ভাৰতত নহয়, আমেৰিকাত মুক্তি পাব ৪০০০ কোটিটকীয়া ‘ৰামায়ণ’ৰ ট্ৰেইলাৰ!

পূৰ্বে চৰ্চা হৈছিল যে ৰণবীৰ কাপুৰৰ পূৰ্বৰ হিট ছবি এনিমেলৰ দৰেই ৰামায়ণৰ ট্ৰেইলাৰো দিল্লীৰ ভাৰত মণ্ডপমত মুকলি কৰা হ’ব

বৰ্তমান সময়ত ভাৰতীয় চিনেমা জগতৰ আটাইতকৈ চৰ্চিত আৰু আটাইতকৈ ডাঙৰ ছবিখন হৈছে ৰণবীৰ কাপুৰ অভিনীত ‘ৰামায়ণ’ । ছবিখনক লৈ দৰ্শকৰ মাজত উছাহৰ অন্ত নাই । শেহতীয়াকৈ ছবিখনৰ ট্ৰেইলাৰ মুকলিৰ তাৰিখ আৰু স্থানক লৈ এক ডাঙৰ খবৰ পোহৰলৈ আহিছে, যিয়ে অনুৰাগীসকলক আচৰিত কৰি তুলিছে । ভাৰতত নহয়, এক আন্তঃৰাষ্ট্ৰীয় মঞ্চত বিশ্বজুৰি মুক্তি দিয়া হ’ব এই মেগা বাজেট ছবিখনৰ অফিচিয়েল ট্ৰেইলাৰ ।

ছান ডিয়েগো কমিক-কন ২০২৬ ত মুক্তি পাব ট্ৰেইলাৰ

পূৰ্বে চৰ্চা হৈছিল যে ৰণবীৰ কাপুৰৰ পূৰ্বৰ হিট ছবি ‘এনিমেল’ৰ দৰেই ‘ৰামায়ণ’ৰ ট্ৰেইলাৰো দিল্লীৰ ভাৰত মণ্ডপমত মুকলি কৰা হ’ব । কিন্তু সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই এতিয়া নিৰ্মাতাসকলে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে ছবিখনৰ ট্ৰেইলাৰ আমেৰিকাৰ ছান ডিয়েগো চহৰত অনুষ্ঠিত হ’বলগীয়া বিখ্যাত ‘ছান ডিয়েগো কমিক-কন ২০২৬’ (San Diego Comic-Con 2026) ত মুকলি কৰা হ’ব ।

অহা ২৪ জুলাই ২০২৬ তাৰিখে বিশ্বজুৰি এই ট্ৰেইলাৰৰ প্ৰিমিয়াৰ কৰা হ’ব । মেকাৰ্ছে ছচিয়েল মিডিয়াত পোষ্ট কৰি কয়-

“ভাৰতৰ পৰা সমগ্ৰ বিশ্বলৈ । হাজাৰ হাজাৰ বছৰ ধৰি ৰামায়ণে ধৰ্ম, মৰ্যাদা, সাহস আৰু কৰুণাৰ দৰে জীৱনবোধেৰে প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে । এতিয়া ইয়াৰ আৰম্ভণি এটা নতুন যাত্ৰাৰে হৈছে । ভাৰতৰ এই মহান সাংস্কৃতিক মহাকাব্যখন সমগ্ৰ বিশ্বৰ সন্মুখত এক ভব্য ৰূপত উপস্থাপন কৰা হ’ব ।”

ভাৰতৰ দৰ্শকে কেতিয়া আৰু ক’ত দেখিবলৈ পাব?

ভাৰতীয় অনুৰাগীসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে যে তেওঁলোকে কেতিয়া এই ট্ৰেইলাৰটো চাবলৈ পাব ?

তাৰিখ: ২৪ জুলাই ২০২৬ (ভাৰতীয় সময় অনুসৰি)

সময়: পুৱা ৩:১৫ বজাত

স্থান: আমেৰিকাৰ স্থানীয় সময় অনুসৰি ২৩ জুলাইৰ আবেলি ৩:১৫ বজাত কমিক-কন ২০২৬-ৰ ‘বলৰুম ২০’ ত ইয়াৰ ভব্য মুকলি হ’ব ।

এই হলটোত প্ৰায় ৪৮০০ লোক বহাৰ ক্ষমতা আছে । এই বিশেষ অনুষ্ঠানত ছবিখনৰ মুখ্য অভিনেতা ৰণবীৰ কাপুৰ, চাউথৰ ছুপাৰষ্টাৰ য়শ, পৰিচালক নিতেশ তিৱাৰী আৰু প্ৰযোজক নমিত মালহোত্ৰা উপস্থিত থাকিব ।

৪০০০ কোটি টকাৰ মেগা বাজেট আৰু দুটা খণ্ড

নিৰ্দেশক নিতেশ তিৱাৰী আৰু হলিউডৰ প্ৰখ্যাত VFX কোম্পানী DNEG-ৰ মালিকে নমিত মালহোত্ৰাৰ যুটীয়া প্ৰচেষ্টাত এই ভিজুৱেল মাৰ্ভেলটো নিৰ্মাণ কৰা হৈছে । জানিব পৰা মতে, প্ৰায় ৪০০০ কোটি টকাৰ বিশাল বাজেটৰে ‘ৰামায়ণ’ৰ দুটা খণ্ড নিৰ্মাণ কৰা হৈছে ।

২০২৬ ৰ দীপাৱলীত ছবিৰ মুক্তি!

এইবাৰৰ দীপাৱলী চিনেপ্ৰেমীসকলৰ বাবে অতি বিশেষ হ’বলৈ গৈ আছে, কাৰণ দীপাৱলী ২০২৬ ৰ শুভ ক্ষণতে ছবিখনে ছবিগৃহত মুক্তিৰ মুখ দেখিব । উৎসৱলৈ মাত্ৰ ৪ মাহ বাকী থকা অৱস্থাত, এতিয়া ট্ৰেইলাৰ মুক্তিৰ জৰিয়তে টিম ‘ৰামায়ণে’ ছবিখনৰ অফিচিয়েল মাৰ্কেটিং আৰু প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিব ।

লগতে পঢ়ক : পুনৰ কাৰাগাৰলৈ যাব লাগিব ৰাজপাল যাদৱ; উচ্চ ন্যায়ালয়ৰ ৰায়দান

মুক্তিৰ পূৰ্বেই ৰামায়ণৰ অভিলেখ ভংগ!নমিত মালহোত্ৰাই নাকচ কৰিলে ৭০০ কোটি টকীয়া অটিটি চুক্তি

মুক্তিৰ প্ৰায় ছমাহ পূৰ্বেই ‘ৰামায়ণ’ ছবিখনে শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে।ছবিখনৰ টিজাৰ মুকলি হোৱাৰ পিছতেই খবৰ পোৱা গৈছে যে ছবিখনৰ প্ৰযোজক নমিত মালহোত্ৰাই অ’টিটিৰ এটা ডাঙৰ অফাৰ নাকচ কৰিছে।

ৰণবীৰ কাপুৰৰ ‘ৰামায়ণ’ কেইমাহমানৰ ভিতৰত ছবিগৃহত মুক্তি পাব। এই ছবিখনৰ বাবে দৰ্শক সকলে যথেষ্ট দিনৰ পৰা আগ্ৰহেৰে অপেক্ষা কৰি আছে। এই ছবিখনে বক্স অফিচত ইতিহাস সৃষ্টিৰ সম্পূৰ্ণ সম্ভাৱনা আছে। ছবিখন মুক্তি পাবলৈ আৰু ছমাহ বাকী আছে আৰু ইতিমধ্যে ৰেকৰ্ড স্থাপন কৰিবলৈ আৰম্ভ কৰিছে।অ’টিটি ৰাইটৰ বাবে ৰণবীৰৰ ৰামায়ণ ছবিয়ে ভাৰতীয় চিনেমা ইতিহাসৰ আটাইতকৈ ডাঙৰ ডিল অফাৰ লাভ কৰিছে ।

ৰামায়ণৰ প্ৰযোজক নমিত মালহোত্ৰাই তেওঁৰ ছবিখনৰ বাবে এটা ডাঙৰ অ’টিটি চুক্তিৰ প্ৰস্তাৱ লাভ কৰিছে।খবৰ পোৱা গৈছে যে এই চুক্তিৰ মূল্য আছিল ৭০০ কোটি টকা।যদি সঁচাকৈয়ে এনেকুৱা হৈছে তেন্তে ভাৰতীয় চিনেমাৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ অ’টিটি ডিল অফাৰ আছিল।অৱশ্যে প্ৰযোজকে এই চুক্তি নাকচ কৰিছে।

যিহেতু দুয়োখন ছবিৰ নিৰ্মাণৰ বাবে ৪,০০০ কোটি পৰ্যন্ত খৰচ হ’ব বুলি আশা কৰা হৈছে,সেয়ে নমিত আৰু তেওঁৰ দলটোৱে বিশ্বাস কৰে যে ৰামায়ণ এনে এখন ছবি যিয়ে আগন্তুক বহু প্ৰজন্মলৈ মানুহক স্পৰ্শ কৰিব।গতিকে ইয়াৰ মূল্য আৰু অধিক হ’ব লাগে।তেওঁ অ’টিটিৰ পৰা ১০০০ কোটি টকাৰ চুক্তি লাভ কৰিব বুলি আশা কৰিছে।

লগতে পঢ়ক: ‘এতিয়া আমি ৩ জন হ’লো’; মাতৃ হ’ব ওলাইছে নেকি ৰশ্মিকা মণ্ডানা

ৰূপালী পৰ্দাত ভগৱান ৰামৰ ৰূপত ৰণবীৰ কাপুৰ; মুকলি হ’ল বহু প্ৰতিক্ষীত ‘ৰামায়ণ’ৰ টিজাৰ

ৰণবীৰ কাপুৰে ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰিছে । এই টিজাৰ সম্পূৰ্ণ ৰামক কেন্দ্ৰ কৰি মুকলি কৰা হৈছে ।

মুক্তি পালে ৰণবীৰ কাপুৰৰ বহু প্ৰতিক্ষীত ছবি “ৰামায়ণ”ৰ টিজাৰ । ২ মিনিট ৩৮ ছেকেণ্ডৰ এই টিজাৰটোৱে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে । ইয়াৰ বেকগ্ৰাউণ্ড মিউজিক অতি শক্তিশালী । টিজাৰৰ ভিজুৱেল আৰু ভিএফএক্সে দৰ্শকক আকৰ্ষিত কৰিছে । ৰণবীৰ কাপুৰে ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰিছে । লক্ষ্মণ আৰু সীতাৰ চৰিত্ৰ টিজাৰত ম্লান হৈ পৰিছে । এই টিজাৰ সম্পূৰ্ণ ৰামক কেন্দ্ৰ কৰি মুকলি কৰা হৈছে । যদিও টিজাৰৰ শেষত ৰাৱণৰ আভাস দেখা যায়, তথাপিও তেওঁৰ মুখখন দেখুওৱা হোৱা নাই ।

টিজাৰ মুক্তি পোৱাৰ পিছতে পৰিচালক নিতেশ তিৱাৰীয়ে কয়, “‘ৰামায়ণ’ৰ মহত্ত্ব ইয়াৰ আৱেগৰ গভীৰতাত নিহিত হৈ আছে । ই কেৱল ভাল বেয়াৰ মাজৰ যুদ্ধ নহয়, বৰঞ্চ আমাৰ সিদ্ধান্ত, ইয়াৰ পৰিণতি আৰু উচিত কাম কৰাৰ দায়িত্বৰ বিষয়েও কয় । ৰামৰ যাত্ৰা গভীৰভাৱে মানৱীয় আৰু আমি এই কথাটো সততাৰে চিত্ৰিত কৰিবলৈ চেষ্টা কৰিছো ।”

ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰাৰ সন্দৰ্ভত ৰণবীৰ কাপুৰে কয়, “মই নাভাবো যে মই ইয়াত ৰামক চিত্ৰিত কৰিবলৈ আহিছো । মই ইয়াত শিকিবলৈ আহিছো । তেওঁৰ এটা সৰলতা আৰু বিশুদ্ধতা আছে যিটো খুব কমেইহে দেখা যায় আৰু বুজিবলৈ আৰু গ্ৰহণ কৰিবলৈ চেষ্টা কৰাটো মোৰ বাবে এক অতি ভাল অভিজ্ঞতা ।”

উল্লেখ্য য়ে, চলিত বছৰৰ দেৱালীত এই ছবিখনে মুক্তি পোৱাৰ কথা ।

লগতে পঢ়ক : দ্বিতীয়বাৰৰ বাবে মাতৃ হ’ল সোণম কাপুৰ; শ্বেয়াৰ কৰিলে আৱেগিক পোষ্ট

ৰাম নৱমীৰ উপলক্ষে ‘বাল্মিকী ৰামায়ণ’ৰ প্ৰথম পোষ্টাৰ মুকলি; মুক্তিৰ তাৰিখো ঘোষণা

ৰাম নৱমী উপলক্ষে ভগৱান ৰামৰ জীৱন আৰু চৰিত্ৰৰ আধাৰত নিৰ্মাণ কৰা ছবি ‘বাল্মিকী ৰামায়ণ’ৰ প্ৰথমখন পোষ্টাৰ মুকলি কৰা হৈছে।

বিগত কেইবাদিনো ধৰি ‘বাল্মিকী ৰামায়ণ’ ছবিখনৰ সন্দৰ্ভত আলোচনা চলি আছিল। অৱশেষত নিৰ্মাতাসকলে এই ছবিখনৰ প্ৰথম পোষ্টাৰখন মুকলি কৰিছে।ইয়াৰ লগতে ছবিখনৰ মুক্তিৰ তাৰিখো ঘোষণা কৰা হৈছে।ৰাম নৱমী উপলক্ষে এই ঘোষণা যথেষ্ট বিশেষ।ছবিখনৰ প্ৰথম পোষ্টাৰখনো অতি সুন্দৰ আৰু সম্পূৰ্ণ ভক্তিমূলক।

বৃহস্পতিবাৰে শ্বেয়াৰ কৰা এই পোষ্টাৰখনত—ৰাম নৱমীৰ শুভ উপলক্ষে—ভগৱান ৰামৰ পবিত্ৰ চৰণ পদুম দেখিবলৈ পোৱা গৈছে। যাৰ ওপৰত গোলাপৰ পাহি পৰি আছে।এই মোচন পোষ্টাৰখন সম্পূৰ্ণ ভক্তিমূলক।য’ত বিশ্বাস আৰু ধৰ্মৰ সম্পূৰ্ণ মৰ্ম স্পষ্টকৈ দেখা যায়।এই পোষ্টাৰখন শ্বেয়াৰ কৰি কেপচনত লিখা আছে:যেতিয়ালৈকে পাহাৰ থিয় হৈ থাকিব আৰু নদী বৈ থাকিব তেতিয়ালৈকে ৰামায়ণ জীয়াই থাকিব।

এই পোষ্টাৰৰ লগতে ছবিখনৰ মুক্তিৰ তাৰিখও ঘোষণা কৰা হৈছে।এই ছবিখন চলিত বৰ্ষৰ ২ অক্টোবৰত চিনেমাগৃহত মুক্তি পাব।ধৰ্ম আৰু আস্থাত বিশ্বাসী দৰ্শকসকলে এই খবৰত অত্যন্ত আনন্দিত হৈ পৰিছে। এই ছবিখন ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা ভৱনা তালৱাৰে পৰিচালনা কৰিছে।

লগতে পঢ়ক: বিতৰ্কৰ মাজত ধূৰন্ধৰ ২; শিখ সম্প্ৰদায়ৰ ওচৰত কিয় ক্ষমা বিচাৰিলে আৰ মাধৱনে?