কমনৱেলথ গেমছ ২০২৬: লাভলীনা, নয়নমণিসহ অসমৰ ৪ ক্ৰীড়াবিদলৈ মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

এই মৰ্যাদাপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত ভাৰতক প্ৰতিনিধিত্ব কৰিবলগীয়া অসমৰ চাৰিজনীয়া ক্ৰীড়াবিদক শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

অহা ২৩ জুলাইৰ পৰা ২ আগষ্টলৈ স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত হ’বলগীয়া ২০২৬ চনৰ কমনৱেলথ গেমছৰ বাবে সাজু হৈছে দেশৰ ক্ৰীড়াবিদসকল । এই মৰ্যাদাপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত ভাৰতক প্ৰতিনিধিত্ব কৰিবলগীয়া অসমৰ চাৰিজনীয়া ক্ৰীড়াবিদৰ দলটোক আজি বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে যে এই ক্ৰীড়াবিদসকলে বিশ্বমঞ্চত নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াই দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিব ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত (X) কৰা এটা পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে অলিম্পিক ব্ৰঞ্জ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁই, লন বল খেলুৱৈ নয়নমণি শইকীয়া আৰু পুতুল সোণোৱাল, লগতে পেৰা-চাইক্লিষ্ট লিছা দাসক আগন্তুক খেলসমূহৰ বাবে শুভকামনা জনায় ।

মুখ্যমন্ত্ৰী শৰ্মাই এক্সত লিখিছে-

“আগন্তুক #CommonwealthGames2026 ৰ বাবে অসমৰ চেম্পিয়ন- লাভলীনা বৰগোহাঁই, নয়নমণি শইকীয়া, পুতুল সোণোৱাল আৰু লিছা দাসলৈ মোৰ বহুত বহুত শুভেচ্ছা থাকিল । মই নিশ্চিত যে তেওঁলোকে নিজ নিজ ক্ৰীড়া বিভাগত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াব আৰু দেশলৈ গৌৰৱ কঢ়িয়াই আনিব ।”

খেলুৱৈৰ নিষ্ঠা আৰু চৰকাৰী সহযোগিতা

মুখ্যমন্ত্ৰীগৰাকীয়ে খেলুৱৈসকলৰ এই সফলতাৰ আঁৰত থকা তেওঁলোকৰ চৰম নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমক প্ৰশংসা কৰে । ইয়াৰ উপৰি, ক্ৰীড়াৰ সৰ্বাংগীণ উন্নয়নৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আগবঢ়াই অহা ধাৰাবাহিক সহযোগিতাৰ কথাও তেওঁ উল্লেখ কৰে । তেওঁ কয় যে খেলুৱৈসকলৰ অহোপুৰুষাৰ্থৰ বাবেই আজি তেওঁলোকে এই সন্মানীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া মঞ্চত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে, ২৩ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই মেগা স্পৰ্টছ ইভেণ্টত সমগ্ৰ কমনৱেলথ দেশসমূহৰ শ্ৰেষ্ঠ ক্ৰীড়াবিদসকলে বিভিন্ন ক্ৰীড়া বিভাগত পদকৰ বাবে তীব্ৰ প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হ’ব । সমগ্ৰ অসমবাসীয়েও বৰ্তমান এই চাৰিওগৰাকী তাৰকা খেলুৱৈৰ সফলতা কামনা কৰিছে ।

লগতে পঢ়ক : ফিফা বিশ্বকাপ ২০২৬: প্ৰথমবাৰৰ বাবে বিজয়ী দলে লাভ কৰিব বিশেষ উপহাৰ

অৰুণোদয় আঁচনিৰ পৰা নিযুত মইনালৈ মুখ্যমন্ত্ৰীৰ ১১টা বৃহৎ ঘোষণা

গাঁও পঞ্চায়তত সভা জৰিয়তে নতুন চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন

-অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি নিযুত মইনালৈকে মুখ্যমন্ত্ৰীৰ ১১টা বৃহৎ ঘোষণা

-৩ আগষ্টৰ পৰা পুনৰ আৰম্ভ হ’ব অৰুণোদয় আঁচনি

-গাঁও পঞ্চায়তত সভা জৰিয়তে নতুন চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন

-৬ আৰু ৭ আগষ্ট তাৰিখে বিতৰণ কৰা হ’ব ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰ-পত্ৰ

-নিৰ্ধাৰিত সময়ত এই প্ৰ-পত্ৰসমূহ ছাত্ৰ-ছাত্ৰীসকলে পূৰণ কৰি জমা দিব লাগিব

-ছেপ্টেম্বৰ মাহৰ পৰাই লাভ কৰিব ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ ধন

-জীৱন প্ৰেৰণা আঁচনিও শীঘ্ৰেই পুনৰ আৰম্ভ হ’ব

-২৫ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব বসুন্ধৰা ৪.০

-মাটিৰ নামজাৰিৰ পৰা বাটোৱাৰালৈকে সকলো কাম-কাজ কৰিব পাৰিব বসুন্ধৰাত

-ভূমি সংক্ৰান্তিয় অভাৱ-অভিযোগৰ বাবে শীঘ্ৰেই মুকলি হ’ব এটা পৰ্টেল

-এই পৰ্টেলযোগে দাখিল কৰিব অভিযোগ

-গুৱাহাটীৰ ফ্লাই অভাৰসমূহত নিৰ্মাণ কৰা হ’ব ‘ওলমা বাগিচা’

-২০২৮চনত সম্পূৰ্ণ হ’ব যোৰহাট-মাজুলী দলঙৰ নিৰ্মাণ

-বিশ্বকাপ ফুটবলৰ বাবে ফুটবল প্ৰেমীলৈ মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

-ফুটবল বিশ্বকাপ যাতে সকলোৱে চাব পাৰে তাৰ বাবে ব্যৱস্থা কৰিছে চৰকাৰে

-হোটেল, ৰেষ্টুৰেন্ট নিশা পৰ্যন্ত খোলা ৰখাৰ বাবেও নিৰ্দেশনা

-সকলোকে বিশ্বকাপৰ ফাইনেল খেল চাবলৈয়ো মুখমন্ত্ৰীৰ আহ্বান

-খেল শেষ নোহোৱা পৰ্যন্ত হোটেল-ৰেষ্টুৰেন্ট খোলা ৰাখিব পাৰিব

-জগন্নাথ ৰথযাত্ৰাৰো বহুত বহুত শুভেচ্ছা মুখ্যমন্ত্ৰীৰ

-ফেচবুক লাইভ যোগে ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

লগতে পঢ়ক : বলীউডত জিলিকিব লাচিতৰ বীৰগাথা! নিৰ্মাণ হ’ব বিগ বাজেটৰ ছবি

বলীউডত জিলিকিব লাচিতৰ বীৰগাথা! নিৰ্মাণ হ’ব বিগ বাজেটৰ ছবি

অসমৰ এই মহান নায়কগৰাকীৰ জীৱনৰ ওপৰত আধাৰিত এখন বৃহৎ বাজেটৰ বলীউড পৰ্যায়ৰ চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে

মহাবীৰ লাচিত বৰফুকনৰ বীৰত্ব আৰু অসমৰ চহকী ইতিহাসক দেশ তথা বিশ্ব দৰবাৰত দাঙি ধৰাৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ । অসমৰ এই মহান নায়কগৰাকীৰ জীৱনৰ ওপৰত আধাৰিত এখন বৃহৎ বাজেটৰ বলীউড পৰ্যায়ৰ চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে । এই সন্দৰ্ভত চৰকাৰে শেহতীয়া ব্লকবাষ্টাৰ ছবি ‘ধুৰন্ধৰ’ৰ লগতে ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি ‘উৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইক’ৰ প্ৰখ্যাত পৰিচালক আদিত্য ধৰৰ সৈতে আলোচনা চলাই আছে । বৃহস্পতিবাৰে এক ফেচবুক লাইভ অনুষ্ঠানৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

আগষ্টত হ’ব বিশেষ বৈঠক

মুখ্যমন্ত্ৰী ড০ শৰ্মাই জানিবলৈ দিয়ে যে প্ৰস্তাৱিত বায়’পিকখনৰ বিষয়ে বিতংভাৱে আলোচনা কৰিবলৈ অহা আগষ্ট মাহত তেওঁ পৰিচালক আদিত্য ধৰক সাক্ষাৎ কৰিব । অৱশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে যদিহে কোনো কাৰণত আদিত্য ধৰৰ সৈতে এই আলোচনা সফল নহয়, তেন্তে চৰকাৰে অন্য পৰিচালকৰ কাষ চাপিব । কিন্তু লাচিত বৰফুকনৰ ওপৰত এখন বায়’পিক নিৰ্মাণ কৰাটো চৰকাৰে নিশ্চিত কৰিব ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যদি আদিত্য ধৰে এই ছবিখন পৰিচালনা কৰিব নোৱাৰে, তেন্তে আন পৰিচালকৰ কাষ চাপিব বুলিও উল্লেখ কৰে ।

ইতিহাসত প্ৰথমবাৰৰ বাবে চৰকাৰী পদক্ষেপ

যদিহে এই প্ৰকল্পটোৱে চূড়ান্ত ৰূপ লাভ কৰে, তেন্তে লাচিত বৰফুকনৰ জীৱনক কেন্দ্ৰ কৰি অসম চৰকাৰে প্ৰযোজনা বা সহযোগ কৰা ই হ’ব প্ৰথমখন বলীউড পৰ্যায়ৰ পূৰ্ণদৈৰ্ঘ্যৰ কথাছবি । এই ছবিখনৰ মূল লক্ষ্য হৈছে সমগ্ৰ ভাৰত তথা বিশ্বৰ দৰ্শকৰ সন্মুখত অসমৰ গৌৰৱময় ইতিহাস আৰু লাচিত বৰফুকনৰ অপৰিসীম বীৰত্বক মহিমামণ্ডিত কৰা ।

লগতে পঢ়ক : অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা

অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীয়ে অৰুণোদয়, নিযুত মইনা আৰু বাবু আঁচনিক লৈ কৰিলে ডাঙৰ ঘোষণা

-ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ’ল ডাঙৰ খবৰ

-৩ আগষ্টৰ পৰা পুনৰ আৰম্ভ হ’ব অৰুণোদয় আঁচনি

-সভাৰ জৰিয়তে নতুন চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন

-৬ আৰু ৭ আগষ্ট তাৰিখে বিতৰণ কৰা হ’ব ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰ-পত্ৰ

-নিৰ্ধাৰিত সময়ত এই প্ৰ-পত্ৰসমূহ ছাত্ৰ-ছাত্ৰীসকলে পূৰণ কৰি জমা দিব লাগিব

-ছেপ্টেম্বৰ মাহৰ পৰাই লাভ কৰিব ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ ধন

-জীৱন প্ৰেৰণা আঁচনিও শীঘ্ৰেই পুনৰ আৰম্ভ হ’ব

-ফেচবুক লাইভ যোগে ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

লগতে পঢ়ক : যোৰাবাটৰ বান-যানজঁটৰ স্থায়ী সমাধান: মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা!

যোৰাবাটৰ বান-যানজঁটৰ স্থায়ী সমাধান: মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা!

যোৰাবাটৰ কৃত্রিম বান আৰু যান-জঁটৰ স্থায়ী সমাধান! মেগা প্ৰকল্প ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

যোৰাবাটৰ দীৰ্ঘদিনীয়া কৃত্ৰিম বান আৰু তীব্ৰ যান-জঁটৰ সমস্যা সমাধানৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১৫ জুলাইত বিধানসভাৰ বাজেট অধিৱেশনত যোৰাবাট বান প্ৰশমন প্ৰকল্পৰ বাবে ১৫০ কোটি টকা ঘোষণা কৰে । প্ৰস্তাৱিত গুৱাহাটী ৰিং ৰোড (Guwahati Ring Road) প্ৰকল্পৰ অধীনত এই আঁচনি ৰূপায়ণ কৰা হ’ব ।

প্ৰকল্পৰ ব্যয়: ১৫০ কোটি টকা ।

সহযোগিতা: কাৰিকৰী অনুমোদনৰ বাবে IIT Guwahati-ক দায়িত্ব প্ৰদান ।

বিকল্প পথ: যান-জঁট নিয়ন্ত্ৰণৰ বাবে ডিগাৰু-নাৰেংগী পথক ৪ লেনযুক্ত ঘাইপথলৈ উন্নীতকৰণ ।

লক্ষ্য: অসম-মেঘালয় সংযোগকাৰী যোৰাবাটৰ বান আৰু যান-জঁটৰ স্থায়ী সমাধান ।

যোৰাবাটৰ বান নিয়ন্ত্ৰণত নতুন ৰূপৰেখা: কি ক’লে মুখ্যমন্ত্ৰীয়ে?

শেহতীয়াকৈ অহা বানে যোৰাবাটত যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে স্তব্ধ কৰি পেলোৱাৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰী শৰ্মাই সদনত কয়:

“যোৱা পৰহি আমি যোৰাবাট অঞ্চলত এক ভয়াৱহ ফ্লেছ ফ্লাড প্ৰত্যক্ষ কৰিলোঁ । ইয়াৰ স্থায়ী প্ৰতিকাৰৰ বাবে গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ বিতং প্ৰকল্প প্ৰতিবেদনৰ অধীনত আমি বিশেষভাৱে ১৫০ কোটি টকা ধাৰ্য কৰিছোঁ ।”

তেওঁ লগতে জানিবলৈ দিয়ে যে বৰ্তমান বিশেষজ্ঞ বা পৰামৰ্শদাতাসকলে ইয়াৰ বাবে এক বিশেষ অভিযান্ত্ৰিক নক্সা প্ৰস্তুত কৰি আছে । এই নক্সা কাৰ্যকৰী কৰাৰ পূৰ্বে আইআইটি গুৱাহাটীৰ পৰা কাৰিকৰী অনুমোদন লোৱা হ’ব । গুৱাহাটী ৰিং ৰোডৰ কাম আৰম্ভ হ’লেই যোৰাবাটৰ বান সমস্যা চিৰদিনৰ বাবে দূৰ হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

ডিগাৰু-নাৰেংগী পথ হ’ব চাৰি লেনযুক্ত: যান-জঁটৰ পৰা পৰিত্ৰাণ

অসম আৰু মেঘালয় সংযোগী যোৰাবাট হৈছে উত্তৰ-পূবৰ এক অন্যতম গুৰুত্বপূৰ্ণ প্ৰৱেশদ্বাৰ । কিন্তু ইয়াৰ দৈনিক যান-জঁটে যাত্ৰীসকলক অতিষ্ঠ কৰি তুলিছে । এই যান-জঁটৰ বোজা হ্ৰাস কৰিবলৈ চৰকাৰে এক নতুন বিকল্প পথৰ পৰিকল্পনা কৰিছে ।

মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি, এতিয়াৰে পৰা জাগীৰোড আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ পৰা গুৱাহাটী অভিমুখে অহা বাহনসমূহৰ বাবে ডিগাৰু-নাৰেংগী পথটোক ৪ লেনযুক্ত ঘাইপথলৈ উন্নীত কৰা হ’ব । ইয়াৰ ফলত মূল ৰাষ্ট্ৰীয় ঘাইপথৰ যান-জঁট বহু পৰিমাণে হ্ৰাস পাব ।

স্থানীয় বিধায়কৰ সহায় বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

এই অভিলাষী পথ সম্প্ৰসাৰণ আৰু উন্নয়নমূলক আঁচনিখন খৰতকীয়াভাৱে ৰূপায়ণ কৰিবলৈ ডিমৰীয়া আৰু দিছপুৰ সমষ্টিৰ স্থানীয় বিধায়কসকলৰ সহায় বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সকলোৰে সহযোগিতা থাকিলেহে এই কাম সফল হ’ব বুলি তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক : ফুটবলপ্ৰেমীৰ বাবে সাৰে থাকিব মহানগৰী! কিন্তু কিয়?

ফুটবলপ্ৰেমীৰ বাবে সাৰে থাকিব মহানগৰী! কিন্তু কিয়?

ফুটবলপ্ৰেমীলৈ মুখ্যমন্ত্ৰীৰ উপহাৰ! বিশ্বকাপৰ মেচৰ বাবে পুৱতি নিশা ৩:৩০ বজালৈ খোলা থাকিব ৰেষ্টুৰেণ্ট

ৰাজ্যৰ ফুটবল অনুৰাগীসকলৰ বাবে এক অতি ভাল খবৰ । চলিত ফিফা বিশ্বকাপৰ তীব্ৰ উত্তেজনাপূৰ্ণ ছেমি-ফাইনেল আৰু ফাইনেল মেচ ৰাইজে যাতে কোনো অসুবিধা নোহোৱাকৈ একেলগে বহি উপভোগ কৰিব পাৰে, তাৰ বাবে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী জিলা প্ৰশাসনক অহা ১৫, ১৬, ১৯ আৰু ২০ জুলাইৰ নিশা চহৰখনৰ ৰেষ্টুৰেণ্টসমূহ খোলা ৰখাৰ সময় পুৱা ৩:৩০ বজালৈ বৃদ্ধি কৰাৰ বিশেষ অনুমতি প্ৰদান কৰিছে ।

এক্স-যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সুখবৰটো ভগাই লৈ কয়, “যিকোনো খেল উপভোগৰ আনন্দ একেলগে বহি চোৱাতেই আছে । আমি বিচাৰোঁ- আমাৰ ক্ৰীড়ানুৰাগী ফুটবলপ্ৰেমী ৰাইজে যাতে চলিত ফিফা বিশ্বকাপৰ ছেমিফাইনেল আৰু ফাইনেলৰ খেল কোনো অসুবিধা নোহোৱাকৈ উপভোগ কৰিব পাৰে ।” তেওঁ লগতে উল্লেখ কৰে যে ক্ৰীড়াসুলভ মানসিকতাই সমাজক এক কৰি ৰাখে আৰু ফুটবলৰ দৰে জনসমাদৃত ক্ৰীড়া এই দিশত সদায় অগ্ৰণী ।

ইফালে ফেচবুকতো মুখ্যমন্ত্ৰীগৰাকীয়ে এই সুখবৰ শ্বেয়াৰ কৰি লিখিছে- ‘ফুটবলপ্ৰেমী সকলৰ বাবে এটি সুখবৰ

যিকোনো খেল উপভোগৰ আনন্দ একেলগে বহি চোৱাতেই আছে । আমি বিচাৰোঁ-আমাৰ ক্ৰীড়ানুৰাগী ফুটবলপ্ৰেমী ৰাইজে যাতে চলিত ফিফা বিশ্বকাপৰ ছেমিফাইনেল আৰু ফাইনেলৰ খেলসমূহ কোনো অসুবিধা নোহোৱাকৈ উপভোগ কৰিব পাৰে ।

সেই উদ্দেশ্য আগত ৰাখিয়েই গুৱাহাটীত ১৫, ১৬, ১৯ আৰু ২০ জুলাইৰ নিশা ৰেষ্টুৰেণ্টসমূহ খুলি ৰখাৰ সময় পুৱা ৩:৩০ বজালৈ বঢ়াই দিয়াৰ বাবে জিলা প্ৰশাসনক অনুমতি প্ৰদান কৰা হৈছে ।‘

তেওঁ লগতে লিখিছে- ‘তদুপৰি কোনো জিলাত যদি ৰেষ্টুৰেণ্ট মালিক সন্থাৰ অনুৰোধ আৰু স্থানীয় জনসাধাৰণে বিচাৰে, সেইসমূহ জিলাৰ জিলা প্ৰশাসনকো একেধৰণৰ অনুমতি দিব পৰাকৈ অধিকাৰ প্রদান কৰা হৈছে ।

ক্রীড়াসুলভ মানসিকতাই সমাজক এক কৰি ৰাখে আৰু ফুটবলৰ দৰে জনসমাদৃত ক্রীড়া এই দিশত অগ্ৰণী । আমাৰ আহ্বান- সকলোৱে দায়িত্বশীলভাৱে সুন্দৰ খেলসমূহ উপভোগ কৰক আৰু ফুটবলৰ ৰোমাঞ্চকৰ অভিজ্ঞতা লওক ।‘

কেৱল গুৱাহাটীতেই নহয়, আন জিলাসমূহতো লাভ কৰিব পাৰিব এই সুবিধা: মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেৱল গুৱাহাটীতেই সীমাৱদ্ধ নাৰাখি ৰাজ্যৰ আন আন জিলা প্ৰশাসনসমূহকো নিজ নিজ এলেকাত একেধৰণৰ সময়সীমা বৃদ্ধিৰ অনুমতি দিয়াৰ সম্পূৰ্ণ অধিকাৰ প্ৰদান কৰিছে । অৱশ্যে ইয়াৰ বাবে সংশ্লিষ্ট জিলাৰ ‘ৰেষ্টুৰেণ্ট মালিক সন্থা’ই আবেদন কৰিব লাগিব আৰু স্থানীয় ৰাইজৰ মাজত ইয়াৰ পৰ্যাপ্ত চাহিদা থাকিব লাগিব ।

আনহাতে, ফুটবলৰ এই মহাৰণক লৈ সকলো উৎসাহিত হৈ থকাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে অনুৰাগীসকলক এক বিশেষ আহ্বান জনাইছে । তেওঁ সকলোকে এই বৰ্ধিত সময়ছোৱাৰ সুযোগ গ্ৰহণ কৰাৰ লগতে অতি দায়িত্বশীলভাৱে সুন্দৰকৈ খেলসমূহ উপভোগ কৰি ফুটবলৰ ৰোমাঞ্চকৰ অভিজ্ঞতা লাভ কৰিবলৈ অনুৰোধ জনায় । চৰকাৰৰ এই সিদ্ধান্তক এতিয়া ৰাজ্যৰ ফুটবলপ্ৰেমীৰ লগতে ৰেষ্টুৰেণ্ট ব্যৱসায়ীসকলেও উষ্ম আদৰণি জনাইছে ।

লগতে পঢ়ক : বিশিষ্ট অভিনেত্ৰী পূৰৱী শৰ্মাৰ দেহাৱসানত মুখ্যমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ

বিশিষ্ট অভিনেত্ৰী পূৰৱী শৰ্মাৰ দেহাৱসানত মুখ্যমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ জনপ্ৰিয় অভিনেত্ৰী পূৰৱী শৰ্মা । জনপ্ৰিয় অভিনেত্ৰীগৰাকীক হেৰুৱাই শোকাহত ৰাজ্যবাসী । বিশিষ্ট অভিনেত্ৰীগৰাকীৰ বিয়োগত শোকপ্ৰকাশ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ।

পৰিয়াল তথা ৰাজ্যবাসীক শোকৰ সাগৰত পেলাই ইহ সংসাৰৰ পৰা চিৰ বিদায় ল’লে জনপ্ৰিয় অভিনেত্ৰী পূৰৱী শৰ্মাই । ১৪ জুলাই, মঙলবাৰে সন্ধিয়া প্ৰায় ৭:৩০ বজাত গুৱাহাটীত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ অভিনেত্ৰীগৰাকীৰ আকস্মিক দেহাৱসান ঘটে ।

আজি সন্ধিয়া শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ লগে লগে তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৬৮ বছৰ ।

কেইবা দশক ধৰি আঞ্চলিক চলচ্চিত্ৰ উদ্যোগলৈ অনবদ্য অৱদান আগবঢ়াই যোৱা বলিষ্ঠ অভিনেত্ৰীগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰিী ড০ হিমন্ত বিশ্ব শৰ্মাই । বিশিষ্ট অভিনেত্ৰীগৰাকীৰ প্ৰয়াত হোৱাৰ বাতৰি লাভ কৰাৰ পিছতে সামাজিক মাধ্যমযোগে শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ফেচবুকযোগে মুখ্যমন্ত্ৰী ড০ শৰ্মাই শোক প্ৰকাশ কৰি লিখিছে- “অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী পূৰৱী শৰ্মা ডাঙৰীয়ানীৰ আকস্মিক আৰু অকাল বিয়োগৰ বাতৰিয়ে মোক গভীৰভাৱে মৰ্মাহত কৰিলে৷ অসমীয়া চলচ্চিত্ৰ, ভ্ৰাম্যমাণ থিয়েটাৰ, দূৰদৰ্শন আৰু আকাশবাণীৰ জগতখনত নিজৰ অনন্য প্ৰতিভাৰে উজ্জ্বল স্বাক্ষৰ ৰাখি যোৱা পূৰৱী শৰ্মাই কেইবাটাও দশক ধৰি স্বকীয় অভিনয়শৈলীৰে অগণন দৰ্শক-শ্ৰোতাৰ হৃদয় জয় কৰিছিল। ৰূপালী পৰ্দাত তেখেতে জীৱন্ত কৰি তোলা অসংখ্য চৰিত্ৰ, বিশেষকৈ নায়িকাৰূপে তেখেতৰ অনবদ্য অভিনয়, অসমীয়া চলচ্চিত্ৰপ্ৰেমীৰ মনত চিৰদিন সজীৱ হৈ থাকিব।“

তেওঁ আৰু লিখিছে- “তেখেতৰ প্ৰয়াণে অসমীয়া শিল্প-সংস্কৃতি জগতখনত এক শূন্যতাৰ সৃষ্টি কৰিলে। এগৰাকী গুণী শিল্পী হিচাপে তেখেতে এৰি যোৱা সৃষ্টিৰাজি, শিল্পসাধনা চিৰদিন চলচ্চিত্ৰপ্ৰেমীক অনুপ্ৰাণিত কৰিব।

বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ লগতে তেখেতৰ স্বামী, বিশিষ্ট অভিনেতা শ্ৰীতপন দাস ডাঙৰীয়া তথা শোকসন্তপ্ত পৰিয়ালবৰ্গ, আত্মীয়-স্বজন, সহশিল্পী আৰু অগণন অনুৰাগীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ ।

ওঁম শান্তি”

উল্লেখ্য যে, জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে ৰাজ্যৰ শিল্পী, কলা-কুশলীৰ লগতে অসংখ্য অনুৰাগী তেখেতৰ বাসগৃহত শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : অসমীয়া বোলছবিজগতৰ বিশিষ্ট অভিনেত্ৰী পূৰৱী শৰ্মাৰ দেহাৱসান

ৰাজ্যত শীঘ্ৰে গঠন হ’ব ১৪টা নতুন চক্ৰ বিষয়াৰ কাৰ্যালয়

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে চলিত সপ্তাহৰ ভিতৰতে নতুন চক্ৰ বিষয়াৰ কাৰ্যালয়সমূহ গঠন সন্দৰ্ভত এক আনুষ্ঠানিক সিদ্ধান্ত ল’ব

অসম চৰকাৰে অতি শীঘ্ৰেই ৰাজ্যত ১৪টা নতুন চক্ৰ বিষয়াৰ কাৰ্যালয় স্থাপন কৰিব । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১৪ জুলাইত অসম বিধানসভাত এই কথা ঘোষণা কৰে । তেওঁ কয় যে ৰাজহ প্ৰশাসনক শক্তিশালী কৰিবলৈ আৰু জনসাধাৰণক সেৱা প্ৰদান কাৰ্য অধিক উন্নত কৰিবলৈ এই সিদ্ধান্ত লোৱা হৈছে ।

চলিত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সপ্তম দিনটোত এই ঘোষণা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে চলিত সপ্তাহৰ ভিতৰতে নতুন চক্ৰ বিষয়াৰ কাৰ্যালয়সমূহ গঠন সন্দৰ্ভত এক আনুষ্ঠানিক সিদ্ধান্ত ল’ব ।

এই পদক্ষেপৰ উদ্দেশ্য হৈছে প্ৰশাসনিক কাম-কাজ সমূহ বিকেন্দ্ৰীকৰণ কৰা, ৰাজহ সংক্ৰান্তীয় সেৱাসমূহ লাভ কৰাৰ প্ৰক্ৰিয়া সহজ কৰা আৰু ৰাজ্যখনৰ নাগৰিকসকলৰ বাবে দ্ৰুত তথা অধিক দক্ষ শাসন ব্যৱস্থা নিশ্চিত কৰা ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই নতুন কাৰ্যালয়সমূহে প্ৰশাসনিক সেৱাসমূহ জনসাধাৰণৰ ওচৰ চপাই নিয়াত আৰু বৰ্তমানৰ চক্ৰ বিষয়াৰ কাৰ্যালয়সমূহৰ কামৰ বোজা হ্ৰাস কৰি ৰাজহ বিভাগৰ কাৰ্যক্ষমতা বৃদ্ধিত সহায় কৰিব ।

আনুষ্ঠানিক অনুমোদন লাভ কৰাৰ পিছত চৰকাৰে এই ১৪টা নতুন চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ স্থান আৰু কাৰ্যক্ষমতাৰ সবিশেষ অধিসূচনা জাৰি কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : বিগত দুবছৰত ১৬৭৯ জন অবৈধ বাংলাদেশীক পুশ্ববেক: বিধানসভাত চৰকাৰৰ তথ্য

ডিজিটেল জগতত অসমৰ বৃহৎ খোজ: মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা মতে, অসম বাজেট ২০২৬-ত উল্লেখ কৰা ৰাজ্যখনৰ দূৰদৰ্শী পৰিকল্পনাৰ আধাৰতে এই অভিলাষী প্ৰকল্প হাতত লোৱা হৈছে

অসমীয়া চিনেমা, লোকসংগীত, তথ্যচিত্ৰ আৰু সাহিত্যক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে অসম চৰকাৰে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিবলৈ সাজু হৈছে । অতি শীঘ্ৰেই ৰাজ্যখনে লাভ কৰিব এটা সুকীয়া চৰকাৰী অ’টিটি (OTT) প্লেটফৰ্ম । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা মতে, ‘অসম বাজেট ২০২৬’ত উল্লেখ কৰা ৰাজ্যখনৰ দূৰদৰ্শী পৰিকল্পনাৰ আধাৰতে এই অভিলাষী প্ৰকল্প হাতত লোৱা হৈছে ।

১৩ জুলাইত সামাজিক মাধ্যম ‘এক্স’ত (X) এই কথা ঘোষণা কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই এক আমোদজনক পোষ্ট শ্বেয়াৰ কৰে । তেওঁ লিখে—

“প্ৰিয় অ’টিটি প্লেটফৰ্মসমূহ, অলপ ঠাই এৰি দিয়ক, অসমেও এই তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ ওলাইছে ।”

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে ‘অসম বাজেট ২০২৬’ত অসমীয়া চলচ্চিত্ৰ, পৰম্পৰাগত লোকসংগীত, তথ্যচিত্ৰ আৰু সাহিত্য-সংস্কৃতিৰ চৰ্চাৰ বাবে এটা সুকীয়া ডিজিটেল প্লেটফৰ্মৰ সপোন দেখা হৈছিল । এই প্লেটফৰ্মখন হ’ব সমগ্ৰ অসমবাসীৰ বাবে “ঘৰৰ ওচৰৰ কাহিনীবোৰ একেলগে উপভোগ কৰাৰ এক নতুন ঠিকনা ।”

কিয় গুৰুত্বপূৰ্ণ এই প্লেটফৰ্ম?

স্থানীয় প্ৰতিভাক প্ৰসাৰ: এই প্ৰস্তাৱিত প্লেটফৰ্মখনে অসমৰ থলুৱা চলচ্চিত্ৰ নিৰ্মাতা, সংগীতজ্ঞ, লেখক আৰু নতুন প্ৰজন্মৰ সমল স্ৰষ্টাসকলক (content creators) এখন গোলকীয় মঞ্চ প্ৰদান কৰিব ।

অৰ্থনৈতিক সুযোগ: ইয়াৰ দ্বাৰা থলুৱা প্ৰযোজক আৰু শিল্পীসকলে তেওঁলোকৰ সৃষ্টিৰ উচিত মূল্যায়ন পোৱাৰ লগতে উপাৰ্জনৰ এক নতুন পথ মুকলি হ’ব ।

সাংস্কৃতিক সংৰক্ষণ: বৰ্তমানৰ ডিজিটেল যুগত নৱপ্ৰজন্মক নিজৰ ভাষা আৰু সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰাত ই গুৰুত্বপূৰ্ণ ভূমিকা ল’ব ।

অৱশ্যে, এই প্লেটফৰ্মখন কেতিয়াৰ পৰা সৰ্বসাধাৰণৰ বাবে উপলব্ধ হ’ব আৰু ইয়াৰ কাৰ্যবাহী আৰ্হি (operational model) কেনেকুৱা হ’ব, সেই সন্দৰ্ভত চৰকাৰীভাৱে সবিশেষ তথ্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই ।

উত্তৰ-পূৰ্বাঞ্চলত ডিজিটেল বিপ্লৱ

বৰ্তমান সময়ত দেশৰ বিভিন্ন ৰাজ্যই নিজৰ স্থানীয় ভাষা, কলা আৰু সংস্কৃতিক জীয়াই ৰাখিবলৈ ডিজিটেল মাধ্যমৰ আশ্ৰয় লৈছে । অসমৰ পূৰ্বে চুবুৰীয়া ৰাজ্য মেঘালয়ে ইতিমধ্যে ‘হেল্ল’ মেঘালয়’ নামৰ এটা চৰকাৰী সাহায্য প্ৰাপ্ত অ’টিটি প্লেটফৰ্ম মুকলি কৰি সফলতা অৰ্জন কৰিছে । এই প্লেটফৰ্মত খাচী, গাৰো আৰু জয়ন্তীয়া ভাষাৰ চিনেমা, গীত আৰু তথ্যচিত্ৰসমূহ প্ৰদৰ্শন কৰা হয় ।

মেঘালয়ৰ পাছত এতিয়া অসমেও নিজাকৈ এই ডিজিটেল কেন্দ্ৰ গঢ়ি তুলিবলৈ লোৱা সিদ্ধান্তই সমগ্ৰ উত্তৰ-পূবৰ সৃষ্টিশীল ক্ষেত্ৰখনলৈ এক নতুন জোৱাৰ আনিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : জুবিন গাৰ্গলৈ অসম সাহিত্য সভাৰ ‘সংগীত সুধাকৰ’ উপাধি