ৰোহিত শ্বেট্টীৰ বাসগৃহত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ…

চলচ্চিত্ৰ প্ৰযোজক ৰোহিত শ্বেট্টীৰ ঘৰত গুলীচালনা আৰু ধন দাবীৰ গোচৰৰ সৈতে জড়িত চাৰিজন অভিযুক্তক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

বিখ্যাত চলচ্চিত্ৰ পৰিচালক ৰোহিত শ্বেট্টীৰ জুহু বাসগৃহ সংঘটিত হোৱা গুলীচালনা ঘটনাক লৈ মুম্বাই ক্ৰাইম ব্ৰাঞ্চে এক সফলতা লাভ কৰিছে।

এই গোচৰৰ সৈতে জড়িত চাৰিজন অভিযুক্তক ক্ৰাইম ব্ৰাঞ্চে হাৰিয়ানাৰ পৰা গ্ৰেপ্তাৰ কৰিছে।ইয়াৰ সমান্তৰালকৈ হাৰিয়ানাৰ পৰা আন দুজন অভিযুক্তকো গ্ৰেপ্তাৰ কৰা হৈছে।এই আটাইকেইজন অভিযুক্ত গুলীচালনাৰ ঘটনাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল।

আটকাধীন অভিযুক্ত ক্ৰমে ঋত্বিক যাদৱ, জিলা আগ্ৰাৰ বাহাবীজৌলিৰ নিবাসী,ছেক্টৰ-৪৫ সদৰপুৰ নয়ডাৰ নিবাসী দীপক,বাহাবীজৌলি আগ্ৰাৰ বাসিন্দা ছানী আৰু বাহাবিজৌলি আগ্ৰাৰ বাসিন্দা সোনু বুলি জানিব পৰা গৈছে।

ঘটনাৰ পিছতে মুম্বাই ক্ৰাইম ব্ৰাঞ্চে বহু ৰাজ্যত অভিযান চলাইছিল।অৱশেষত চাৰিওজন অভিযুক্তক মুম্বাই ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছে। বৰ্তমান চাৰিওজন অভিযুক্তক মুম্বাইলৈ অনা হৈছে, য’ত তেওঁলোকক পুংখানুপুংখভাৱে জেৰা কৰা হ’ব।

আৰক্ষীয়ে জনোৱা মতে,লংকৰৰ নিৰ্দেশত ফাছলে স্বপ্নিল ছাকাটৰ হাতত অস্ত্ৰসমূহ গতাই দিছিল।পিছত ছাকাটে সেই অস্ত্ৰবোৰ অচিনাকি শ্বুটাৰজনক গুলীচালনাৰ বাবে দিছিল।আজি এই অচিনাকি শ্বুটাৰজনকো মুম্বাই ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছে।

তদন্তত প্ৰকাশ পাইছে যে ২০২৬ চনৰ ৩১ জানুৱাৰীৰ নিশা অভিযুক্তই কুখ্যাত লৰেন্স বিষ্ণোই গেঙৰ নিৰ্দেশত ধন দাবীৰ বাবে ৰোহিত শ্বেট্টীৰ ঘৰত গুলীচালনা কৰিছিল।

লগতে পঢ়ক: ১০ দিনৰ মূৰত তিহাৰ জেলৰ পৰা মুকলি হ’ল নেকি ৰাজপাল যাদৱ? ছলমান খানক জনালে ধন্যবাদ, ভিডিঅ’ ভাইৰেল

পৰিচালক ৰোহিত শ্বেট্টীৰ বাসগৃহলৈ দুৰ্বৃত্তৰ গুলীচালনা…

ছলমান খান,কপিল শৰ্মাৰ পিছত এইবাৰ ৰোহিত শ্বেট্টীৰ বাসগৃহলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা। পৰিচালক গৰাকীৰ নিৰাপত্তাক লৈ উত্থাপন হৈ প্ৰশ্নৰ।

বলীউডৰ তাৰকাসকলৰ ঘৰত গুলীচালনাৰ ঘটনা যেন শেষ হোৱাৰ কোনো নামেই লোৱা নাই।ইয়াৰ পূৰ্বে ছলমান খানৰ ঘৰৰ বাহিৰত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল আৰু তাৰ পিছত কপিল শৰ্মাৰ ৰেষ্টুৰেণ্টত গুলীচালনা হৈছিল।আৰু এইবাৰ বলীউডৰ বিখ্যাত চলচ্চিত্ৰ পৰিচালক ৰোহিত শ্বেট্টীৰ বাসগৃহত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে।

জানিব পৰা মতে শনিবাৰে নিশা ৰোহিত শ্বেট্টীৰ জুহুস্থিত বাসগৃহলৈ লক্ষ্য কৰি কোনো দুৰ্বৃত্তই গুলীচালনা কৰে। গভীৰ নিশা সংঘটিত হোৱা এই ঘটনাৰ পিছতে অঞ্চলটোত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে ।

এই ঘটনাৰ পিছত এতিয়া সমগ্ৰ উদ্যোগটোত হাহাকাৰ সৃষ্টি হৈছে।জানিব পৰা মতে ৰোহিত শ্বেট্টীৰ ঘৰৰ বাহিৰত চাৰি জাই গুলিৰ শব্দ শুনিবলৈ পোৱা গৈছিল।

জানিব পৰা মতে শনিবাৰে নিশা যেতিয়া গুলীচালনাৰ ঘটনাটো সংঘটিত হৈছিল, সেই সময়ত ঘৰত উপস্থিত হৈছিল ৰোহিত শ্বেট্টী।ৰোহিত শ্বেট্টীয়ে সমগ্ৰ পৰিয়ালৰ সৈতে শ্বেটী টাৱাৰত থাকে।

এতিয়া এই গোচৰত এফআইআৰ ৰুজু হৈছে আৰু মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ দলে তদন্ত আৰম্ভ কৰিছে।প্ৰাথমিক তদন্তত জানিব পৰা মতে, মাত্ৰ এজন অভিযুক্তই এই গুলীচালনা কৰিছিল।

ক্ৰাইম ব্ৰাঞ্চৰ সূত্ৰই জনোৱা মতে, এই গুলীচালনাৰ ঘটনাৰ সৈতে গেংষ্টাৰৰ লিংক থকাৰ সন্দেহ কৰা হৈছে। ৰোহিত শ্বেট্টীৰ ঘৰত হোৱা এই ঘটনাই এতিয়া তেওঁৰ অনুৰাগী সকলক চিন্তিত কৰিছে। এই ঘটনাক লৈ এতিয়ালৈকে ৰোহিত শ্বেট্টীয়ে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।

লগতে পঢ়ক: অ’টিটি প্লেটফৰ্মত মুক্তি পালে ৰণবীৰ সিঙৰ ব্লকবাষ্টাৰ ছবি ‘ধুৰন্ধৰ’