সোণম ৱাংচুকৰ অনশনত উদ্বেগ প্ৰকাশ দিল্লী উচ্চ ন্যায়ালয়ৰ

সোণম ৱাংচুকৰ সুৰক্ষা আৰু স্বাস্থ্য সম্পৰ্কীয় এখন আবেদনৰ শুনানিৰ সময়ত দিল্লী উচ্চ ন্যায়ালয়ে চৰকাৰক নিয়মীয়াকৈ পৰীক্ষা কৰিবলৈ আৰু চিকিৎসকৰ প্ৰতিবেদনৰ ভিত্তিত প্ৰয়োজন হ’লে তৎক্ষণাত হস্তক্ষেপ কৰিবলৈ নিৰ্দেশ দিছে।

সামাজিক কৰ্মী সোণম ৱাংচুক ১৯ দিনে দিল্লীৰ যন্তৰ মন্তৰত অনশনত বহিছে। তেওঁৰ এই অনশনক লৈ এখন জনস্বাৰ্থ জড়িত আবেদন (PIL) দাখিল কৰা হৈছিল, যাৰ ওপৰত বৃহস্পতিবাৰে (১৬ জুলাই) দিল্লী উচ্চ ন্যায়ালয়ত শুনানি অনুষ্ঠিত হয়। আদালতে তেওঁৰ স্বাস্থ্যক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। আদালতে কয় যে প্ৰতিজন ব্যক্তিৰ জীৱনৰ গুৰুত্ব আছে। ইয়াৰ লগতে আদালতে কেন্দ্ৰীয় চৰকাৰকো এক নিৰ্দেশনা জাৰি কৰিছে।

দিল্লী উচ্চ ন্যায়ালয়ে ৱাংচুকৰ গোচৰৰ শুনানি গ্ৰহণ কৰি কয় যে প্ৰতিজন নাগৰিকৰ জীৱন গুৰুত্বপূৰ্ণ আৰু তেওঁলোকৰ জীৱন ৰক্ষাৰ বাবে সম্ভৱপৰ সকলো প্ৰচেষ্টা চলোৱাটো চৰকাৰৰ দায়িত্ব। শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লী চৰকাৰৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতক আশ্বাস দিয়ে যে সোণম ৱাংচুকক প্ৰতিদিনে চিকিৎসকে পৰীক্ষা কৰিব। তেওঁ আদালতক জনায় যে সোণম ৱাংচুকৰ ওপৰত প্ৰতিদিনে নজৰ ৰখা হৈছে আৰু ইয়াৰ ৰিপৰ্টো প্ৰস্তুত কৰা হয়।

আদালতে প্ৰশ্ন কৰে যে সোণম ৱাংচুকৰ স্বাস্থ্য নিৰীক্ষণৰ বাবে কোনো নিৰ্দিষ্ট ব্যৱস্থা কৰা হৈছে নে নাই। ইয়াৰ উত্তৰত ছলিচিটৰ জেনেৰেলে কয় যে ৱাংচুকৰ দৈনিক মেডিকেল চেক-আপ কৰা হয়। তেওঁ যেতিয়াই অনুমতি দিয়ে, তেতিয়াই চৰকাৰী চিকিৎসক উপস্থিত হয়।

আদালতে নিজৰ নিৰ্দেশত কয় যে চিকিৎসকে যাতে ৱাংচুকৰ দৈনিক স্বাস্থ্য পৰীক্ষা অব্যাহত ৰাখে। চিকিৎসকে যদি কোনো ধৰণৰ চিকিৎসা সাহায্যৰ প্ৰয়োজনীয়তা অনুভৱ কৰে, তেন্তে কেন্দ্ৰীয় চৰকাৰক ততালিকে উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ আদালতে নিৰ্দেশ দিয়ে। আদালতে লগতে কয় যে প্ৰতিজন ব্যক্তিৰ জীৱন অমূল্য আৰু তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰাটো চৰকাৰৰে দায়িত্ব।

লগতে পঢ়ক: “তেওঁক মৰিবলৈ নিদিব”; সোণম ৱাংচুকক লৈ চিন্তিত বিশাল দাদলানী

নিষিদ্ধ হ’ল হানী সিং-বাদশ্বাহৰ বিতৰ্কিত গীত; দিল্লী উচ্চ ন্যায়ালয়ৰ ধমক

বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ে ছ’চিয়েল মিডিয়াৰ মধ্যস্থতাকাৰী আৰু মিউজিক প্লেটফৰ্মক এক নিৰ্দেশ জাৰি কৰিছে যে,বিখ্যাত ৰেপাৰ হানী সিং আৰু বাদশ্বাহৰ বিতৰ্কিত আৰু অশ্লীল গীত ‘ভলিউম ১’ সকলো প্লেটফৰ্মতে ব্লক কৰিব লাগে।

বিখ্যাত ৰেপাৰ হানী সিং আৰু বাদশ্বাহৰ মাজৰ বিবাদ বহু পুৰণি, কিন্তু তেওঁলোক দুয়োৰে এটা পুৰণি আৰু অতি বিতৰ্কিত গীতক লৈ এতিয়া দিল্লী উচ্চ ন্যায়ালয়ে এক বৃহৎ ৰায়দান কৰিছে।২০০০ চনৰ অন্যতম বিতৰ্কিত গীত ‘মাফিয়া মুণ্ডীৰ’ (খণ্ড ১)ৰ সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰি সকলো ডিজিটেল প্লেটফৰ্মৰ পৰা ইয়াক তৎক্ষণাত আঁতৰোৱাৰ নিৰ্দেশ জাৰি কৰা হৈছে।

আদালতে স্পষ্ট কৰি দিছে যে এই গীতটোৰ কথা আৰু বিষয়বস্তু কোনো কাৰণতে ৰাজহুৱা মঞ্চত থাকিবলৈ উপযুক্ত নহয়। এই গোচৰৰ শুনানিৰ সময়ত দিল্লী উচ্চ ন্যায়ালয়ে অত্যন্ত কঠোৰ ভাষা ব্যৱহাৰ কৰিছিল। ন্যায়াধীশ পুৰুষশৈন্দ্ৰ কৌৰভে কয় যে, ‘মাফিয়া মুণ্ডীৰ’ গীতটো কেৱল অশ্লীলেই নহয়,বৰঞ্চ নাৰীৰ প্ৰতি থকা গভীৰ অসন্মানৰো প্ৰতিফলন ঘটে।

আদালতৰ মতে,এই গীতটিৰ কথাই শালীনতাৰ প্ৰতিটো সীমা অতিক্ৰম কৰি সমাজৰ ভিতৰতে এক ক্ষতিকাৰক বাৰ্তা বিয়পাইছে।শুনানিৰ সময়ত এইটোও কোৱা হৈছিল যে শিল্পৰ নামত এনেধৰণৰ লেতেৰা সহ্য কৰিব নোৱাৰি,বিশেষকৈ যেতিয়া ই নৱ প্ৰজন্মক প্ৰভাৱিত কৰি আছে।

আদালতে দুয়োজন গায়ক,গীতটোৰ ৰিমিক্স বা অন্যান্য সংস্কৰণক অধিকাৰ দাবী কৰা প্ৰতিজন ব্যক্তিক নিৰ্দেশ দিছে যে, তেওঁলোকে সামাজিক মাধ্যম,সংগীত প্লেটফৰ্ম, শ্বেয়াৰিং প্লেটফৰ্ম, বা অন্য যিকোনো অনলাইন স্থানৰ পৰা গীতটোৰ সৈতে লিংক কৰা URLসমূহ তৎক্ষণাত আঁতৰাই পেলাওক।

লগতে পঢ়ক: ৰূপালী পৰ্দাত ভগৱান ৰামৰ ৰূপত ৰণবীৰ কাপুৰ; মুকলি হ’ল বহু প্ৰতিক্ষীত ‘ৰামায়ণ’ৰ টিজাৰ

জে’লতে থাকিব লাগিব নেকি ৰাজপাল যাদৱ ?  ১৬ ফেব্ৰুৱাৰীলৈ স্থগিত শুনানি

অভনেতা ৰাজপাল যাদৱৰ জামিন আবেদনৰ শুনানি দিল্লী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হয় । আদালতে শুনানি ১৬ ফেব্ৰুৱাৰী সোমবাৰলৈ স্থগিত ৰাখে ।

চেক বাউন্স গোচৰত অভিযুক্ত অভনেতা ৰাজপাল যাদৱৰ জামিন আবেদনৰ শুনানি আজি দিল্লী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হয় । দুয়োপক্ষৰ যুক্তিৰ পিছত আদালতে শুনানি ১৬ ফেব্ৰুৱাৰী সোমবাৰলৈ স্থগিত ৰাখে । এতিয়া ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব পৰৱৰ্তী শুনানি । ইয়াৰ পূৰ্বে আদালতে ৰাজপাল যাদৱক কয় যে আমি আপোনাক দুই ডজনতকৈও অধিক সুযোগ দিছো । আদালতে জামিন আৱেদন সন্দৰ্ভত আন পক্ষৰ পৰাও উত্তৰ বিচাৰিছিল ।

আনটো পক্ষক উত্তৰ দাখিল কৰাৰ নিৰ্দেশ-

বাৰ এণ্ড বেঞ্চৰ মতে, শুনানিৰ সময়ত আদালতে আনটো পক্ষক জামিন আবেদনৰ উত্তৰ দাখিল কৰিবলৈও কয় । আদালতে কয়, “অভিযোগকাৰীয়ে উত্তৰ দাখিল কৰিব লাগিব । ফাইলটো পৰ্যালোচনা কৰি থাকোঁতে আমি অৱগত নোহোৱা কেইবাটাও কথা আৱিষ্কাৰ কৰিলোঁ । তেওঁ পূৰ্বে উচ্চতম ন্যায়ালয়ত এই আদেশক প্ৰত্যাহ্বান জনাইছিল, কিন্তু উচ্চতম ন্যায়ালয়ে তেওঁক কোনো সকাহ দিয়া নাছিল । যিয়েই নহওক, আমি এই বিষয়টো সোমবাৰে শুনানি লম ।”

উদ্বেগ প্ৰকাশ কৰিছে আদালতে-

শুনানিৰ সময়ত দিল্লী উচ্চ ন্যায়ালয়ে ৰাজপাল যাদৱে ৩ কোটিৰো অধিক ধন পৰিশোধ কৰাৰ আশ্বাসক লৈ উদ্বেগ প্ৰকাশ কৰি এই গোচৰটো যথেষ্ট সময় ধৰি বিচাৰাধীন হৈ থকা বুলি উল্লেখ কৰে । প্ৰকাশিত এক বাতৰি অনুসৰি আদালতে লক্ষ্য কৰিছিল যে পৰ্যালোচনা শুনানি আৰু কাৰ্যবিধিৰ সময়ত বাৰে বাৰে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো ৰাজপাল যাদৱে শুনানি প্ৰায় ২৫-৩০ বাৰ পিছুৱাই দিছিল আৰু বাকী থকা ধনৰাশি আদায় দিয়া নাছিল ।

প্ৰতিশ্ৰুতি পালন কৰা নাছিল-

বাৰ এণ্ড বেঞ্চৰ প্ৰতিবেদন অনুসৰি দিল্লী উচ্চ ন্যায়ালয়ে ৰাজপাল যাদৱক কয় যে আপুনি প্ৰতিশ্ৰুতি পালন নকৰাৰ বাবে জেলত আছে । আদালতে উল্লেখ কৰে যে ৰাজপাল যাদৱক কমেও দুই ডজন সুযোগ দিয়া হৈছিল, কিন্তু তেওঁ প্ৰতিশ্ৰুতি পূৰণ কৰা নাছিল । এখন পাৰিবাৰিক বিয়াৰ উদ্ধৃতি দি যাদৱে জামিন বিচাৰিছিল ।

বাৰ এণ্ড বেঞ্চৰ মতে, শুনানিৰ সময়ত দিল্লী উচ্চ ন্যায়ালয়ে কঠোৰ মন্তব্য কৰি কয় যে, “আমি আপোনাৰ প্ৰতি সহানুভূতিশীল হ’ব পাৰো, কিন্তু আইন আইনেই । আদালতৰ নিৰ্দেশৰ পিছতো আপুনি আত্মসমৰ্পণ কৰা নাছিল আৰু আদালতে নতুন আদেশ জাৰি কৰাৰ পিছতহে আত্মসমৰ্পণ কৰিছিল ।”

লগতে পঢ়ক : শ্ৰেয়াছ তালপাড়েৰ বিৰুদ্ধে এফআইআৰ দাখিল; লাখ লাখ টকাৰ বিনিয়োগ কেলেংকাৰিৰ অভিযোগ

দিল্লী উচ্চ ন্যায়ালয়ৰ দুৱাৰত টোকৰ ছলমান খানৰ; ব্যক্তিত্বৰ অধিকাৰ সুৰক্ষাৰ দাবী

ব্যক্তিত্বৰ অধিকাৰ সুৰক্ষাৰ দাবী উত্থাপন কৰি দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে ছুপাৰষ্টাৰ ছলমান খান।

বলীউডৰ বহু তাৰকাই যোৱা কেইমাহমানৰ পৰা নিজৰ ব্যক্তিত্বৰ অধিকাৰৰ বাবে আদালতৰ কাষ চাপিছে।এতিয়া বলীউডৰ ভাইজান ছলমান খানৰ নামো এই তাৰকাৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে।

শেহতীয়াকৈ ছুপাৰষ্টাৰগৰাকীয়ে নিজৰ ব্যক্তিত্বৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে,যাৰ ওপৰত ১১ ডিচেম্বৰত অৰ্থাৎ কাইলৈ শুনানি গ্ৰহণ কৰা হ’ব।

ছলমানে খানে দাবী জনাইছে যে,তেওঁৰ অনুমতি অবিহনে তেওঁৰ নাম, পৰিচয় আৰু কণ্ঠ ব্যৱসায়িকভাৱে ব্যৱহাৰ কৰিব নোৱাৰিব।

ছলমান খানৰ পূৰ্বে জেকী শ্ৰফ, অনিল কাপুৰ, কৰণ জোহৰ, হৃতিক ৰোশন, অজয় ​​দেৱগান, শিল্পা শ্বেট্টী, ঐশ্বৰ্য ৰায় আৰু অক্ষয় কুমাৰৰ দৰে তাৰকাই নিজৰ ব্যক্তিত্বৰ অধিকাৰ ৰক্ষাৰ বাবে আদালতৰ কাষ চাপিছে।

নিজৰ গোপনীয়তা আৰু ব্যক্তিত্বৰ অধিকাৰ ৰক্ষাৰ বাবে আদালতত আন্দোলন কৰি অহা চেলিব্ৰিটিসকলে নিজৰ আবেদনত কয় যে তেওঁলোকৰ নাম, কণ্ঠ, অভিব্যক্তি আৰু অন্যান্য চিনাক্তকৰণ বৈশিষ্ট্যৰ অপব্যৱহাৰ কৰি থকা হৈছে।

চেলিব্ৰিটিসকলৰ মতে তেওঁলোকৰ অনুমতি অবিহনে নিজৰ পৰিচয়, ফটো, কণ্ঠ বা যিকোনো বৈশিষ্ট্য ব্যৱহাৰ কৰাটো তেওঁলোকৰ গোপনীয়তাৰ অধিকাৰ খৰ্ব কৰা।

তেওঁলোকে এই অপব্যৱহাৰ বন্ধ কৰিবলৈ দাবী জনাইছে।ইয়াৰ ভিতৰত AI-উৎপন্ন ডিপফেক ছবি আৰু ভিডিঅ’, বিভ্ৰান্তিকৰ বিজ্ঞাপন, ভুৱা ব্ৰেণ্ড এণ্ডাৰছমেণ্ট আৰু ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম, এক্স (পূৰ্বতে টুইটাৰ) আৰু ই-কমাৰ্চ ৱেবছাইটত ভুৱা ছ’চিয়েল মিডিয়া প্ৰফাইল তৈয়াৰ কৰাও অন্তৰ্ভূক্ত হৈ আছে।

লগতে পঢ়ক: আৰাধ্যা বচ্চনৰ নামত ভুৱা একাউণ্ট… মাতৃ ঐশ্বৰ্যই স্পষ্ট কৰি জনালে আহ্বান

দুর্ব্যৱহাৰ কৰা সন্তানক ঘৰৰ পৰা উলিয়াই দিব পাৰে জ্যেষ্ঠজনে, দিল্লী উচ্চ ন্যায়ালয়ৰ আইনী পর্যবেক্ষণ

সন্তানে তেনে জ্যেষ্ঠ নাগৰিকক কৰা হাৰাশাস্তিৰ কোনো প্রমাণ দিয়াৰ প্রয়োজন নাই ৷ এই কথা জনালে দিল্লী উচ্চ ন্যায়ালয়ে ৷

সন্তানে দুর্ব্যৱহাৰ কৰিলে, হাৰাশাস্তি কৰিলে তেনে সন্তানক নিজৰ ঘৰৰ পৰা উলিয়াই দিব পাৰে জ্যেষ্ঠ নাগৰিকসকলে ৷ এই কথা জনালে দিল্লী উচ্চ ন্যায়ালয়ে ৷ সন্তানে তেনে জ্যেষ্ঠ নাগৰিকক কৰা হাৰাশাস্তিৰ কোনো প্রমাণ দিয়াৰ প্রয়োজন নাই ৷ ২০০৭ বর্ষৰ অভিভাৱক কল্যাণ তথা জ্যেষ্ঠ নাগৰিক আইনৰ এনে পর্যবেক্ষণ ৰখাৰ কথা জনাইছে উচ্চ ন্যায়ালয়ে ৷ দিল্লী ৰাজা গার্ডেনৰ বাসিন্দা পিয়াৰে কৰা এটা গোচৰ সন্দর্ভত এই পর্যবেক্ষণৰ কথা প্রকাশ কৰে দিল্লী উচ্চ ন্যায়ালয়ে ৷

২০১৪ বর্ষত পিয়াৰে তেওঁৰ কন্যা-জোঁৱাই আৰু নাতি–নাতিনীক নিজৰ নতুন দিল্লীৰ ৰঞ্জিত নগৰত থকা ঘৰৰ তিনি মহলাত থাকিবলৈ দিছিল ৷ পিয়াৰে কৰা অভিযোগ মতে, তাৰ পিছৰে পৰা তেওঁ আৰু তেওঁৰ পত্নীক দুর্ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে তেওঁৰ কন্যাই ৷ ২০০৭ বর্ষৰ জ্যেষ্ঠ নাগৰিক আইন অনুসৰি কন্যা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ২০২২ বর্ষত থানাত অভিযোগ দাখিল কৰে পিয়াৰে ৷ জিলা প্রশাসকে অভিযুক্ত কন্যাক পিতৃৰ ঘৰ এৰি যাবলৈ নির্দেশ দিয়ে ৷ গোচৰ চলি থকা অৱস্থাত পিয়াৰে নিজৰ কন্যাক ‘ত্যাজ্য পুত্রী’ আখ্যা দিয়ে ৷

কিন্তু জিলা প্রশাসকৰ এই নির্দেশৰ বিৰুদ্ধে বিভিন্ন আদালতত আবেদন জনাই পিয়াৰৰ কন্যাই৷ অৱশেষত পিয়াৰৰ কন্যা দ্বাৰস্থ হয় দিল্লী উচ্চ ন্যায়ালয়ৰ ৷ এই গোচৰৰ প্রসংগতে দিল্লী উচ্চ ন্যায়ালয়ে জনায় যে সন্তানে বেয়া ব্যৱহাৰ কৰিলে তেনে সন্তানক নিজৰ ঘৰৰ পৰা বাহিৰ কৰি দিব পাৰে পিতৃ–মাতৃয়ে ৷ এই আইনগত ব্যৱস্থাটো কার্যকৰী কৰা হৈছে নে নাই, তাক চোৱাচিতা কৰাৰ নির্দেশ দিয়া হয় দিল্লীৰ ডেপুটী কমিছনাৰক ৷

সাম্প্রতিক সময়ত জ্যেষ্ঠ নাগৰিকসকলৰ প্রতি তেওঁলোকৰ সন্তানে কৰা দুর্ব্যৱহাৰৰ পৰিপ্রেক্ষিতত দিল্লী উচ্চ ন্যায়ালয়ৰ এনে এটি ৰায় তাৎপর্যপূর্ণ হিচাপে বিবেচনা কৰা হৈছে ৷ এই সন্দর্ভত এগৰাকী আইনজীৱীয়ে কয় যে উচ্চ ন্যায়ালয়ৰ এই নির্দেশে এই কথাকেই বুজালে যে পিতৃ–মাতৃৰ ঘৰত থকা সন্তানৰ অধিকাৰ চিৰস্থায়ী নহয় ৷ জ্যেষ্ঠ নাগৰিকসকলে যাতে নিজৰ ঘৰত সন্মানৰ সৈতে জীয়াই থাকিব পাৰে তাৰ বাবে

২০০৭ বর্ষৰ এই আইনখনত বিভিন্ন ব্যৱস্থা সুনিশ্চিত কৰি জ্যেষ্ঠ নাগৰিকসকলৰ জীৱনযাত্রাক সুচল কৰাৰ প্রয়াস কৰা হৈছে ৷

লগতে পঢ়ক : ‘দিল্লীত ঘূৰি ফুৰাৰ অৰ্থ এটা দিনত ৫০ টা চিগাৰেট খোৱাৰ দৰে’; সাংসদ সুপ্ৰিয়া চুলেৰ বিস্ফোৰক মন্তব্য

দিল্লী উচ্চ ন্যায়ালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি; খালী কৰিলে চৌহদ

দিল্লী উচ্চ ন্যায়ালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ক ইমেইলযোগে বোমা বিস্ফোৰণৰ ভাবুকিৰ খবৰ পোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।মেইলত কোনো নিৰ্দিষ্ট স্থানৰ কথা উল্লেখ কৰা হোৱা নাই,কিন্তু ইয়াত আদালতৰ চৌহদৰ কথা উল্লেখ কৰা হৈছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি,কিছুসময়ৰ পূৰ্বে এই মেইলটো আহিছিল।ইয়াৰ পিছত সতৰ্কতামূলক ব্যৱস্থা হিচাপে সকলো ন্যায়াধীশক আদালতৰ বাহিৰলৈ পঠিওৱা হয় আৰু অধিবক্তা আৰু কৰ্মচাৰীসকলক তৎক্ষণাত আদালতৰ চৌহদ খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।

এই তথ্য পোৱাৰ লগে লগেই বোমা স্কোয়াড আৰু দিল্লী আৰক্ষীৰ দল উচ্চ ন্যায়ালয়ত উপস্থিত হয়।সমগ্ৰ চৌহদত পুংখানুপুংখভাৱে তালাচী চলোৱা হৈছে।আৰক্ষীয়ে জনোৱা মতে, সম্ভাৱ্য বিপদৰ পৰা হাত সাৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

লগতে পঢ়ক: “সুশীলা কাৰ্কীক যদি প্ৰধানমন্ত্ৰী বনোৱা নহয় তেন্তে গুলী খাবলৈ সাজু থাকক”; নেপালৰ ৰাষ্ট্ৰপতি তথা সেনা প্ৰধানক ধমকি

শহুৰেকৰ সম্পত্তিৰ দাবী কৰিব পাৰিবনে বিধৱা বোৱাৰীয়ে? উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি দিল্লী উচ্চ ন্যায়ালয়ে কয় যে এগৰাকী বিধৱা বোৱাৰীয়ে মৃত শহুৰেকৰ পৈতৃক সম্পত্তিৰ পৰা ৰক্ষণাবেক্ষণ ভাট্টা লাভ কৰাৰ অধিকাৰ আছে।

এই সিদ্ধান্ত বুধবাৰে ন্যায়াধীশ অনিল ছাত্ৰপাল আৰু ন্যায়াধীশ হৰিশ বৈদ্যনাথন শংকৰৰ বিচাৰপীঠে প্ৰদান কৰে।আদালতে স্পষ্ট কৰি দিয়ে যে শহুৰেকৰ ব্যক্তিগত বা স্ব-উপাৰ্জিত সম্পত্তিৰ পৰা জীৱিকাৰ ধন ল’ব নোৱাৰিব,বৰঞ্চ এই অধিকাৰ কেৱল পূৰ্বপুৰুষৰ সম্পত্তিৰ মাজতে সীমাবদ্ধ।

ন্যায়ালয়ে হিন্দু দত্তক আৰু ৰক্ষণাবেক্ষণ আইন (হামা)ৰ ১৯(১) ধাৰা উদ্ধৃতি দি  কয় যে এই আইনখনে এগৰাকী বিধৱা বোৱাৰীক শহুৰেকৰ পৰা ভৰণ-পোষণ লাভ কৰাৰ বিধিগত অধিকাৰ প্ৰদান কৰে।

এই অধিকাৰ তেতিয়া প্ৰযোজ্য হ’ব যেতিয়া বোৱাৰীয়ে স্বামীৰ সম্পত্তি বা সন্তানৰ পৰা ভৰণ-পোষণ লাভ কৰিবলৈ অসমৰ্থ হয়।কিন্তু ১৯(২) ধাৰাত শহুৰেকৰ দায়বদ্ধতা কেৱল পৈতৃক সম্পত্তিৰ মাজতে সীমাবদ্ধ।

আদালতে স্পষ্ট কৰি দিয়ে যে যদি শহুৰেকৰ পৈতৃক সম্পত্তি নাই আৰু কেৱল স্ব-অধিগ্ৰহণ কৰা সম্পত্তি বা অন্যান্য সম্পত্তি আছে, তেন্তে বিধৱা বোৱাৰীৰ কোনো আইনী দাবী নাই।

উচ্চ ন্যায়ালয়ে মৃত শহুৰেকৰ সম্পত্তিৰ পৰা ভৰণ-পোষণ বিচাৰি এগৰাকী বিধৱা বোৱাৰীয়ে দাখিল কৰা আবেদনৰ ভিত্তিত এই সিদ্ধান্ত লোৱা হৈছে।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীৰ বিৰুদ্ধে শীঘ্ৰেই আহি আছে নতুন আইন… কি আছে নতুন বিধেয়কত ?