গৰ্ভধাৰণৰ বাবে ‘ৰাকা’ ছবিৰ পৰা বাদ দিয়া হ’ব নেকি দীপিকা পাডুকনক?
দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে অভিনেত্ৰী দীপিকা পাডুকন। কিন্তু গৰ্ভধাৰণৰ বাবে ‘ৰাকা’ ছবিখনত দীপিকা পাডুকনৰ সলনি আন অভিনেত্ৰী লোৱা হ’ব বুলি চৰ্চা হৈছিল। এতিয়া ছবিখনৰ নিৰ্মাতাসকলে মৌনতা ভংগ কৰিছে।
বলীউডৰ ছুপাৰষ্টাৰ দীপিকা পাডুকনে বৰ্তমান নিজৰ পেছাদাৰী আৰু ব্যক্তিগত জীৱনক লৈ শিৰোনাম দখল কৰিছে। এফালে পুনৰ মাতৃ হোৱাৰ খবৰে অনুৰাগীক আনন্দিত কৰি তোলাৰ বিপৰীতে তেওঁৰ আগন্তুক ছবি ‘ৰাকা’ক লৈ এটা বাতৰিয়ে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে। বিগত কিছুদিন ধৰি গৰ্ভধাৰণৰ বাবে ছবিখনত দীপিকা পাডুকনৰ ভূমিকা কম হ’ব পাৰে বুলি চৰ্চা চলিছিল। এতিয়া এই সকলোবোৰ দাবীক লৈ নিৰ্মাতাসকলে নিজৰ মৌনতা ভংগ কৰিছে।
‘ৰাকা’ ছবিখনৰ নিৰ্মাতাসকলে দীপিকা পাডুকনক ছবিখনৰ পৰা বাদ দিয়া হৈছে বা তেওঁৰ ভূমিকা হ্ৰাস কৰা হৈছে বুলি প্ৰকাশ পোৱা বাতৰিক স্পষ্টভাৱে অস্বীকাৰ কৰিছে। এই বাতৰিবোৰক তেওঁলোকে সম্পূৰ্ণ ভিত্তিহীন বুলি অভিহিত কৰিছে। প্ৰডাকচন টিমে স্পষ্ট কৰি দিয়ে যে সকলো পৰিকল্পনা অনুসৰি চলি আছে। দলটোৰ মতে, দীপিকা ছবিখনৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু তেওঁ দুৰ্দান্ত শক্তিৰে শ্বুটিং স্থলীত কাম কৰি আছে। শ্বুটিঙৰ সময়ত কোনো ধৰণৰ বাধা অহা নাই।
তেওঁলোকে কয় যে, আল্লু অৰ্জুন অভিনীত আৰু এটলীয়ে পৰিচালনা কৰা এই আগন্তুক ছবিখনৰ বাবে দীপিকাই কিছু দৰ্শনীয় একচন ছিকুৱেন্সৰ শ্বুটিং কৰিবলৈ সাজু হৈছে। গৰ্ভাৱস্থাৰ পিছতো কামৰ ক্ষেত্ৰত তেওঁ অতি পেছাদাৰী হৈয়েই আছে। অৱশ্যে শ্বুটিঙৰ সময়ত অভিনেত্ৰী গৰাকীৰ যাতে সকলো প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা আৰু প্ৰট’কল মানি চলিব পাৰে তাৰ বাবে নিৰ্মাতাসকলে সকলো সাৱধানতা অৱলম্বন কৰিছে।
লগতে পঢ়ক: ‘এইটো কেৱল টকাৰ ইচ্ছু নাছিল’; চেক বাউন্স কেছ সন্দৰ্ভত ৰাজপাল যাদৱৰ ডাঙৰ প্ৰকাশ

