বক্স অফিচত ‘বৰ্ডাৰ ২’ ৰ ধুমুহা; মাত্ৰ ৬ দিনতে সংগ্ৰহ ২০০ কোটি টকা

এটা সপ্তাহৰ পিছটো বক্স অফিচত ‘বৰ্ডাৰ ২’এ ভাল প্ৰদৰ্শন কৰি আছে। মাত্ৰ ৬ দিনতে বৰ্ডাৰ ২ এ অতিক্ৰম কৰিলে ২০০ কোটিৰ ঘৰ।

ছানি দেওল, বৰুণ ধাৱন, দিলজিৎ দোসাঞ্জ আৰু আহান শ্বেট্টী অভিনীত ছবি বৰ্ডাৰ ২ এ ভাৰতীয় বক্স অফিচত এক ধুমুহাৰ সৃষ্টি কৰিছে,,আৰু এটা সপ্তাহৰ পিছতো ই ভাল প্ৰদৰ্শন কৰি আছে।

মাত্ৰ ৬ দিনতে বক্স অফিচত বিস্ফোৰণৰ সৃষ্টি কৰা ছবিখনে এতিয়ালৈকে ২০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে।বক্স অফিচত এতিয়াও ছবিখনে ভাল প্ৰদৰ্শন কৰি আছে।

ছবিখনে প্ৰথম দিনাই ৩০ কোটি আৰু দ্বিতীয় দিনা ৩৬.৫০ কোটি টকা উপাৰ্জন কৰে। ইয়াৰ পিছত তৃতীয় দিনা ৫৪.৫০ কোটি টকা উপাৰ্জন কৰে।

SecNilkৰ তথ্য অনুসৰি এই ছবিখনে এতিয়ালৈকে ভাৰতত ২০৫.৫৫ কোটি টকাৰ নেট সংগ্ৰহ কৰিছে। ছবিখনে আৰম্ভণিৰ প্ৰথমটো সপ্তাহতে সংগ্ৰহৰ ক্ষেত্ৰত বিকি কৌশলৰ ‘ছাৱা’ আৰু ৰণবীৰ সিঙে অভিনীত ‘ধুৰন্ধৰ’ক চেৰ পেলাইছিল।

১৯৯৭ চনৰ ব্লকবাষ্টাৰ ছবি বৰ্ডাৰৰ ছিকুৱেল বৰ্ডাৰ ২ৰ পৰিচালনা অনুৰাগ সিঙে কৰিছে।২৩ জানুৱাৰীৰ দিনা সমগ্ৰ দেশতে ছবিখনে মুক্তি লাভ কৰিছিল।

ইয়াক টি-ছিৰিজ আৰু জে পি ফিল্মছে প্ৰযোজনা কৰিছে। বৰ্ডাৰ ২ ৰ দৰ্শকে আদৰি লোৱাৰ লগতে সামাজিক মাধ্যমত বহুতে প্ৰশংসা কৰিছে।

লগতে পঢ়ক: মৰ্মাহত অনুৰাগী : চিনেমাৰ পৰ্দাত আৰু শুনা নাযাব নেকি অনুভৱী কণ্ঠৰ যাদু ?

মুক্তিৰ দিনাই ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন ‘বৰ্ডাৰ ২’; পুৱাৰ ভাগতে কেইবাটাও শ্ব’ বাতিল

মুক্তিৰ প্ৰথমদিনাই সমস্যাই লগ নেৰিলে ‘বৰ্ডাৰ ২’ক। দেশৰ কেইবাটাও ছবিগৃহত বাতিল হ’ল মৰ্নিং শ্ব’।

ছানী দেউলৰ ছবি ‘বৰ্ডাৰ ২’ ৰ বাবে অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছিল, কিন্তু এতিয়া আৰু অলপ বেছি ধৈৰ্য্য সংযোজন কৰা হৈছে।

বহু প্ৰত্যাশিত যুদ্ধ ছবি ‘বৰ্ডাৰ ২’ আজি অৰ্থাৎ ২৩ জানুৱাৰীত ডাঙৰ পৰ্দাত মুক্তি পাইছে,কিন্তু মুক্তিৰ দিনটোতে ছবিখন সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ আপডেট ওলাইছে।

কন্টেন্ট ডেলিভাৰীত পলম হোৱাৰ বাবে দেশৰ বহু ঠাইত ছবিখনৰ মৰ্নিং শ্ব’ বাতিল কৰা হৈছে,যাৰ বাবে দৰ্শকসকল হতাশ হৈ পৰিছে।

অৱশ্যে প্ৰদৰ্শকসকলে কয় যে এই সমস্যা সাময়িক আৰু শুকুৰবাৰে পুৱালৈকে পৰিস্থিতি স্বাভাৱিক হৈ পৰিব।কেইবাটাও থিয়েটাৰে নিশ্চিত কৰিছে যে কাৰিকৰী সমস্যাৰ বাবে মৰ্নিং শ্ব’ বাতিল কৰা হয়।

অনুৰাগ সিঙৰ পৰিচালনাত নিৰ্মিত ‘বৰ্ডাৰ ২’ জে পি দত্তৰ ১৯৯৭ চনৰ আইকনিক ব্লকবাষ্টাৰ ছবি ‘বৰ্ডাৰ’ৰ ছিকুৱেল। ছবিখনে ২৩ জানুৱাৰী অৰ্থাৎ আজি মুক্তি পাব লগা আছিল।

অধিৰ আগ্ৰহ আৰু প্ৰবল অগ্ৰিম বুকিঙৰ বাবে দেশৰ কেইবাখনো চহৰত পুৱা ৭:৩০ আৰু পুৱা ৮ বজাতো শ্ব’ৰ দিন ধাৰ্য কৰা হৈছিল।

কিন্তু ফিল্ম ইনফৰ্মেচনৰ সৈতে জড়িত খবৰ অনুসৰি,বৃহস্পতিবাৰে গভীৰ নিশালৈকে ছবিখনৰ চূড়ান্ত বিষয়বস্তু সাজু হোৱা নাছিল।

UFO Moviez ৰ দৰে ডিজিটেল ডেলিভাৰী প্লেটফৰ্মে চিনেমাগৃহসমূহক জনাইছিল যে নিৰ্ধাৰিততকৈ বহু পিছত কন্টেন্ট উপলব্ধ হ’ব।

লগতে পঢ়ক: অস্কাৰৰ দৌৰৰ পৰা বাহিৰ হ’ল ‘হোমবাউণ্ড’; কৰণ জোহৰৰ আৱেগিক পোষ্ট

মুক্তিৰ পূৰ্বেই ৰেকৰ্ড বৰ্ডাৰ ২ৰ; প্ৰথমদিনাই পিছ পেলাব ধুৰন্ধৰৰ অভিলেখ

২৩ জানুৱাৰীত সমগ্ৰ দেশতে মুক্তি পাব ছানী দেউলৰ ছবি বৰ্ডাৰ ২। ছবিখনক লৈ উন্মাদিত হৈ পৰিছে দৰ্শক।

২৩ জানুৱাৰীত মুক্তি পাবলগীয়া ছানী দেওল, বৰুণ ধাৱন, দিলজিৎ দোসাঞ্জ আৰু আহন শেট্টীৰ ছবি ‘বৰ্ডাৰ ২’ৰ উন্মাদনাৰ মাজত আছে দৰ্শক সকলক।দৰ্শক সকলে ছবিখনৰ বাবে অধিৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে।

বলীউডৰ প্ৰবীণ অভিনেতা ছানি দেউলে যেন তেওঁৰ আগন্তুক যুদ্ধৰ ছবি ‘বৰ্ডাৰ ২’ৰ জৰিয়তে এই খৰাং পৰিস্থিতিৰ অন্ত পেলাবলৈ সাজু হৈছে।

শুকুৰবাৰে চিনেমাগৃহত মুক্তি পাবলগীয়া ছবিখন আৰু আগতীয়াকৈ ইংগিত পোৱা গৈছে যে ছবিখনে হয়তো যথেষ্ট উপাৰ্জন কৰাৰ উপৰিও বক্স অফিচৰ বহু অভিলেখ ভংগ কৰিব পাৰে।অনুমান কৰা হৈছে যে এয়াই ছানী দেউলৰ কেৰিয়াৰৰ এতিয়ালৈকে সৰ্ববৃহৎ অপেনিং বুলি প্ৰমাণিত হ’ব পাৰে।

বুধবাৰৰ পৰা ভাৰতত ‘বৰ্ডাৰ ২’ৰ এডভান্স বুকিং আৰম্ভ হয়।বৰ্তমান সমগ্ৰ বিশ্বতে ছবিখনৰ এডভান্স বুকিং দ্ৰুত গতিত চলি আছে।প্ৰথম দিনৰ এডভান্স বুকিঙৰ পৰা বৃহস্পতিবাৰে পুৱা ৯ বজালৈকে ছবিখনে প্ৰায় ৫.৯৪ কোটি টকা উপাৰ্জন কৰিছে।

‘বৰ্ডাৰ ২’ হৈছে ১৯৯৭ চনৰ জে পি দত্তৰ আইকনিক ব্লকবাষ্টাৰ ছবি ‘বৰ্ডাৰ’ৰ ছিকুৱেল।ছবিখন অনুৰাগ সিঙে পৰিচালনা কৰিছে।

ছবিখনত মুখ্য চৰিত্ৰত ছানী দেওল, বৰুণ ধৱন, দিলজিৎ দোসাঞ্জ আৰু আহন শেট্টীয়ে অভিনয় কৰিছে ।ভূষণ কুমাৰ, কৃষণ কুমাৰ, জে পি দত্ত আৰু নিধি দত্তই যৌথভাৱে প্ৰস্তুত কৰিছে।

লগতে পঢ়ক: OTT প্লেটফৰ্মত সম্পপ্ৰচাৰ নহয় বিগ বছৰ চতুৰ্থ ছিজন; চিৰদিনৰ বাবে বাতিলৰ সিদ্ধান্ত

পাকিস্তানক প্ৰত্যাহ্বান ছানী দেওলৰ… মুক্তি পালে বৰ্ডাৰ ২ৰ টিজাৰ

ছানী দেওলৰ গৰ্জন… বিজয় দিৱসৰ দিনাই মুক্তি পালে বৰ্ডাৰ ২ৰ টিজাৰ । এই টিজাৰ মুকলিৰ লগে লগে ছবিখনক লৈ দৰ্শকৰ মাজত বৃদ্ধি পাইছে উত্তেজনা ।

ছানী দেওল, দিলজিৎ দোছাঞ্জ, বৰুণ ধাৱান আৰু আহান শ্বেট্টী অভিনীত “বৰ্ডাৰ ২” ২০২৬ চনৰ অন্যতম প্ৰত্যাশিত আৰু প্ৰথম বৃহৎ মুক্তি পাবলগা ছবিৰ অন্যতম । চিনেমাখনে ছবিগৃহত মুক্তি পোৱাৰ পূৰ্বে নিৰ্মাতাসকলে ১৬ ডিচেম্বৰত, বিজয় দিৱস উপলক্ষে “বৰ্ডাৰ ২”ৰ দেশপ্ৰেমমূলক টিজাৰ মুকলি কৰিছে ।

১৯৭১ চনৰ যুদ্ধত ভাৰতৰ বিজয়ৰ স্মৃতিত পালন কৰা এই ঐতিহাসিক দিনটোত “বৰ্ডাৰ ২”ৰ টিজাৰ মুকলি কৰি নিৰ্মাতাসকলে ভাৰতীয় সৈনিকৰ সাহস আৰু ত্যাগক দেশজুৰি শ্ৰদ্ধাঞ্জলি জনাইছে । “বৰ্ডাৰ ২”ৰ টিজাৰটো আকৰ্ষণীয় । পাকিস্তানক ধ্বংস কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ ছানী দেউলক পুনৰবাৰ যুদ্ধক্ষেত্ৰত দেখি দৰ্শক উৎফুল্লিত হৈ পৰিছে ।

বৰ্ডাৰ ২ৰ প্ৰথমটো টিজাৰত ছানী দেউলক শক্তিশালী ৰূপত দেখা গৈছে । লিড ষ্টাৰ কাষ্টৰ লুক পোষ্টাৰ মুকলি কৰাৰ পিছত মেকাৰসকলে মুকলি কৰিছে এটা শক্তিশালী টিজাৰ । টিজাৰৰ আৰম্ভণিতে পৰ্দাত লিখা দেখা গৈছে ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধ । ইয়াৰ পিছত যুদ্ধৰ ছাইৰেন শুনা যায় আৰু তেতিয়াই ছানী দেওলৰ মাত শুনা যায় ।

এই সময়ত বৰুণ, দিলজিত, আহান শ্বেট্টীৰ চৰিত্ৰৰ আভাসো দেখুওৱা হয় আৰু শেষত ছানী দেওলে হাতত বন্দুক লৈ গুলী চলাই থকা দেখা যায় । ছানীয়ে নিজৰ সেনাবাহিনীক উৎসাহিত কৰা দেখা যায় । মুঠতে বৰ্ডাৰ ২ৰ টিজাৰ প্ৰচণ্ড উত্তেজনাৰে ভৰা আৰু ছবিখনৰ প্ৰথম আভাস দেখাৰ পিছত অনুৰাগীসকল ইয়াক লৈ আৰু অধিক উত্তেজিত হৈ পৰিছে ।

ইয়াৰ পূৰ্বে বৰুণ ধাৱানে নিজৰ ইনষ্টাগ্ৰাম প্ৰফাইলত বৰ্ডাৰ ২ৰ নতুন পোষ্টাৰ শ্বেয়াৰ কৰি লিখিছিল, “বিজয় দিৱসৰ উত্তেজনা, ১৯৭১ চনৰ জয়ৰ স্মৃতি আৰু বছৰৰ আটাইতকৈ গ্ৰেণ্ড টিজাৰ মুকলি- সকলো একেলগে! বৰ্ডাৰ ২ৰ টিজাৰ ১৬ ডিচেম্বৰত ১:৩০ বজাত মুক্তি পাব । ২০২৬ চনৰ ২৩ জানুৱাৰীত চিনেমাগৃহত মুক্তি পাব ।”

ছবিখনৰ নতুন পোষ্টাৰত সেনাবাহিনীৰ পোছাক পৰিহিত চাৰিজন মূল অভিনেতা – ছানী দেওল, বৰুণ ধাৱান, দিলজিৎ দোছাঞ্জ আৰু আহান শেট্টীক দেখা গৈছে । বিভিন্ন চৰিত্ৰৰ পোষ্টাৰ মুক্তিৰ ফলত দৰ্শকৰ মাজত যথেষ্ট উত্তেজনাৰ সৃষ্টি হৈছে ।

১৯৯৭ চনৰ ব্লকবাষ্টাৰ ছবি “বৰ্ডাৰ”ৰ ছিকুৱেল “বৰ্ডাৰ ২”। ছবিখনত ছানী দেওলে শিখ চৰিত্ৰত অভিনয় কৰা দেখা যাব । দিলজিৎ দোছাঞ্জৰ চৰিত্ৰ ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ তথা পৰম বীৰ চক্ৰ বিজয়ী নিৰ্মল জীত সিং ছেখোনৰ আধাৰত নিৰ্মিত । ভাৰতীয় সেনাৰ পৰম বীৰ চক্ৰ বিজয়ী কৰ্ণেল হুছিয়াৰ সিং দহিয়াৰ পৰা অনুপ্ৰাণিত হৈছে বৰুণ ধাৱানৰ চৰিত্ৰ । “বৰ্ডাৰ ২” ছবিগৃহত মুক্তি পাব ২০২৬ চনৰ ২৩ জানুৱাৰীত ।

উল্লেখ্য যে, এই ছবিখন ১৯৯৭ চনৰ বোৰ্ডাৰ ছবিৰ ছিকুৱেল । জে পি দত্তাৰ পৰিচালনাত নিৰ্মিত বৰ্ডাৰ ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত হোৱা লংগেৱালা যুদ্ধৰ আধাৰত নিৰ্মিত । প্ৰথমখন ছবিৰ অংশ আছিল ছানী দেওল । বাকী অভিনেতা-অভিনেত্ৰী এইবাৰ নতুন । বৰ্ডাৰ ২ৰ কাহিনী এতিয়াও প্ৰকাশ হোৱা নাই যদিও ছবিখনৰ বাবে দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰি আছে ।

লগতে পঢ়ক : আধৰুৱা হৈ ৰ’ল ধৰ্মেন্দ্ৰৰ এটি সপোন; অশ্ৰুসিক্ত নয়নেৰে প্ৰাৰ্থনা সভাত হেমা মালিনীৰ প্ৰকাশ