ৰোহিত শ্বেট্টীৰ ঘৰত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ

ৰোহিত শ্বেট্টীৰ বাসগৃহত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ…

চলচ্চিত্ৰ প্ৰযোজক ৰোহিত শ্বেট্টীৰ ঘৰত গুলীচালনা আৰু ধন দাবীৰ গোচৰৰ সৈতে জড়িত চাৰিজন অভিযুক্তক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । বিখ্যাত চলচ্চিত্ৰ পৰিচালক ৰোহিত শ্বেট্টীৰ জুহু বাসগৃহ সংঘটিত হোৱা গুলীচালনা ঘটনাক লৈ মুম্বাই ক্ৰাইম ব্ৰাঞ্চে এক সফলতা লাভ কৰিছে। এই গোচৰৰ সৈতে জড়িত চাৰিজন অভিযুক্তক ক্ৰাইম

চলচ্চিত্ৰ প্ৰযোজক ৰোহিত শ্বেট্টীৰ ঘৰত গুলীচালনা আৰু ধন দাবীৰ গোচৰৰ সৈতে জড়িত চাৰিজন অভিযুক্তক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

বিখ্যাত চলচ্চিত্ৰ পৰিচালক ৰোহিত শ্বেট্টীৰ জুহু বাসগৃহ সংঘটিত হোৱা গুলীচালনা ঘটনাক লৈ মুম্বাই ক্ৰাইম ব্ৰাঞ্চে এক সফলতা লাভ কৰিছে।

এই গোচৰৰ সৈতে জড়িত চাৰিজন অভিযুক্তক ক্ৰাইম ব্ৰাঞ্চে হাৰিয়ানাৰ পৰা গ্ৰেপ্তাৰ কৰিছে।ইয়াৰ সমান্তৰালকৈ হাৰিয়ানাৰ পৰা আন দুজন অভিযুক্তকো গ্ৰেপ্তাৰ কৰা হৈছে।এই আটাইকেইজন অভিযুক্ত গুলীচালনাৰ ঘটনাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল।

আটকাধীন অভিযুক্ত ক্ৰমে ঋত্বিক যাদৱ, জিলা আগ্ৰাৰ বাহাবীজৌলিৰ নিবাসী,ছেক্টৰ-৪৫ সদৰপুৰ নয়ডাৰ নিবাসী দীপক,বাহাবীজৌলি আগ্ৰাৰ বাসিন্দা ছানী আৰু বাহাবিজৌলি আগ্ৰাৰ বাসিন্দা সোনু বুলি জানিব পৰা গৈছে।

ঘটনাৰ পিছতে মুম্বাই ক্ৰাইম ব্ৰাঞ্চে বহু ৰাজ্যত অভিযান চলাইছিল।অৱশেষত চাৰিওজন অভিযুক্তক মুম্বাই ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছে। বৰ্তমান চাৰিওজন অভিযুক্তক মুম্বাইলৈ অনা হৈছে, য’ত তেওঁলোকক পুংখানুপুংখভাৱে জেৰা কৰা হ’ব।

আৰক্ষীয়ে জনোৱা মতে,লংকৰৰ নিৰ্দেশত ফাছলে স্বপ্নিল ছাকাটৰ হাতত অস্ত্ৰসমূহ গতাই দিছিল।পিছত ছাকাটে সেই অস্ত্ৰবোৰ অচিনাকি শ্বুটাৰজনক গুলীচালনাৰ বাবে দিছিল।আজি এই অচিনাকি শ্বুটাৰজনকো মুম্বাই ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছে।

তদন্তত প্ৰকাশ পাইছে যে ২০২৬ চনৰ ৩১ জানুৱাৰীৰ নিশা অভিযুক্তই কুখ্যাত লৰেন্স বিষ্ণোই গেঙৰ নিৰ্দেশত ধন দাবীৰ বাবে ৰোহিত শ্বেট্টীৰ ঘৰত গুলীচালনা কৰিছিল।

লগতে পঢ়ক: ১০ দিনৰ মূৰত তিহাৰ জেলৰ পৰা মুকলি হ’ল নেকি ৰাজপাল যাদৱ? ছলমান খানক জনালে ধন্যবাদ, ভিডিঅ’ ভাইৰেল