সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে ৰাজপাল যাদৱৰ এটা ভিডিঅ’।এই ভিডিঅ’টো ওলোৱাৰ পিছত তেওঁ জেলৰ পৰা ওলাই অহা বুলি দাবী কৰা হৈছে।
৯ কোটি টকাৰ চেক বাউন্স গোচৰত তিহাৰ কাৰাগাৰত আবদ্ধ হৈ থকা ৰাজপাল যাদৱৰ এটা ভিডিঅ’ বৰ্তমান সময়ত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
এই ভিডিঅ’টোত তেওঁ ছলমান খানক ধন্যবাদ জনোৱা দেখা গৈছে।ভিডিঅ’টো ওলোৱাৰ লগে লগে মানুহৰ মনত এটাই প্ৰশ্ন উত্থাপন হৈছে যে- ৰাজপাল যাদৱ তিহাৰ জেলৰ পৰা মুক্তি পালে নেকি?
অৱশ্যে এই ভিডিঅ’টোৰ সত্যতা বেলেগ।ভাইৰেল ক্লিপটোত ৰাজপাল যাদৱে কোৱা শুনা গৈছে যে, ‘ছলমান ভাই এজন ডাঙৰ ভাইৰ দৰে, আজি ছলমান ভাইৰ লগত বহি মই ভিতৰি ভিতৰি বহুত সুখী অনুভৱ কৰিছো।
উদ্যোগটোৰ মানুহক সহায় কৰাৰ বাবে ছলমান খানক তেওঁ প্ৰশংসা কৰে। তেওঁৰ সকাহৰ বিষয়ে সোধাত তেওঁ কয়, মই সঁচাকৈয়ে সকাহ অনুভৱ কৰিছো।‘
অৱশ্যে এই ভিডিঅ’টো দৰাচলতে বহু পুৰণি।২০১৮ চনত ৰাজপাল যাদৱ তিনি মাহৰ কাৰাগাৰলৈ গৈছিল।এই ভিডিঅ’ টো তেতিয়াৰ বুলি জানিব পৰা গৈছে। ৰাজপাল যাদৱ এতিয়াও জেলতে আছে।
ৰাজপাল যাদৱ জেললৈ যোৱাৰ পিছত উদ্যোগটোৰ বহু লোকে তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল।ছলমান খান, অজয় দেৱগান, সোনু ছুদৰ দৰে তাৰকাইও তেওঁক সহায়ৰ বাবে ধন সংগ্ৰহ কৰিছে।









