অ’টিটি প্লেটফৰ্মত মুক্তি পালে ৰণবীৰ সিঙৰ ব্লকবাষ্টাৰ ছবি ‘ধুৰন্ধৰ’

অ’টিটি প্লেটফৰ্মত মুক্তি পালে ৰণবীৰ সিঙৰ ব্লকবাষ্টাৰ ছবি ‘ধুৰন্ধৰ’

দৰ্শকৰ অপেক্ষাৰ অন্ত পেলাই অৱশেষত অ’টিটি প্লেটফৰ্মত মুক্তি পালে ৰণবীৰ সিঙৰ ব্লকবাষ্টাৰ ছবি ‘ধুৰন্ধৰ’ আদিত্য ধৰৰ পিৰিয়ড স্পাই থ্ৰিলাৰ ‘ধুৰন্ধৰ’ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ সিঙে।এই ছবিখনে ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে যথেষ্ট চৰ্চা সৃষ্টি কৰাৰ লগতে এক বিশাল সংকলনও গঢ়ি তুলিছে। এই ছবিখনে বলীউডৰ সৰ্বাধিক

দৰ্শকৰ অপেক্ষাৰ অন্ত পেলাই অৱশেষত অ’টিটি প্লেটফৰ্মত মুক্তি পালে ৰণবীৰ সিঙৰ ব্লকবাষ্টাৰ ছবি ‘ধুৰন্ধৰ’

আদিত্য ধৰৰ পিৰিয়ড স্পাই থ্ৰিলাৰ ‘ধুৰন্ধৰ’ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ সিঙে।এই ছবিখনে ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে যথেষ্ট চৰ্চা সৃষ্টি কৰাৰ লগতে এক বিশাল সংকলনও গঢ়ি তুলিছে।

এই ছবিখনে বলীউডৰ সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপেও অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।এই সকলোবোৰৰ মাজতে অনুৰাগীসকলেও এই ছবিখন অ’টিটি প্লেটফৰ্মত মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল।অৱশেষত বক্স অফিচত ৫৬ দিনৰ ঐতিহাসিক দৌৰৰ অন্তত ছবিখনে ডিজিটেল প্লেটফৰ্মত আত্মপ্ৰকাশ কৰে।

ধুৰন্ধৰ ছবিখন ৩০ জানুৱাৰীত নেটফ্লিক্স ইণ্ডিয়াত ষ্ট্ৰীম কৰা হৈছে। বক্স অফিচত অভিলেখ ভংগকাৰী প্ৰদৰ্শনৰ পিছত ছবিখনে নেটফ্লিক্সত শীৰ্ষ ১০ ৰ ভিতৰত ট্ৰেণ্ড কৰাৰ সম্ভাৱনা আছে।

নেটফ্লিক্সেও বৃহস্পতিবাৰে সন্ধিয়া নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজত ধূৰন্ধৰৰ পোষ্টাৰেৰে ছবিখনৰ ষ্ট্ৰীমিংৰ কথা ঘোষণা কৰে।য’ত লিখিছে যে, “এই মহাকাব্যিক কাহিনীটো চাওক।এতিয়া হিন্দী, তামিল আৰু তেলেগু ভাষাত নেটফ্লিক্সত উপলব্ধ।”

কিন্তু অনুৰাগীসকলে লক্ষ্য কৰিছে যে ছবিখনৰ কিছু অংশ কাটি দিয়াৰ লগতে কিছুমান সংলাপ নোহোৱা কৰি দিছে,যাৰ বাবে অনুৰাগীয়ে ক্ষোভ প্ৰকাশ কৰিছে।

লগতে পঢ়ক: ‘অৰিজিৎ  সিঙে সকলো এৰি দিয়া নাই সত্যক বাছি লৈছে’; মহেশ ভাট

শেহতীয়া প্ৰৱন্ধসমূহ