অৱশেষত সকাহ! শীঘ্ৰেই মুকলি আকাশৰ তললৈ আহিব অভিনেতা ৰাজপাল যাদৱ

অৱশেষত সকাহ! শীঘ্ৰেই মুকলি আকাশৰ তললৈ আহিব অভিনেতা ৰাজপাল যাদৱ

চলচ্চিত্ৰ জগতৰ কেইবাজনো লোকে আৰ্থিক সাহায্য আগবঢ়োৱাৰ কিছুদিন পিছতে ১৬ ফেব্ৰুৱাৰী সোমবাৰে জামিন লাভ কৰে ৰাজপাল যাদৱে । অৱশেষত জামিন লাভ কৰিলে বলীউডৰ অভিনেতা ৰাজপাল যাদৱে । ২০১৮ চনৰ এক চেক বাউন্স গোচৰত তেওঁ আইনী নিৰীক্ষণৰ অধীনত আছিল । আদালতে নিৰ্ধাৰণ কৰা ধন পৰিশোধৰ চৰ্ত

চলচ্চিত্ৰ জগতৰ কেইবাজনো লোকে আৰ্থিক সাহায্য আগবঢ়োৱাৰ কিছুদিন পিছতে ১৬ ফেব্ৰুৱাৰী সোমবাৰে জামিন লাভ কৰে ৰাজপাল যাদৱে ।

অৱশেষত জামিন লাভ কৰিলে বলীউডৰ অভিনেতা ৰাজপাল যাদৱে । ২০১৮ চনৰ এক চেক বাউন্স গোচৰত তেওঁ আইনী নিৰীক্ষণৰ অধীনত আছিল । আদালতে নিৰ্ধাৰণ কৰা ধন পৰিশোধৰ চৰ্ত পূৰণ নকৰাত তেওঁক ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত তিহাৰ কাৰাগাৰত আত্মসমৰ্পণ কৰিবলৈ কোৱা হৈছিল । ১১ দিন কাৰাগাৰত আছিল অভিনেতাগৰাকী ।

যোৱা সপ্তাহত তেওঁৰ জামিন আৱেদন দিল্লী উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল । তেওঁ বাৰে বাৰে ৯ কোটি টকা আদায় নিদিয়াৰ বাবে অভনেতাগৰাকীক সকাহ দিবলৈ অস্বীকাৰ কৰিছিল ন্যায়ালয়ে ।

অৱশ্যে অৱশেষত এই গোচৰত তেওঁ সকাহ লাভ কৰিছে । চলচ্চিত্ৰ জগতৰ কেইবাজনো লোকে আৰ্থিক সাহায্য আগবঢ়োৱাৰ কিছুদিন পিছতে ১৬ ফেব্ৰুৱাৰী সোমবাৰে জামিন লাভ কৰে ৰাজপাল যাদৱে । অৱশ্যে এই জামিন অন্তৱৰ্তীকালীন । আদালতে তেওঁক ১৮ মাৰ্চলৈকেহে মুক্তি প্ৰদান কৰিছে ।

এই জামিন তেওঁক শ্বাহজাহানপুৰত ভতিজীৰ বিয়াত অংশগ্ৰহণ কৰিবলৈ দিয়া হৈছে । ৰাজপাল যাদৱৰ অধিবক্তাই উচ্চ ন্যায়ালয়ক জনাইছে যে তেওঁ ১.৫ কোটি ডিডি জমা দিছে । তেওঁৰ পাছপ’ৰ্ট জমা দিবলৈও আদালতে নিৰ্দেশ দিছে । পৰৱৰ্তী শুনানি ১৮ মাৰ্চত হ’ব ।

লগতে পঢ়ক : ৰোহিত শ্বেট্টীৰ বাসগৃহত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ…