ইতিহাস সৃষ্টিৰে দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মাই
বিধানসভা নিৰ্বাচনত এক অভাবনীয় আৰু ঐতিহাসিক বিজয়ৰ পাছত মঙলবাৰে ড° হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়টো কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এক উৎসৱমুখৰ পৰিৱেশত এই শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন হয় । ইতিহাস সৃষ্টিৰে দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মাই ।
শীৰ্ষ নেতৃত্বৰ উপস্থিতি-
এই ভব্য অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন উপস্থিত থাকে । ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ কেইবাজনো জ্যেষ্ঠ মন্ত্ৰী আৰু এন ডি এ শাসিত বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা উপ-মুখ্যমন্ত্ৰীসকলে অংশগ্ৰহণ কৰি ড০ শৰ্মা চৰকাৰৰ এই নতুন যাত্ৰাক উৎসাহিত কৰে ।
নতুন কেবিনেটৰ গঠন-
মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ সৈতে আজি আৰু চাৰিজন মন্ত্ৰীয়ে পদ আৰু গোপনীয়তাৰ শপত লয় । ইয়াৰে দুজন বিজেপিৰ পৰা আৰু এজনকৈ মিত্ৰদল অসম গণ পৰিষদ (অগপ) আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্ট (বিপিএফ)ৰ পৰা নিৰ্বাচিত হৈছে। শপত লোৱা মন্ত্ৰীসকল হ’ল :
-ৰামেশ্বৰ তেলী (বিজেপি)
-অজন্তা নেওগ (বিজেপি)
-অতুল বৰা (অগপ)
-চৰণ বড়ো (বিপিএফ)
আনহাতে, বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক নতুন বিধানসভাৰ অধ্যক্ষ পদৰ বাবে এন ডি এৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে ।
নিৰ্বাচনী ফলাফলত এন ডি এৰ ধুমুহা-
২০২৬ চনৰ নিৰ্বাচনত এন ডি এ মিত্ৰজোঁটে এক শক্তিশালী প্ৰদৰ্শন দাঙি ধৰিছে । মুঠ ১২৬খন আসনৰ ভিতৰত ৮১খন আসন দখল কৰি মিত্ৰজোঁটে তিনি-চতুৰ্থাংশ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য যে, বিজেপি, বিপিএফ আৰু অগপই সামূহিকভাৱে মুঠ ১০১খন আসন লাভ কৰি ৰাজ্যখনত এন ডি এৰ স্থিতিক অপ্ৰতিৰোধ্য কৰি তুলিছে । ইয়াৰে বিপিএফ আৰু অগপই ১০খনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছে ।
মুখ্যমন্ত্ৰীৰ বৃহৎ জয় আৰু বিকাশৰ লক্ষ্য: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ সমষ্টিত ৮০,০০০তকৈও অধিক ভোটৰ বিশাল ব্যৱধানত জয়লাভ কৰি পুনৰ প্ৰমাণ কৰিলে যে তেওঁৰ জনপ্ৰিয়তা শিখৰত আছে । শপত লোৱাৰ পাছতে দিয়া ভাষণত তেওঁ কয় যে এই জয় প্ৰধানমন্ত্ৰী মোদীৰ “ডাবল ইঞ্জিন” বিকাশৰ নীতিৰ প্ৰতি জনসাধাৰণৰ আস্থাৰ ফল ।
লগতে পঢ়ক : দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰ আসনত হিমন্ত বিশ্ব শৰ্মা; শপত গ্ৰহণস্থলীত উপস্থিতি হৈ আৱেগিক মাতৃ-পত্নী-কন্যা









