দীপিকা পাডুকনৰ পৰা মেৰী কমলৈকে...’পৰীক্ষা পে চৰ্চা‘ত শিক্ষাৰ্থীৰ সৈতে বাৰ্তালাপ কৰিব এইসকল ব্যক্তিয়ে

দীপিকা পাডুকনৰ পৰা মেৰী কমলৈকে…’পৰীক্ষা পে চৰ্চা‘ত শিক্ষাৰ্থীৰ সৈতে বাৰ্তালাপ কৰিব এইসকল ব্যক্তিয়ে

চলিত বৰ্ষৰ ১০ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ কাৰ্যসূচী ‘পৰীক্ষা পে চৰ্চা’ (Pariksha Pe Charcha) অনুষ্ঠিত হ’ব । এইবাৰ বহু বিশিষ্ট ব্যক্তিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে । এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদী, আধ্যাত্মিক গুৰু সদগুৰু, বলীউডৰ আইকন দীপিকা পাডুকন, মেৰী

চলিত বৰ্ষৰ ১০ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ কাৰ্যসূচী ‘পৰীক্ষা পে চৰ্চা’ (Pariksha Pe Charcha) অনুষ্ঠিত হ’ব । এইবাৰ বহু বিশিষ্ট ব্যক্তিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে । এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদী, আধ্যাত্মিক গুৰু সদগুৰু, বলীউডৰ আইকন দীপিকা পাডুকন, মেৰী কম আৰু অৱনী লেখাৰাই ছাত্ৰ-ছাত্ৰীক ব’ৰ্ড পৰীক্ষা আৰু মানসিক চাপ হ্ৰাসৰ ক্ষেত্ৰত পৰামৰ্শ দিব ।

এইবাৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সদগুৰু, দীপিকা পাডুকন, মেৰী কম, পেৰালিম্পিক স্বৰ্ণ পদক বিজয়ী অৱনী লেখাৰা, সোণালী সাবৰৱাল, বিক্ৰান্ত মেছি, হুমী পেডনেকাৰ, ইউটিউবাৰ টেকনিকেল গুৰু জী, ৰাধিকা গুপ্তা, চেলিব্ৰিটি পুষ্টিবিদ ৰুজুতা দিৱেকাৰ আৰু স্বাস্থ্য প্ৰভাৱশালী ফুড ফাৰ্মাৰ । মুঠ ২৫০০ নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু শিক্ষা মন্ত্ৰালয়ৰ পৰা পি পি চি কিট লাভ কৰি তেওঁলোকৰ শিক্ষণ অভিজ্ঞতা বৃদ্ধি কৰিব ।

দীপিকা পাডুকনে মানসিক স্বাস্থ্যৰ ওপৰত আলোচনা কৰাৰ বিপৰীতে মেৰী কম আৰু অৱনী লেখাৰাই জীৱনৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ অভিজ্ঞতা ভাগ-বতৰা কৰি ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিব । আধ্যাত্মিক গুৰু সদগুৰুৱে মানসিক চাপ নিয়ন্ত্ৰণ আৰু মাইণ্ডফুলনেছৰ বিশেষ টিপছ দিব ।

পৰীক্ষা পে চৰ্চাৰ উদ্দেশ্য-

এই পদক্ষেপৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ মাজত পৰীক্ষাৰ মানসিক চাপ হ্ৰাস কৰা । এই কাৰ্যসূচীৰ লক্ষ্য হৈছে অভিভাৱক আৰু শিক্ষকসকলক শিক্ষাৰ্থীসকলক তেওঁলোকৰ সপোন পূৰণ কৰাত সহায় কৰিবলৈ পথ প্ৰদৰ্শন কৰা । এইবাৰো নিৰ্বাচিত লোকসকলে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰাৰ সুযোগ পাব পাৰে । এই কাৰ্যসূচীৰ অষ্টম সংস্কৰণ, য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অভিভাৱকৰ সৈতে মত বিনিময় কৰিব । এই কাৰ্যসূচী সম্পৰ্কে অধিক তথ্যৰ বাবে চি বি এছ ইৰ ৱেবছাইট চাব পাৰে ।