বিতৰ্কৰ মাজত ধূৰন্ধৰ ২; শিখ সম্প্ৰদায়ৰ ওচৰত কিয় ক্ষমা বিচাৰিলে আৰ মাধৱনে?

বিতৰ্কৰ মাজত ধূৰন্ধৰ ২; শিখ সম্প্ৰদায়ৰ ওচৰত কিয় ক্ষমা বিচাৰিলে আৰ মাধৱনে?

ধূৰন্ধৰ ২ত ধূমপান সন্দৰ্ভত শিখ সম্প্ৰদায়ৰ ওচৰত ক্ষমা খুজিলে আৰ মাধৱনে।এটা আৱেগিক পোষ্টৰ জৰিয়তে অভিনেতা গৰাকীয়ে নিজৰ মনৰ ভাৱ ব্যাখ্য কৰিছে। অভিনেতা আৰ মাধৱনে তেওঁৰ ছবি ‘ধুৰন্ধৰ: দ্য ৰিভেঞ্জ’ৰ এটা দৃশ্য সন্দৰ্ভত স্পষ্টীকৰণ দিছে।এটা দৃশ্যত তেওঁৰ চৰিত্ৰটোৱে চিগাৰেট খাই থকা দেখা গৈছে,যাৰ বিৰুদ্ধে আপত্তি উত্থাপন

ধূৰন্ধৰ ২ত ধূমপান সন্দৰ্ভত শিখ সম্প্ৰদায়ৰ ওচৰত ক্ষমা খুজিলে আৰ মাধৱনে।এটা আৱেগিক পোষ্টৰ জৰিয়তে অভিনেতা গৰাকীয়ে নিজৰ মনৰ ভাৱ ব্যাখ্য কৰিছে।

অভিনেতা আৰ মাধৱনে তেওঁৰ ছবি ‘ধুৰন্ধৰ: দ্য ৰিভেঞ্জ’ৰ এটা দৃশ্য সন্দৰ্ভত স্পষ্টীকৰণ দিছে।এটা দৃশ্যত তেওঁৰ চৰিত্ৰটোৱে চিগাৰেট খাই থকা দেখা গৈছে,যাৰ বিৰুদ্ধে আপত্তি উত্থাপন কৰা হৈছিল। অভিনেতাগৰাকীয়ে এই বিষয়টোৰ ওপৰত ইনষ্টাগ্ৰামত উত্থাপন কৰিছে আৰু তেওঁ নিজৰ অনুৰাগী আৰু শিখ সমাজক আশ্বস্ত কৰিলে যে তেওঁৰ কোনো অপমান কৰাৰ কোনো উদ্দেশ্য নাছিল।

এটা বাৰ্তাত আৰ মাধৱনে কয়, ধূৰন্ধৰৰ পৰিয়ালৰ হৈ,আপোনালোক সকলোকে অশেষ ধন্যবাদ যে আমাক ইমান মৰম দিলে। শেহতীয়াকৈ আমি জানিব পাৰিছো যে কিছুমান মানুহে এই কথাত ক্ষুন্ন হৈছে যে এই ছবিখনৰ এটা দৃশ্যত গুৰু গোবিন্দ সিংহৰ দশম গ্ৰন্থৰ দুই এটা শাৰী কোৱাৰ সময়ত এটা চিগাৰেট খাইছিলো। মই আপোনালোকক আশ্বস্ত কৰিছো, এইটো একেবাৰে সত্য নহয়।

অভিনেতা আৰ মাধৱনে স্পষ্ট কৰি দিছে যে অলপ ভুল বুজাবুজি হ’ল। তেওঁ লগতে কয়, মোৰ সম্পূৰ্ণকৈ বিশ্বাস আছে,এই দৃশ্যটোৰ পূৰ্বে,এই ডায়লগ কেইটা কোৱাৰ পূৰ্বে আদিত্য ধৰে কৈছিল যে, এই লাইনটো ডেলিভাৰী কৰাৰ আগতে চিগাৰেটটো নুমুৱাই দিব।এইটো দৃশ্যত না আপোনাৰ মুখৰ পৰা ধোঁৱা ওলাব, না আপোনাৰ হাতত চিগাৰেট থাকিব। কাৰণ এইটো আমাৰ বাবে অত্যন্ত পবিত্ৰ আৰু বিশুদ্ধ। আৰু মই চিগাৰেটটো নুমুৱাই দিছিলো। আৰু সেই কথা কেৱল আমি জানো।

অভিনেতা গৰাকীয়ে লগতে কয়, আমি বিশুদ্ধ শিখ সম্প্ৰদায়ৰ সৈতে লগত আছো। আৰু তেওঁলোকৰ প্ৰতি আমাৰ অতিশয় শ্ৰদ্ধা আছে।প্ৰতিখন ছবি মুক্তিৰ আগতেই মই গল্ডেন মন্দিৰলৈ যাওঁ আৰু সেইটো সকলোৱেই জানে।আমাক ক্ষমা কৰিব কোনো সম্প্ৰদায়কে অপমান কৰাৰ আমাৰ কোনো উদ্দেশ্য নাছিল।  

লগতে পঢ়ক: “জুবিন গাৰ্গ মৃত্যু কোনো ষড়যন্ত্ৰমূলক হত্যাকাণ্ড নহয়”; ছিংগাপুৰ কৰ’নাৰ্ছ আদালতৰ চূড়ান্ত ৰায়দান