'অৰিজিৎ সিঙে সকলো এৰি দিয়া নাই সত্যক বাছি লৈছে'; মহেশ ভাট

‘অৰিজিৎ  সিঙে সকলো এৰি দিয়া নাই সত্যক বাছি লৈছে’; মহেশ ভাট

প্লে’ বেকৰ পৰা অৰিজিৎ সিঙে কিয় অৱসৰ ঘোষণা কৰিলে তাক লৈ সমগ্ৰ দেশজুৰি চৰ্চা চলি আছে। তাৰ মাজতে চলচ্চিত্ৰ নিৰ্মাতা মহেশ ভাটে এক ডাঙৰ মন্তব্য কৰিছে। বলীউডৰ কণ্ঠশিল্পী অৰিজিৎ সিঙে প্লে’ বেকৰ পৰা অৱসৰ ঘোষণা কৰাত স্তম্ভিত হৈ পৰিছে সকলো। সকলোৱে এতিয়া বিচাৰিছে যে অৰিজিৎ

প্লে’ বেকৰ পৰা অৰিজিৎ সিঙে কিয় অৱসৰ ঘোষণা কৰিলে তাক লৈ সমগ্ৰ দেশজুৰি চৰ্চা চলি আছে। তাৰ মাজতে চলচ্চিত্ৰ নিৰ্মাতা মহেশ ভাটে এক ডাঙৰ মন্তব্য কৰিছে।

বলীউডৰ কণ্ঠশিল্পী অৰিজিৎ  সিঙে প্লে’ বেকৰ পৰা অৱসৰ ঘোষণা কৰাত স্তম্ভিত হৈ পৰিছে সকলো। সকলোৱে এতিয়া বিচাৰিছে যে অৰিজিৎ ঙে কিয় এনে সিদ্ধান্ত ল’লে।

অৰিজিতৰ এই সিদ্ধান্তক লৈ বহু লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।তাৰ মাজতে চলচ্চিত্ৰ নিৰ্মাতা মহেশ ভাটেও কণ্ঠশিল্পীগৰাকীয়ে প্লে’ বেকৰ পৰা অৱসৰ লোৱাক লৈ এক ডাঙৰ মন্তব্য কৰিছে। এই সময়ছোৱাত মহেশ ভাটৰ সেই সময়ৰ কথাও মনত পৰিল,যেতিয়া প্ৰথমবাৰৰ বাবে অৰিজিৎ ক তেওঁ লগ পাইছিল।

এটা সাক্ষাৎকাৰত মহেশ ভাটে কয়, ‘যেতিয়া এজন শিল্পী নিজৰ শ্ৰেষ্ঠতম অৱস্থাত থাকে, তেতিয়াও কিছুমানে নিজৰ সকলো ত্যাগ কৰে।কিন্তু তেওঁ কলা নহয়, কোলাহলহে এৰি দিয়ে।তেওঁ মৌনতা, নিসংগতা আৰু সত্যক বাছি লয়,অহৰহ পৰিবেশন আৰু দেখুওৱাৰ পৰিৱৰ্তে।’

‘যেতিয়া মই অৰিজিতৰ সিদ্ধান্তৰ কথা শুনিলোঁ যে এতিয়া তেওঁ আনৰ বাবে গান গোৱা বন্ধ কৰি দিব, তেতিয়া হঠাৎ মোৰ মনটো সেইদিনা দুপৰীয়ালৈ গ’ল যেতিয়া আমি খাৰৰ ছুপাৰ চাউণ্ড চাৰ্ভিচত আছিলো, সেই পুৰণি টি-ছিৰিজ বিল্ডিংটো য’ত আচলতে আছিকি ২ ৰ আৰম্ভ হৈছিল।আমি সংগীত মুকলি কৰি আছিলো আৰু অৰিজিতক তুম হি হো গীতটো গাবলৈ মাতি অনা হ’ল।’

মহেশ ভাটে অৰিজিত সিঙৰ কথা আৰু কয় যে, এজন লাজুক আৰু আত্ম-অৱজ্ঞাকাৰী সৰু ল’ৰা মঞ্চলৈ উঠে।তেওঁ এটা গীত পৰিৱেশন কৰিছিল আৰু লাহে লাহে গোটেই পৃথিৱীখনেই তেওঁৰ প্ৰেমত পৰিছিল’।

‘ সেই মুহূৰ্তটো তেওঁৰ জীৱনৰ এনে এক আৰম্ভণিৰ আছিল, তাৰ পিছত তেওঁৰ জীৱনটো আৰু কেতিয়াও আগৰ দৰে হৈ থকা নাছিল।’

লগতে পঢ়ক: বক্স অফিচত ‘বৰ্ডাৰ ২’ ৰ ধুমুহা; মাত্ৰ ৬ দিনতে সংগ্ৰহ ২০০ কোটি টকা