জুবিন গাৰ্গলৈ অসম সাহিত্য সভাৰ ‘সংগীত সুধাকৰ’ উপাধি

জুবিন গাৰ্গলৈ অসম সাহিত্য সভাৰ ‘সংগীত সুধাকৰ’ উপাধি

এই অনুষ্ঠানৰ লগতে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শৈল্পিক উত্তৰাধিকাৰক উদযাপন কৰি সংগীত, নৃত্য আৰু নাট্য প্ৰদৰ্শনীৰে এক আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ’ব অসমৰ সাংস্কৃতিক জগতৰ বাবে এক ঐতিহাসিক ক্ষণ । অসমৰ সংগীত, সাহিত্য আৰু সাংস্কৃতিক ঐতিহ্যলৈ আগবঢ়োৱা অসাধাৰণ অৱদানৰ স্বীকৃতিস্বৰূপে কিংবদন্তী সংগীতশিল্পী, “ভয়েচ অব্

এই অনুষ্ঠানৰ লগতে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শৈল্পিক উত্তৰাধিকাৰক উদযাপন কৰি সংগীত, নৃত্য আৰু নাট্য প্ৰদৰ্শনীৰে এক আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ’ব

অসমৰ সাংস্কৃতিক জগতৰ বাবে এক ঐতিহাসিক ক্ষণ । অসমৰ সংগীত, সাহিত্য আৰু সাংস্কৃতিক ঐতিহ্যলৈ আগবঢ়োৱা অসাধাৰণ অৱদানৰ স্বীকৃতিস্বৰূপে কিংবদন্তী সংগীতশিল্পী, “ভয়েচ অব্ আছাম” জুবিন গাৰ্গক মৰণোত্তৰভাৱে মৰ্যাদাপূৰ্ণ ‘সংগীত সুধাকৰ’ উপাধি প্ৰদান কৰিব অসম সাহিত্য সভাই । দেওবাৰে, ১২ জুলাইত সাহিত্য সভাৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰা হয় ।

গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ ড° মহেন্দ্ৰ নাথ বৰা সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত এক সংবাদ মেলত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এই সিদ্ধান্তৰ কথা ৰাজহুৱা কৰে । তেওঁ জনায় যে সংগঠনটোৰ কাৰ্যনিৰ্বাহক সমিতি আৰু পৰিচালনা সংস্থাই ইয়াৰ পঞ্চৰত্ন-গুৱাহাটী অধিবেশনত গ্ৰহণ কৰা এক বিশেষ প্ৰস্তাব মৰ্মে এই সিদ্ধান্তত অনুমোদন জনাইছে ।

৩০ জুলাইত প্ৰদান কৰা হ’ব সন্মান

অহা ৩০ জুলাইত গুৱাহাটীৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত হ’বলগীয়া এক ভব্য অনুষ্ঠানত এই সন্মান আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব । অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে জুবিন গাৰ্গক এই উপাধিৰে বিভূষিত কৰিব ।

কি কি বিশেষ কাৰ্যসূচী ৰখা হৈছে?

এই অনুষ্ঠানৰ লগতে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শৈল্পিক উত্তৰাধিকাৰক উদযাপন কৰি সংগীত, নৃত্য আৰু নাট্য প্ৰদৰ্শনীৰে এক আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ’ব । লগতে জুবিন গাৰ্গৰ জীৱন আৰু কৃতিৰ ওপৰত সভাই এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন কৰিব, য’ত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিশিষ্ট পণ্ডিতসকলে গৱেষণা পত্ৰ পাঠ কৰিব।  এই আলোচনা চক্ৰৰ কাৰ্যবিৱৰণীসমূহ পৰৱৰ্তী সময়ত এখন গ্ৰন্থ আকাৰে প্ৰকাশ কৰা হ’ব ।

আনহাতে গাৰ্গৰ অমূল্য সৃষ্টিৰাজিক বিশ্বদৰবাৰলৈ লৈ যোৱাৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে । তেওঁৰ নিৰ্বাচিত কিছু গীত ইংৰাজী, হিন্দী আৰু বাঙালী ভাষালৈ অনুবাদ কৰাৰ সিদ্ধান্ত লৈছে সাহিত্য সভাই, যাতে অসমৰ বাহিৰৰ শ্ৰোতাৰ মাজতো তেওঁৰ সৃষ্টিৰাজি প্ৰসাৰিত হয় ।

লগতে পঢ়ক : ন-ৰূপত উজ্জীৱিত হ’ব ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থ; চৰকাৰৰ বিশেষ পৰিকল্পনা

শেহতীয়া প্ৰৱন্ধসমূহ