কন্যা সন্তানৰ পিতৃ হ’ল চলচ্চিত্ৰ নিৰ্মাতা এটলী...

কন্যা সন্তানৰ পিতৃ হ’ল চলচ্চিত্ৰ নিৰ্মাতা এটলী…

২০২৬ চনৰ ২০ এপ্ৰিলত চলচ্চিত্ৰ নিৰ্মাতা এটলী আৰু তেওঁৰ পত্নী প্ৰিয়া এটলীয়ে এটি কন্যা শিশুক আদৰণি জনাইছে। আকৌ এবাৰ ছবি নিৰ্মাতা এটলীৰ দুৱাৰত টোকৰ মাৰিলে আনন্দই। তেওঁৰ পত্নী প্ৰযোজক-অভিনেত্ৰী প্ৰিয়া আটলীয়ে এটি কন্যা সন্তান জন্ম দিয়ে।২০২৩ চনৰ জানুৱাৰী মাহত তেওঁলোকে জ্যেষ্ঠ সন্তান মিৰক আদৰণি জনোৱাৰ

২০২৬ চনৰ ২০ এপ্ৰিলত চলচ্চিত্ৰ নিৰ্মাতা এটলী আৰু তেওঁৰ পত্নী প্ৰিয়া এটলীয়ে এটি কন্যা শিশুক আদৰণি জনাইছে।

আকৌ এবাৰ ছবি নিৰ্মাতা এটলীৰ দুৱাৰত টোকৰ মাৰিলে আনন্দই। তেওঁৰ পত্নী প্ৰযোজক-অভিনেত্ৰী প্ৰিয়া আটলীয়ে এটি কন্যা সন্তান জন্ম দিয়ে।২০২৩ চনৰ জানুৱাৰী মাহত তেওঁলোকে জ্যেষ্ঠ সন্তান মিৰক আদৰণি জনোৱাৰ পিছত, ইনষ্টাগ্ৰামত দম্পতীহালে জনোৱা মতে, ২০ এপ্ৰিলত এটি কন্যা সন্তানে তেওঁলোকৰ জীৱনত খোজ দিয়ে।

এটলী আৰু প্ৰিয়াই ইনষ্টাগ্ৰামত এটা মৰমলগা পোষ্ট শ্বেয়াৰ কৰিছে। য’ত তেওঁলোকে লিখিছে যে, “মোৰ কণমানি ভন্তি আহি পাইছে।” পোষ্টোত মিৰৰ এখন ফটো অংকন কৰা হৈছে।

২০১৪ চনত এটলী আৰু প্ৰিয়া বিবাহ পাশত আৱদ্ধ হোৱাৰ পিছত ২০২৩ চনৰ ৩১ জানুৱাৰীত তেওঁলোকে পুত্ৰ মিৰক আদৰণি জনায়।

লগতে পঢ়ক: দ্বিতীয়বাৰৰ বাবে মাতৃ হ’ব দীপিকা পাডুকন; জীয়ৰী দোৱাৰ সৈতে শ্বেয়াৰ কৰিলে বিশেষ পোষ্ট