণা হ’ল মুক্তিৰ তাৰিখ