ভাৰতীয়ক লক্ষ্য কৰি উচটনিমূলক পোষ্ট; ছিংগাপুৰ চৰকাৰৰ কঠোৰ পদক্ষেপ

ছিংগাপুৰ চৰকাৰে বিভিন্ন ছচিয়েল মিডিয়া ছাইটক তাত থকা ভাৰতীয় সমূদায়ক লক্ষ্য কৰি লোৱা সকলো আপত্তিজনক সমল ব্লক কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে

ছিংগাপুৰত থকা বিভিন্ন জাতি-জনগোষ্ঠীৰ সামাজিক সংহতি আৰু সম্প্ৰীতি নষ্ট কৰিবলৈ চলোৱা এক ষড়যন্ত্ৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে দেশখনৰ চৰকাৰে । ভাৰতত থকা ছিংগাপুৰৰ উচ্চায়ুক্তই শনিবাৰে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰি কয় যে ছিংগাপুৰ চৰকাৰে বিভিন্ন ছচিয়েল মিডিয়া ছাইটক তাত থকা ভাৰতীয় সমূদায়ক লক্ষ্য কৰি লোৱা সকলো আপত্তিজনক সমল (content) ব্লক কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে । এই উচটনিমূলক পোষ্ট আৰু সমলসমূহ সম্ভৱতঃ চীনৰ পৰা সৃষ্টি হৈছিল বুলি উচ্চায়ুক্তই উল্লেখ কৰে ।

ছিংগাপুৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি, দেশখনৰ ‘অনলাইন ক্ৰিমিনেল হাৰ্মছ এক্ট ২০২৩’-ৰ অধীনত ছিংগাপুৰ আৰক্ষীয়ে ইউটিউব, ফেচবুক আৰু এক্স প্লেটফৰ্মলৈ ‘ডিজেবলিং ডাইৰেকচন’ জাৰি কৰিছে । এই নিৰ্দেশনাৰ জৰিয়তে ছিংগাপুৰৰ ব্যৱহাৰকাৰীসকলে যাতে এনে বিদ্বেষমূলক পোষ্টসমূহ চাব নোৱাৰে, তাৰ বাবে তৎকালীনভাৱে সকলো প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ ছচিয়েল মিডিয়া কোম্পানীসমূহক কোৱা হৈছে ।

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে, যোৱা মাহত চীনৰ অনলাইন তথ্য ক্ষেত্ৰত ছিংগাপুৰৰ সাংস্কৃতিক পৰিচয় আৰু জনগোষ্ঠীয় ৰাজনীতিক লৈ এক উচটনিমূলক ধাৰণা প্ৰচাৰ কৰা হৈছিল । ইয়াৰ ঠিক পিছতে ছচিয়েল মিডিয়াত ছিংগাপুৰৰ বহুসংস্কৃতিবাদৰ আৰ্হিটোক আঘাত কৰা বহু পোষ্ট ভাইৰেল হৈ পৰে, য’ত ছিংগাপুৰক “ভাৰতীয়সকলে গ্ৰাস কৰি পেলাইছে” বুলি ভিত্তিহীন প্ৰচাৰ চলোৱা হৈছিল ।

প্ৰচাৰিত পোষ্টসমূহত দাবী কৰা হৈছিল যে ছিংগাপুৰৰ বহুজাতীয় নীতি কেৱল পশ্চিমীয়া দেশক দেখুৱাবলৈ কৰা এক প্ৰদৰ্শনহে আৰু দেশখনৰ স্থিৰতাৰ আচল কাৰণ বহুজাতীয় নীতি নহয়, বৰঞ্চ ইয়াৰ সংখ্যাগৰিষ্ঠ চীনা জনসংখ্যাহে । ইয়াৰ উপৰিও, ছিংগাপুৰত বৃদ্ধি পোৱা ভাৰতীয় মূলৰ ৰাজনীতিবিদসকলে কেৱল ভাৰতীয় প্ৰব্ৰজনকাৰীৰ স্বাৰ্থত কাম কৰিব বুলিও বিষবাষ্প বিয়পোৱা হৈছিল ।

এই সন্দৰ্ভত ছিংগাপুৰ চৰকাৰে স্পষ্ট কৰি দিছে যে তেওঁলোকে স্থানীয়তাবাদ আৰু বিদেশী-বিদ্বেষৰ তীব্ৰ বিৰোধিতা কৰে । এটা সমূদায়ক আন এটা সমূদায়ৰ বিৰুদ্ধে থিয় কৰোৱাৰ যিকোনো প্ৰচেষ্টাক দেশখনে কেতিয়াও সহ্য নকৰে ।

বিদেশী উৎসৰ পৰা অহা এনে আক্ৰমণক “দুগুণে অগ্ৰহণযোগ্য” আখ্যা দি ছিংগাপুৰ চৰকাৰে কয় যে তেওঁলোকে সামাজিক সংহতি আৰু বৰ্ণগত সম্প্ৰীতিৰ প্ৰতি অহা ভাবুকিক অতি গুৰুত্বসহকাৰে লৈছে আৰু ইয়াৰ বিৰুদ্ধে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব । ইয়াৰ লগতে, চৰকাৰে ছিংগাপুৰৰ নাগৰিকসকলক অনলাইনত কোনো তথ্য গ্ৰহণ বা প্ৰচাৰ কৰোঁতে সচেতন হ’বলৈ আৰু সমাজক বিভাজিত কৰিব বিচৰা এনে সকলো অপপ্ৰচাৰ প্ৰত্যাখ্যান কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক : ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ সন্মানৰে বিভূষিত ভাৰতীয় সেনাৰ মেজৰ অভিলাষা বাৰাক

BYJU’sৰ প্ৰতিষ্ঠাপক বাইজু ৰবীন্দ্ৰণক ৬ মাহৰ কাৰাদণ্ড ছিংগাপুৰৰ আদালতৰ

BYJUৰ প্ৰতিষ্ঠাপক বাইজু ৰবীন্দ্ৰনক ছমাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। লগতে ৭০,৫০০ ডলাৰ জৰিমনাও দিব লাগিব।

দেশৰ প্ৰথমটো এডটেক কোম্পানী BYJU‘s ৰ প্ৰতিষ্ঠাপক বাইজু ৰবীন্দ্ৰনৰ বৃদ্ধি পাইছে বিপদ। তেওঁক ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰাৰ লগতে ৭০,৫০০ ডলাৰ (৬৭,৪৮,৫২৪ টকা)ৰ জৰিমনাও ভৰিব লাগিব। ছিংগাপুৰৰ আদালতে BYJU ৰ প্ৰতিষ্ঠাপক ৰবীন্দ্ৰনক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছে।

এসময়ত এডটেক খণ্ডৰ এক মহাশক্তি হিচাপে পৰিগণিত হোৱা BYJU’s বৰ্তমান দেউলীয়া হোৱাৰ যন্ত্ৰণা ভুগিব লগা হৈছে। কোম্পানীটোৰ প্ৰতিষ্ঠাপক ৰবীন্দ্ৰনে চৰম সংকটৰ সৈতে যুঁজি আছে। ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি, ছিংগাপুৰৰ আদালতে বাইজু ৰবীন্দ্ৰনক ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি বিহিছে আৰু লগে লগে আত্মসমৰ্পণ কৰিবলৈ আদেশ দিছে। আদালতে তেওঁক অবমাননাৰ দোষী সাব্যস্ত কৰি বৃহৎ জৰিমনাৰ লগতে ৬ মাহৰ কাৰাদণ্ডৰ ৰায় শুনাইছে। আদালতৰ মতে, ৰবীন্দ্ৰনে ২০২৪ চনৰে পৰা নিজৰ সম্পত্তিৰ সৈতে জড়িত বহু তথ্য লুকুৱাই ৰাখিছিল আৰু প্ৰয়োজনীয় নথিপত্ৰসমূহ দাখিল কৰা নাছিল। আদালতৰ বাৰম্বাৰ নিৰ্দেশৰ পিছতো তেওঁ আদালতক অৱজ্ঞা কৰিছিল। আদালতে তেওঁক তৎকালীনভাৱে আত্মসমৰ্পণ কৰিবলৈ, ৭০,৫০০ ডলাৰৰ জৰিমনা পৰিশোধ কৰিবলৈ আৰু ‘Beeaar Investco Pte’ কোম্পানীত নিজৰ অংশীদাৰিত্ব প্ৰমাণ কৰা সকলো নথিপত্ৰ লগে লগে জমা দিবলৈ কৈছে।

‘Think & Learn Pvt’ কোম্পানীৰ প্ৰতিষ্ঠাপক বাইজু ৰবীন্দ্ৰন ইতিমধ্যে কেইবাটাও আইনী গোচৰত জড়িত হৈ আছে। আমেৰিকাৰ আদালতত তেওঁৰ বিৰুদ্ধে ১.২ বিলিয়ন (১২০ কোটি) ডলাৰৰ গোচৰ চলি আছে। ইয়াৰ মাজতে ছিংগাপুৰৰ আদালতেও তেওঁক ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।কাতাৰৰ চৰকাৰী কোম্পানী কিউআইএ ৰ এক সহযোগী প্ৰতিষ্ঠানে বাইজুৰ বিৰুদ্ধে ছিংগাপুৰৰ আদালতৰ দ্বাৰস্থ হৈছিল। কাতাৰ চৰকাৰে ৰবীন্দ্ৰনৰ বিৰুদ্ধে ছিংগাপুৰৰ আদালতত এই আইনী যুঁজ আৰম্ভ কৰিছিল। কাতাৰ ইনভেষ্টমেণ্ট অথৰিটিৰ সহযোগী কোম্পানী ‘কাতাৰ হোল্ডিংছ’-এ বাইজুৰ কোম্পানীত বিনিয়োগ কৰিছিল। বিত্তীয় খেলিমেলিৰ অভিযোগ তুলি কোম্পানীটোৱে আদালতৰ কাষ চাপে।

বাইজু ৰবীন্দ্ৰনক এসময়ত দেশৰ আটাইতকৈ ধনী শিক্ষকসকলৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হৈছিল। তেওঁ শিক্ষামূলক প্ৰযুক্তি প্ৰতিষ্ঠান ‘Think & Learn Private Limited’ৰ ভেটি স্থাপন কৰিছিল। বিশ্বৰ অগ্ৰণী কোম্পানীসমূহে তেওঁৰ কোম্পানী ‘Byju’s’ত বিনিয়োগ কৰিছিল। এনে এক সময়ো আছিল, যেতিয়া Byju’s ভাৰতীয় ক্ৰিকেট দলৰ অফিচিয়েল স্পনছৰ আছিল।

বাইজু ৰবীন্দ্ৰনৰ সম্পত্তিৰ পৰিমাণ ১৭,৫৪৫ কোটি টকালৈ বৃদ্ধি পাইছিল। বাইজুৰ মূল্যই ২২ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছিল। কিন্তু ভুল নীতি, অতিমাত্ৰা আগ্ৰাসী সম্প্ৰসাৰণ, বিত্তীয় কু-পৰিচালনা আৰু বিদেশী বিনিয়োগকাৰীসকলৰ সৈতে ক্ৰমবৰ্ধমান বিবাদৰ বাবে কোম্পানীটো বৃহৎ লোকচানৰ মুখত পৰে। যাৰ ফলস্বৰূপ, বৰ্তমান ৰবীন্দ্ৰনৰ সম্পত্তিৰ মূল্য শূন্যলৈ হ্ৰাস পাইছে।

লগতে পঢ়ক: কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন আৰু তেওঁৰ কন্যাৰ ঘৰত ইডিৰ অভিযান

হিমন্ত বিশ্ব শৰ্মাক ছিংগাপুৰৰ উচ্চায়ুক্তৰ অভিনন্দন: অসমৰ উন্নয়নত সহযোগিতাৰ আশ্বাস

ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰে

মঙলবাৰে এক ভব্য অনুষ্ঠানৰ মাজত ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰে । গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এই শপত গ্ৰহণ অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং আৰু এন ডি এ শাসিত বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকে ।

মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই ড০ শৰ্মাক অভিনন্দন জনায় ভাৰতত নিযুক্ত ছিংগাপুৰৰ উচ্চায়ুক্ত চাইমন ৱঙে । সামাজিক মাধ্যম এক্স-ৰ জৰিয়তে ৱঙে অসমৰ প্ৰগতিৰ যাত্ৰাত ছিংগাপুৰৰ সহযোগিতা অব্যাহত থাকিব বুলি আশ্বাস প্ৰদান কৰে । তেওঁ উল্লেখ কৰে যে ড০ শৰ্মাৰ নেতৃত্বত অসমে অনাগত দিনত সফলতাৰ এক নতুন উচ্চতাত আৰোহণ কৰিব ।

শপত গ্ৰহণৰ পূৰ্বে দিনটোৰ আৰম্ভণিতে ড° শৰ্মাই শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন কৰি ৰাজ্যবাসীৰ শান্তি আৰু সমৃদ্ধিৰ বাবে আশীৰ্বাদ বিচাৰে । নতুন চৰকাৰৰ কেবিনেট সন্দৰ্ভত ঘোষণা কৰি তেওঁ জনায় যে ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ বড়ো আৰু অজন্তা নেওগক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ উপৰিও ৰঞ্জিত দাসক বিধানসভাৰ অধ্যক্ষ পদৰ বাবে মনোনীত কৰা হৈছে ।

এক বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ নতুন টিমটোৱে এক শক্তিশালী আৰু বিকশিত অসম গঢ়াৰ স্বাৰ্থত সম্পূৰ্ণ উৎসৰ্গাৰে কাম কৰি যাব । এই শপত গ্ৰহণ অনুষ্ঠানে ৰাজ্যখনৰ ৰাজনৈতিক দিশত এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ সূচনা কৰিছে ।

লগতে পঢ়ক : অসমত এন ডি এ ৩.০: পুনৰ হিমন্ত যুগৰ আৰম্ভণি, মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ

বিশ্বৰ শক্তিশালী পাছপৰ্ট : ১৯২ খন দেশত ছিংগাপুৰৰ আধিপত্য, ক’ত আছে ভাৰত ?

পূব এছিয়াৰ বাহিৰত সংযুক্ত আৰব আমিৰাতৰ পাছপৰ্ট আটাইতকৈ শক্তিশালী, কিন্তু এটা অসুবিধা হ’ল যে ইয়াৰ নাগৰিকে আমেৰিকা যুক্তৰাষ্ট্ৰত ভিছাবিহীন প্ৰৱেশৰ সুবিধা নাপায়

আপোনাৰ পাছপৰ্টে নিৰ্ধাৰণ কৰে যে আপুনি পৃথিৱীৰ কিমানখন দেশলৈ সহজে যাব পাৰে । ২০২৬ চনত আটাইতকৈ শক্তিশালী আৰু আটাইতকৈ দুৰ্বল পাছপৰ্টৰ মাজত প্ৰায় ১৭০ খন দেশৰ পাৰ্থক্য আছে । এই তথ্যসমূহ ‘হেনলী পাছপৰ্ট ইনডেক্স’ৰ ওপৰত আধাৰিত, য’ত পৰীক্ষা কৰা হয় যে কোনো এখন দেশৰ নাগৰিকে ভিছাবিহীনভাৱে কিমান ঠাইলৈ যাব পাৰে ।

ছিংগাপুৰ শীৰ্ষত, ১৯২ খন দেশত ভিছাবিহীন প্ৰৱেশ-

ছিংগাপুৰ এই তালিকাত প্ৰথম স্থানত আছে, যিখন দেশৰ নাগৰিকে ১৯২ খন দেশলৈ ভিছাবিহীনভাৱে ভ্ৰমণ কৰিব পাৰে । এই সংখ্যা আটাইতকৈ দুৰ্বল পাছপৰ্ট থকা দেশবোৰৰ তুলনাত প্ৰায় পাঁচ গুণ বেছি । আনহাতে, আটাইতকৈ দুৰ্বল পাছপৰ্ট থকা দেশসমূহৰ নাগৰিকে ৫০ খনতকৈও কম দেশলৈ ভিছাবিহীনভাৱে যাব পাৰে । এই পাৰ্থক্যই দেখুৱায় যে ভূগোল, কূটনীতি আৰু ৰাজনৈতিক সুস্থিৰতাই গোলকীয় ভ্ৰমণত কিমান প্ৰভাৱ পেলায় ।

এছিয়া আৰু ইউৰোপৰ পাছপৰ্ট আটাইতকৈ শক্তিশালী-

ছিংগাপুৰৰ পিছতে দ্বিতীয় স্থানত আছে জাপান, দক্ষিণ কোৰিয়া আৰু সংযুক্ত আৰব আমিৰাত, যিবোৰ দেশৰ নাগৰিকে ১৮৭ খন দেশলৈ ভিছাবিহীনভাৱে যাব পাৰে । পূব এছিয়াৰ বাহিৰত সংযুক্ত আৰব আমিৰাতৰ পাছপৰ্ট আটাইতকৈ শক্তিশালী, কিন্তু এটা অসুবিধা হ’ল যে ইয়াৰ নাগৰিকে আমেৰিকা যুক্তৰাষ্ট্ৰত ভিছাবিহীন প্ৰৱেশৰ সুবিধা নাপায়, যি সুবিধা ছিংগাপুৰ, জাপান আৰু দক্ষিণ কোৰিয়াই লাভ কৰে । ইয়াৰ পিছতে ইউৰোপীয় দেশসমূহ এই তালিকাত আগবাঢ়ি আছে, বিশেষকৈ নৰৱে আৰু চুইজাৰলেণ্ড, যাৰ নাগৰিকে ১৮৫ খন দেশলৈ ভিছাবিহীনভাৱে যাব পাৰে ।

ইউৰোপীয় ইউনিয়নৰ ২৭ খন দেশৰ এক উমৈহতীয়া পাছপৰ্ট ব্যৱস্থা আছে, কিন্তু প্ৰতিখন দেশৰ ভিছাবিহীন প্ৰৱেশৰ পৰিসৰ সুকীয়া । বুলগেৰিয়া আৰু ৰোমানিয়াৰ নাগৰিকে ১৭৭ খন দেশলৈ যাব পাৰে, আনহাতে চুইডেনৰ নাগৰিকে ১৮৬ খন দেশলৈ যাব পাৰে । গড়ে ইউৰোপীয় ইউনিয়নৰ শক্তি ১৮৩ খন দেশৰ সমান, যিটো মালয়েছিয়া আৰু যুক্তৰাজ্যৰ সৈতে একে । ই কানাডা (১৮২) আৰু আমেৰিকা যুক্তৰাষ্ট্ৰতকৈও (১৭৯) অলপ আগত ।

আটাইতকৈ দুৰ্বল পাছপৰ্ট-

ৰেংকিঙৰ একেবাৰে তলৰ ফালে পাছপৰ্টৰ শক্তি যথেষ্ট হ্ৰাস পায় । আটাইতকৈ দুৰ্বল পাছপৰ্ট থকা দেশৰ নাগৰিকসকলে ৫০ খনতকৈও কম দেশলৈ যাব পাৰে । এই দেশসমূহত প্ৰায়ে ৰাজনৈতিক অস্থিৰতা, অধিক প্ৰব্ৰজন বা শেহতীয়া সংঘাত দেখা যায়, যাৰ বাবে ভিছাৰ নিয়মসমূহ কঠোৰ হৈ পৰে । নাইজেৰিয়া (৪৪), ছোমালিয়া (৩২) আৰু ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কঙ্গো (৪৩)ৰ দৰে আফ্ৰিকান দেশসমূহ এই তালিকাৰ তলৰ ফালে আছে । এই দেশসমূহৰ দ্ৰুতগতিত বৃদ্ধি পোৱা জনসংখ্যা আৰু বৃহৎ প্ৰব্ৰজনকাৰী সমাজে ভিছাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ অন্যতম কাৰণ ।

পাকিস্তানৰ পাছপৰ্ট পৃথিৱীৰ আটাইতকৈ দুৰ্বল পাছপৰ্টসমূহৰ ভিতৰত গণ্য কৰা হয় । ই ৯৮তম স্থানত আছে আৰু এই স্থান য়েমেনৰ সৈতে ভগাই লৈছে । সৰল ভাষাত ক’বলৈ গ’লে, পাকিস্তানৰ পাছপৰ্ট থকা লোকসকলে মাত্ৰ ৩১ ৰ পৰা ৩৫ খন দেশলৈহে ভিছাবিহীনভাৱে বা ‘ভিছা অন এৰাইভেল’ সুবিধাৰে ভ্ৰমণ কৰিব পাৰে । অৰ্থাৎ, তেওঁলোকৰ বাবে বিদেশ ভ্ৰমণ অতি সীমিত ।

উল্লেখ্য যে, পাছপৰ্ট ৰেংকিং কেৱল ভ্ৰমণৰ সুবিধাই নহয়, ই গোলকীয় অসমতাও প্ৰতিফলিত কৰে । আপুনি কোনখন দেশত জন্মগ্ৰহণ কৰিছে, তাৰ ওপৰত নিৰ্ভৰ কৰি আপুনি পৃথিৱীৰ কোনবোৰ অংশলৈ যাব পাৰিব সেয়া ঠিক হয় । আফ্ৰিকা, মধ্যপ্ৰাচ্য আৰু দক্ষিণ এছিয়াৰ পাছপৰ্টসমূহ সাধাৰণতে ইউৰোপ আৰু পশ্চিমীয়া দেশসমূহৰ তুলনাত দুৰ্বল । অৱশ্যে মালয়েছিয়া আৰু সংযুক্ত আৰব আমিৰাতৰ দৰে কিছু ব্যতিক্ৰম আছে, কিন্তু তেওঁলোকেও আমেৰিকাৰ দৰে ডাঙৰ দেশত ভিছাবিহীন প্ৰৱেশৰ সুবিধা নাপায় ।

ভাৰতীয় পাছপৰ্টৰ স্থিতি-

ভাৰতৰ পাছপৰ্ট এই বছৰ ৮০তম স্থানত আছে । ভাৰতীয় নাগৰিকে ৫৫ ৰ পৰা ৫৮ খন দেশলৈ ভিছাবিহীন বা ‘ভিছা অন এৰাইভেল’ সুবিধাৰে ভ্ৰমণ কৰিব পাৰে ।

লগতে পঢ়ক : তেওঁলোকে এতিয়াও উপযুক্ত মূল্য ভৰা নাইঃ ইৰানৰ ১৪ দফীয়া প্ৰস্তাৱ মানি ল’বলৈ অমান্তি ট্ৰাম্প

“জুবিন গাৰ্গ মৃত্যু কোনো ষড়যন্ত্ৰমূলক হত্যাকাণ্ড নহয়”; ছিংগাপুৰ কৰ’নাৰ্ছ আদালতৰ চূড়ান্ত ৰায়দান

অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুক লৈ বুধবাৰে ছিংগাপুৰ কৰ’নাৰ্ছ আদালতে চূড়ান্ত ৰায়দান দিয়ে। ছিংগাপুৰ আদালতে জুবিন গাৰ্গৰ মৃত্যু কোনো ষড়যন্ত্ৰমূলক হত্যাকাণ্ড নহয় বুলি ৰায়দান দিছে।

ছিংগাপুৰত ৰহস্যজনকভাৱে য়টত ফুৰিবলৈ গৈ পানীত ডুবি মৃত্যু হোৱা অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক লৈ ছিংগাপুৰ কৰ’নাৰ্ছ আদালতে আজি চূড়ান্ত ৰায়দান দিয়ে। আদালতে দিয়া ৰায়দান অনুসৰি দুৰ্ঘটনাৱশত পানীত ডুবিয়েই মৃত্যু হৈছিল জুবিন গাৰ্গৰ। ছিংগাপুৰৰ আদালতে কয় যে, এয়া কোনো ষড়যন্ত্ৰমূলক হত্যাকাণ্ড নহয়।এয়া স্বাভাৱিক মৃত্যুৱেই হয়। এই ৰায়দানত হত্যা আৰু সতীৰ্থই ইচ্ছাকৃতভাৱে উদ্ধাৰ নকৰাৰো কোনো তথ্য নাই।

২৫ মাৰ্চত নিজৰ তথ্য প্ৰদান কৰি ৰাজ্যিক ক’ৰনাৰ আদম নাখোডাই কয় তেওঁৰ সন্মুখত থকা প্ৰমাণ বিশ্লেষণ কৰাৰ পিছত আৰক্ষী ক’ষ্ট গাৰ্ডৰ তদন্তৰ সিদ্ধান্তৰ সৈতে মতানৈক্যৰ কোনো কাৰণ নাছিল।ছিংগাপুৰ জেনেৰেল হস্পিতালৰ দ্বাৰা জাৰি কৰা মৃত্যুৰ প্ৰমাণ পত্ৰত মৃত্যুৰ কাৰণ পানীত ডুব যোৱা বুলি উল্লেখ কৰা হৈছে। তেওঁ দিয়া তথ্য অনুসৰি, তাত উপস্থিত থকা লোকসকলে ইচ্ছাকৃতভাৱে জুবিন গাৰ্গক জোৰ জবৰদস্তি কৰি পানীলৈ ঠেলি দিয়া নাছিল।ক’ৰনাৰ্ছ আদালতে তদন্তত হত্যাৰ কোনো প্ৰমাণ পোৱা নাই।

লগতে পঢ়ক: চতুৰ্থ দিনত অভিলেখ ভংগকাৰী উপাৰ্জন ‘ধুৰন্ধৰ ২’ৰ

সেউজ সংকেতঃ ২০ অক্টোবৰত ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ দল

২০ অক্টোবৰত ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ দল

-২০ অক্টোবৰত ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ দল

-SITৰ সৈতে ছিংগাপুৰ আৰক্ষীৰ হ’ব বিশেষ বৈঠক

-২১ অক্টোবৰত SITৰ সৈতে অনুষ্ঠিত হ’ব ছিংগাপুৰ আৰক্ষীৰ বৈঠক

 -SITৰ মুৰব্বী মু্ন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত ছিংগাপুৰলৈ যাব আৰক্ষীৰ দলটো

-জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত ছিংগাপুৰলৈ যাব SIT

-ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বৈঠকৰ পিছত ছিংগাপুৰ চৰকাৰে SITক ছিংগাপুৰ যোৱাৰ বাবে দিয়ে অনুমতি

-বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু ছিংগাপুৰ উচ্চায়ুক্তৰ সৈতে হৈছিল মুখ্যমন্ত্ৰীৰ বৈঠক

-উচ্চায়ুক্তৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠকৰ পাছত SITক ছিংগাপুৰলৈ যোৱাৰ অনুমতি

-এক্স  হেণ্ডেলযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

লগতে পঢ়ক : বাক্সাত পুৱাই উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং; বাতিল আৰক্ষীৰ ছুটী

ছিংগাপুৰৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ; বিভিন্ন বিষয়ত আলোচনা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমান শনমুগাৰত্নমক সাক্ষাৎ কৰে । এই সময়ছোৱাত এছিয়াৰ দেশখনৰ সৈতে ভাৰতৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বিষয়ে আলোচনা হয় । দুদিনীয়া ছিংগাপুৰ ভ্ৰমণলৈ যোৱা মুখ্যমন্ত্ৰী ড০ শৰ্মাই শনমুগাৰত্নমক সাক্ষাৎ কৰি বিভিন্ন বিষয় বিশেষকৈ আগন্তুক ‘এডভান্টেজ আছাম ২.০ ইনভেষ্টমেণ্ট ছামিট’ৰ বিষয়ে আলোচনা কৰে বুলি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ‘এক্স’ৰ এটা পোষ্টত প্ৰকাশ কৰে ।

তেওঁ কয়, ‘আজি ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমান শনমুগাৰত্নমক লগ পোৱাটো মোৰ বাবে এক গৌৰৱৰ কথা । আমাৰ বৈঠকত বিভিন্ন প্ৰকল্পৰ বিষয়ে আলোচনা কৰা হয়, ভাৰত-ছিংগাপুৰৰ সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বৰ মূল স্তম্ভ হিচাপে অসমৰ ভূমিকাক বিশেষ গুৰুত্ব আৰোপ কৰা হয় ।‘

হিমন্ত বিশ্ব শৰ্মাই ২০২২ চনত শনমুগাৰত্নমৰ অসম ভ্ৰমণৰ কথা মনত পেলাই ইয়াৰ সৈতে জড়িত বহু কথা শ্বেয়াৰ কৰে । পিছত ড০ শৰ্মাই ছিংগাপুৰৰ বৈদেশিক মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণনক সাক্ষাৎ কৰে আৰু আলোচনাত ভাৰতৰ ‘এক্ট ইষ্ট’ নীতিৰ অধীনত বিদেশী ৰাষ্ট্ৰৰ সৈতে অসমৰ বৰ্তমানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ছিংগাপুৰত অৰ্ধপৰিবাহী খণ্ডৰ উদ্যোগৰ নেতাসকলক সাক্ষাৎ কৰি সম্ভাৱ্য সহযোগিতাৰ বিষয়ে আলোচনা কৰে । ছিংগাপুৰ চৰকাৰৰ মালিকানাধীন কনচালটেন্সি ফাৰ্ম ছুৰবানা জুৰঙৰ জ্যেষ্ঠ বিষয়া ল’ চেৰ একক সাক্ষাৎ কৰি অসমত চলি থকা প্ৰকল্পৰ বিষয়ে আলোচনা কৰে বুলি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰিছে । অহা ২৫-২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব ‘এডভান্টেজ আছাম ২.০ ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ছামিট’ ।

বাংলাদেশত ইউনুছে আৰু ছিংগাপুৰত বৈদেশিক মন্ত্ৰীয়ে স্মৰণ কৰিলে প্ৰয়াত মনমোহন সিঙক, লিখিলে শোক বাৰ্তা

প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ মৃত্যুক লৈ কেৱল দেশতে নহয় বিদেশতো শোকৰ জোৱাৰ । তেওঁক আৰু তেওঁৰ গুৰুত্বপূৰ্ণ অৱদানক মনত পেলাই সকলো আৱেগিক হৈ পৰিছে । একে সময়তে ভাৰতীয় উচ্চায়ুক্তই প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙক শ্ৰদ্ধাঞ্জলি জনাই এখন শোক পুস্তিকা প্ৰদান কৰিছে । ইয়াত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে এটা শোক বাৰ্তা লিখে । ইফালে ছিংগাপুৰৰ বৈদেশিক মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণনেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

ইউনুছে লিখিলে শোক বাৰ্তা-

যোৱা সপ্তাহত মৃত্যু হোৱা প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ প্ৰতি বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । অধ্যাপক ইউনুছে ঢাকাস্থিত ভাৰতীয় উচ্চায়ুক্ত পৰিদৰ্শন কৰি ফুলেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । উচ্চায়ুক্তই প্ৰদান কৰা শোক পুস্তিকাত তেওঁ শোক বাৰ্তা লিখে ।

কি ক’লে বৈদেশিক মন্ত্ৰী বালকৃষ্ণনে ?

ছিংগাপুৰৰ বৈদেশিক মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণনে ছিংগাপুৰত থকা ভাৰতীয় উচ্চায়ুক্ত পৰিদৰ্শন কৰে । প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ স্মৃতিত শোক পুস্তিকাত তেওঁ ​​স্বাক্ষৰ কৰে । মনমোহন সিঙক এজন বিশিষ্ট ৰাজনীতিবিদ বুলি অভিহিত কৰি তেওঁ কয় যে সিঙে নম্ৰতা আৰু সততাৰে ভাৰতৰ সেৱা কৰিছিল ।

ভাৰত আৰু ছিংগাপুৰৰ মাজত সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত মনমোহন সিঙৰ ভূমিকাৰ ওপৰতো আলোকপাত কৰে তেওঁ । তেওঁ এখন পুৰণি ফটোও শ্বেয়াৰ কৰে য’ত ছিংগাপুৰৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী লি ছিয়েন লুঙে মনমোহন সিঙৰ সৈতে কথা পাতি আছিল ।

দুদিনৰ বাবে উপলব্ধ কৰা শোক পুস্তিকা-

ছিংগাপুৰত থকা ভাৰতীয় উচ্চায়ুক্তই সিঙক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে এখন শোক পুথি প্ৰদান কৰিছে । ৩০ আৰু ৩১ ডিচেম্বৰত স্বাক্ষৰৰ বাবে শোকগ্ৰন্থ উপলব্ধ কৰা হৈছে । উল্লেখ্য যে, ২৬ ডিচেম্বৰত দিল্লীত ৯২ বছৰ বয়সত ড০ মনমোহন সিঙৰ মৃত্যু হয় । ২৮ ডিচেম্বৰত দিল্লীৰ নিগমবোধ ঘাটত তেওঁক সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষ বিদায় দিয়া হয় ।