দ্বিতীয়বাৰৰ বাবে মাতৃ হ’ব দীপিকা পাডুকন; জীয়ৰী দোৱাৰ সৈতে শ্বেয়াৰ কৰিলে বিশেষ পোষ্ট

দ্বিতীয়বাৰৰ বাবে মাতৃ হ’ব দীপিকা পাডুকন; জীয়ৰী দোৱাৰ সৈতে শ্বেয়াৰ কৰিলে বিশেষ পোষ্ট

দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে অনুৰাগী সকলৰ বাবে এটা ভাল খবৰ শ্বেয়াৰ কৰিছে। দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে দীপিকা পাডুকন। বলীউডৰ অভিনেতা ৰণবীৰ সিং আৰু অভিনেত্ৰী দীপিকা পাডুকন পুনৰ পিতৃ-মাতৃ হ’বলৈ ওলাইছে। অভিনেত্ৰী গৰাকীয়ে কন্যা দোৱাৰ জন্মৰ প্ৰায় ১.৫ বছৰৰ পাছত দ্বিতীয়বাৰৰ বাবে গৰ্ভধাৰণৰ কথা

দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে অনুৰাগী সকলৰ বাবে এটা ভাল খবৰ শ্বেয়াৰ কৰিছে। দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে দীপিকা পাডুকন।

বলীউডৰ অভিনেতা ৰণবীৰ সিং আৰু অভিনেত্ৰী দীপিকা পাডুকন পুনৰ পিতৃ-মাতৃ হ’বলৈ ওলাইছে। অভিনেত্ৰী গৰাকীয়ে কন্যা দোৱাৰ জন্মৰ প্ৰায় ১.৫ বছৰৰ পাছত দ্বিতীয়বাৰৰ বাবে গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছে। অভিনেত্ৰী গৰাকীয়ে ৪০ বছৰ বয়সত দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে।

সামাজিক মাধ্যমত এখন ফটো দি অনুৰাগী সকলক দীপিকী পাডুকনে এই খবৰ দিছে। ফটোখন ভাইৰেল হোৱাৰ লগে লগে ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ পৰা অনুৰাগীলৈকে সকলোৱে দীপিকা পাডুকনলৈ অভিনন্দন আৰু শুভেচ্ছা প্ৰেৰণ কৰিছে।

দীপিকা পাডুকনে ইনষ্টাগ্ৰামত পোষ্ট কৰি অনুৰাগীৰ সৈতে এই ভাল খবৰটো শ্বেয়াৰ কৰে।ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ফটোখনত তেওঁলোকৰ ডেৰ বছৰীয়া কন্যা দোৱাই হাতত গৰ্ভাৱস্থাৰ পৰীক্ষাৰ ষ্ট্ৰিপ ধৰি থকা দেখা গৈছে।এই ফটোখনত দীপিকা পাডুকনে কেপচনত evil-eye charms  অন্তৰ্ভুক্ত কৰিছে।

লগতে পঢ়ক: “মোৰ সৈতে যোগাযোগ কৰক”: আদিত্য ধৰৰ সৈতে কাম কৰিবলৈ ইচ্ছুক অক্ষয় কুমাৰ

শেহতীয়া প্ৰৱন্ধসমূহ