শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ ছবিৰ শাখাত মনোনীত নোহোৱাৰ বাবে অস্কাৰৰ দৌৰৰ পৰা বাহিৰ হ’ল হোমবাউণ্ড।
ভাৰতীয় চিনেমাৰ বাবে অস্কাৰ সদায় এটা ডাঙৰ সপোন হৈ আহিছে। প্ৰতি বছৰে কেইখনমান নিৰ্বাচিত ছবিয়ে এই দৌৰত স্থান লাভ কৰে আৰু যেতিয়া এখন ছবি সেই দৌৰৰ পৰা ওলাই যায়, তেতিয়া সেই ছবিখনৰ সৈতে জড়িত টীম আৰু দৰ্শক দুয়োজনেই নিৰাশ হয়।
২২ জানুৱাৰীত ৯৮ সংখ্যক একাডেমী বঁটাৰ বাবে মনোনয়ন ঘোষণা কৰা হৈছিল আৰু আৰু সকলোৰে দৃষ্টি হোমবাউণ্ডৰ ওপৰত আছিল।
কাৰণ ভাৰতীয় দৰ্শকে এইটো চাবৰ বাবে অপেক্ষা কৰি আছিল ছবিখনে শীৰ্ষ ৫ খন ছবিৰ তালিকাত স্থান লাভ কৰিব নেকি? কিন্তু এনে নহ’ল।
এতিয়া খবৰ ওলাইছে যে অস্কাৰৰ দৌৰৰ পৰা বাহিৰ হৈছে ‘হোমবাউণ্ড’ ছবিখন। এই খবৰ বিয়পি পৰাৰ পিছতে ছবিখনৰ প্ৰযোজক কৰণ জোহৰে ইনষ্টাগ্ৰামত নিজৰ অনুভৱ প্ৰকাশ কৰি এটা ষ্টৰী শ্বেয়াৰ কৰে।

ছবিখনৰ কিছুমান সুন্দৰ দৃশ্যৰ ছবি শ্বেয়াৰ কৰি তেওঁ লিখিছে-গৌৰৱ অনুভৱ কৰিছো!নীৰজ ঘায়ৱান আপোনালৈ বহুত মৰম। আপোনাৰ পোহৰত আমাক জিলিকি থাকিবলৈ সুযোগ দিয়াৰ বাবে ধন্যবাদ।
এই পোষ্টটোৱে চিনেমাখনৰ লগতে ইয়াৰ পৰিচালকৰ প্ৰতি তেওঁৰ গৌৰৱ আৰু সন্মান স্পষ্টকৈ দেখুৱাইছে।তেওঁৰ ছবি হোমবাউণ্ডক লৈ এতিয়াও গৌৰৱ অনুভৱ কৰিছে।
হোমবাউণ্ড এখন সংবেদনশীল আৰু আৱেগিক ছবি, যাৰ পৰিচালনা নীৰজ ঘায়বানে কৰিছে। ইয়াৰ পূৰ্বেও ‘মছান’ৰ দৰে প্ৰশংসিত ছবি নিৰ্মাণ কৰিছিল নীৰজে।‘
হোমবাউণ্ড’ত একেদৰেই মানুহৰ সম্পৰ্ক, স্মৃতি, শিপা আৰু ঘৰৰ অনুভৱক অতি সৰলতা আৰু গভীৰতাৰে উপস্থাপন কৰা হৈছে।
লগতে পঢ়ক: নিৰ্বাপিত হ’ল ভাৰতৰ আশা… ‘হোমবাউণ্ড’ৰ অস্কাৰ যাত্ৰাত যতি









