পুনৰ কাৰাগাৰলৈ যাব লাগিব ৰাজপাল যাদৱ; উচ্চ ন্যায়ালয়ৰ ৰায়দান

শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ে একাধিক চেক বাউন্স গোচৰত অভিনেতা ৰাজপাল যাদৱক দোষী সাব্যস্ত কৰা ৰায়ক গৃহীত কৰে।

বলিউডৰ বিখ্যাত কমেডিয়ান অভিনেতা ৰাজপাল যাদৱক দিল্লী উচ্চ ন্যায়ালয়ে (High Court) এক ডাঙৰ আঘাত দিছে। চেক বাউন্সৰ এক গোচৰত আদালতে পুনৰ তেওঁক ৩ মাহৰ কাৰাদণ্ডৰ শাস্তি বিহিছে। শুকুৰবাৰে এই শুনানী গ্ৰহণ কৰি আদালতে এই ৰায় প্ৰদান কৰে আৰু শাস্তিৰ লগতে অভিনেতাগৰাকীক জৰিমনাও বিহে। ইয়াৰ উপৰিও শাস্তি বাহাল ৰাখি ৰাজপাল যাদৱৰ আচৰণক ‘সন্দেহজনক’ বুলি অভিহিত কৰে আৰু কৰ্তৃপক্ষক তেওঁক পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে।

দিল্লী উচ্চ ন্যায়ালয়ে তেওঁৰ ৰায়দানত ৰাজপাল যাদৱৰ সেই প্ৰত্যাহ্বানক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে, য’ত তেওঁ নিম্ন আদালতৰ ৰায় খাৰিজ কৰাৰ দাবী জনাইছিল। ইয়াৰ লগে লগে চেক বাউন্সৰ গোচৰসমূহত তেওঁৰ দোষী সাব্যস্তকৰণ আৰু শাস্তি অপৰিৱৰ্তিত থাকিব।

এই গোচৰটো কেইবাটাও চেক বাউন্সৰ ঘটনাৰ সৈতে জড়িত, য’ত ট্ৰায়েল কোৰ্টে অভিনেতাগৰাকীক দোষী সাব্যস্ত কৰিছিল। ৰাজপাল যাদৱে এই ৰায়ক উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল, কিন্তু শুকুৰবাৰে আদালতে তেওঁৰ আবেদন খাৰিজ কৰে। ২০১৮ চনত ট্ৰায়েল কোৰ্টে ৰাজপাল যাদৱ আৰু তেওঁৰ পত্নীক এই গোচৰসমূহত ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি বিহিছিল, যাক পিছলৈ চেশ্যন কোৰ্টেও বাহাল ৰাখিছিল।

দিল্লী উচ্চ ন্যায়ালয়ে পিছত এই শাস্তিৰ ওপৰত অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰিছিল আৰু বাকী থকা ধন পৰিশোধ কৰাৰ বাবে কেইবাটাও সুযোগ দিছিল। কিন্তু আদালতৰ মতে, বাৰে বাৰে আশ্বাস দিয়াৰ পাছতো ধন পৰিশোধ প্ৰক্ৰিয়া সম্পূৰ্ণ নহ’ল। এই কাৰণেই উচ্চ ন্যায়ালয়ে তেওঁৰ অন্তৱৰ্তীকালীন সকাহ প্ৰত্যাহাৰ কৰি তেওঁক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে।

আদালতে এইটোও স্বীকাৰ কৰিছে যে অভিনেতাগৰাকী পলাই যোৱা নাই আৰু তেওঁ ধাৰাবাহিকভাৱে আদালতত হাজিৰ হৈ আছে। ইয়াৰ উপৰিও তেওঁ ইতিমধ্যে কিছু ধন পৰিশোধ কৰিছে, গতিকে বৰ্তমান তেওঁক জে’ললৈ পঠিওৱাৰ প্ৰয়োজন নাই।

লগতে পঢ়ক: প্ৰিয়ংকা চোপ্ৰাই শ্বেয়াৰ কৰিলে ‘দ্য চাইকেল অৱ লাভ’ ৰ ট্ৰেইলাৰ; মুক্তিৰ তাৰিখো ঘোষণা

‘এইটো কেৱল টকাৰ ইচ্ছু নাছিল’; চেক বাউন্স কেছ সন্দৰ্ভত ৰাজপাল যাদৱৰ ডাঙৰ প্ৰকাশ

আইনী বিবাদ আৰু তিহাৰ কাৰাগাৰত থকা অভিজ্ঞতাৰ বিষয়ে ৰাজপাল যাদৱে প্ৰথমবাৰৰ বাবে মুকলিকৈ প্ৰকাশ কৰিছে।

নিজৰ অতুলনীয় কমেডী ছবিৰে লাখ লাখ লোকৰ হৃদয় জয় কৰা অভিনেতা ৰাজপাল যাদৱে বৰ্তমান ৯ কোটিৰ ঋণ আৰু চেক বাউন্স কেছৰ বাবে শিৰোনাম দখল কৰিছে।শেহতীয়াকৈ তিহাৰ জেলৰ পৰা মুক্তি পোৱাৰ পিছত এই সমগ্ৰ বিতৰ্কক লৈ তেওঁ নিজৰ মৌনতা ভংগ কৰিছে।ৰাজপালে ইংগিত দিছে যে এই বিষয়টো সন্দৰ্ভত জনসাধাৰণৰ মাজত যি ধাৰণা সৃষ্টি হৈছে, সত্য কথাটো ইয়াতকৈ বহুত বেছি জটিল আৰু গভীৰ।

এটা সাক্ষাৎকাৰত ৰাজপাল যাদৱে তেওঁৰ আইনী সংগ্ৰামৰ বিভিন্ন দিশৰ বিষয়ে স্পষ্টভাৱে কয়। অভিনেতা গৰাকীয়ে কয় যে, টকাৰ অভাৱৰ বাবে মোক জেললৈ পঠিওৱা হোৱা নাছিল।বৰঞ্চ ই ডাঙৰ বিষয় আৰু নীতিৰ যুদ্ধ আছিল। তেওঁ দাবী কৰে যে যদিহে এই বিষয়টো মাত্ৰ ৫ কোটিৰ সৈতে জড়িত হ’লহেঁতেন তেন্তে ২০১২ চনত ইয়াৰ সমাধান হ’লহেঁতেন।ৰাজপালৰ মতে, এই বিবাদৰ বাবে তেওঁৰ ১৭ ৰ পৰা ২২ কোটি পৰ্যন্ত ব্যাপক লোকচান হয়।

তেওঁ কয় যে, “ইতিমধ্যে ১২ কোটি টকা দিয়া হৈছে,এয়া এতিয়া ২২ কোটি টকাৰ বিষয় হৈ পৰিছে।যেতিয়া শত্ৰুও কোনো প্ৰজেক্টৰ সৈতে জড়িত হয় তেতিয়াও তেওঁলোকে ছবিখন মুক্তি দিবলৈ অনুমতি দিব লাগে যাতে দৰ্শকে সিদ্ধান্ত ল’ব পাৰে।” ন্যায়পালিকাৰ প্ৰতি অদম্য বিশ্বাস প্ৰকাশ কৰি ৰাজপালে কয় এই যুঁজখন তেওঁ আৰম্ভ কৰা নাছিল, কিন্তু শেষ তেওঁ নিশ্চয় শেষ কৰিব।

লগতে পঢ়ক: কন্যা সন্তানৰ পিতৃ হ’ল চলচ্চিত্ৰ নিৰ্মাতা এটলী…

কাৰাগাৰৰ পৰা ওলাই আহি ৰাজপাল যাদৱে আৰম্ভ কৰিছে নতুন ইনিংছ;  খুলিলে ইউটিউব চেনেল

ৰাজপাল যাদৱে তেওঁৰ অনুৰাগী সকলৰ বাবে এক ভাল খবৰ দিছে। অভিনেতা গৰাকীয়ে নিজাকৈ ইউটিউব চেনেল মুকলি কৰাৰ কথা ঘোষণা কৰিছে।

বলীউডৰ আটাইতকৈ প্ৰিয় কমিক অভিনেতা ৰাজপাল যাদৱ এতিয়া পুনৰ কামত লাগিছে।তেওঁ নিজৰ ছবিৰ শ্বুটিং আৰম্ভ কৰিছে,যাৰ বাবে তেওঁৰ অনুৰাগীসকল অতি সুখী।

প্ৰায় ১২ দিন তিহাৰ কাৰাগাৰত কটোৱাৰ পিছত অভিনেতাগৰাকীৰ জীৱনত লাহে লাহে সকলো স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে।

ৰাজপাল যাদৱে কিছুদিন পূৰ্বে তেওঁৰ ভিডিঅ’ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি অনুৰাগী আৰু প্ৰশংসকক ধন্যবাদ জনাইছিল,যিসকলে কঠিন সময়ত তেওঁক সহায় কৰিছিল।

অভিনেতাজনে তেওঁলোকক আশ্বাস দিয়ে যে তেওঁ সদায় দৰ্শকক মনোৰঞ্জন দি থাকিব।এতিয়া যেন ৰাজপালে নিজৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত প্ৰথম পদক্ষেপ লৈছে।

ইনষ্টাগ্ৰামত এটা নতুন ভিডিঅ’ পোষ্ট কৰি নতুন ইনিংছ আৰম্ভ কৰিবলৈ ওলাইছে ৰাজপালে।অভিনেতা গৰাকীয়ে ‘ৰাজপাল নৌৰাং যাদৱ’, ২০২০ নামেৰে এটা ইউটিউব চেনেল খুলিছে।য’ত তেওঁ মনোৰঞ্জনৰ সম্পূৰ্ণ মাত্ৰা প্ৰদান কৰিবলৈ ওলাইছে।ৰাজপাল যাদৱে ৰাইজৰ ওচৰত সমৰ্থনৰ বাবে আবেদন জনাইছে।

লগতে পঢ়ক: বিবাহৰ ২৭ বছৰ পিছত ফাট; থালাপথী বিজয়ৰ পত্নী সংগীতা সোৰনালিংগমৰ বিবাহ বিচ্ছেদৰ আবেদন

অৱশেষত সকাহ! শীঘ্ৰেই মুকলি আকাশৰ তললৈ আহিব অভিনেতা ৰাজপাল যাদৱ

চলচ্চিত্ৰ জগতৰ কেইবাজনো লোকে আৰ্থিক সাহায্য আগবঢ়োৱাৰ কিছুদিন পিছতে ১৬ ফেব্ৰুৱাৰী সোমবাৰে জামিন লাভ কৰে ৰাজপাল যাদৱে ।

অৱশেষত জামিন লাভ কৰিলে বলীউডৰ অভিনেতা ৰাজপাল যাদৱে । ২০১৮ চনৰ এক চেক বাউন্স গোচৰত তেওঁ আইনী নিৰীক্ষণৰ অধীনত আছিল । আদালতে নিৰ্ধাৰণ কৰা ধন পৰিশোধৰ চৰ্ত পূৰণ নকৰাত তেওঁক ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত তিহাৰ কাৰাগাৰত আত্মসমৰ্পণ কৰিবলৈ কোৱা হৈছিল । ১১ দিন কাৰাগাৰত আছিল অভিনেতাগৰাকী ।

যোৱা সপ্তাহত তেওঁৰ জামিন আৱেদন দিল্লী উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল । তেওঁ বাৰে বাৰে ৯ কোটি টকা আদায় নিদিয়াৰ বাবে অভনেতাগৰাকীক সকাহ দিবলৈ অস্বীকাৰ কৰিছিল ন্যায়ালয়ে ।

অৱশ্যে অৱশেষত এই গোচৰত তেওঁ সকাহ লাভ কৰিছে । চলচ্চিত্ৰ জগতৰ কেইবাজনো লোকে আৰ্থিক সাহায্য আগবঢ়োৱাৰ কিছুদিন পিছতে ১৬ ফেব্ৰুৱাৰী সোমবাৰে জামিন লাভ কৰে ৰাজপাল যাদৱে । অৱশ্যে এই জামিন অন্তৱৰ্তীকালীন । আদালতে তেওঁক ১৮ মাৰ্চলৈকেহে মুক্তি প্ৰদান কৰিছে ।

এই জামিন তেওঁক শ্বাহজাহানপুৰত ভতিজীৰ বিয়াত অংশগ্ৰহণ কৰিবলৈ দিয়া হৈছে । ৰাজপাল যাদৱৰ অধিবক্তাই উচ্চ ন্যায়ালয়ক জনাইছে যে তেওঁ ১.৫ কোটি ডিডি জমা দিছে । তেওঁৰ পাছপ’ৰ্ট জমা দিবলৈও আদালতে নিৰ্দেশ দিছে । পৰৱৰ্তী শুনানি ১৮ মাৰ্চত হ’ব ।

লগতে পঢ়ক : ৰোহিত শ্বেট্টীৰ বাসগৃহত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ…

১০ দিনৰ মূৰত তিহাৰ জেলৰ পৰা মুকলি হ’ল নেকি ৰাজপাল যাদৱ? ছলমান খানক জনালে ধন্যবাদ, ভিডিঅ’ ভাইৰেল

সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে ৰাজপাল যাদৱৰ এটা ভিডিঅ’।এই ভিডিঅ’টো ওলোৱাৰ পিছত তেওঁ জেলৰ পৰা ওলাই অহা বুলি দাবী কৰা হৈছে।

৯ কোটি টকাৰ চেক বাউন্স গোচৰত তিহাৰ কাৰাগাৰত আবদ্ধ হৈ থকা ৰাজপাল যাদৱৰ এটা ভিডিঅ’ বৰ্তমান সময়ত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

এই ভিডিঅ’টোত তেওঁ ছলমান খানক ধন্যবাদ জনোৱা দেখা গৈছে।ভিডিঅ’টো ওলোৱাৰ লগে লগে মানুহৰ মনত এটাই প্ৰশ্ন উত্থাপন হৈছে যে- ৰাজপাল যাদৱ তিহাৰ জেলৰ পৰা মুক্তি পালে নেকি?

অৱশ্যে এই ভিডিঅ’টোৰ সত্যতা বেলেগ।ভাইৰেল ক্লিপটোত ৰাজপাল যাদৱে কোৱা শুনা গৈছে যে, ‘ছলমান ভাই এজন ডাঙৰ ভাইৰ দৰে, আজি ছলমান ভাইৰ লগত বহি মই ভিতৰি ভিতৰি বহুত সুখী অনুভৱ কৰিছো।

উদ্যোগটোৰ মানুহক সহায় কৰাৰ বাবে ছলমান খানক তেওঁ প্ৰশংসা কৰে। তেওঁৰ সকাহৰ বিষয়ে সোধাত তেওঁ কয়, মই সঁচাকৈয়ে সকাহ অনুভৱ কৰিছো।‘

অৱশ্যে এই ভিডিঅ’টো দৰাচলতে বহু পুৰণি।২০১৮ চনত ৰাজপাল যাদৱ তিনি মাহৰ কাৰাগাৰলৈ গৈছিল।এই ভিডিঅ’ টো তেতিয়াৰ বুলি জানিব পৰা গৈছে। ৰাজপাল যাদৱ এতিয়াও জেলতে আছে।

ৰাজপাল যাদৱ জেললৈ যোৱাৰ পিছত উদ্যোগটোৰ বহু লোকে তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল।ছলমান খান, অজয় ​​দেৱগান, সোনু ছুদৰ দৰে তাৰকাইও তেওঁক সহায়ৰ বাবে ধন সংগ্ৰহ কৰিছে।

লগতে পঢ়ক: বিতৰ্কৰ মাজত এ আৰ ৰহমান;এইবাৰ গীত চুৰিৰ অভিযোগ

জে’লতে থাকিব লাগিব নেকি ৰাজপাল যাদৱ ?  ১৬ ফেব্ৰুৱাৰীলৈ স্থগিত শুনানি

অভনেতা ৰাজপাল যাদৱৰ জামিন আবেদনৰ শুনানি দিল্লী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হয় । আদালতে শুনানি ১৬ ফেব্ৰুৱাৰী সোমবাৰলৈ স্থগিত ৰাখে ।

চেক বাউন্স গোচৰত অভিযুক্ত অভনেতা ৰাজপাল যাদৱৰ জামিন আবেদনৰ শুনানি আজি দিল্লী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হয় । দুয়োপক্ষৰ যুক্তিৰ পিছত আদালতে শুনানি ১৬ ফেব্ৰুৱাৰী সোমবাৰলৈ স্থগিত ৰাখে । এতিয়া ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব পৰৱৰ্তী শুনানি । ইয়াৰ পূৰ্বে আদালতে ৰাজপাল যাদৱক কয় যে আমি আপোনাক দুই ডজনতকৈও অধিক সুযোগ দিছো । আদালতে জামিন আৱেদন সন্দৰ্ভত আন পক্ষৰ পৰাও উত্তৰ বিচাৰিছিল ।

আনটো পক্ষক উত্তৰ দাখিল কৰাৰ নিৰ্দেশ-

বাৰ এণ্ড বেঞ্চৰ মতে, শুনানিৰ সময়ত আদালতে আনটো পক্ষক জামিন আবেদনৰ উত্তৰ দাখিল কৰিবলৈও কয় । আদালতে কয়, “অভিযোগকাৰীয়ে উত্তৰ দাখিল কৰিব লাগিব । ফাইলটো পৰ্যালোচনা কৰি থাকোঁতে আমি অৱগত নোহোৱা কেইবাটাও কথা আৱিষ্কাৰ কৰিলোঁ । তেওঁ পূৰ্বে উচ্চতম ন্যায়ালয়ত এই আদেশক প্ৰত্যাহ্বান জনাইছিল, কিন্তু উচ্চতম ন্যায়ালয়ে তেওঁক কোনো সকাহ দিয়া নাছিল । যিয়েই নহওক, আমি এই বিষয়টো সোমবাৰে শুনানি লম ।”

উদ্বেগ প্ৰকাশ কৰিছে আদালতে-

শুনানিৰ সময়ত দিল্লী উচ্চ ন্যায়ালয়ে ৰাজপাল যাদৱে ৩ কোটিৰো অধিক ধন পৰিশোধ কৰাৰ আশ্বাসক লৈ উদ্বেগ প্ৰকাশ কৰি এই গোচৰটো যথেষ্ট সময় ধৰি বিচাৰাধীন হৈ থকা বুলি উল্লেখ কৰে । প্ৰকাশিত এক বাতৰি অনুসৰি আদালতে লক্ষ্য কৰিছিল যে পৰ্যালোচনা শুনানি আৰু কাৰ্যবিধিৰ সময়ত বাৰে বাৰে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো ৰাজপাল যাদৱে শুনানি প্ৰায় ২৫-৩০ বাৰ পিছুৱাই দিছিল আৰু বাকী থকা ধনৰাশি আদায় দিয়া নাছিল ।

প্ৰতিশ্ৰুতি পালন কৰা নাছিল-

বাৰ এণ্ড বেঞ্চৰ প্ৰতিবেদন অনুসৰি দিল্লী উচ্চ ন্যায়ালয়ে ৰাজপাল যাদৱক কয় যে আপুনি প্ৰতিশ্ৰুতি পালন নকৰাৰ বাবে জেলত আছে । আদালতে উল্লেখ কৰে যে ৰাজপাল যাদৱক কমেও দুই ডজন সুযোগ দিয়া হৈছিল, কিন্তু তেওঁ প্ৰতিশ্ৰুতি পূৰণ কৰা নাছিল । এখন পাৰিবাৰিক বিয়াৰ উদ্ধৃতি দি যাদৱে জামিন বিচাৰিছিল ।

বাৰ এণ্ড বেঞ্চৰ মতে, শুনানিৰ সময়ত দিল্লী উচ্চ ন্যায়ালয়ে কঠোৰ মন্তব্য কৰি কয় যে, “আমি আপোনাৰ প্ৰতি সহানুভূতিশীল হ’ব পাৰো, কিন্তু আইন আইনেই । আদালতৰ নিৰ্দেশৰ পিছতো আপুনি আত্মসমৰ্পণ কৰা নাছিল আৰু আদালতে নতুন আদেশ জাৰি কৰাৰ পিছতহে আত্মসমৰ্পণ কৰিছিল ।”

লগতে পঢ়ক : শ্ৰেয়াছ তালপাড়েৰ বিৰুদ্ধে এফআইআৰ দাখিল; লাখ লাখ টকাৰ বিনিয়োগ কেলেংকাৰিৰ অভিযোগ

তিহাৰ জে’লত ৰাজপাল যাদৱৰ আত্মসমৰ্পণ; কাৰাগাৰেই হ’ব নেকি ঠিকনা

অভিনেতা ৰাজপাল যাদৱে আজি তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষৰ সন্মুখত আত্মসমৰ্পণ কৰিছে। তিহাৰ জে’লেই হ’ব নেকি ৰাজপাল যাদৱৰ ঠিকনা।

বলীউডৰ অভিনেতা ৰাজপাল যাদৱে নিজৰ অভিনয়ৰ ভিত্তিত চলচ্চিত্ৰ জগতত এক বিশেষ ভাবমূৰ্তি সৃষ্টি কৰিছে।চলচ্চিত্ৰ জগতৰ প্ৰতিটো চৰিত্ৰত দুৰ্দান্ত প্ৰদৰ্শন কৰা অভিনেতা গৰাকীয়ে নিজৰ কেৰিয়াৰত ২১৪ খনতকৈও অধিক ছবিত কাম কৰিছে।

কিন্তু এতিয়া ৰাজপাল যাদৱ বিপদত পৰিছে আৰু তেওঁ আজি বিয়লি প্ৰায় ৪ মান বজাত তিহাৰ জে’লত আত্মসমৰ্পণ কৰিছে।বলীউডৰ এই অভিনেতাগৰাকীয়ে এতিয়া কিছু সময় কাৰাগাৰত কটাব লাগিব।

চেক বাউন্সৰ গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশনাৰ পিছতে জে’লত আত্মসমৰ্পণ কৰিছে বলীউডৰ অভিনেতা ৰাজপাল যাদৱে।

আদালতে তেওঁক পূৰ্বে দিয়া ৰেহাই প্ৰত্যাহাৰ কৰাৰ পিছত এই আত্মসমৰ্পণ কৰে।দিল্লী উচ্চ ন্যায়ালয়ে ৰাজপাল যাদৱক ৪ ফেব্ৰুৱাৰীত সংশ্লিষ্ট কাৰাগাৰ অধীক্ষকৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে।

আত্মসমৰ্পণ কৰাৰ পিছত,ৰাজপাল যাদৱে পুনৰবাৰ সকাহ বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ত ব্যক্তিগতভাৱে হাজিৰ হয়। তেওঁ আদালতত ২৫ লাখ টকাৰ চেক লৈ আহিছে আৰু বাকী থকা ধনৰাশিও পৰিশোধ কৰা হ’ব বুলি আশ্বাস দিয়ে আৰু এই আধাৰত সকাহ দিবলৈ অনুৰোধ জনায়।

অৱশ্যে আদালতে পুনৰ কয় যে গোচৰৰ গুৰুত্ব বিবেচনা কৰাৰ পূৰ্বে আত্মসমৰ্পণ কৰাটো বাধ্যতামূলক।আদালতে কয় যে আত্মসমৰ্পণৰ পিছতহে আদালতে কোনো ধৰণৰ সকাহ দিব পাৰিব নে নাই সেইটো পৰীক্ষা কৰিব।

উচ্চ ন্যায়ালয়ে সময়ে সময়ে অভিনেতাজনক প্ৰদান কৰা সকাহ সম্পূৰ্ণৰূপে বিবাদ সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধান হ’ব বুলি বাৰে বাৰে দিয়া আশ্বাসৰ ওপৰত ভিত্তি কৰিয়েই কৰা হৈছে আৰু অভিযোগকাৰী কোম্পানীক ধন পৰিশোধ কৰা হ’ব।

দৰাচলতে ৰাজপাল যাদৱে মেছাৰ্ছ মুৰালী প্ৰজেক্টছ প্ৰাইভেট লিমিটেডৰ পৰা প্ৰায় ৫ কোটি টকা ঋণ লৈছিল। কোম্পানীটোৱে কয় যে ৰাজপাল যাদৱে টকা ঘূৰাই দিবলৈ কেইবাখনো চেক দিছিল যদিও সকলোবোৰ বাউন্স হৈছিল।

কোম্পানীটোৱে (মেচাৰ্ছ মুৰালী প্ৰজেক্টছ প্ৰাইভেট লিমিটেড) ৰাজপাল যাদৱৰ বিৰুদ্ধে চেক বাউন্সৰ গোচৰ ৰুজু কৰিছিল।বিচাৰ আদালতে তেওঁক দোষী সাব্যস্ত কৰি ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।

অৱশ্যে উচ্চ ন্যায়ালয়ে তেওঁৰ শাস্তি কিছু সময়ৰ বাবে স্থগিত ৰাখিছিল যদিও তেওঁ কোম্পানীটোক ধন ঘূৰাই দিব বুলি চৰ্ত দিছিল।

আদালতত কেইবাবাৰো প্ৰতিশ্ৰুতি দিয়া হৈছিল যদিও ৰাজপাল যাদৱে ধন পৰিশোধ কৰা নাছিল।সেয়ে ন্যায়াধীশ স্বৰণ কান্ত শৰ্মাই কঠোৰতা প্ৰদৰ্শন কৰি আৰু কোনো সকাহ দিব নোৱাৰিব বুলি কয়।

লগতে পঢ়ক: অ’টিটিৰ পাছত এইবাৰ ছবিগৃহ কঁপাবলৈ সাজু ‘মিৰ্জাপুৰ দ্য মুভি’, ঘোষণা হ’ল মুক্তিৰ তাৰিখ