ৰূপালী পৰ্দাত ভগৱান ৰামৰ ৰূপত ৰণবীৰ কাপুৰ; মুকলি হ’ল বহু প্ৰতিক্ষীত 'ৰামায়ণ'ৰ টিজাৰ

ৰূপালী পৰ্দাত ভগৱান ৰামৰ ৰূপত ৰণবীৰ কাপুৰ; মুকলি হ’ল বহু প্ৰতিক্ষীত ‘ৰামায়ণ’ৰ টিজাৰ

ৰণবীৰ কাপুৰে ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰিছে । এই টিজাৰ সম্পূৰ্ণ ৰামক কেন্দ্ৰ কৰি মুকলি কৰা হৈছে । মুক্তি পালে ৰণবীৰ কাপুৰৰ বহু প্ৰতিক্ষীত ছবি “ৰামায়ণ”ৰ টিজাৰ । ২ মিনিট ৩৮ ছেকেণ্ডৰ এই টিজাৰটোৱে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে । ইয়াৰ বেকগ্ৰাউণ্ড মিউজিক অতি শক্তিশালী

ৰণবীৰ কাপুৰে ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰিছে । এই টিজাৰ সম্পূৰ্ণ ৰামক কেন্দ্ৰ কৰি মুকলি কৰা হৈছে ।

মুক্তি পালে ৰণবীৰ কাপুৰৰ বহু প্ৰতিক্ষীত ছবি “ৰামায়ণ”ৰ টিজাৰ । ২ মিনিট ৩৮ ছেকেণ্ডৰ এই টিজাৰটোৱে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে । ইয়াৰ বেকগ্ৰাউণ্ড মিউজিক অতি শক্তিশালী । টিজাৰৰ ভিজুৱেল আৰু ভিএফএক্সে দৰ্শকক আকৰ্ষিত কৰিছে । ৰণবীৰ কাপুৰে ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰিছে । লক্ষ্মণ আৰু সীতাৰ চৰিত্ৰ টিজাৰত ম্লান হৈ পৰিছে । এই টিজাৰ সম্পূৰ্ণ ৰামক কেন্দ্ৰ কৰি মুকলি কৰা হৈছে । যদিও টিজাৰৰ শেষত ৰাৱণৰ আভাস দেখা যায়, তথাপিও তেওঁৰ মুখখন দেখুওৱা হোৱা নাই ।

টিজাৰ মুক্তি পোৱাৰ পিছতে পৰিচালক নিতেশ তিৱাৰীয়ে কয়, “‘ৰামায়ণ’ৰ মহত্ত্ব ইয়াৰ আৱেগৰ গভীৰতাত নিহিত হৈ আছে । ই কেৱল ভাল বেয়াৰ মাজৰ যুদ্ধ নহয়, বৰঞ্চ আমাৰ সিদ্ধান্ত, ইয়াৰ পৰিণতি আৰু উচিত কাম কৰাৰ দায়িত্বৰ বিষয়েও কয় । ৰামৰ যাত্ৰা গভীৰভাৱে মানৱীয় আৰু আমি এই কথাটো সততাৰে চিত্ৰিত কৰিবলৈ চেষ্টা কৰিছো ।”

ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰাৰ সন্দৰ্ভত ৰণবীৰ কাপুৰে কয়, “মই নাভাবো যে মই ইয়াত ৰামক চিত্ৰিত কৰিবলৈ আহিছো । মই ইয়াত শিকিবলৈ আহিছো । তেওঁৰ এটা সৰলতা আৰু বিশুদ্ধতা আছে যিটো খুব কমেইহে দেখা যায় আৰু বুজিবলৈ আৰু গ্ৰহণ কৰিবলৈ চেষ্টা কৰাটো মোৰ বাবে এক অতি ভাল অভিজ্ঞতা ।”

উল্লেখ্য য়ে, চলিত বছৰৰ দেৱালীত এই ছবিখনে মুক্তি পোৱাৰ কথা ।

লগতে পঢ়ক : দ্বিতীয়বাৰৰ বাবে মাতৃ হ’ল সোণম কাপুৰ; শ্বেয়াৰ কৰিলে আৱেগিক পোষ্ট