জে’লতে থাকিব লাগিব নেকি ৰাজপাল যাদৱ ?  ১৬ ফেব্ৰুৱাৰীলৈ স্থগিত শুনানি

জে’লতে থাকিব লাগিব নেকি ৰাজপাল যাদৱ ?  ১৬ ফেব্ৰুৱাৰীলৈ স্থগিত শুনানি

অভনেতা ৰাজপাল যাদৱৰ জামিন আবেদনৰ শুনানি দিল্লী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হয় । আদালতে শুনানি ১৬ ফেব্ৰুৱাৰী সোমবাৰলৈ স্থগিত ৰাখে । চেক বাউন্স গোচৰত অভিযুক্ত অভনেতা ৰাজপাল যাদৱৰ জামিন আবেদনৰ শুনানি আজি দিল্লী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হয় । দুয়োপক্ষৰ যুক্তিৰ পিছত আদালতে শুনানি ১৬ ফেব্ৰুৱাৰী সোমবাৰলৈ

অভনেতা ৰাজপাল যাদৱৰ জামিন আবেদনৰ শুনানি দিল্লী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হয় । আদালতে শুনানি ১৬ ফেব্ৰুৱাৰী সোমবাৰলৈ স্থগিত ৰাখে ।

চেক বাউন্স গোচৰত অভিযুক্ত অভনেতা ৰাজপাল যাদৱৰ জামিন আবেদনৰ শুনানি আজি দিল্লী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হয় । দুয়োপক্ষৰ যুক্তিৰ পিছত আদালতে শুনানি ১৬ ফেব্ৰুৱাৰী সোমবাৰলৈ স্থগিত ৰাখে । এতিয়া ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব পৰৱৰ্তী শুনানি । ইয়াৰ পূৰ্বে আদালতে ৰাজপাল যাদৱক কয় যে আমি আপোনাক দুই ডজনতকৈও অধিক সুযোগ দিছো । আদালতে জামিন আৱেদন সন্দৰ্ভত আন পক্ষৰ পৰাও উত্তৰ বিচাৰিছিল ।

আনটো পক্ষক উত্তৰ দাখিল কৰাৰ নিৰ্দেশ-

বাৰ এণ্ড বেঞ্চৰ মতে, শুনানিৰ সময়ত আদালতে আনটো পক্ষক জামিন আবেদনৰ উত্তৰ দাখিল কৰিবলৈও কয় । আদালতে কয়, “অভিযোগকাৰীয়ে উত্তৰ দাখিল কৰিব লাগিব । ফাইলটো পৰ্যালোচনা কৰি থাকোঁতে আমি অৱগত নোহোৱা কেইবাটাও কথা আৱিষ্কাৰ কৰিলোঁ । তেওঁ পূৰ্বে উচ্চতম ন্যায়ালয়ত এই আদেশক প্ৰত্যাহ্বান জনাইছিল, কিন্তু উচ্চতম ন্যায়ালয়ে তেওঁক কোনো সকাহ দিয়া নাছিল । যিয়েই নহওক, আমি এই বিষয়টো সোমবাৰে শুনানি লম ।”

উদ্বেগ প্ৰকাশ কৰিছে আদালতে-

শুনানিৰ সময়ত দিল্লী উচ্চ ন্যায়ালয়ে ৰাজপাল যাদৱে ৩ কোটিৰো অধিক ধন পৰিশোধ কৰাৰ আশ্বাসক লৈ উদ্বেগ প্ৰকাশ কৰি এই গোচৰটো যথেষ্ট সময় ধৰি বিচাৰাধীন হৈ থকা বুলি উল্লেখ কৰে । প্ৰকাশিত এক বাতৰি অনুসৰি আদালতে লক্ষ্য কৰিছিল যে পৰ্যালোচনা শুনানি আৰু কাৰ্যবিধিৰ সময়ত বাৰে বাৰে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো ৰাজপাল যাদৱে শুনানি প্ৰায় ২৫-৩০ বাৰ পিছুৱাই দিছিল আৰু বাকী থকা ধনৰাশি আদায় দিয়া নাছিল ।

প্ৰতিশ্ৰুতি পালন কৰা নাছিল-

বাৰ এণ্ড বেঞ্চৰ প্ৰতিবেদন অনুসৰি দিল্লী উচ্চ ন্যায়ালয়ে ৰাজপাল যাদৱক কয় যে আপুনি প্ৰতিশ্ৰুতি পালন নকৰাৰ বাবে জেলত আছে । আদালতে উল্লেখ কৰে যে ৰাজপাল যাদৱক কমেও দুই ডজন সুযোগ দিয়া হৈছিল, কিন্তু তেওঁ প্ৰতিশ্ৰুতি পূৰণ কৰা নাছিল । এখন পাৰিবাৰিক বিয়াৰ উদ্ধৃতি দি যাদৱে জামিন বিচাৰিছিল ।

বাৰ এণ্ড বেঞ্চৰ মতে, শুনানিৰ সময়ত দিল্লী উচ্চ ন্যায়ালয়ে কঠোৰ মন্তব্য কৰি কয় যে, “আমি আপোনাৰ প্ৰতি সহানুভূতিশীল হ’ব পাৰো, কিন্তু আইন আইনেই । আদালতৰ নিৰ্দেশৰ পিছতো আপুনি আত্মসমৰ্পণ কৰা নাছিল আৰু আদালতে নতুন আদেশ জাৰি কৰাৰ পিছতহে আত্মসমৰ্পণ কৰিছিল ।”

লগতে পঢ়ক : শ্ৰেয়াছ তালপাড়েৰ বিৰুদ্ধে এফআইআৰ দাখিল; লাখ লাখ টকাৰ বিনিয়োগ কেলেংকাৰিৰ অভিযোগ