‘জুবিন গাৰ্গ মৃত্যু স্বাভাৱিক”; ছিংগাপুৰ কৰ’নাৰ্ছ আদালতৰ চূড়ান্ত ৰায়দান

“জুবিন গাৰ্গ মৃত্যু কোনো ষড়যন্ত্ৰমূলক হত্যাকাণ্ড নহয়”; ছিংগাপুৰ কৰ’নাৰ্ছ আদালতৰ চূড়ান্ত ৰায়দান

অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুক লৈ বুধবাৰে ছিংগাপুৰ কৰ’নাৰ্ছ আদালতে চূড়ান্ত ৰায়দান দিয়ে। ছিংগাপুৰ আদালতে জুবিন গাৰ্গৰ মৃত্যু কোনো ষড়যন্ত্ৰমূলক হত্যাকাণ্ড নহয় বুলি ৰায়দান দিছে। ছিংগাপুৰত ৰহস্যজনকভাৱে য়টত ফুৰিবলৈ গৈ পানীত ডুবি মৃত্যু হোৱা অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক লৈ ছিংগাপুৰ কৰ’নাৰ্ছ আদালতে আজি চূড়ান্ত

অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুক লৈ বুধবাৰে ছিংগাপুৰ কৰ’নাৰ্ছ আদালতে চূড়ান্ত ৰায়দান দিয়ে। ছিংগাপুৰ আদালতে জুবিন গাৰ্গৰ মৃত্যু কোনো ষড়যন্ত্ৰমূলক হত্যাকাণ্ড নহয় বুলি ৰায়দান দিছে।

ছিংগাপুৰত ৰহস্যজনকভাৱে য়টত ফুৰিবলৈ গৈ পানীত ডুবি মৃত্যু হোৱা অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক লৈ ছিংগাপুৰ কৰ’নাৰ্ছ আদালতে আজি চূড়ান্ত ৰায়দান দিয়ে। আদালতে দিয়া ৰায়দান অনুসৰি দুৰ্ঘটনাৱশত পানীত ডুবিয়েই মৃত্যু হৈছিল জুবিন গাৰ্গৰ। ছিংগাপুৰৰ আদালতে কয় যে, এয়া কোনো ষড়যন্ত্ৰমূলক হত্যাকাণ্ড নহয়।এয়া স্বাভাৱিক মৃত্যুৱেই হয়। এই ৰায়দানত হত্যা আৰু সতীৰ্থই ইচ্ছাকৃতভাৱে উদ্ধাৰ নকৰাৰো কোনো তথ্য নাই।

২৫ মাৰ্চত নিজৰ তথ্য প্ৰদান কৰি ৰাজ্যিক ক’ৰনাৰ আদম নাখোডাই কয় তেওঁৰ সন্মুখত থকা প্ৰমাণ বিশ্লেষণ কৰাৰ পিছত আৰক্ষী ক’ষ্ট গাৰ্ডৰ তদন্তৰ সিদ্ধান্তৰ সৈতে মতানৈক্যৰ কোনো কাৰণ নাছিল।ছিংগাপুৰ জেনেৰেল হস্পিতালৰ দ্বাৰা জাৰি কৰা মৃত্যুৰ প্ৰমাণ পত্ৰত মৃত্যুৰ কাৰণ পানীত ডুব যোৱা বুলি উল্লেখ কৰা হৈছে। তেওঁ দিয়া তথ্য অনুসৰি, তাত উপস্থিত থকা লোকসকলে ইচ্ছাকৃতভাৱে জুবিন গাৰ্গক জোৰ জবৰদস্তি কৰি পানীলৈ ঠেলি দিয়া নাছিল।ক’ৰনাৰ্ছ আদালতে তদন্তত হত্যাৰ কোনো প্ৰমাণ পোৱা নাই।

লগতে পঢ়ক: চতুৰ্থ দিনত অভিলেখ ভংগকাৰী উপাৰ্জন ‘ধুৰন্ধৰ ২’ৰ