এক্সন মুডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি

নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি গ্ৰহণ ৰাজ্য চৰকাৰৰ

ড্ৰাগছ সৰবৰাহ আৰু নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ বিৰুদ্ধে চলি থকা তীব্ৰ অভিযানৰ অংশ হিচাপে অসম চৰকাৰে আজি এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰে । ১২ জুলাইত অনুষ্ঠিত এক ৰাজ্যিক পৰ্যায়ৰ নিষিদ্ধ সামগ্ৰী বিনষ্টকৰণ কাৰ্যসূচীত আনুমানিক ৪৭২.৫১ কোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য আৰু চাইকোট্ৰপিক পদাৰ্থ বৈজ্ঞানিক পদ্ধতিৰে ধ্বংস কৰা হয় । ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন গোচৰত জব্দ কৰা এই ড্ৰাগছসমূহ যাতে কোনো কাৰণতে পুনৰ অবৈধ বজাৰত প্ৰৱেশ কৰিব নোৱাৰে, সেই উদ্দেশ্যেই এই বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰা হৈছে ।

এই বিশেষ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে আৰু জব্দ কৰা নিষিদ্ধ সামগ্ৰীসমূহ ধ্বংস কৰাৰ সমগ্ৰ প্ৰক্ৰিয়াটো নিজে পৰ্যবেক্ষণ কৰে । অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু মন্ত্ৰী নাৰায়ণ ডেকায়ো উপস্থিত থাকি চৰকাৰৰ এই ড্ৰাগছ বিৰোধী স্থিতিৰ সপক্ষে একতা প্ৰদৰ্শন কৰে ।

লক্ষ্য: “ড্ৰাগছমুক্ত অসম”

ৰাজ্য চৰকাৰে জানিবলৈ দিয়া মতে, ধ্বংস কৰা এই আটাইবোৰ নিচাযুক্ত পদাৰ্থৰ সৰ্বমুঠ আনুমানিক বজাৰ মূল্য আছিল ৪৭২.৫১ কোটি টকা । চৰকাৰী পক্ষৰ মতে, এই বৃহৎ কাৰ্যসূচীয়ে নিচাযুক্ত দ্ৰব্য আৰু চাইকোট্ৰপিক পদাৰ্থৰ ভয়াৱহতা সমাজৰ পৰা চিৰদিনৰ বাবে দূৰ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ নিৰন্তৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰিছে । জব্দ কৰা এই নিষিদ্ধ সামগ্ৰীসমূহ সম্পূৰ্ণৰূপে ধ্বংস কৰি চৰকাৰে ড্ৰাগছৰ ক’লা বজাৰৰ কঁকাল ভাঙিবলৈ সক্ষম হৈছে । এই পদক্ষেপে অসম চৰকাৰৰ ড্ৰাগছ বিৰোধী অভিযানক অধিক শক্তিশালী কৰাৰ লগতে এখন সুস্থ আৰু “ড্ৰাগছমুক্ত অসম” গঢ়ি তোলাৰ লক্ষ্যক বহুদূৰ আগুৱাই লৈ যাব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : ১৩ জুলাইৰ পৰা বন্ধ থাকিব পুৰণি শৰাইঘাট দলং; যান-বাহন আৰক্ষীৰ পথ নিৰ্দেশনা

নতুন ৰূপত জিলিকি উঠিব অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান

অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিত উদ্যানক ন-ৰূপ দিবলৈ উঠি-পৰি লাগিছে ৰাজ্য চৰকাৰ । শনিবাৰে চিৰিয়াখানাৰ নিৰ্মীয়মান প্ৰকল্পথলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে ।

গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানাক বন্যপ্ৰাণীৰ বাবে অধিক অনুকূল আৰু দৰ্শনাৰ্থীৰ বাবে অধিক আকৰ্ষণীয় ৰূপত সজাই তুলিবলৈ বিশেষ পদক্ষেপ হাতত লৈছে অসম ৰাজ্য চৰকাৰে । দেশৰ আন আন আগশাৰীৰ চিৰিয়াখানাসমূহৰ আৰ্হি অনুসৰণ কৰি আৰু প্ৰাকৃতিক পৰিৱেশৰ সৈতে সামঞ্জস্য ৰাখি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ ।

শনিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৩৬০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিত উদ্যানৰ আধুনিকীকৰণৰ কাম পৰিদৰ্শন কৰে । ইতিমধ্যে এই অভিলাষী প্ৰকল্পৰ এক চতুৰ্থাংশ কাম সম্পূৰ্ণ হোৱা বুলি সামাজিক মাধ্যমযোগে জানিবলৈ দিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।  

পৰিদৰ্শন কালত প্ৰকল্পটোৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই পদক্ষেপৰ অধীনত চিৰিয়াখানাৰ কেইবাটাও প্ৰধান অংশ বিকশিত কৰা হৈছে বুলি জানিবলৈ দিয়ে । ইয়াৰ ভিতৰত এখন আধুনিক পশু চিকিৎসা কেন্দ্ৰ, এটা উৎসৰ্গিত বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰ, বিশ্বৰ সৰ্ববৃহৎ পক্ষীশালা (aviary) আৰু জীৱ-জন্তুৰ বাবে নতুন বেষ্টনী আছে বুলি জানিবলৈ দিয়ে তেওঁ ।

মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি বিগত বৰ্ষত এই আধুনিকীকৰণ কাৰ্যসূচী আৰম্ভ কৰা হৈছিল আৰু ই উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে । ইতিমধ্যে এই প্ৰকল্পৰ প্ৰায় ২৭ শতাংশ কাম সম্পূৰ্ণ হোৱা বুলি জনাই মুখ্যমন্ত্ৰী ড০ শৰ্মাই ।

এই পদক্ষেপক ৰাজ্য চৰকাৰৰ এক অন্যতম গুৰুত্বপূৰ্ণ প্ৰকল্প হিচাপে অভিহিত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ উদ্দেশ্য হৈছে অসম ৰাজ্যিক চিৰিয়াখানাক এক আধুনিক, বন্যপ্ৰাণী-কেন্দ্ৰিক চিৰিয়াখানা পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰা, যিয়ে জীৱ-জন্তুৰ যত্ন, সংৰক্ষণ আৰু দৰ্শনাৰ্থীৰ অভিজ্ঞতাৰ সমসাময়িক মানদণ্ড পূৰণ কৰিব পাৰে ।

ইয়াৰ উপৰিও তেওঁ প্ৰকল্পটোৰ সৈতে জড়িত বিষয়াসকলক ভাৰতৰ কিছুমান বৃহত্তম আৰু আটাইতকৈ উন্নত চিৰিয়াখানাৰ কাৰ্যপ্ৰণালী অধ্যয়ন কৰিবলৈ নিৰ্দেশ দিয়ে । মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ মতে, দেশৰ অগ্ৰণী চিৰিয়াখানাসমূহে গ্ৰহণ কৰা উৎকৃষ্ট পদ্ধতিসমূহৰ অভিজ্ঞতাই অসম ৰাজ্যিক চিৰিয়াখানাক এক বিশ্বমানৰ বন্যপ্ৰাণী প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাত সহায় কৰিব ।

লগতে পঢ়ক : ন-ৰূপত উজ্জীৱিত হ’ব ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থ; চৰকাৰৰ বিশেষ পৰিকল্পনা

অসম বাজেট ২০২৬: ১০ বছৰত ৩ গুণ বৃদ্ধি পালে ৰাজ্যৰ বাজেটৰ আকাৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উত্থাপন কৰা বাজেট অনুসৰি, অসমৰ বাজেটৰ আকাৰ প্ৰায় তিনিগুণ বৃদ্ধি পাই ২০২৫-২৬ বৰ্ষত ২,০০,৭৮২ কোটি টকা স্পৰ্শ কৰিছে

যোৱা এটা দশকত অসমৰ বিত্তীয় আৰু অৰ্থনৈতিক খণ্ডত এক ঐতিহাসিক পৰিৱৰ্তন প্ৰত্যক্ষ কৰা হৈছে । ৰাজ্যখনৰ নতুন বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উত্থাপন কৰা বাজেট অনুসৰি, অসমৰ বাজেটৰ আকাৰ প্ৰায় তিনিগুণ বৃদ্ধি পাই ২০২৫-২৬ বৰ্ষত ২,০০,৭৮২ কোটি টকা স্পৰ্শ কৰিছে । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই বাজেটক অসমৰ অৰ্থনৈতিক নৱজাগৰণৰ এক অন্যতম প্ৰতিচ্ছবি বুলি অভিহিত কৰিছে ।

ৰাজ্যিক বাজেটৰ গুৰুত্বপূৰ্ণ দিশসমূহ তলত আলোচনা কৰা হ’ল:

অভিলেখ সৃষ্টিকাৰী বাজেট ব্যৱহাৰ

বাজেট নথিখনত উল্লেখ কৰা অনুসৰি, ৰাজ্যখনৰ বাজেট ব্যৱহাৰৰ হাৰ অভূতপূৰ্বভাৱে উন্নত হৈছে । পূৰ্বৰ ৫৮ শতাংশৰ বিপৰীতে বৰ্তমান বাজেট ব্যৱহাৰ অভিলেখ সৃষ্টিকাৰী ৮৫ শতাংশলৈ বৃদ্ধি পাইছে । ইয়াৰ দ্বাৰা চৰকাৰৰ আঁচনি ৰূপায়ণ ক্ষমতা আৰু ৰাজহুৱা সম্পদৰ দক্ষ ব্যৱহাৰ প্ৰতিফলিত হৈছে ।

নিজস্ব কৰ ৰাজহ আৰু আত্মনিৰ্ভৰশীলতাৰ লক্ষ্য

কাৰিকৰী শাসন আৰু শক্তিশালী কৰ মান্যতাৰ (Tax Compliance) বাবে অসমৰ বিত্তীয় ভেটি অধিক শক্তিশালী হৈ উঠিছে ।

নিজস্ব কৰ ৰাজহ: ২০১৫-১৬ বৰ্ষৰ ১২,৮৪৮ কোটি টকাৰ পৰা বৃদ্ধি পাই ২০২৫-২৬ বৰ্ষত এই পৰিমাণ ৩৯,২৯৪ কোটি টকা হৈছে ।

আত্মনিৰ্ভৰশীলতাৰ লক্ষ্য: মুঠ ৰাজহ প্ৰাপ্তিত ৰাজ্যৰ নিজস্ব উৎসৰ অংশ ৩০ শতাংশৰ পৰা ৩৬ শতাংশলৈ বৃদ্ধি পাইছে । চৰকাৰে ২০৩১ চনৰ ভিতৰত ইয়াক ৫০ শতাংশলৈ বৃদ্ধি কৰি বিত্তীয়ভাৱে সম্পূৰ্ণ আত্মনিৰ্ভৰশীল হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।

মূলধনী ব্যয় আৰু আন্তঃগাঁথনিৰ অভূতপূৰ্ব বিকাশ

উৎপাদনশীল আৰু সম্পদ-সৃষ্টিকাৰী বিনিয়োগৰ ওপৰত গুৰুত্ব দি চৰকাৰে মূলধনী ব্যয় বহু পৰিমাণে বৃদ্ধি কৰিছে । ২০১৫-১৬ বৰ্ষত যি মূলধনী ব্যয় আছিল মাত্ৰ ২,৯৫১ কোটি টকা, সেয়া ২০২৫-২৬ বৰ্ষত বৃদ্ধি পাই ২৬,৫৩১ কোটি টকা হৈছেগৈ । চৰকাৰে বাৰ্ষিক মূলধনী ব্যয়ৰ বৃদ্ধিৰ হাৰ অতি কমেও ১০ শতাংশত বজাই ৰখাৰ প্ৰতিশ্ৰুতি দিছে ।

১৬ সংখ্যক বিত্ত আয়োগৰ স্বীকৃতি: অসমৰ এই উন্নত বিত্তীয় প্ৰদৰ্শনক স্বীকৃতি জনাই বিত্ত আয়োগে ৰাজ্যখনৰ আন্তঃঅংশ ৩.১২৮% ৰ পৰা ৩.২৫৮% লৈ বৃদ্ধি কৰিছে । ইয়াৰ ফলত চলিত বিত্তীয় বৰ্ষত কেন্দ্ৰীয় হস্তান্তৰৰ জৰিয়তে অসমে প্ৰায় ৫০,০০০ কোটি টকা লাভ কৰাৰ সম্ভাৱনা আছে ।

বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্পৰ সম্প্ৰসাৰণ

অসমে বিভিন্ন উন্নয়নমূলক কাম-কাজৰ বাবে বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্পৰ পৰিসৰো বহুখিনি বৃদ্ধি কৰিছে ।

১৪ সংখ্যক বিত্ত আয়োগৰ সময়ত: ৭,৫০০ কোটি টকাৰ ৯ টা প্ৰকল্প।

১৫ সংখ্যক বিত্ত আয়োগৰ সময়ত: ৫৩,০০০ কোটি টকাৰ ২১ টা প্ৰকল্প। বৰ্তমান বাৰ্ষিক বিতৰণৰ পৰিমাণ ৬,০০০ কোটি টকা অতিক্ৰম কৰিছে ।

ঋণ নিয়ন্ত্ৰণ আৰু বিত্তীয় অনুশাসন

ব্যয় বৃদ্ধি পোৱা স্বত্বেও অসমে বিত্তীয় অনুশাসন কঠোৰভাৱে মানি চলিছে । ২০২৫-২৬ বৰ্ষত ৰাজ্যৰ ঋণ আৰু জি.এছ.ডি.পি.-ৰ অনুপাত আছিল ২৪.৮১ শতাংশ, যি এফ.আৰ.বি.এম. আইনৰ উৰ্ধসীমা ৩২ শতাংশতকৈ বহু তলত । ইয়াৰ ফলত অসম দেশৰ ভিতৰতে এক বিত্তীয়ভাৱে অনুশাসিত ৰাজ্য হিচাপে পৰিগণিত হৈছে ।

৩ গুণ বৃদ্ধি পালে জনমূৰি আয়

ৰাজ্যখনৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশৰ সবাটোকৈ ডাঙৰ প্ৰমাণ পোৱা গৈছে জনসাধাৰণৰ আয়ত । ২০১৫-১৬ বৰ্ষত অসমৰ জনমূৰি বাৰ্ষিক আয় আছিল ৬০,৮১৭ টকা, যি ২০২৫-২৬ বৰ্ষত তিনিগুণতকৈও অধিক বৃদ্ধি পাই ১,৮৫,৪২৯ টকা হৈছে । ইয়ে স্পষ্ট কৰে যে অসমৰ এই বিকাশৰ যাত্ৰা কেৱল চৰকাৰী পৰিসংখ্যাতে সীমাবদ্ধ নহয়, বৰঞ্চ ই প্ৰতিগৰাকী নাগৰিকক স্পৰ্শ কৰি সৰ্বাংগীণ ৰূপ লৈছে ।

লগতে পঢ়ক : অসম বাজেট ২০২৬-২৭: ২ লাখ চাকৰিৰ পৰা নিযুত মইনালৈ! জানক গুৰুত্বপূৰ্ণ ঘোষণাসমূহ

ৰাজপথত গুণ্ডাগিৰি কৰা স্বয়ম্ভু বিজেপি নেতা অভিলাষ দত্তক গ্ৰেপ্তাৰ

নিজকে বিজেপি নেতা বুলি দম্ভালি মৰা অভিলাষ দত্ত আৰক্ষীৰ জালত

গুৱাহাটী মহানগৰীৰ বুকুত শেহতীয়াকৈ সংঘটিত এক পথ সংঘাতজনিত প্ৰহাৰৰ ঘটনাই সমগ্ৰ ৰাজ্যতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । এই ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে এক গুৰুত্বপূৰ্ণ স্পষ্টীকৰণ দিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, ঘটনাৰ মূল অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁৰ ভাৰতীয় জনতা পাৰ্টি (BJP)ৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাই ।

সোমবাৰে নিশা লতাশিল আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত অভিলাষ দত্ত আৰু মিৰিন তালুকদাৰ নামৰ দুই যুৱকক গ্ৰেপ্তাৰ কৰিছিল ।

মুখ্যমন্ত্ৰীৰ কঠোৰ সকীয়নি-

ঘটনাটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক্স হেণ্ডেলত পোষ্ট কৰি কঠোৰ সকিয়নী প্ৰদান কৰে । তেওঁ লিখে:

“অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁ বিজেপিৰ সৈতে জড়িত নহয় । অসমত পথ সংঘাতৰ কোনো স্থান নাই । যিয়েই এনে কাৰ্যত লিপ্ত হ’ব, তেওঁ আইনৰ সম্পূৰ্ণ পৰিণতি ভোগ কৰিব লাগিব ।”

কি আছিল সমগ্ৰ ঘটনা ?

ঘটনাৰ বিৱৰণি অনুসৰি, গুৱাহাটীৰ মহাৰাজ পৃথু উৰণ সেতুৰ ওপৰত এখন বাহন অভাৰটেক কৰাক লৈ এই সংঘাতৰ সূত্ৰপাত হৈছিল । শিলচৰৰ এজন ১৯ বছৰীয়া যুৱকে অভিলাষ দত্তৰ বাহনখন অভাৰটেক কৰাৰ পিছতে তেওঁলোকৰ মাজত তীব্ৰ বাকবিতণ্ডা হয় ।

অভিযোগ অনুসৰি, ইয়াৰ পিছতে অভিলাষ দত্ত আৰু তেওঁৰ সতীৰ্থসকলে গাড়ীৰ পৰা নামি যুৱকজনক শাৰীৰিকভাৱে প্ৰহাৰ কৰে । এই সমগ্ৰ ঘটনাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছিল, যাৰ পিছতে জনসাধাৰণৰ মাজত ক্ষোভৰ সৃষ্টি হয় ।

ভুক্তভোগীক প্ৰাণৰ ভাবুকিৰ অভিযোগ

ভুক্তভোগী যুৱকজনে লতাশিল আৰক্ষী থানাত এক এজাহাৰ ৰুজু কৰে । ভুক্তভোগী যুৱকজনে অভিযোগ কৰা মতে, এজাহাৰ দাখিল কৰাৰ পিছত তেওঁক আইনী পদক্ষেপৰ পৰা বিৰত ৰাখিবলৈ অভিযুক্তৰ ফালৰ পৰা প্ৰাণৰ ভাবুকিও প্ৰদান কৰা হৈছিল ।

বিজেপিৰ নাম লৈ প্ৰভাৱ খটুৱাৰ চেষ্টা!

প্ৰথম অৱস্থাত মূল অভিযুক্ত অভিলাষ দত্তক একাংশই বিজেপিৰ যুৱ মৰ্চাৰ নেতা বুলি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল । অভিযোগ উঠিছিল যে অভিলাষ দত্তই নিজকে এজন বিজেপি বিধায়কৰ ঘনিষ্ঠ বুলি পৰিচয় দি সমাজত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছিল । কিন্তু মুখ্যমন্ত্ৰী শৰ্মাৰ স্পষ্টীকৰণে এতিয়া এই বিতৰ্কৰ অৱসান ঘটাইছে ।

আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ সৈতে জড়িত তিনিজন ব্যক্তিক চিনাক্ত কৰিছে অভিলাষ দত্ত (চানমাৰি, ৰেড ক্ৰছ অঞ্চল), মিৰিন তালুকদাৰ (চানমাৰি), অপূৰ্ব সিনহা (নুনমাটি) ।

লগতে পঢ়ক : ‘সংবিধান সংশোধন কৰি হলেও অসমীয়া ভাষাক ৰক্ষা কৰা হ’ব’; মুখ্যমন্ত্ৰীৰ স্পষ্ট হুংকাৰ

মেছীৰ জাৰ্চি হাতত লৈ ভাইৰেল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ আমোদজনক পোষ্ট

“ল’ৰাৰ বাবে মনৰ কথা মনতে ৰাখিলোঁ…”! ফুটবল বিশ্বকাপৰ উত্তেজনাৰ মাজতে মেছীৰ জাৰ্চি লৈ চৰ্চাত হিমন্ত বিশ্ব শৰ্মা

সমগ্ৰ বিশ্বৰ লগতে বৰ্তমান ভাৰততো তুংগত উঠিছে ফিফা বিশ্বকাপ ২০২৬-ৰ উত্তেজনা । ইয়াৰ মাজতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা-ৰ এটা আমোদজনক মন্তব্য আৰু ছচিয়েল মিডিয়া পোষ্ট এতিয়া মাজত ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে । ফুটবলক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা এক প্ৰতিক্ৰিয়াই এতিয়া জয় কৰিছে লাখ লাখ ক্ৰীড়াপ্ৰেমীৰ মন ।

পুত্ৰ আৰু আৰ্জেন্টিনাক লৈ কি ক’লে মুখ্যমন্ত্ৰীয়ে?

আচলতে শেহতীয়াকৈ এক অনুষ্ঠানত যেতিয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সোধা হৈছিল যে এইবাৰ ফিফা বিশ্বকাপত তেওঁ কোনটো ফুটবল দলক সমৰ্থন কৰিছে, তেতিয়া তেওঁ হাঁহি হাঁহি অতি আকৰ্ষণীয় শৈলীত উত্তৰ দিয়ে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে ধেমেলীয়া সুৰত কয়- “মোৰ ল’ৰা আৰ্জেন্টিনাৰ সমৰ্থক । যদি মই আন কোনো দলৰ নাম লওঁ, সি মোৰ ওপৰত খং কৰিব । গতিকে মই মোৰ পচন্দ নিজৰ মাজতেই ৰাখিছোঁ ।”

তেওঁৰ এই উত্তৰত তাত উপস্থিত থকা সংবাদকৰ্মী তথা সকলো ৰাইজে হাঁহি ৰখাব নোৱাৰিলে ।

লিয়নেল মেছীৰ জাৰ্চি হাতত লৈ X-ত পোষ্ট

কেৱল মুখেৰেই নহয়, ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ অফিচিয়েল X (পূৰ্বৰ টুইটাৰ) একাউণ্টতো এই সন্দৰ্ভত এটা পোষ্ট শ্বেয়াৰ কৰে । উক্ত পোষ্টটোত হিমন্ত বিশ্ব শৰ্মাক বিশ্বখ্যাত ফুটবলাৰ লিয়নেল মেছী-ৰ ১০ নম্বৰ জাৰ্চি ধৰি থকা অৱস্থাত দেখা গৈছে ।

প্ৰকাশ পোৱাৰ মাত্ৰ কিছু সময়ৰ ভিতৰতে মুখ্যমন্ত্ৰীৰ এই পোষ্টটো ভাইৰেল হৈ পৰে আৰু হাজাৰ হাজাৰ লোকে ইয়াক লাইক তথা শ্বেয়াৰ কৰে । বহু নেটিজেনে ইয়াক এজন পিতৃ আৰু পুত্ৰৰ সম্পৰ্কৰ এটা অতি মৰম লগা আভাস বুলি অভিহিত কৰিছে ।

ভাৰতত তুংগত ফুটবলৰ ক্ৰেজ

ভাৰতত ক্ৰিকেটৰ সমান্তৰালভাৱে ফুটবলৰ জনপ্ৰিয়তা আৰু ক্ৰেজ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে । বিশেষকৈ ফিফা বিশ্বকাপৰ সময়ত কোটি কোটি ভাৰতীয় অনুৰাগীয়ে বিভিন্ন দেশৰ দলসমূহক লৈ উলাহ প্ৰদৰ্শন কৰে । ইয়াৰ ভিতৰত লিয়নেল মেছী আৰু আৰ্জেন্টিনাৰ অনুৰাগীৰ সংখ্যা আমাৰ দেশ তথা অসমত আটাইতকৈ বেছি ।

ফিফা বিশ্বকাপত আৰ্জেন্টিনাৰ স্থিতি: গোল্ডেন বুটৰ দৌৰত মেছী

প্ৰতিযোগিতাৰ ক্ষেত্ৰত চাবলৈ গ’লে, আৰ্জেন্টিনাই ইতিমেধেই চলিত ফিফা বিশ্বকাপৰ ৰাউণ্ড অৱ-১৬-ত নিজৰ স্থান সুৰক্ষিত কৰিছে । অহা ৭ জুলাই (মঙলবাৰে) হাইভল্টেজ মেচত আৰ্জেন্টিনা মুখামুখি হ’ব ইজিপ্ট-ৰ ।

লগতে পঢ়ক : বিধানসভাৰ কাৰ্য্যবিধিৰ পৰা আঁতৰোৱা নহয় বড়ো ভাষা; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

ৰাজ্যত প্ৰচণ্ড গৰমক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী, ৰাজ্যবাসীক জনালে বিশেষ আহ্বান

প্ৰচণ্ড গৰমৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়

উৎকট গৰমে দহিছে ৰাজ্যবাসীক । অসহনীয়া গৰমৰ বাবে ৰাজ্যত স্বাভাৱিক জীৱন যাত্ৰাটো প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । বৃদ্ধি পোৱা গৰমৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ৰাজ্যবাসীক প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায় । লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক অতিপাত গৰমৰ বাবে হ’ব পৰা অসুস্থতাৰ পৰা সতৰ্ক হৈ থাকিবলৈ আৰু নিজৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিবলৈ অনুৰোধ জনায় ।

ফেচবুকত শ্বেয়াৰ কৰা এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা কেইদিনমানৰ পৰা গৰম স্বাভাৱিকতকৈ অধিক তীব্ৰতৰ হৈ পৰিছে । তেওঁ ৰাইজক নিয়মীয়া অন্তৰালত পানী খাই পৰ্যাপ্ত পৰিমাণে হাইড্ৰেটেড হৈ থাকিবলৈ পৰামৰ্শ দিয়ে । বৰ্তমানৰ বতৰৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত সহায়ক হ’বলৈ তেওঁ ৰাইজক দৈনন্দিন খাদ্য তালিকাত স্থানীয়ভাৱে উপলব্ধ ফল-মূল আৰু প্ৰাকৃতিক পানীয় অন্তৰ্ভুক্ত কৰিবলৈও উৎসাহিত কৰে ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই লগতে বাহিৰলৈ ওলাই যোৱা লোকসকলক, বিশেষকৈ যিসকলে দিনৰ ভাগত প্ৰখৰ ৰ’দৰ সময়ত কাম কৰিবলগীয়া বা ভ্ৰমণ কৰিবলগীয়া হয়, তেওঁলোকক সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়ে । তেওঁ ৰাইজক প্ৰত্যক্ষ সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ অহাৰ পৰা বিৰত থাকিবলৈ আৰু অতিপাত গৰমৰ বাবে হোৱা স্বাস্থ্যজনিত জটিলতাৰ আশংকা হ্ৰাস কৰিবলৈ উপযুক্ত প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় ।

মুখ্যমন্ত্ৰীগৰাকীয়ে মূৰ ঘূৰোৱা, দুৰ্বলতা বা গৰমৰ বাবে হোৱা অন্য কোনো ধৰণৰ অস্বস্তিৰ লক্ষণ অনুভৱ কৰা লোকসকলক কোনো পলম নকৰাকৈ লগে লগে চিকিৎসাৰ সহায় ল’বলৈ আহ্বান জনায় ।

ৰাজ্যখনৰ স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিৰ ওপৰত আলোকপাত কৰি ড০ শৰ্মাই কয় যে বিগত বৰ্ষসমূহত অসমৰ চিকিৎসা সেৱা যথেষ্ট উন্নত হৈছে, যাৰ ফলত সমগ্ৰ ৰাজ্যৰে ৰাইজৰ বাবে স্বাস্থ্যসেৱা অধিক সুলভ হৈ পৰিছে । চিকিৎসাৰ প্ৰয়োজন হ’লেই ওচৰৰে স্বাস্থ্য কেন্দ্ৰসমূহলৈ যাবলৈ তেওঁ ৰাইজক কুণ্ঠাবোধ নকৰিবলৈ অনুৰোধ জনায় ।

ৰাইজক আশ্বাস দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰয়োজনত থকা সকলো লোককে যাতে সময়মতে আৰু ফলপ্ৰসূ চিকিৎসা প্ৰদান কৰিব পৰা যায়, তাৰ বাবে ৰাজ্য চৰকাৰে স্বাস্থ্যসেৱা অধিক শক্তিশালী কৰিবলৈ সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ ।

লগতে পঢ়ক : ভাৰতৰ ভিতৰতে প্ৰথম: অসমত আৰম্ভ হ’ল বিশ্ববিখ্যাত ‘মাচ্চা চাহ’ৰ বাণিজ্যিক উৎপাদন

অসম-ভূটান ৰে’ল সংযোগে এক্ট ইষ্ট পলিচীৰ অধীনত উন্নয়নৰ নতুন পথ মুকলি কৰিবঃ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই প্ৰকল্পটোৱে ভাৰত আৰু ভূটানৰ মাজত থকা দীৰ্ঘদিনীয়া বন্ধুত্বক এক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে অৰ্থনৈতিক বিকাশ আৰু আঞ্চলিক সংযোগৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব

উন্নত সংযোগ ব্যৱস্থাই নতুন অৰ্থনৈতিক সুযোগৰ দ্বাৰ মুকলি কৰাত এক কেন্দ্ৰীয় ভূমিকা পালন কৰাৰ লগতে ‘এক্ট ইষ্ট পলিচী’ৰ এক অন্যতম চালিকা শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে ।

এক্স (X)-ত এটা পোষ্টৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক ৬৯.০৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ কোকৰাঝাৰ-গেলেফু ৰে’ল সংযোগৰ কথা উল্লেখ কৰি ইয়াক এক ঐতিহাসিক প্ৰকল্প বুলি অভিহিত কৰে । উল্লেখ্য যে, এই অভিলাসী প্ৰকল্পৰ ফলত ভাৰত-ভুটানৰ সম্পৰ্ক অধিক সুদৃঢ় হোৱাৰ লগতে বাণিজ্য, পৰ্যটন আৰু আঞ্চলিক উন্নয়নৰ নতুন পথ মুকলি হ’ব ।

প্ৰস্তাৱিত এই ৰে’ল প্ৰকল্পটোৰ আনুমানিক ব্যয় ৩,৪৫৬.৩৬ কোটি টকা ধাৰ্য কৰা হৈছে, যিয়ে অসমৰ কোকৰাঝাৰক চুবুৰীয়া হিমালয়ৰ দেশখনৰ এক ধ্বজাবাহী নগৰ উন্নয়নমূলক পদক্ষেপ ভুটানৰ ‘গেলেফু মাইণ্ডফুলনেছ চিটি’ৰ সৈতে সংযোগ কৰিব ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে এই ৰে’ল সংযোগ প্ৰকল্পটোৱে অসমক আন্তঃসীমান্ত বাণিজ্য আৰু পৰ্যটনৰ এক প্ৰৱেশদ্বাৰলৈ ৰূপান্তৰিত কৰিব, যাৰ ফলত ‘এক্ট ইষ্ট পলিচী’ৰ অধীনত দক্ষিণ-পূব এছিয়া আৰু চুবুৰীয়া দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্কৰ ক্ষেত্ৰত ৰাজ্যখনৰ কৌশলগত ভূমিকাক অধিক শক্তিশালী কৰিব ।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই প্ৰকল্পটোৱে ভাৰত আৰু ভূটানৰ মাজত থকা দীৰ্ঘদিনীয়া বন্ধুত্বক এক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে অৰ্থনৈতিক বিকাশ আৰু আঞ্চলিক সংযোগৰ বাবে নতুন সুযোগ সৃষ্টি কৰাৰ দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে ।

লগতে পঢ়ক : অসমত মেগা বৃক্ষৰোপণৰ প্ৰস্তুতি: ১৪ আগষ্টৰ ভিতৰত ১ কোটি পুলি ৰোপণ কৰিব বন বিভাগে

দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ চৰকাৰী বাসস্থানত অনুষ্ঠিত এই বৈঠকত অসমৰ বান সাহায্য, বান পীড়িতৰ পুনৰ্সংস্থাপন আৰু দীৰ্ঘম্যাদী উদ্ধাৰ প্ৰচেষ্টাৰ সন্দৰ্ভত বিতং আলোচনা হয়

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুক সাক্ষাৎ কৰে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ চৰকাৰী বাসস্থানত অনুষ্ঠিত এই বৈঠকত অসমৰ বান সাহায্য, বান পীড়িতৰ পুনৰ্সংস্থাপন আৰু দীৰ্ঘম্যাদী উদ্ধাৰ প্ৰচেষ্টাৰ সন্দৰ্ভত দুয়োগৰাকী নেতাৰ মাজত বিতং আলোচনা হয় ।

কেন্দ্ৰীয় মন্ত্ৰীৰ অসম ভ্ৰমণক লৈ কৃতজ্ঞতা প্ৰকাশ মুখ্যমন্ত্ৰীৰ

বৈঠকত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ কৰা ধেমাজি আদিকে ধৰি বিভিন্ন অঞ্চলৰ ভ্ৰমণৰ বাবে বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে ।

বৈঠকৰ অন্তত সামাজিক মাধ্যম ‘X’ যোগে মুখ্যমন্ত্ৰী শৰ্মাই কয়:

“আজি দিল্লীত মই মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজু ডাঙৰীয়াৰ সৈতে এক ফলপ্ৰসূ বৈঠকত মিলিত হওঁ । অসমৰ বান পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ তেওঁ শেহতীয়াকৈ কৰা অসম ভ্ৰমণৰ বাবে মই তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰোঁ । আমাৰ বৈঠকৰ সময়ত তেওঁ কিছুমান অতি মূল্যবান পৰ্যবেক্ষণো ভাগ-বতৰা কৰে ।”

তীব্ৰতৰ হ’ব পুনৰ্সংস্থাপনৰ কাম: ‘ডাবল ইঞ্জিন’ চৰকাৰৰ সংকল্প

মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে, বৰ্তমান চৰকাৰৰ মূল লক্ষ্য হৈছে বান পীড়িত ৰাইজক যথোচিতভাৱে সহায় কৰা । আলোচনাত সমগ্ৰ অসমতে শেহতীয়া মৌচুমী বানৰ ফলত সৰ্বস্বান্ত হোৱা লোকসকলৰ পুনৰ্সংস্থাপনৰ ব্যৱস্থা শক্তিশালী কৰাৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব আৰোপ কৰা হয় । ড° শৰ্মাই কয়, “আমাৰ ডাবল ইঞ্জিন চৰকাৰে বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা সকলোৰে জীৱিকা পুনৰ গঢ়ি তোলাত সহায় কৰিবলৈ পুনৰ্সংস্থাপনৰ প্ৰচেষ্টা অধিক তীব্ৰতৰ কৰি তুলিব ।”

অসম চৰকাৰৰ সক্ৰিয় সঁহাৰিক কেন্দ্ৰীয় মন্ত্ৰীৰ প্ৰশংসা

আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱেও নিজৰ ‘X’ হেণ্ডেলৰ জৰিয়তে এই বৈঠকৰ ফটো আৰু সবিশেষ শ্বেয়াৰ কৰে । বান সংকটৰ এই কঠিন সময়ত অসম চৰকাৰে গ্ৰহণ কৰা ক্ষিপ্ৰ আৰু সক্ৰিয় পদক্ষেপক তেওঁ প্ৰশংসা কৰে ।

ৰিজিজুৱে লিখিছে:

“মোৰ নতুন দিল্লীৰ বাসস্থানত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে এক বৈঠকত মিলিত হওঁ । বানৰ সময়ত অসমৰ ৰাইজক সুৰক্ষিত কৰিবলৈ তেওঁ গ্ৰহণ কৰা সক্ৰিয় পদক্ষেপৰ বাবে মই তেওঁক অভিনন্দন জনাইছোঁ ।”

তেওঁ লগতে যোগ কৰে যে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ গতিশীল নেতৃত্বই অসমক এক অভূতপূৰ্ব উন্নয়নৰ পৰ্যায়লৈ লৈ গৈছে ।

লগতে পঢ়ক : অবৈধ কাঠ মিলৰ বিৰুদ্ধে এক্সন মুডত বন বিভাগ, মুকলি বিশেষ অভিযোগ নম্বৰ

কাৰ্গিল বীৰ কেপ্টেন জিন্তু গগৈৰ স্মৃতিচাৰণ; অসমৰ বীৰ পুত্ৰলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ

কাৰ্গিল যুদ্ধৰ মহান শ্বহীদ কেপ্টেন জিন্তু গগৈৰ মৃত্যু বাৰ্ষিকীত মুখ্যমন্ত্ৰীৰ স্মৰণ । দেশপ্ৰেম আৰু সাহসৰ অনন্য প্ৰতীক বুলি বৰ্ণনা ।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কাৰ্গিল যুদ্ধৰ মহান বীৰ তথা অসম সন্তান কেপ্টেন জিন্তু গগৈৰ মৃত্যু বাৰ্ষিকীত তেওঁৰ সৰ্বোচ্চ ত্যাগ আৰু অতুলনীয় বিক্ৰমক গভীৰভাৱে স্মৰণ কৰে । ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ সময়ত দেশৰ বাবে প্ৰাণ আহুতি দিয়া এইগৰাকী অসমীয়া জোৱানক সমগ্ৰ ৰাজ্যবাসীৰ হৈ মুখ্যমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ (X)-ত কৰা এটা আৱেগিক পোষ্টত মুখ্যমন্ত্ৰী ড০ শৰ্মাই এইগৰাকী সুসজ্জিত সেনা বিষয়াক সাহস, কৰ্তব্য আৰু দেশপ্ৰেমৰ এক চিৰস্থায়ী প্ৰতীক হিচাপে বৰ্ণনা কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে লিখে-

“শ্বহীদ কেপ্টেন জিন্তু গগৈ (বীৰ চক্ৰ) দেৱৰ শ্বহীদ দিৱসত মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি । মা ভাৰতীৰ প্ৰতি তেওঁৰ অটল ভক্তি আৰু কাৰ্গিল যুদ্ধৰ সময়ত তেওঁৰ সৰ্বোচ্চ ত্যাগে সাহস, কৰ্তব্য আৰু দেশপ্ৰেমৰ সৰ্বোচ্চ আদৰ্শক প্ৰতিফলিত কৰে । তেওঁৰ এই উত্তৰাধিকাৰে প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব ।”

কোন আছিল কেপ্টেন জিন্তু গগৈ?

গোলাঘাট জিলাৰ নিবাসী কেপ্টেন জিন্তু গগৈ আছিল ভাৰতীয় সেনাৰ এজন অত্যন্ত সাহসী বিষয়া । ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ বিখ্যাত ‘অপাৰেচন বিজয়’-ৰ সময়ত তেওঁ দেখুওৱা অভূতপূৰ্ব বীৰত্বৰ বাবে তেওঁক মৰণোত্তৰভাৱে দেশৰ অন্যতম সৰ্বোচ্চ সামৰিক সন্মান ‘বীৰ চক্ৰ’-ৰে সন্মানিত কৰা হৈছিল ।

লগতে পঢ়ক : প্ৰকৃতিৰ চমৎকাৰ!পশ্চিম কাৰ্বি আংলঙত প্ৰত্যক্ষ হ’ল বিপন্ন প্ৰজাতিৰ ঘৰিয়াল