বক্স অফিচত ‘বৰ্ডাৰ ২’ ৰ ধুমুহা; মাত্ৰ ৬ দিনতে সংগ্ৰহ ২০০ কোটি টকা

বক্স অফিচত ‘বৰ্ডাৰ ২’ ৰ ধুমুহা; মাত্ৰ ৬ দিনতে সংগ্ৰহ ২০০ কোটি টকা

এটা সপ্তাহৰ পিছটো বক্স অফিচত ‘বৰ্ডাৰ ২’এ ভাল প্ৰদৰ্শন কৰি আছে। মাত্ৰ ৬ দিনতে বৰ্ডাৰ ২ এ অতিক্ৰম কৰিলে ২০০ কোটিৰ ঘৰ। ছানি দেওল, বৰুণ ধাৱন, দিলজিৎ দোসাঞ্জ আৰু আহান শ্বেট্টী অভিনীত ছবি বৰ্ডাৰ ২ এ ভাৰতীয় বক্স অফিচত এক ধুমুহাৰ সৃষ্টি কৰিছে,,আৰু এটা সপ্তাহৰ

এটা সপ্তাহৰ পিছটো বক্স অফিচত ‘বৰ্ডাৰ ২’এ ভাল প্ৰদৰ্শন কৰি আছে। মাত্ৰ ৬ দিনতে বৰ্ডাৰ ২ এ অতিক্ৰম কৰিলে ২০০ কোটিৰ ঘৰ।

ছানি দেওল, বৰুণ ধাৱন, দিলজিৎ দোসাঞ্জ আৰু আহান শ্বেট্টী অভিনীত ছবি বৰ্ডাৰ ২ এ ভাৰতীয় বক্স অফিচত এক ধুমুহাৰ সৃষ্টি কৰিছে,,আৰু এটা সপ্তাহৰ পিছতো ই ভাল প্ৰদৰ্শন কৰি আছে।

মাত্ৰ ৬ দিনতে বক্স অফিচত বিস্ফোৰণৰ সৃষ্টি কৰা ছবিখনে এতিয়ালৈকে ২০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে।বক্স অফিচত এতিয়াও ছবিখনে ভাল প্ৰদৰ্শন কৰি আছে।

ছবিখনে প্ৰথম দিনাই ৩০ কোটি আৰু দ্বিতীয় দিনা ৩৬.৫০ কোটি টকা উপাৰ্জন কৰে। ইয়াৰ পিছত তৃতীয় দিনা ৫৪.৫০ কোটি টকা উপাৰ্জন কৰে।

SecNilkৰ তথ্য অনুসৰি এই ছবিখনে এতিয়ালৈকে ভাৰতত ২০৫.৫৫ কোটি টকাৰ নেট সংগ্ৰহ কৰিছে। ছবিখনে আৰম্ভণিৰ প্ৰথমটো সপ্তাহতে সংগ্ৰহৰ ক্ষেত্ৰত বিকি কৌশলৰ ‘ছাৱা’ আৰু ৰণবীৰ সিঙে অভিনীত ‘ধুৰন্ধৰ’ক চেৰ পেলাইছিল।

১৯৯৭ চনৰ ব্লকবাষ্টাৰ ছবি বৰ্ডাৰৰ ছিকুৱেল বৰ্ডাৰ ২ৰ পৰিচালনা অনুৰাগ সিঙে কৰিছে।২৩ জানুৱাৰীৰ দিনা সমগ্ৰ দেশতে ছবিখনে মুক্তি লাভ কৰিছিল।

ইয়াক টি-ছিৰিজ আৰু জে পি ফিল্মছে প্ৰযোজনা কৰিছে। বৰ্ডাৰ ২ ৰ দৰ্শকে আদৰি লোৱাৰ লগতে সামাজিক মাধ্যমত বহুতে প্ৰশংসা কৰিছে।

লগতে পঢ়ক: মৰ্মাহত অনুৰাগী : চিনেমাৰ পৰ্দাত আৰু শুনা নাযাব নেকি অনুভৱী কণ্ঠৰ যাদু ?